অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুঁহিয়াৰ খেতিৰে লাভৱনা বাঘমাৰাৰ বহু নিবনুৱা যুৱক

কুঁহিয়াৰ খেতিৰে লাভৱনা বাঘমাৰাৰ বহু নিবনুৱা যুৱক

পহুমাৰাৰ দুয়োপাৰে স্বাৱলম্বনৰ কচৰৎ

বাঘমাৰাৰ সমীপৰ হলংবাৰী, চেংলিমাৰী, ছহোগুৰি আৰু বুনমাজা গাঁৱৰ বহুতো শিক্ষিত নিবনুৱা যুৱকে পহুমাৰা নদীৰ দুয়োপাৰে কুঁহিয়াৰ খেতিৰ কুঁহিয়াৰ খেতিৰ জৰিয়তে স্ব-নিৰ্ভৰশীল নিদৰ্শন দাঙি ধৰিছে। এইসকল নিবনুৱা যুৱকে ‘আমাৰ মাটি আমাৰ কাম নিজ হাতে কৰি যাম’-এই শ্ল’গানেৰে অনুপ্ৰাণিত হৈ মূৰৰ ঘাম মাটিত পেলাই হ’লেও অত্যাধিক কষ্টকৰ কুঁহিয়াৰ খেতিত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। বৰপেটা জিলাৰ উত্তৰ অঞ্চলৰ, পহুমাৰা নদীয়ে পলসুৱা কৰি থোৱা মাটি তথা পৰিত্যক্ত মাটিৰ লগতে অন্যৰ ম্যাদী মাটি লীজত লৈ হলংবাৰী গাঁৱৰ নছেৰ আলী, সমৰ আলী, জাহেৰ আলী, আকবৰ আলী, ইমান আলী, চেংলিমাৰীৰ আজমত আলী, আইজুল আলী, কাছেম আলী নৈৰ পূব পাৰৰ ছহোগুৰি গাঁৱৰ ভাৰত দাস, অচ্যুত দাস, কনক কলিতা, কৃষ্ণ দাস, বুনমাজাৰ গদা বড়ো আৰু মুনীন বড়ো আদি শিক্ষিত নিবনুৱা যুৱকসকলে একেৰাহে পাঁচ বছৰ ধৰি কুঁহিয়াৰ খেতি কৰি আহিছে। উল্লেখ্য যে বাঘমাৰা অঞ্চলৰ উত্তৰ আৰু পশ্চিমাঞ্চলত থকা পহুমাৰা নদীয়ে গতিপথ সলনি কৰাৰ ফলত বৰ্তমান হেজাৰৰো অধিক বিঘা মাটি পৰিত্যক্ত হৈ পৰিছিল। এই মাটিখিনিৰ সদব্যৱহাৰ কৰাৰ অৰ্থে এইসকল শিক্ষিত নিবনুৱা যুৱকে তাত কুঁহিয়াৰ খেতি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তাৎপূৰ্যপূৰ্ণ বিষয় যে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ কোনোধৰণৰ সহায়-সহযোগিতা অবিহনে তথা বেংকৰ পৰা ঋণ নোলোৱাকৈয়ে এই নিবনুৱা যুৱকসকলে গাঠিৰ ধন ভাঙি কুঁহিয়াৰ খেতিত জড়িত হৈ স্ব-নিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। বৃহত্তৰ হলংবাৰীত চেংলীমাৰী, বতিয়ামাৰী, ছহোগুৰি, বুনমাজাকে ধৰি বিভিন্ন ঠাইত কুঁহিয়াৰ খেতিত মনোনিৱেশ কৰা যুৱকসকলে জানিবলৈ দিয়া মতে, তেওঁলোকৰ কুঁহিয়াৰে বৰপেটা, বাক্সা আৰু নলবাৰী জিলাৰ হাট-বজাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে জানিবলৈ দিয়া মতে, প্ৰতিদিনে বাঘমাৰাৰ ওচৰৰে বৰলাৰ ঘাটৰ পৰা বিভিন্ন ঠাইৰ বেপাৰী আহি গাড়ী, ঠেলা আৰু চাইকেলেৰে কুঁহিয়াৰবোৰ বাণ্ডিল হিচাপত কিনি নিয়ে। এনেদৰে কুঁহিয়াৰ খেতিৰে কৃষকসকল লাভৱান হৈছে বুলি জানিব পৰা গৈছে। আগতে বৰপেটাৰোড, কলগাছিয়া, জনীয়া, বাঘবৰ, মইনাবড়ি, চেঙা, বহৰিৰ পৰা নিতৌ যাত্ৰীবাহী বাছৰ ওপৰত ক্ষুদ্ৰ ব্যৱসায়ীসকলে কুঁহিয়াৰ এই অঞ্চলত বিক্ৰীৰ বাবে আনিছিল।

লিখক: গিৰিজামোহন কলিতা।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate