অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰহৰ মাহৰ খেতিৰে উপাৰ্জন বঢ়াব পাৰি

অসমৰ পৰিৱেশত অনায়াসে খেতি কৰিব পৰা এবিধ দাইলজাতীয় শস্য হ’ল ৰহৰ মাহ। অসমত ৰহৰ দাইলৰ চাহিদাও বৰ ব্যাপক। কিন্তু চাহিদাৰ তুলনাত ৰহৰ দাইলৰ উৎপাদন একেবাৰে নগণ্য। কাৰণ আমাৰ কৃষক ৰাইজৰ মাজত ৰহৰ খেতিয়ে এতিয়াও জনপ্ৰিয়তা লাভ কৰা নাই। সেইবাবে ৰহৰ দাইল আমদানিৰ নামত অসমৰ পৰা বছৰি এক বুজন অংকৰ ধন ওলাই যায়। কিন্তু অসমৰ পৰিবেশ ৰহৰ মাহৰ খেতিৰ বাবে উপযোগী বুলি কৃষি বিশেষজ্ঞসকল নিশ্চিত হৈছে। ঘৰৰ চৌপাশৰ এনেয়ে পৰি থকা মাটি, ওখ পতিত মাটি, পুখুৰীৰ পাৰ, বাৰীৰ খালী মাটি আদিত ৰহৰ মাহৰ খেতি কৰি আশাতীতভাৱে লাভৱান হ’ব পাৰি। অন্যান্য দাইলজাতীয় শস্যৰ দৰে ৰহৰ মাহৰ খেতিত বৰ বিশেষ লাগিও থাকিব নালাগে, খৰচো বৰ কম। আনহাতে উত্পাদিত ৰহৰ দাইল অত্যন্ত লাভজনক দামত সহজে বিক্ৰী কৰিব পাৰি। গতিকে আমাৰ কৃষক ৰাইজে এইবিধ শস্যৰ খেতিত গুৰুত্ব দিয়াৰ এয়াই উপযুক্ত সময় বুলি ক’ব পাৰি। আহকচোন, ৰহৰ মাহৰ কৃষি পদ্ধতি সম্পৰ্কে আলোচনা কৰো-

জাত বাছনি

অধিক উৎপাদনক্ষম বিভিন্ন থলুৱা জাতৰ উপৰি টি-২১ নামৰ জাতটোৰ খেতি কৰিলে লাভ হোৱাটো নিশ্চিত। এই জাতৰ বীজ সিঁচাৰ ১৭০-২০০ দিনৰ ভিতৰতে খেতি চপাব পৰা হয়।

খেতিৰ সময়

অসমৰ পৰিৱেশত জুন-জুলাই মাহ ৰহৰ খেতিৰ বাবে উপযুক্ত সময়। অৱশ্যে আগষ্টৰ প্ৰথম সপ্তাহলৈকে বীজ সিঁচিব পৰা যায়।

পথাৰ প্ৰস্তুতি

ৰহৰ খেতিৰ বাবে বাছি লোৱা মাটিডৰাত যাতে কোনো কাৰণতে পানী জমা হ’ব নোৱাৰে বা বানপানী নহয় সেই বিষয়ে আগতীয়াকৈ নিশ্চিত হ’ব লাগিব। উপযুক্ত মাটিডৰাত ৪-৫ বাৰ দকৈ হাল বাই অথবা কোৰ মাৰি, সম্ভৱ হ’লে মৈয়াই সমান কৰি ল’ব। বন-বাত, জাবৰ-জোঁথৰ আঁতৰাই মাটিডৰা পৰিষ্কাৰ কৰি ল’ব।

বীজ ৰোপণ

এবিঘা মাটিত খেতি কৰিবলৈ প্ৰায় দুই কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। শাৰীবদ্ধ প্ৰণালীৰ ৭৫ ছেঃমিঃ×৩০ ছেঃমিঃ ব্যৱধানত বীজ সিঁচিব।

সাৰ প্ৰয়োগ

শেষৰবাৰ হাল বোৱাৰ সময়ত বিঘাই প্ৰতি ৬ কুইণ্টল পচন সাৰ, ৫ কিলোগ্ৰাম ইউৰিয়া আৰু ৩০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট সাৰ প্ৰয়োগ কৰি ভালকৈ মাটিত মিলাই দিব। বীজখিনি ৰাইজ’বিয়াম কালছাৰেৰে শোধন কৰিলে ইউৰিয়াৰ পৰিমাণ কমাই মাত্ৰ ৩ কিলোগ্ৰাম প্ৰয়োগ কৰিলেই হ’ব।

পৰিচৰ্যা

বীজ সিঁচাৰ ২০-২৫ দিন পাছত বন-বাত নিৰাই দিলে খেতিডৰা লহপহকৈ বাঢ়ি আহিব। বিভিন্ন পোক-পৰুৱা, ৰোগ আদিৰ আক্ৰমণৰ পৰা খেতিডৰাক ৰক্ষণা-বেক্ষণ দিয়াৰ বাবে উপযুক্ত সময়ত যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিলে আশানুৰূপ উত্পাদন পাব বুলি আশা কৰিব পাৰি।

উৎস: খবৰ।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate