অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষকৰ হাট কৃষকৰ সমন্বয়

কৃষকৰ হাট কৃষকৰ সমন্বয়

গ্ৰাম্য জীৱনত এখন হাট বা বজাৰ সকলোৰে বাবে আগ্ৰহৰ। আশীৰ দশকলৈ অসমত গ্ৰাম্য অৰ্থনীতিৰ মূল আধাৰ আছিল কৃষিকাৰ্যৰ সফলতা। বজাৰবোৰ ৰাষ্টাৰ কাষতে বহিছিল যদিও মানুহ আছিল কম আৰু সামগ্ৰী(ফল-মূল, শাক-পাচলি) আছিল মেটমৰা। গঞাই বোৱাৰী পুৱাতে বিচনা ত্যাগ কৰি আগদিনা গোটাই থোৱা বিক্ৰী কৰিব খোজা সামগ্ৰীবোৰ ভাৰ বান্ধি বজাৰমুৱা হৈছিল। প্ৰায়বোৰ সামগ্ৰীয়ে পৰিমাণ অনুযায়ী এটা এৰা-ধৰা মূল্যত কিনা-বেচা হৈছিল। আজিকালিৰ দৰে তামোল, শাক, ৰঙালাউ, বগৰী, অমৰা, আম, কঁঠাল, অমিতা ইত্যাদি দগা-পাল্লা বা তুলাচনীৰে নুজুখিছিল। প্ৰায়বোৰ পৰিয়ালতে বাঁহ বেটেৰে তৈয়াৰী তুলাচনীও আছিল। আমাৰ ককাৰ তুলাচনীখন আছিল দুখন সৰু ডালা আৰু এডাল বাঁহৰ মিহি মাৰিৰে গঠিত। এফালে ডগা আৰু আনফালে তিল, সৰিয়হ বা ধান তুলি দি মাৰিডাল মাটিৰ সমান্তৰাল হ’লে গ্ৰাহকক বস্তুখিনি মোনাত ভৰাই দিছিল। সেইদৰে ঘৰত কৈ পথোৱা বস্তু আনিবৰ কাৰণে ককাই বেলেগ কৃষকৰ ওচৰ চাপিছিল। আমিও ককাৰ সৈতে হাটলৈ গৈছিলোঁ মাৰ্বলৰ আশাত। বস্তু বেচা-কিনা হৈ যোৱাৰ পিছত আমাৰ ককাৰ সৈতে কেইজনমান বয়সস্থ লোকে ঘূৰণীয়াকৈ বহি মলা/ টাংখু(ধঁপাত)হুপিছিল। তেওঁলোকৰ আলোচনা আছিল একমাত্ৰ দেহৰ ভাৰসা নোহোৱা বিষয়টো আৰু খেতিৰ ভাল-বেয়া। প্ৰায়ভাগ মানুহে( কমেও ১৬ খনমান গাঁৱৰ) তামোল-পাণ, নাৰিকল, জুলীয়া মিঠৈ, তিল, সৰিয়হ, হালধী, টেমুটেডী, কচু ইত্যাদি বজাৰলৈ আনিছিল।

এই পুৰণি কথাবোৰ এই কাৰণেই অনা হ’ল যে সেই সময়ত বজাৰ কৰা পইচাৰেহে গঞাই নিজ পুত্ৰ-কন্যাক খুৱাইছিল-পিন্ধাইছিল-পঢ়ুৱাইছিল। প্ৰত্যেকজন ছাত্ৰ আৰু ছাত্ৰীয়ে মাক-দেউতাকৰ দুখ-কষ্ট ভালদৰে অনুভৱ কৰিছিল। হাঁহৰ কণী তথা পাৰ আৰু ছাগলী, গৰু, কুকুৰা আদি বিক্ৰী কৰি বতৰত এযোৰ কাপোৰ লৈছিল। এবাৰ আমাৰ এজন বন্ধুৱে মাকে বিক্ৰী কৰিব দিয়া পাঁচ গণ্ডা কণী বজাৰলৈ নিয়াৰ পথত ভাঙি যোৱাত দেউতাকে পইচাৰ অভাৱত বায়েকৰ বাবে ওলোৱা দৰাৰ ঘৰ চাবলৈ যাব নোৱাৰিলে। ফলত বিয়াখন নহ’ল। দেউতাকে খেতিৰ ব্যস্ততাত বজাৰলৈ নি মতা হাঁহ বিক্ৰি কৰিব নোৱাৰা বাবে আমাৰ এজন সমনীয়াই কিতাপ, ফলি কিনিব নোৱাৰি স্কুললৈ অহা নাছিল। সি আৰু কোনোদিন স্কুললৈ নাহিল। বানপানীৰ সৈতে খৰাং বতৰেও কৃষকক যুগে যুগে ধোঁৱা কোঁৱা খুৱাই আহিছিল যদিও তেওঁলোকৰ সপোন সদায় খেতিপথাৰক লৈয়ে ৰচিত হৈছিল। কৃষিপথাৰ আৰু বাৰীবস্তিৰ উত্পাদনেই আছিল জীৱিকাৰ প্ৰধান উপায়। বৰ্তমান সময়ত অসম মুলুকত খিলঞ্জীয়া লোকৰ তুলনাত অইন ভাষাভাষী লোকেৰেহে বজাৰ ঠাহ খাই থাকে। সমবায় ভিত্তিত খেতি কৰা স্ংগঠন অৱশ্যে নথকা নহয়। আমিও বিশ্ববিদ্যালয়ৰ চুড়ান্ত পৰীক্ষা দি গাঁৱৰ সমনীয়াৰ সৈতে আমাৰ দেউতাৰ জন্মভূমি মনাহকুছিৰ কোচতোলাত খেতি কৰিব লৈছিলোঁ। এতিয়াও মনত পেলাই ভাল লাগে যে আমাৰ খেতি চাবলৈ অহা সকলো পুৰুষ-মহিলাকে আমি মোনা ভৰাই শাক-পাচলি দিছিলোঁ। এয়া ১৯৯২-৯৫ চনৰ কথা। হাজোৰ গেৰুৱাস্থিত কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বিষয়া আহি আমাক দিহা-পৰামৰ্শ দিছিল। প্ৰত্যেক সপ্তাহত আমি চাৰিদিন বজাৰলৈ শস্য বেচিব গৈছিলোঁ।

কৃষক ৰাইজৰ স্ংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ ভাৰসা হৈছে কৃষিকাৰ্য। খেতি-বাতি ভাল হ’লে উত্সৱ-পাৰ্ৱন উদ্‌যাপনো আনন্দমুখৰ হয়। ধান-মাহ বিক্ৰী কৰা ধনেৰে পত্নী-কন্যাক সূতা কিনি দি কাপোৰ বোৱাই স্ংসাৰৰ জোৰা মৰা মানুহ আজিও আছে। অৱশ্যে নিজ হাতে বোৱা এখন বিহুৱান আলহি-অতিথিক দিব নোৱাৰি মনত বেজাৰ পোৱা পৰিয়াল ক্ৰমান্বয়ে কমি আহিছে। তাঁতশাল স্ংস্কৃতি গঞাৰ বাবে আছিল গৌৰৱ। গোহালি ভৰা গৰু, ধানবনা ঢেঁকী আৰু মানুহ বহা চ’ৰা ঘৰেই আছিল কৃষকৰ গৌৰৱ। হাটত বস্তু-বাহানি বিক্ৰী কৰিব পৰাটোও আছিল সফল কৃষকৰ পৰিচিতি। দিনভৰ খেতিপথাৰৰ কামত ব্যস্ত থকা লোকসকলে সন্ধিয়াপৰত গোঁসাইঘৰত নতুবা কোনোবা মানুহৰ ঘৰৰ চোতালত পুথি পঢ়ি সকলো দুখ-ভাগৰ পাহৰি পেলাইছিল। সেয়ে আমিও শৈশৱ কালতে ৰামায়ণ, মহাভাৰত আৰু ভাগৱতৰ কাহিনীবোৰৰ সম্যক জ্ঞান লাভ কৰিছিলোঁ। ধৰ্মীয় গ্ৰন্থত বৰ্ণিত কাহিনীবোৰত সাধু-সন্তৰ লগতে দেৱ-দেৱীৰ অনেক ৰহস্যঘন দিশ আছে। শাস্ত্ৰ অধ্যয়ণ বা শ্ৰৱণে গঞা কৃষকক শিকাইছিল-নিৰলস প্ৰচেষ্টাৰে জীৱন নিৰ্বাহ কৰা; কিন্তু ফলাফল আশা নকৰিবা। সেয়ে হয়তো বানপানী আৰু খৰাং পৰিস্থিতিতো খেতিপথাৰ শস্য শ্যামলা কৰি তুলিবলৈ তেওঁলোকে মনত সাহস পাইছিল। এনেকুৱাও দেখা যায় যে গোটেই পৰিয়ালটোৱে কৃষিৰ নামত হাড়ভঙা পৰিশ্ৰম কৰে। আমি জানো অসমৰ বহু বৰেণ্য ব্যক্তি সাধাৰণ কৃষকৰ সন্তান। পিতৃ-মাতৃৰ পৰিশ্ৰমক আলম কৰিয়েই এইসকল সন্তানে পৰৱৰ্তী কালত নিজক প্ৰতিষ্ঠা কৰা অনেক লোক আমি লগ পাইছোঁ।

অসম কৃষি প্ৰধান ৰাজ্য বুলি এটি আলংকৰিক সৌন্দৰ্য আছে। সেই সৌন্দৰ্যক অসমীয়া কৃষক-ৰাইজেহে কোনোমতে বৰ্তাই ৰাখিছে। আমাৰ বোধেৰে স্থানীয় কৃষকসকলক তেওঁলোকে বস্তু বেচা-কিনা কৰোতে দালালৰ গ্ৰাসত নপৰে। মধ্যভোগীৰ চক্ৰত পৰি পৰিশ্ৰমৰ মূল্য নোপোৱা কৃষকে বহু সময়ত মনোবলো হেৰুৱাই পেলোৱাৰ উপক্ৰম হয়। গৰু-গাই পুহি স্বালম্বৱী হ’বলৈ কৃষকক সহায় কৰাটো চৰকাৰৰ এক গুৰু দায়িত্বও। গাখীৰ উত্পাদনৰ লগতে জৈৱিক সাৰৰ জোৰা মৰা সুবিধা পাবলৈ গৰু পালন সঁচাকৈ আদৰণীয়। এজন হোজা কৃষকে ৰাসায়নিক সাৰ বা কীটনাশকৰ অপকাৰিতা ভালদৰে অনুধাৱন কৰিব নোৱাৰিবও পাৰে। সেই অপকাৰিতা কৃষি বিভাগৰ ক্ষেত্ৰ বিষয়াই নিশ্চয় কৃষকক অৱগত কৰিব পাৰে। বনৰীয়া শাক-পাচলি গঞা লোকৰ অকল খাদ্যই নহয়, ঔষধ হিচাপেও সেইবোৰক কেঁচা বা ৰন্ধা অৱস্থাত ব্যৱহাৰ কৰে। কৃষক ৰাইজৰ দ খেতিপথাৰবোৰ স্থানীয় মাছৰ বিচৰণস্থলী। দ ঠাইৰ খেতিত অলপ যত্ন কৰিয়েই থলুৱা মাছ পালনৰ দিহা কৰিব পৰা যায়। সেয়ে চৰকাৰে তেনে মাটি কোনো উদ্যোগ-প্ৰতিষ্ঠানক আবণ্টন দিব নালাগে। দ ঠাইবোৰ আছে বাবে তুলনামূলকভাৱে বাম পথাৰৰ খেতি বেছিদিন পানীৰ তলত থাকিব লগা নহয়। ইফালে, খৰাং বতৰত এই দ ঠাইবোৰৰপৰা পানীও খেতিপথাৰত যোগান ধৰিব পাৰি। পানীত হোৱা কলমৌ শাক, হেলেচী, মাতি কাটুৰি, মকুৱা, কচু, খেলুখ, মাখনা আদি কৃষকে নিজে ব্যৱহাৰ কৰাৰ উপৰি হাটলৈ নিব পাৰে। মুঠতে পৰিকল্পিত এখন বজাৰ প্ৰত্যেকজন কৃষকৰে কাম্য। আমি আশা কৰোঁ- অনাগতদিনত কৃষকসকলে নিজৰ উত্পাদিত সকলো সামগ্ৰী বিক্ৰীৰ বাবে ভাল বজাৰ লাভ কৰিব, য’ত কৃষকে পাব প্ৰকৃত মূল্য। কৃষিকৰ্মক জীয়াই ৰখাত হাট বা বজাৰৰ ভূমিকাৰ তুলনা নাই।

লিখক: ড0 দীনেশ কাকতি, দৈনিক অসম



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate