অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শস্যতকৈ মৎস্য উৎপাদনতহে অধিক গুৰুত্ব লাহৰীঘাট-মৈৰাবাৰীত

শস্যতকৈ মৎস্য উৎপাদনতহে অধিক গুৰুত্ব লাহৰীঘাট-মৈৰাবাৰীত

মাটিৰ উৰ্বৰা শক্তি কমি অহাত কৃষিভূমিসমূহত কমি আহিছে বিভিন্ন জাতৰ শস্যৰ উৎপাদন ক্ষমতা”।এই ভাষা মৰিগাঁও জিলাৰ উত্তৰপৰীয়া অৰ্থাৎ লাহৰীঘাট আৰু মৈৰাবাৰী অঞ্চলৰ একাংশ কৃষকৰ।এইসকল কৃষকৰ মাতে অঞ্চল দুটাৰ কৃষিজীবি লোকসকলে বৰ্তমান শস্য উৎপাদনতকৈ মৎস্য উৎপাদনত অধিক গুৰুত্ব দিছে।ফলত অঞ্চল দুটাৰ গোনাইবড়ি, দুবাৰবান্ধি,শগুনবাই,লালিপাৰ, লোচনবড়ি, বেলবড়ি, ভূঞাবাৰী পথাৰ, বগলিপাৰ আদি গাৱঁৰ একাংশ কৃষকে নিজৰ খেতিপথাৰত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী খান্দি মৎস্য পালনত লাগিছে।মৈৰাবাৰী অঞ্চলৰ তেনে কেইজনমান মৎস্যপালক হৈছে—জয়নালউদ্দিন,আবুহানিফ,আব্দুল মোতালেব আদি।এই কৃষককেইজনৰ খেতিপথাৰত আছে ১৫-২০ বিঘা পৰ্যন্ত মাটিৰে আৱৰা ১-৩টা পুখুৰী।তেওঁলোকে প্ৰ্তি বচৰে পোহনীয়া মাছ বিক্ৰি কৰি লাভ কৰে ১০-১৫ লাখ টকা।এইসকল কৃষকে জনোৱা মতে এইখিনি মাটিত শাক-পাচলিৰ খেতিৰ বাহিৰে অন্য খেতি কৰি ১০-১৫ লাখ টকা উৰ্পাজন কৰাটো সম্ভব নহয়।কিন্ত উন্নত পদ্ধতি আৰু কম শ্ৰমৰে মৎস্য পালন কৰি বৰ্তমান সময়ত সহজে এইখিনি ধন উৰ্পাজন কৰিব পাৰি।সেয়ে অঞ্চলটোৰ অধিকাংশ কৃষকৰ বাবে মীন পালন এটা সহজ বৃত্তি হৈ পৰিছে।।।

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate