অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি খণ্ডত মহিলাৰ ক্ষমতা নিৰ্দেশকাৰী নৈতিক অধিকাৰ

আৰম্ভণি

কৃষি হৈছে ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড। কৃষিয়ে আমাৰ ৰাষ্ট্ৰীয় আয়ৰ বৃহদাংশত অৰিহণা যোগায়। কৃষিত অতীজৰে পৰাই মহিলাসকলে পুৰুষৰ লগত সহযোগিতা কৰি বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। যিহেতু মহিলাসকলে ঘৰুৱা কাম কাজ, ল’ৰা-ছোৱালী প্ৰতিপাল কৰা আৰু পৰিয়ালৰ উন্নতিৰ কাৰণে কাম কৰাৰ উপৰিও কৃষিখণ্ডত নিয়োজিত হয়, সেই কাৰণে তেওঁলোকৰ কাম কৰাৰ স্থান, কাল আৰু কাঃষঃমৰ প্ৰকৃতি অনুসৰি কামৰ দায়িত্ব বেলেগ বেলেগ হয়।

যোৱা দুটা দশক জুৰি মহিলাসকলৰ কাম-কাজ প্ৰত্যক্ষ কৰিবৰ কাৰণে বিশেষভাবে যত্ন কৰি অহা হৈছে। সেই মৰ্মে সৰ্বভাৰতীয় স্ংহত গৱেষণা প্ৰকল্প (গাৰ্হস্থ্য বিজ্ঞান) ৰ সম্প্ৰসাৰণ শিক্ষা বিভাগৰ তলত বিভিন্ন প্ৰদেশৰ ২৭,০০০ গৰাকী মহিলাৰ কামৰ দায়িতৰ ওপৰত প্ৰত্যক্ষ বিৱৰণ লৈ তথ্য স্ংগ্ৰহ কৰিছে। কৃষি খণ্ডত মহিলাৰ সক্ৰিয় সহযোগৰ বহুতো তথ্য বিভিন্ন স্ংস্থা আৰু সংগঠনেও প্ৰচাৰ কৰি আহিছে।

কৃষি খণ্ডত মহিলাৰ যথেষ্ট অৰিহণা থকা সত্বেও মহিলাসকল তেওঁলোকক ক্ষমতা প্ৰদানৰ সাংবিধানিক অধিকাৰৰ বিষয়ে অলপো জ্ঞাত নহয়। কৃষিৰতা মহিলাসকলক সুৰক্ষা প্ৰদান কৰি তেওঁলোকক সজাগ কৰাৰ উদ্দেশ্যে এই পুস্তিকাখন যুগুত কৰি উলিওৱা হৈছে।

সজাগ কৰাৰ মূল উদ্দেশ্য

  • সাংবিধানিক আইন, সমল, একত্ৰিকৰণ, চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়াসকলে যৌথভাবে কৰা প্ৰক্ৰিয়া সম্পৰ্কে পৰামৰ্শ দিবলৈ মহিলাসকলক সজাগ কৰা।
  • গ্ৰাম্য সহযোগ বিশ্লেষণ কৌশলেৰে মহিলাসকলক ক্ষমতা প্ৰদান কৰি সাংবিধানিক সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰী আৰু বিভিন্ন প্ৰতিষ্ঠানৰ মনোযোগ আকৰ্ষণ কৰা।
  • মহিলসকলক সৱলীকৰণ কৰিবৰ কাৰণে পুৰুষসকলক লিংগ বৈষম্যৰ বিষয়ে সজাগ কৰি সমাজ গঠনত অমানবীয় প্ৰভাব নপৰিবলৈ পুৰুষক সহায় কৰা।
  • মহিলাসকলক আত্মবিশ্বাস জগাবৰ কাৰণে সহায় কৰি তেওঁলোকৰ ক্ষমতা, অভিজ্ঞতা, জ্ঞান আৰু শক্তি উন্নত কৰি সাংবিধানিক অধিকাৰৰ বিষয়ে সজাগ কৰা।
  • মহিলাসকলক সৱলীকৰণ কৰিবৰ কাৰণে তৃনমূল পৰ্যায়ৰ আন্ত:গাঠনি তৈয়াৰ কৰি ব্যক্তিগত আৰু সমূহীয়া প্ৰচেষ্টা চলাবলৈ উৎসাহ যগোৱা।
  • বেচৰকাৰী আৰু কিছুমান বৈধ প্ৰতিষ্ঠানৰ যোগেদি মহিলাসকলক সমাজত ঠিয় কৰাই তেওঁলোকৰ অধিকাৰৰ বিষয়ে যউঁজ দিব পৰাকৈ সহায়কাৰী আন্ত:গাঠনি আগবঢ়োৱা।
  • মহিলাসকল যাতে উন্নতিৰ মূলসূতিৰ পৰা আঁতৰি নাযায় তাৰ বাবে বিভিন্ন কৌশল আগবঢ়োৱা।

সৱলীকৰণৰ আৱশ্যকতা

যোৱা দুটা দশক ধৰি মহিলাসকলৰ বিকাশত কিছু পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে। আন্ত:অৰ্থনৈতিক যোগাযোগ, সামাজিক আৰু ৰাজনৈতিক ভাবে দুৰ্বল শ্ৰেণীৰ মহিলাসকলৰ সৱলীকৰণৰ কাৰণে শেহতীয়াকৈ পদক্ষেপ লোৱা হৈছে। এই পৰিৱৰ্তনৰ উদ্দেশ্য হ’ল-

উন্নয়নমূলক বৃত্তিদান সম্পৰ্কীয় কামত মহিলাসকলক প্ৰৱেশ কৰিবলৈ সহায় আগবঢ়োৱা।

সম্প্ৰসাৰণ সেৱা, সুনাম, শিক্ষা আৰু প্ৰশিক্ষণৰ আদিৰ জৰিয়তে মহিলাসকলৰ জ্ঞান আহৰণ বঢ়াই উৎপাদন বৃদ্ধি কৰা।

মহিলাসকলক ব্যৱসায়ৰ বস্তু আৰু শ্ৰমৰ বজাৰখনত ভালদৰে দৰদাম কৰিবলৈ সুবিধা কৰা।

মহিলাসকলে নিজৰ উপাৰ্জনৰ ওপৰত ক্ষমতা থকা আৰু তেওঁলোকে জীয়াই থাকিবৰ বাবে বা তেওঁলোকৰ লগতে পৰিয়ালৰ অন্য সদস্যসকলৰ প্ৰতিৰক্ষাৰ কাৰণে খৰছ কৰিবলৈ ক্ষমতা প্ৰদান কৰা।

মহিলাসকলক তেওঁলোকৰ নিজৰ স্বাস্থ্য আৰু পৰিয়ালটোৰ আত্মপৰিচয় অটুত ৰখাৰ ওপৰত ক্ষমতা প্ৰদান কৰিবলৈ সহায় আগবঢ়োৱা।

মহিলাসকলক ৰাজনৈতিক অধিকাৰ লাভৰ ক্ষমতা বৃদ্ধি কৰা আৰু তেওঁলোকৰ অধিকাৰবিলাক ৰাজ্য আৰু অন্য স্ংগঠনৰ দ্বাৰা সমূহীয়া স্বাৰ্থত দাবী কৰা।

সৱলীকৰণৰ ফলসমূহ

সমাজৰ এজন মানুহৰ স্থান সম্পৰ্কে বিচাৰ কৰিব পৰা ক্ষমতা বঢ়োৱাটো মহিলাসকলক সৱলীকৰণ কৰাৰ মুখ্য উদ্দেশ্য হোৱা উচিত। অৰ্থনৈতিক সৱলীকৰণে সামাজিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰাৰ লগতে লিংগ বৈষম্য ৰক্ষা কৰে। ৰাজনৈতিক সৱলীকৰণে মহিলাসকলক সমাজত নিজৰ স্থান সম্পৰ্কে বিচাৰ কৰাত সহায় কৰে। এই সৱলীকৰণ পদ্ধতিটো ব্যক্তিগত আৰু সামুহিক পৰ্যায়ত কৰা বাঞ্চনীয়। দৈননদিন জীৱনত পোৱা অভিজ্ঞতাবিলাকৰ পৰা নিজক শিকাবলৈ সুবিধা হয়, লগতে আনক বুজাটো সহজ হয়। বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ দ্বাৰা বহুতো কথা উপলব্ধি কৰাত সুবিধা প্ৰদান কৰিব পৰা যায়।

ন্যায়িক অধিকাৰৰ দ্বাৰা সৱলীকৰণ

অনুন্নত দেশসমূহত গ্ৰামীণ মহিলাসকল কিছুমান ন্যায়িক অধিকাৰৰ পৰা বঞ্চিত হয়। তেওঁলোকৰ ন্যায়িক অধিকাৰৰ সম্পৰ্কে শুদ্ধ ধাৰণা নাই। জন্মসূত্ৰে পোৱা মাটিৰ পট্টা সম্পৰ্কত মহিলাৰ অধিকাৰত বাধাৰ সৃষ্টি কৰে কাৰণ পুৰুষসকলেই মাটিৰ মালিকী স্বত্ব পায়। অধিক স্ংখ্যক মহিলা নিৰক্ষৰ হোৱা কৰণে তেওঁলোকে ন্যায়িক অধিকাৰৰ বিষয়ে একো নাজানে। সেয়ে কৃষিৰতা মহিলাক ন্যায়িক অধিকাৰৰ বিষয়ে সম্যক জ্ঞান দিবৰ নিমিত্তে এই পুস্তিকাখন প্ৰকাশ কৰি উলিওৱা হৈছে।

সৱলীকৰণ প্ৰক্ৰিয়া সফল হ’বৰ বাবে ব্যক্তিগত আৰু সামূহিকভাবে কৰাটো বাঞ্চনীয়।

উৎস: সম্প্ৰসাৰণ শিক্ষা বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate