অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পূৰ্ণ দৈমাৰী মীনপালকৰ বাবে অনুপ্ৰেৰণা

পূৰ্ণ দৈমাৰী মীনপালকৰ বাবে অনুপ্ৰেৰণা

ৰাজ্যৰ মীনখণ্ডত যিকেইজন লোকে অভিজ্ঞতা, উদ্ভাৱনী চিন্তা আৰু অনুসন্ধিৎসুতাৰ সমাহাৰেৰে ন ন দিশত ইতিবাচক চিন্তাৰ জোৱাৰ আনিবলৈ সক্ষম হৈছে, তাৰ ভিতৰত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত সোণতলা গাঁৱৰ পূৰ্ণ দৈমাৰি অন্যতম। দৈমাৰীয়ে মীন সম্প্ৰসাৰণ বিষয়া বিপুল খাটনিয়াৰৰ সহযোগত সম্পূৰ্ণ উদ্ভাৱনী প্ৰয়াসেৰে সংমিশ্ৰিতভাৱে থলুৱা মাগুৰ আৰু কুচিয়া মাছ পালনেৰে অনুকৰণীয় আদৰ্শ দাঙি ধৰাৰ লগতে ৰাজ্যৰ মীন খণ্ডলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। দৈমাৰীয়ে ২০০২ চনত এক লাখ টকা গাঠিৰ ধন বিনিয়োগ কৰি দুবিঘা জলকালিৰ পুখুৰী খান্দি মীন পালনৰ যাত্ৰা আৰম্ভ কৰিছিল যদিও প্ৰথম বছৰতে বানপানীয়ে সকলো ধূলিসাৎ কৰি দিছিল। পুখুৰী ভাঙিলে যদিও বানপানীয়ে কিন্তু দৈমাৰীৰ মন ভাঙিব নোৱাৰিলে। বৰং পুখুৰীৰ চাৰিওফালে ওখ কৰি পৰৱৰ্তী বছৰসমূহৰ বাবে দুগুণ উৎসাহেৰে মীন পালনত ব্ৰতী হোৱাৰহে সংকল্প ল’লে। এইদৰে মীনপালন চলি থাকিল ২০০৯ চনলৈ। বিশেষ কোনো কাৰিকৰী জ্ঞান ব্যতিৰেকে কেৱল অভিজ্ঞতাকে মূলধন কৰি মীনপালন অব্যাহত ৰাখে দৈমাৰীয়ে। বছৰেকত লাভ পায় প্ৰায় ৬০,০০০ টকা। সংমিশ্ৰিতভাৱে ৰৌ, বাহু, মিৰিকা, ছিলভাৰ কাৰ্প, গ্ৰাছ কাৰ্প আদি ছটা প্ৰজাতিৰ মীন পালনেৰেই চলিছিল দৈমাৰীৰ মীনপালন। ক্ৰমাৎ লাভৰ অংকটোৱে লাখ টকা পৰ্য্যন্ত চুলে। এনেতে ২০১০ চনত দৈমাৰীয়ে গুৱাহাটী দূৰদৰ্শনৰ কৃষি দৰ্শনযোগে গোৰেশ্বৰৰ মহৰিপাৰৰ পুৱাৰাম বড়োৰ কুচিয়া পালন সম্পৰ্কে তথ্যচিত্ৰখন উপভোগ কৰি কুচিয়া পালনৰ প্ৰতি আকৃষ্ট হৈ পৰে। সুস্বাদু  এই মাছবিধৰ চাহিদা আৰু দৰ উভয়েই অঞ্চলটিত অতি লোভনীয়। তথ্যচিত্ৰ চাই দৈমাৰী হাজিৰ হ’লগৈ পুৱাৰামৰ পামত। পুৱাৰামৰ লগতে লগ পালে পুৱাৰামৰ কুচিয়া পালনৰ কাৰিকৰী তত্ত্বাৱধায়ক, মীন বিষয়া বিপুল খাটনিয়াৰক। দুয়ো সকলোখিনি দেখুৱাই বুজাই দৈমাৰীক যৎপৰোনাস্তি সহযোগিতা আগবঢ়ালে। পুৱাৰামৰ অভিজ্ঞতাখিনিক কিছু উদ্ভাৱনী চিন্তাৰ পৰশেৰে দৈমাৰীয়ে ১০ মিটাৰ দীঘল আৰু ৬ মিটাৰ প্ৰস্থৰ এটা দুই কোঠলীয়া টেংক সাজি উলিয়াইছে। দুয়োটা কোঠালিৰ মধ্য বেৰখন পকাৰ জালিকাসদৃশ কৰি নিৰ্মাণ কৰা হয়, যাতে কুচিয়া অনায়াসে এটা কোঠালিৰ পৰা আনটোলৈ যাব পাৰে। দুয়োটা কোঠালিৰ গভীৰতা পিছে একে নহয়। এটাত পানী থাকে ১ মিটাৰ আৰু আনটোত ০.৮ মিটাৰ। দুয়োটাৰে তলীখন ০.৫ মিটাৰ বোকা-পলস আৰু মাটিৰ তৰপ বিশিষ্ট। এইখিনি সংগ্ৰহ কৰা হয় কুচিয়াৰ আৱাসভূমি বিল, পতিত ভূমি, পৰিত্যক্ত জলাশয় আদিৰ পৰা। পানীৰ ওপৰত ০.৫ মিটাৰ মুকলি হৈ আছে।

টেংকটোৰ পৰা মাহেকত এবাৰ পানী উলিয়াই দি নতুন পানী ভৰাব পৰাকৈ আৰু পানীৰ গভীৰতা নিৰ্দিষ্ট হিচাপত ৰাখিবলৈ আগম নলী আৰু নিৰ্গম নলীৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। পৰিচালনাৰ দিশৰ পৰা প্ৰতি মাহে পানীৰ পি এইচ পৰীক্ষা কৰি চূণ দিয়া হয়। দৈমাৰীয়ে জনোৱা মৰ্মে মাহেকত প্ৰায় ৫০০ গ্ৰাম চূণ দিব লগা হয়। খাদ্য হিচাপে কুচিয়াক দিয়া হয় ভাত, শুকান মাছৰ গুড়ি, চাউলৰ মল, সৰিয়হৰ খলিহৈ, কুকুৰাৰ নাড়ি-ভূঁৰ, ভেকুলী (সৰু-সৰুকৈ কাটি), সৰু-সুৰা মাছ ইত্যাদি। খাদ্যত তেওঁৰ মতে বিশেষ খৰচ নহয়, কাৰণ কুচিয়াৰ বেছিদিন খাদ্যই গ্ৰাম্য সমাজত সততে উপলব্ধ। তদুপৰি এৰেহা ভাত কুচিয়াৰ প্ৰিয় খাদ্য। ২০১২ চনৰ এপ্ৰিলত বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি মেলা দিয়াচলাই কাঠীটোৰ জোখৰ ৩০৫ ডাল কুচিয়া আৰু ২৫০ টা মাগুৰৰ পৰা ২০১৩ চনৰ জানুৱাৰীত মুঠ উৎপাদন হয় ৬৫ কিলোগ্ৰাম কুচিয়া আৰু ৫০ কিলোগ্ৰাম মাগুৰ। প্ৰতিডাল কুচিয়াৰ ওজন ২০০-২৫০ গ্ৰাম আৰু মাগুৰৰ ২০০-২৫০ গ্ৰাম। এই সফলতা নিশ্চিতভাৱে যথেষ্ট আশাপ্ৰদ। দৈমাৰীয়ে লগতে জনোৱা মতে কুচিয়া পালনৰ বাবে বৰ্হি জলস্তৰৰ ৩০ শতাংশ মেটেকা আদি ভাসমান অপতৃণৰে আবৃত হৈ থকাটো দৰকাৰ। তদুপৰি নিশা টেংকটোৰ ওপৰত লাইট দিয়া হয়, যাতে পোক-পৰুৱা আদি পৰি কুচিয়াৰ খাদ্য সহজলভ্য হয়। এই সৰু টেংকিটোৰ পৰাই দৈমাৰীৰ উপাৰ্জন হয় প্ৰায় ৪০,০০০ টকা। পৌনিক খৰচ মাত্ৰ চাৰি হাজাৰ টকা। অৰ্থাৎ ৯ মাহ পালনত লাভ হয় ৩৬,০০০ টকা। অৱশ্যে দৈমাৰীৰ এই সফলতাত পত্নী অঞ্জলি দৈমাৰীৰ অৰিহণাও কৃতজ্ঞতাৰে স্বীকাৰ কৰিবই লাগিব। কুচিয়া পালনৰ খাদ্য প্ৰয়োগৰ পৰা ফচল চপোৱালৈকে প্ৰতিটো কামতে অঞ্জলি ওতপ্ৰোতভাৱে জড়িত হৈ থাকে। সংমিশ্ৰিত আৰু সমন্বিত পদ্ধতিত উদ্যান শস্যৰ লগত কাৰ্প মাছ পালন, কুচিয়া পালন, প্ৰায় ২০ বিঘা মাটিত উন্নত পদ্ধতিৰে ধান খেতি আৰু কিছু পাচলি খেতিৰ উপাৰ্জনেৰে দৈমাৰী এটা সুখী পৰিয়ালৰ গৰাকী। পূৰ্ণ দৈমাৰীৰ মাৰ্গদৰ্শনেৰে অনুপ্ৰাণিত হৈ স্থানীয় বহুতো শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে মীন পালনেৰে লাভান্বিত হৈছে।

লিখক: ধ্ৰুৱজ্যোতি শৰ্মা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate