অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সমন্বিত ধান মাছ পাম পদ্ধতি

ধান এবিধ অৰ্দ্ধ নিমজ্জিত উদ্ভিদ৷ ধানৰ গা-গছ জোপাৰ আধা অংশ পানীত ডুব গৈ থাকে৷ মাছ ধাননি পাৰিপাশ্বিক তন্ত্ৰৰ এক মুখ্য জৈৱিক উপাদান ৷ মাছ অবিহনে ধাননিৰ পাৰিপাশ্বিক তন্ত্ৰ সম্পূৰ্ণ নহয়৷ আজি কালি বিভিন্ন কাৰণত ধাননি পথাৰসমূহত মাছৰ সংখ্যা কমি আহিছে ৷ সেয়েহে ধাননিৰ পাৰিপাশ্বিক তন্ত্ৰ সম্পূৰ্ণ নহয়৷ ধাননি পথাৰত সমন্বিত পদ্ধতিৰে মীন পালন কৰিলে ধান আৰু মাছ উভয়েই উপকৃত হয়৷

সমন্বয়ৰ উপকাৰীতা

১)পুখুৰী খান্দি খেতি মাটিৰ স্হায়ী বিলুপ্তি নকৰাকৈ মীন পালন৷

২)একে ডৰা মাটিতে ধান আৰু মাছৰ উৎপাদনৰ ফলত কৃষকৰ বাৰ্ষিক আয় বৃদ্ধি৷

৩)ধানৰ গা-গছত জন্ম হোৱা পেৰিফাইটন নামৰ অপকাৰী উদ্ভিদ মাছৰ দ্বাৰা নিয়ন্ত্ৰণ৷

৪)মাছৰ দ্বাৰা ধাননিডৰাৰ অপতৃণ নিয়ন্ত্ৰণ ৷

৫)মাছে ধানৰ গুৰি খুচৰি থকাৰ ফলত ধাননিত বাতন (Aeration) ক্ৰিয়া সম্পন্ন হয়৷ তাৰ ফলত ধানত লৌহ বিষক্ৰিয়া ৰোধ ৷

৬)মাছে ধাননিৰ মাটি খুচৰি থকাৰ ফলত লোহাৰ অনুলগত ভৌতিক ভাবে লগ হৈ থকা ফচফৰাচ পানীলৈ মুকলি হৈ ধান আৰু শেলাইৰ বাবে উপলভ্য হয় ৷

৭)শেলায়ে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন অধিগ্ৰহন কৰি পৰৱৰ্তী শস্যৰ বাবে মাটিডৰাৰ উৰ্বৰতা বঢ়ায়৷

৮)মাছৰ মলে ধানক পুষ্টি যোগায় ৷

৯)ধানৰ উৎপাদন ১৫-৩০% বৃদ্ধি পায় ৷

উপযোগী ধানৰ জাত

সমন্বিত ধান-মীন পাম পদ্ধতিৰ বাবে তলত দিয়া গুণ বিশিষ্ট জাতৰ ধান নিৰ্বাচন কৰিব লাগে ৷

১) উচ্চ উৎপাদনক্ষম

২) সৱল গা-গছ যুক্ত

৩) সহজে বাগৰি নপৰা জাতৰ

আহু : ৰঙাদৰীয়া, ফাপৰী, কালচাৰ-১, গোবিন্দ, লাচিত, ইত্যাদি জাতসমূহ ওপৰৰ গুণ বিশিষ্ট ৷

শালি : মনোহৰ শালি, মনিৰাম, কুশল, শিয়াল শালল, ৰঙা শালি, গুডুমনি, বাহাদুৰ, ইত্যাদি জাতসমূহ ওপৰৰ গুণ বিশিষ্ট ৷

বাও : পি. জে. এন. বি ৯৫-২, পি. জে. এন. বি ৯৬-১০, নেঘেৰী বাও, পদ্মপানি, পানীকেকোঁৱা, ৰূপহী, মাগুৰী, তৰা বাও, ইত্যাদি ৷

উপযোগী মাছৰ প্ৰজাতি

সমন্বিত ধান-মীন পাম পদ্ধতিত ৰৌ, বাহু, মিৰিকা, চিলভাৰ কাৰ্প আৰু কমন কাৰ্প মাছ পালন কৰা হয় ৷ এইবোৰ মাছৰ লগতে জাভা পুঠি আৰু ভাঙোন মাছো পালন কৰিব পাৰি ৷ গ্ৰাছ কাৰ্প মাছ এই পদ্ধতিত অতি ডাঙৰ হয় যদিও ই ধানৰ অনিষ্ট সাধন কৰে ৷ সেয়েহে, এই পদ্ধতিত গ্ৰাছ কাৰ্প মাছৰ পালন অনুমোদিত নহয় ৷

সমন্বয়ৰ কৌশল

মাটিৰ ভৌগলিক অৱস্থান আৰু ভুমি পৃষ্ঠৰ বৈশিষ্টৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানত: তিনিটা পদ্ধতিত ধান খেতিৰ সমন্বয়ত মীন পালন কৰা হয় ৷

১) বৰ্ষাকালীন পদ্ধতি (Perennial system)

২) আৱেষ্টনী পদ্ধতি (Enclosure system)

৩) তুল্যকালীন পদ্ধতি (Synchronous system)

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate