অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অধিকাৰ আৰু ন্যায়ালয়ৰ নিৰ্দেশনা

অধিকাৰ আৰু ন্যায়ালয়ৰ নিৰ্দেশনা

গ্ৰেপ্তাৰ

 

গ্ৰেপ্তাৰ অৰ্থাৎ arrest শব্দটো ফৰাচী শব্দ ‘arrater’- ৰ অনা হৈছে। ফৰাচী ভাষাত ‘arrater’ মানে হৈছে বাধা দিয়া বা ৰখোৱা। ইয়াৰ অৰ্থ হৈছে এজন লোকক বাধা দিয়া। সেই অনুসৰি গ্ৰেপ্তাৰক ক’ব পাৰি আদালত বা দায়িত্বশীল বিষয়াৰ নিৰ্দেশ কাৰ্যকৰী কৰা বুলি। গ্ৰেপ্তাৰ শব্দটো অপৰাধৰ বাবে বন্দী কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। কিন্তু এতিয়া সমগ্ৰ দেশতে গ্ৰেপ্তাৰৰ ক্ষমতা বৃহৎসংখ্যক গোচৰৰ ক্ষেত্ৰত অবৈধভাৱে ব্যৱহাৰ হোৱা পৰিলক্ষিত হৈছে। প্ৰায়ে এই ক্ষমতা ধন আৰু সম্পত্তি আদায় বা ব্যক্তিগত শক্ৰতাৰ বাবে অপব্যৱহাৰ হয়। আনকি দেৱানী গোচৰৰ ক্ষেত্ৰতো বিপক্ষৰ ভুৱা অভিযোগত এই ক্ষমতা ব্যৱহাৰ হয়। এই ক্ষেত্ৰত আৰক্ষীৰ হাতত সৰ্বাধিক আক্ৰান্ত হয় দৰিদ্ৰ লোকসকল। দৰিদ্ৰতাই তেওঁলোকক সন্দেহৰ পাত্ৰ কৰি তোলে। এক ভিন্ন দৃষ্টিকোণৰ পৰা হ’লেও জৰ্জ বাৰ্ণাৰ্ড শ্ব’ৱে কৈছিল যে দৰিদ্ৰতা অপৰাধ। কিন্তু এতিয়া ৰাজনৈতিক যোগাযোগ নথকা মধ্যবিত্ত আৰু আন অভিজাত শ্ৰেণীসমূহো এনে পুলিচী অন্যায়ৰ বলি হৈছে।

সামাজিক স্বাৰ্থ আৰু অভিযুক্তৰ অধিকাৰৰ মাজত ভাৰসাম্য ৰখাটো কঠিন, কিন্তু ই জৰুৰী। আমাৰ সংবিধানে নিশ্চিত কৰা মানৱ অধিকাৰ ৰক্ষা কৰাটো অতীব প্ৰয়োজনীয়। ৰাষ্ট্ৰীয় আৰক্ষী আয়োগৰ তৃতীয় প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে cognizable case অৰ্থাৎ বিচাৰযোগ্য গোচৰ (য’ত আদালতৰ পৰোৱানা অবিহনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে) ত গ্ৰেপ্তাৰ যুক্তিসংগত বুলি বিবেচনা কৰিব পাৰি নিম্নলিখিত পৰিস্থিতিৰ ক্ষেত্ৰত-

১) যদি গোচৰটো হত্যা, ডকাইতি, ধৰ্ষণ আদিৰ দৰে গুৰুতৰ অপৰাধ হয় আৰু আতংকিত আক্ৰান্তৰ মাজত বিশ্বাস গঢ়ি তুলিবলৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰাটো জৰুৰী হয়।

২) যদি অভিযুক্তই পলায়ন কৰাৰ সম্ভাৱনা নাথাকে।

৩) যদি অভিযুক্তই পলায়ন কৰাৰ সম্ভাৱনা নাথাকে।

৪) যদি অভিযুক্ত হিংস্ৰ প্ৰবৃত্তিৰ হয় আৰু অধিক অপৰাধ কৰাৰ সম্ভাৱনা থাকে।

আৰক্ষীয়ে কেৱল জেৰাৰ বাবে কোনো ব্যক্তিক গ্ৰেপ্তাৰ বা আটক কৰিব নোৱাৰে। এনে গ্ৰেপ্তাৰ বা আটক সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদত থকা ব্যক্তিগত স্বাধীনতাত অবৈধ হস্তক্ষেপ হ’ব। এজন লোকক কেৱল সন্দেহ বা অপৰাধৰ জটিলতাৰ বাবে গ্ৰেপ্তাৰ কৰিব নোৱাৰে। ইয়াৰ বাবে সংশ্লিষ্ট বিষয়াজনৰ ওচৰত গ্ৰেপ্তাৰ জৰুৰী আৰু ন্যায়সংগত বুলি কাৰণ থাকিব লাগিব।

যোগীন্দৰ কুমাৰ বনাম উত্তৰ প্ৰদেশ চৰকাৰ আৰু অন্যান্যাৰ গোচৰত উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে গ্ৰেপ্তাৰৰ ক্ষমতা থকাটো বেলেগ কথা আৰু কাৰ্য্যকৰী কৰাৰ বাবে ই ন্যায়সংগত হোৱাটোও বেলেগ কথা। সংশ্লিষ্ট আৰক্ষী বিষয়াই নিজৰ ক্ষমতাৰ লগতে গ্ৰেপ্তাৰ ন্যায়সংগত বুলি প্ৰমাণ কৰিব পাৰিব লাগিব। কিয়নো গ্ৰেপ্তাৰ আৰু আটকে এজন লোকৰ মৰ্য্যাদা তথা আত্মসন্মানত গুৰুতৰ আঘাত হানিব পাৰে। সেয়ে এজন নাগৰিকৰ সাংবিধানিক অধিকাৰ তথা আৰু নিজৰো স্বাৰ্থ ৰক্ষাৰ বাবে এজন আৰক্ষী বিষয়াই এই কথা নিশ্চিত কৰা প্ৰয়োজন যে যুক্তিসংগত কাৰণ অবিহনে যাতে কোনো গ্ৰেপ্তাৰ কাৰ্যকৰী কৰা নহয়।

Code of Criminal Procedure, 1973 ৰ পঞ্চম অধ্যায়ত গ্ৰেপ্তাৰ হোৱা লোকৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াৰ ৪১ নম্বৰ ধাৰাত সেই পৰিস্থিতিবোৰৰ ব্যাখ্যা আগবঢ়োৱা হৈছে য’ত আৰক্ষীয়ে পৰোৱানা অৰ্থাৎ warrent বিহনে গ্ৰেপ্তাৰ কৰিব পাৰে।

গ্ৰেপ্তাৰৰ ক্ষেত্ৰত থকা অধিকাৰ

  • Code of Criminal Procedure, 1973 ৰ ৫০ নম্বৰ ধাৰা অনুসৰি গ্ৰেপ্তাৰ হোৱা লোকসকলক সংঘটিত অপৰাধ আৰু গ্ৰেপ্তাৰৰ কাৰণৰ সম্পূৰ্ণ বিৱৰণ দিব লাগিব।
  • সকলো গ্ৰেপ্তাৰ হোৱা আটক হোৱা লোকক ডি কে বসু বনাম পশ্চিমবংগ চৰকাৰৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি Custody memo দিব লাগিব।
  • কোনো গ্ৰেপ্তাৰ হোৱা লোকক ২৪ ঘন্টাতকৈ বেছি সময় আৰক্ষীৰ জিম্মাত ৰাখিব নোৱাৰিব (Code of Criminal procedure ৰ ৫৬/৫৭ ৰ ধাৰা আৰু ভাৰতীয় সংবিধানৰ ২২ (২) অনুচ্ছেদ)।
  • গ্ৰেপ্তাৰ হোৱা লোকৰ অধিবক্তাৰ সহায় লোৱাৰ অধিকাৰ থাকিব (সংবিধানৰ ২২ (১) অনুচ্ছেদ)।
  • যদি লোকজন দৰিদ্ৰ হয় তেন্তে তেওঁ legal services authority ৰ পৰা বিনামূলীয়া আইনী সাহাৰ্য্য পাব (সংবিধানৰ ৩৯ (ক) অনুচ্ছেদ)।
  • গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ এজন পঞ্জীয়নভুক্ত চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ অধিকাৰ থাকিব (Code of Criminal Procedure, 1973 ৰ ৫৪ নম্বৰ ধাৰা)।
  • ভিত্তিহীন গ্ৰেপ্তাৰ/অবৈধ আটকৰ ক্ষেত্ৰত সংশ্লিষ্ট লোকজনৰ ক্ষতিপূৰণৰ অধিকাৰ থাকিব।

মহিলাৰ ক্ষেত্ৰত Code of Criminal Procedure- ত বিভিন্ন ব্যৱস্থা আছে আৰু উচ্চতম ন্যায়ালয়েও বিভিন্ন নিৰ্দেশনা দিছে। সেইবোৰ তলত উল্লেখ কৰা হ’ল-

  • কোনো মহিলাক সূৰ্য্যাস্তৰ পিছত আৰু সূৰ্যোদয়ৰ পূৰ্বে দণ্ডাধীশৰ বিশেষ অনুমতি অবিহনে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব।
  • যদি কোনো মহিলাৰ তালাচী চলাব লাগে তেন্তে আন এগৰাকী মহিলাই সেয়া কৰিব লাগিব।
  • গ্ৰেপ্তাৰ মহিলাক কেৱল মহিলাৰ বাবে নিৰ্দ্ধাৰিত লক-আপত ৰাখিব লাগিব যি পুৰুষতকৈ পৃথক। যদি তেনে লক-আপ নাথাকে তেন্তে তেওঁক পৃথক কোঠাত ৰাখিব লাগিব।
  • যদি মহিলাগৰাকী গৰ্ভৱতী হয় তেন্তে শাৰিৰীক বাধা আৰোপ এৰাই চলিব লাগে আৰু গৰ্ভৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ কৰিব নালাগে।

ডি কে বসু বনাম পশ্চিমবংগ চৰকাৰৰ গোচৰত উচ্চতম ন্যায়ালয়ে গ্ৰেপ্তাৰৰ সকলো গোচৰৰ ক্ষেত্ৰত সুৰক্ষামূলক ব্যৱস্থা হিচাপে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছিল। সেইবোৰ হ’ল-

১) সংশ্লিষ্ট আৰক্ষী বিষয়াবৰ্গই গ্ৰেপ্তাৰৰ সময়ত বা জেৰাৰ সময়ত সঠিক, স্পষ্ট আৰু দৃশ্যমান পৰিচয়সূচক আৰু পদবীসূচক ‘টেগ’ পিন্ধিব লাগিব। জেৰা কৰা আৰক্ষীৰ তথ্যাৱলী এখন ৰেজিষ্ট্ৰাৰত লিপিবদ্ধ থাকিব লাগিব।

২) গ্ৰেপ্তাৰৰ সময়ত সংশ্লিষ্ট বিষয়াই মেম’ প্ৰস্তুত কৰিব লাগিব য’ত কমেও এজন সাক্ষীয়ে প্ৰত্যায়িত কৰিব লাগিব। সাক্ষীজন হয় গ্ৰেপ্তাৰ হোৱা ব্যক্তিৰ পৰিয়ালৰ সদস্য, নহয় স্থানীয় বিশিষ্ট ব্যক্তি হ’ব পাৰে। মেম’ত গ্ৰেপ্তাৰ হোৱা লোকৰ Counter Sign ৰ লগতে গ্ৰেপ্তাৰৰ সময় আৰু দিন থাকিব লাগিব।

৩) আৰক্ষী থানা, interrogation centre বা আন লক-আপত থকা এজন লোকে এজন বন্ধু, সম্বন্ধীয় বা তেওঁ জনা কোনো লোকক বিচাৰিলে কাষত পাব পাৰে।

৪) গ্ৰেপ্তাৰৰ সময়, স্থান আৰু জিম্মাত ৰখা স্থানৰ তথ্য আৰক্ষীয়ে জিলাৰ আইনী সাহায্য সংস্থা আৰু আৰক্ষী থানাৰ জৰিয়তে ব্যক্তিজনৰ সংশ্লিষ্ট জিলা বা নগৰৰ বাহিৰত থকা নিকট বন্ধু বা আত্মীয়ক জনাব লাগিব গ্ৰেপ্তাৰৰ ৮ ৰ পৰা ১২ ঘন্টাৰ ভিতৰত।

৫) গ্ৰেপ্তাৰ হোৱা লোকজনক গ্ৰেপ্তাৰ হোৱাৰ লগে লগে কাৰোবাক তেওঁৰ গ্ৰেপ্তাৰৰ বিষয়ে জনোৱাৰ অধিকাৰৰ বিষয়ে জনাব লাগিব।

৬) আটকাধীন স্থানৰ ডায়েৰীত গ্ৰেপ্তাৰৰ বিষয়ে লিপিবদ্ধ কৰিব লাগিব, য’ত ব্যক্তিজনৰ নিকটতম বন্ধুৰ নাম থাকিব, যাক গ্ৰেপ্তাৰৰ বিষয়ে জনোৱা হৈছে। লগতে যিসকল আৰক্ষীৰ জিম্মাত আছে তেওঁলোকৰ বিৱৰণো থাকিব।

৭) অনুৰোধ অনুসৰি গ্ৰেপ্তাৰ হোৱা লোকজনক গ্ৰেপ্তাৰৰ সময়ত স্বাস্থ্যৰ লগতে গুৰুতৰ বা কম গুৰুতৰ আঘাতৰ পৰীক্ষা কৰাব লাগিব। সেইবোৰ লিপিবদ্ধ কৰিব লাগিব। Inspection memo – ত গ্ৰেপ্তাৰ হোৱা লোক আৰু সংশ্লিষ্ট বিষয়াৰ স্বাক্ষৰ থাকিব আৰু প্ৰতিলিপি গ্ৰেপ্তাৰ হোৱা লোকক দিব লাগিব।

৮) জিম্মাত থকাৰ প্ৰতি ৪৮ ঘন্টাৰ পিছত এজন চিকিৎসকে লোকজনৰ স্বাস্থ্য পৰীক্ষা কৰিব। ইয়াৰ বাবে সংশ্লিষ্ট ৰাজ্যৰ স্বাস্থ্যসেৱা সঞ্চালকে চিকিৎসকৰ পেনেল নিযুক্তি দিব।

৯) উপৰিউক্ত সকলো নথিৰ প্ৰতিলিপি সংশ্লিষ্ট অঞ্চলৰ দণ্ডাধীশলৈ পঠিয়াব লাগিব।

১০) লোকজনক জেৰাৰ সময়ত (জেৰাৰ সকলো সময়তে নহয়) অধিবক্তাক সাক্ষাতৰ অনুমতি দিয়া হ’ব পাৰে।

১১) সকলো জিলা আৰু ৰাজ্যৰ মুখ্য কাৰ্য্যালয়ত এটা পুলিচ কন্ট্ৰ্ল ৰুম থাকিব, য’ত গ্ৰেপ্তাৰ জিম্মাত থকা স্থানৰ বিষয়ে সংশ্লিষ্ট বিষয়াজনে গ্ৰেপ্তাৰ ১২ ঘন্টাৰ ভিতৰত তথ্যসমূহ দিব লাগিব। তথ্যসমূহ এখন নটিচ ব’ৰ্ডত থাকিব লাগিব।

এই নিৰ্দেশনাসমূহ অমান্য কৰিলে সংশ্লিষ্ট বিষয়া বিভাগীয় শাস্তিৰ যোগ্য হ’ব, লগতে আদালত অৱমাননাৰ বাবেও শাস্তিৰ যোগ্য হ’ব। ফলত এনে বিষয়াৰ বিৰুদ্ধে সংশ্লিষ্ট উচ্চ ন্যায়ালয়ত আদালত অৱমাননাৰ গোচৰ চলিব পাৰে।

লিখক: মৃন্ময় দত্ত, অধিবক্তা।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate