অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উন্নত জাতৰ শালিধানৰ খেতি

জাত

শালি বতৰত নিয়মীয়া বা শেহতীয়া আৰু মাটি পানীভেদে কৰিব পৰা জাত বেলেগ বেলেগ৷

ক) সময়মতে কৰা শালি

  • মনিৰাম, কুশল আৰু পঙ্কজ: তাকৰীয়া অথচ ফুল ফুলালৈকে পানী থকা দ’চানেকীয়া মাটিৰ বাবে উপযোগী৷ দীৰ্ঘদিনীয়া (১৫০-১৫৫) অৰ্দ্ধচাপৰ জাত৷ ধানৰ আকাৰ মজলীয়া ৷
  • পিয়লি, ৰঞ্জিত আৰু বাহাদুৰ: নিয়মীয়া পানী থকা দ’ মাটিৰ বাবে উপযুক্ত ৷ দীৰ্ঘদিনীয়া (১৫০) লাহি অৰ্দ্ধচাপৰ জাত ৷
  • বৈদেহী (আই-ই-টি-১০০১৬) : দ’ মাটিৰ বাবে উপযুক্ত ৷ দীৰ্ঘদিনীয়া, অৰ্দ্ধচাপৰ, লাহি ধান৷
  • মাচুৰী: মজলীয়া ধৰণৰ মাটিৰ বাবে উপযুক্ত৷ মধ্যমীয়া ওখ, দীৰ্ঘদিনীয়া (১৪৫) লাহি ধান৷
  • সত্যৰঞ্জন, বসুন্ধৰা: মজলীয়া ধৰণৰ মাটিৰ বাবে উপযুক্ত৷ অৰ্দ্ধচাপৰ, মধ্যমদিনীয়া (১৩৫) ৰবি শস্যৰ বাবে মাটি সময়মতে আজৰি হোৱাকৈ চপাব পৰা লাহি ধান ৷
  • মনোহৰ শালি : বেচি দ’ মাটিৰ বাবে উপযুক্ত ওখজাত৷ অতি সাৰুৱা মাটিত বাগৰি পৰে৷ মোটা ধান, দীৰ্ঘদিনীয়া (১৫০-১৬০) দিন ৷

খ) বৰাধান

  • আঘোণী, ভোগালী : অৰ্দ্ধচাপৰ অধিক উৎপাদনক্ষম জাত ৷ দীৰ্ঘদিনীয়া (১৫৫ দিন) ৷ শালিৰ সময়মতে কৰিব পাৰি৷ চাউলৰ ৰং বগা৷
  • ৰঙিলী : অধিক উৎপাদনক্ষম ওখ জাত৷ শালিৰ সময় মতে কৰিব পাৰি ৷ চাউলৰ ৰং বগা, দীৰ্ঘদিনীয়া (১৫৫ দিন)৷

গ) জহাধান

  • কেতেকী জহা: অধিক উৎপাদনক্ষম সময়মতে কৰিব পৰা জহাধানৰ মধ্যমীয়া ওখ জাত, দীৰ্ঘদিনীয়া (১৫৫-১৬০ দিন)৷

ঘ) শেহতীয়া শালি

  • মনোহৰ শালি, এন্দ্ৰিউ শালি: বুঢ়া কঠীয়া (৬০ দিন) ভাদৰ পৰা আহিনৰ মাজ ভাগলৈকে ৰুব পাৰি৷
  • প্ৰসাদ ভোগ: বুঢ়া কঠীয়া (৬০ দিন) ভাদৰ তৃতীয় সপ্তাহলৈকে ৰুব পাৰি, লাহি ধান৷
  • সত্যৰঞ্জন, বসুন্ধৰা : কুমলীয়া কঠীয়া (৩০-৩৫ দিন)৷ ভাদৰ মাজ ভাগলৈকে ৰুব পাৰি৷
  • লুইত, কপিলী আৰু কালচাৰ ১: কুমলীয়া কঠীয়া (২১-২৫ দিন)৷ ভাদৰ শেষলৈকে ৰুব পাৰি মোটা ধান৷ এই কেইবিধ জাত কঠীয়া সিঁচাৰ দৰে, গজালি উলিয়াই বোকা মাটিত ভাদৰ ২৫ তাৰিখলৈকে সিঁচিও কৰিব পাৰি কমদিনীয়া জাত (১০০ দিন) ৷

বীজ

নিৰ্ভৰযোগ্য অনুস্হান বা ব্যক্তিৰ পৰা সংগ্ৰহ কৰা বীজহে ব্যৱহাৰ কৰিব৷

কঠীয়াতলী

৫ কঠা অৰ্থাৎ এবিঘা মাটি ৰুবৰ বাবে আধা কঠা কঠীয়াতলীৰ প্ৰয়োজন৷

কঠীয়া পৰাৰ এমাহ মানৰ আগতে আধা কঠা মাটিত (এবিঘা ৰুবৰ বাবে) প্ৰায় ৮ পাচি মান গোবৰ বা পচন সাৰ প্ৰয়োগ কৰি হাল বায় থব৷

বিঘাই প্ৰতি ৫ কিলোগ্ৰাম বীজৰ প্ৰয়োজন৷

প্ৰস্তুত কৰা কঠীয়াতলীখন ৪ ফুট বহলকৈ চিতা কৰি ল’ব৷

প্ৰতিটো চিতা ২৫-৩০ ফুট দীঘল জোখৰ হ’লে তেনে হিচাবত এবিঘা মাটি ৰুবৰ বাবে ৭-৮ খন চিতাৰ প্ৰয়োজন ৷ চিতাবোৰৰ চাৰিওফালে এফুট বহল নলা হোৱাকৈ মাটিবোৰ চিতাবোৰত দি দিব৷ সুবিধা অনুযায়ী চিতাবোৰৰ দীঘ বঢ়াইদি চিতাৰ সংখ্যা কমাইলৈও বীজ সিঁচিব পাৰি৷

শেষৰ চাহ হালবাওঁতে প্ৰতি চিতাত ৮০ গ্ৰাম চুপাৰ ফচফেট আৰু ৪০ গ্ৰাম মিউৰিয়েট অৱ পটাচ প্ৰয়োগ কৰি ভালদৰে মাটিত মিহলাই দিব ৷

ফলিয়া বাহেঁৰে চিতাবোৰ সমান কৰি ল’ব ৷ তাৰপিচত ৫ কি: গ্ৰাম বীজ সমানে ভাগ কৰি চিতাবোৰত ছটিয়াব৷

সিঁচাৰ সময়

জুন মাহ (জেঠৰ দ্বিতীয় সপ্তাহৰ পৰা আহাৰৰ দ্বিতীয় সপ্তাহলৈ)ৰ ভিতৰত বীজ সিঁচক৷

কঠীয়া তোলা

কঠীয়া তোলাৰ এদিন আগতে কঠীয়া তলীত পানী ভৰাই ল’ব যাতে কঠীয়াবোৰ তোলোতে সমুলি দুখ নাপায় আৰু শিপাবোৰ অলপো নষ্ট নহয় ৷

পথাৰ প্ৰস্তুত

পথাৰ ডৰা ৰোৱাৰ প্ৰায় ৩ সপ্তাহ – ১ মাহ আগতে প্ৰথম চাহ হালবায় থব ৷ তেনে কৰিলে বন-বাতবোৰ গেলি পচন সাৰ হোৱাত সহায় হয় ৷

মাটিত সোমায় থকা পোক পৰুৱা ধ্বংশ হয় ৷

পথাৰখন যিমান পাৰে সমান কৰিব লাগে ৷ তেনে কৰিলে পানী ৰাখিবলৈ ভাল আৰু সাৰ প্ৰয়োগত অধিক সুফল পোৱা যায় ৷

পথাৰ ডৰাৰ চাৰিও কাষ পৰিষ্কাৰ কৰি ৰাখিলে পোক পৰুৱাৰ বংশ বৃদ্ধি আৰু আক্ৰমণ যথেষ্ট কমি থাকে ৷

সাৰৰ পৰিমাণ

বিঘাই প্ৰতি ১৫০০ কিলোগ্ৰাম (আনুমানিক ১৫০ পাচি) পচন সাৰ বা গোবৰ শেহৰ চাহ হাল বাওঁতে ভালদৰে মাটিত মিহলি হোৱাকৈ প্ৰয়োগ কৰিব লাগে ৷

চাপৰ জাতৰ বাবে প্ৰতি বিঘাত ১২ কিলোগ্ৰাম ইউৰীয়া, ১৭ কিলোগ্ৰাম একক চুপাৰ ফচফেট আৰু ৪ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাচ প্ৰয়োগ কৰিব ৷

ওখ জাতৰ ধানৰ বাবে প্ৰতি বিঘাত ৬ কিলোগ্ৰাম ইউৰীয়া, ৮ কিলোগ্ৰাম চুপাৰ ফচফেট আৰু ২ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাচৰ প্ৰয়োজন ৷

ডি: এ: পি: ব্যৱহাৰ কৰিলে বিঘাই প্ৰতি ৬ কিলোগ্ৰাম ডি, এ, পিৰ উপৰিও চাপৰ জাতৰ ক্ষেত্ৰত ১০ কিলোগ্ৰাম ইউৰীয়া আৰু ওখজাতৰ ক্ষেত্ৰত ৩ কিলোগ্ৰাম ডি, এ, পিৰ উপৰিও ৫ কিলোগ্ৰাম ইউৰীয়া প্ৰয়োগ কৰিব লাগে ৷

ডি, এ, পি ব্যৱহাৰ কৰিলে একক চুপাৰ ফচফেটৰ প্ৰয়োজন নাই ৷ কিন্তু পটাচৰ পৰিমাণ ওপৰত উল্লেখ কৰাৰ ধৰণে একেই থাকিব ৷

সাৰ প্ৰয়োগৰ সময়

কমদিনীয়া (১০০-১২০ দিন) জাতৰ বাবে

শেহৰ বাৰ মাটি চাহ কৰাৰ সময়ত আধাভাগ ইউৰীয়া, সমুদায়একক চুপাৰ ফচফেট আৰু মিউৰিয়েট অৱ পটাচ্ প্ৰয়োগ কৰিব ৷

বাকী থকা আধাভাগ ইউৰীয়া পোখা মেলাৰ সময়ত প্ৰয়োগ কৰিব ৷

মধ্য মদিনীয়া আৰু দীৰ্ঘদিনীয়া (১৩০-১৫০ দিন) জাতৰ বাবে

শেহৰ বাৰ মাটি বোকা কৰা সময়ত আধাভাগ ইউৰীয়া, সমুদায় একক চুপাৰ ফচফেট আৰু মিউৰিয়েট অৱ পটাচ প্ৰয়োগ কৰিব ৷

বাকী থকা আধাভাগ ইউৰীয়া আকৌ সমানে দুভাগ কৰি এভাগ পোখা মেলাৰ সময়ত আৰু বাকী থকা ভাগ মণি ধৰাৰ সময়ত প্ৰয়োগ কৰিব ৷

কঠীয়াৰ বয়স আৰু ৰোৱাৰ দূৰত্ব

জাত

বয়স

(দিন হিচাবত)

শাৰি আৰু পুলিৰ দূৰত্ব (চে.মি.)

*       অতি কমদিনীয়া জাত (১০০ দিন)

২১-২৫

১৫ x ১০ বা ১০ x ১০

*       কমদিনীয়া মধ্যমকালীন জাত (১২০ দিন)

২৫-২৮

২০ x ১৫

*       মধ্যমকালীন জাত (১২০-১৩০ দিন)

২৫-৩০

২০ x ১৫

*       দীৰ্ঘকালীন জাত (১৩০ দিনৰ বেচি)

৩০-৩৫

২০ x ২০

*       মাচুৰী

৩০-৩৫

২৫ x ২০

*       মনোহৰ শালি আৰু অন্যান্য ওখ জাত

৩৫-৪৫

২৫ x ২৫

*       অধিক উৎপাদনক্ষম দীৰ্ঘদিনীয়া যেনে : বাহাদুৰ, ৰঞ্জিত আদি জাতৰ ক্ষেত্ৰত দূৰত্ব ২০ x ১৫ চে. মি. ও দিব পাৰি ৷

গোছে প্ৰতি কঠীয়াৰ সংখ্যা :

  • জুলাই মাহত (সময়মতে ৰোৱা) ৰোৱা খেতি ২-৩ ডাল ৷
  • অতি কমদিনীয়া কিন্তু শেহতীয়াকৈ ৰোৱাত ২-৩ ডাল ৷
  • চেপ্তেম্বৰত অৰ্থাৎ শেহতীয়াকৈ ৰোৱা খেতিত (দীৰ্ঘকালীন বা ওখ জাত) ৬-৭ ডাল ৷

কঠীয়া ৰোৱাৰ গভীৰতা :

  • যি কোনো জাতৰ বা যিকোনো সময়তে ৰোৱা কঠীয়া ৪-৫ চে:মি: (১-২ ইঞ্চি) দ’ত ৰুব লাগে ৷

বন-বাত নিয়ন্ত্ৰণ :

  • কঠীয়া ৰোৱাৰ ২০-২৫ দিন আৰু ৪০-৪৫ দিনৰ ভিতৰত শাৰীবোৰৰ মাজত গছকি দি অথবা নিৰণি যন্ত্ৰৰ সহায়েৰে বন-বাত নিয়ন্ত্ৰণ কৰিব ৷ সেইসময়ত ইউৰীয়া টপড্ৰেচিং কৰিলে মাটিত ভালদৰে মিহলি হয় ৷
  • পথাৰখন আগতিয়াকৈ হাল বাই থলে বন-বাত সহজে গজি উঠি অনিষ্ট কৰিব নোৱাৰে ৷
  • সমান আৰু ভালকৈ প্ৰস্তুত হোৱা পথাৰত সদায় হিচাবত (২-৩ ইঞ্চি) পানী ৰাখিব পাৰিলে বন-বাত সহজে নগজে ৷
  • বন-বাতবোৰ পথাৰৰ মাজত গছকি বা নিৰনি যন্ত্ৰৰে সুমুৱাই দিলে সেইবোৰ পঁচি সাৰ হয় ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate