অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কীটনাশক দ্রব্য ব্যৱহাৰৰ নীতি নিদ্দের্শনা

কীটনাশক দ্রব্য ব্যৱহাৰৰ নীতি নিদ্দের্শনা

কৃষি কর্ম্মৰ লগত কীটনাশক দ্রব্য ওতঃপ্রোত ভাৱে জড়িত । খেতিৰ দিহাৰ লগত এই ৰাসায়নিক দ্রব্যসমূহৰ নাম উল্লেখ কৰা হয়। এই দ্রব্যসমূহ বজাৰত সহজলভ্য হোৱাৰ লগতে ব্যৱহাৰ কৰাটোও আমাৰ এক অভ্যাসত পৰিণত হৈছে । এই দ্রব্যসমূহ প্রয়োগ কৰোতে নীতি-নির্দ্দেশনা মানি নচলিলে হিতে বিপৰীত হোৱাৰ হে সম্ভাৱনা বেছি । কাৰণ কীটনাশক দ্রব্য মাত্রেই হ'ল মাৰাত্মক বিহ। দৰবৰ বটল ,টেমা বা বেগত চাৰিটা ৰং ব্যৱহাৰ কৰি তাৰ বিষাক্ত গুণ সম্র্পকে আভাষ দিয়া থাকে।

  • ৰঙা ৰঙেৰে সৈতে মানুহৰ লাওখোলা আৰু হাড়ৰ ছবি - এইবিধ অতি বিষাক্ত দৰব।
  • হালধীয়া ৰং - বিষাক্ত . নীলা ৰং - সাধাৰণভাৱে বিষাক্ত
  • সেউজীয়া ৰং - কম বিষাক্ত

যি কোনো দৰব যি কোনো শস্য ,কীট-পতংগ , এন্দুৰ - নিগনি ,অপতৃণ ,শস্যকৃমি বা বেমাৰৰ লক্ষণৰ বিপৰীতে প্রয়োগ কৰিব নোৱাৰি। শাক - পাচলি আদি কম দিনতে চপোৱা হয় কিন্ত্ত ধান ,কুহিয়াঁৰ আদি দৰব প্রয়োগ কৰাৰ বহুদিন পাচত চপোৱা বা খাবৰ বাবে ব্যৱহাৰ কৰা হয়। সেইদৰে কিছুমান দৰবৰ স্থায়ীত্ব বহুদিনলৈ থাকে আৰু কিছুমানৰ বিষ গুণ মাত্র এসপ্তাহমানহে থাকে। দৰৱ প্রয়োগ কৰাৰ আগতে শস্যত কি বিজুতি ঘটিছে তাক জানিবলৈ বা তাৰ বাবে কি দৰৱ কিমান পৰিমাণে দিব লাগিব তাক কৃষি বিজ্ঞানী , বিষয়া বা বিভাগীয় কর্ম্মীৰ পৰা জানিলোৱা দৰকাৰ । দৰব কিনোতে সদায় তাৰ ব্যৱহাৰৰ বাবে ধার্য্য সময়ৰ ম্যাদ (Expiry date) চাই লব লাগে । ম্যাদ উকলি যোৱা দৰৱ ব্যৱহাৰ কৰিব নালাগে । দৰৱ ঘৰলৈ আনি আচুতীয়া ঘৰৰ ৰেক বা আলমাৰিত তলা লগাই বা লৰা - ছোৱালী আৰু অন্য জীৱ-জন্ত্তৱে সহজতে ঢুকি নোপোৱাকৈ ওখ চাঙত ৰাখিব লাগে । দৰৱৰ বিষয়ে ঘৰৰ সকলোৱে অৱগত হোৱাটো ভাল । স্প্রে' মেচিনটো ভালে আছে নে নাই চাই লব লাগে । গা-পা ধুবৰ বাবে আগতীয়াকৈ পানী , চাবোন আদি যুগুতাই লব লাগে । স্প্রে কৰিবৰ বাবে আৱশ্যকীয় জোখত দৰৱ লৈ বাকী খিনি আগৰ লেবেল থকা পাত্রতে টানকৈ সাফৰ মাৰি সুৰক্ষিত কৰি ৰাখিব লাগে । দৰৱৰ মিশ্রণ হাতেৰে নুচুই মাৰি এডালেৰে ঘুটিব । স্প্রে' কৰা ব্যক্তিজনে হাতভৰি আবৃত হোৱাকৈ হাত দীঘল চোলা আৰু দীঘল পেন্ট লগতে চকুত চশমা লগাই নাক মুখত কাপোৰ মেৰিয়াই লোৱাটো ভাল ।

দৰৱখিনি জুখি লোৱাৰ পিচত এটা সুকীয়া পাত্রত অলপ পানীৰ লগত মিহলাই স্প্রে' মেচিনত লাহে লাহে ঢালিব আৰু পিছতহে আৱশ্যকীয় হিচাবত পানী ভৰাব । দৰৱ দিয়াৰ বিষয়ে শস্যতলিত ফলক লগাব আৰু ওচৰ -চুবুৰীয়াক অৱগত কৰি সতর্ক কৰাটো প্রয়োজন । বৰষুণ ,অতি টান ৰ'দ অথবা সজোৰে বতাহ বলি থকা অৱস্থাত দৰৱ দিয়া উচিত নহয় । মৃদু বতাহ বলি থাকিলে স্প্রে' কৰিব পাৰি কিন্ত্ত বতাহৰ বিপৰীতে নগৈ বতাহৰ গতিৰ দিশতহে স্প্রে' কৰিব লাগে । স্প্রে' সদায় ৰাতিপুৱা বা গধুলিহে কৰা উচিত । কেতিয়াবা হঠাত্ নজ'লৰ ফুটা বন্ধ হলে মুখেৰে নুফুৱাই খৰিকাৰে বা ইয়াৰ অংশবোৰ খুলি পৰিস্কাৰ কৰি লব লাগে।

  • স্প্রে' কৰাৰ থিক আগে পিছে কোনো খাদ্য খাব নালাগে ।
  • স্প্রে' কৰি থাকোতে তামোল ,চুৰট ,চাদা বা চাহ আদি খোৱাটো হানিকৰ ।
  • স্প্রে' কৰা হ'লে পথাৰত দৰৱৰ খালী টেমা বা অন্যান্য পেলনীয়া বস্তুবোৰ এৰি নথৈ পুতি পেলাব লাগে।

দৰৱৰ খালী টেমা অন্য বস্তু ৰাখিবৰ বাবে ব্যৱহাৰ কৰিব নালাগে । স্প্রে মেচিনটো পানীৰে পখালি নজ'লটো পৰিস্কাৰ পানীৰে ধুব লাগে । ব্যৱহাৰ কৰা কাপোৰ -কানি আৰু সা-সজুলিবোৰো ধুই পখালি ৰ'দত শুকুৱাই স্প্রেয়াৰৰ লগতে আচুতীয়াকৈ ৰাখিব লাগে । গা-পা ভালদৰে চাবোন আৰু কুহুমীয়া পানীৰে ধুই কিছু সময় বিশ্রাম লব লাগে আৰু তাৰ পিছতেহে খোৱা খাদ্য গ্রহণ কৰিব লাগে ।

কীটনাশক দ্রব্য প্রয়োগ কৰোতে আকস্মিকভাৱে বা দুর্ঘটনাবশত কোনো ব্যক্তি আক্রান্ত হলে ততাতৈয়াকৈ চিকিত্সা (First-Aid) দিয়া উচিত আৰু লগে লগে চিকিত্সকৰ কাষ চাপিব লাগে । তাত্ক্ষণিক চিকিত্সা সম্পর্কে তলত উল্লেখ কৰা হ'ল ।

ক) কীটনাশক দ্রব্য চকুত পৰিলে চকু খোলা অৱস্থাত ৰাখি পৰিস্কাৰ ঠাণ্ডা পানীৰে ভালকৈ ধুব লাগে আৰু চকু চিকিত্সকৰ পৰামর্শ লোৱা বাঞ্চনীয় ।

খ) কীটনাশক দ্রব্য শ্বাহ-প্রশ্বাসত শৰীৰৰ ভিতৰলৈ সোমালে পিন্ধা কাপোৰ আদি ঢিলা কৰি ৰোগীক মুকলি বতাহত উশাহ লবলৈ দিব লাগে । যদি উশাহ লোৱা বন্ধ হয় তেতিয়া কৃত্রিমভাৱে উশাহ লোৱাৰ ব্যৱস্থা কৰিব লাগে । ৰোগীৰ মাংসপেশী কোচ খালে ৰোগীক আন্ধাৰ কোঠাত ৰাখিব লাগে ।

গ) কীটনাশক দ্রব্য পেটলৈ গলে ৰোগীক বমি কৰাব লাগে । দৰকাৰ হ'লে মুখত আঙুলি ভৰাই বমি কৰাব আৰু সৰহকৈ কুহুমীয়া পানী খুৱাব । অচেতন অৱস্থাত ৰোগীক বমি কৰাবলৈ চেষ্টা নকৰিব আৰু তত্ক্ষণাত চিকিত্সকৰ পৰামর্শ লব ।

ঘ) কীটনাশক দ্রব্য প্রয়োগ কৰা বিভিন্ন শস্য ,ফল-মূল আৰু শাক-পাচলি আদি ভালদৰে ধুই বা ৰান্ধিহে খাব লাগে । কেইটামান উপায় অৱলম্বন কৰি কিছু পৰিমাণে হলেও এইবোৰ খাদ্য সামগ্রীৰ কীটনাশকৰ অৱশিষ্ট আতৰাব পৰা যায় ।

  • চাউল ,দাইল আদি সিজোৱাৰ ফলত এই ৰাসায়নিক দ্রব্যসমূহৰ বিষক্রিয়া কিছু কমে ।
  • ফল-মূলবোৰ ব্যৱহাৰৰ আগতে অকণমান খোৱা চ'ডাৰে সৈতে ভালকৈ ধুলে দৰৱৰ বিষক্রিয়া কমে ।
  • শাক-পাচলিবোৰ ধুই ৰন্ধাৰ আগতে অকণমান ভিনেগাৰ ছটিয়ালে বিষক্রিয়া কমে ।
  • বাকলি যুক্ত শাক-পাচলি বাকলি গুচাই খোৱা বা ৰন্ধা ভাল ।
  • ভাপত সিজালেও দৰৱৰ অৱশিষ্ট কমে ।
  • ফল-মূলবোৰ নিমখ মিহলি কুহুমীয়া পানীত ধুলে ভাল নাইবা নিমখ মিহলি পানীত চাৰি-পাচঁ মিনিট তিয়াই ৰাখি পিছত ভালকৈ ধুই লব লাগে ।

পৰাপক্ষত খেতিত দৰৱ ব্যৱহাৰৰ পৰা বিৰত থকাই ভাল । অন্য কৌশল অৱলম্বন কৰি শস্য ৰখাৰ ব্যৱস্থা কৰিব লাগে । দৰৱ দিয়াটো একান্ত আৱশ্যক হৈ পৰিলে সকলো দিশ চালি জাৰি চাইহে বিজ্ঞানসন্মত ভাৱে শস্যত দৰৱ ব্যৱহাৰ কৰা উচিত ।

আমাৰ খেতি পথাৰত শস্যৰ অনিষ্টকাৰী নানান ঘাঁহবন ,পোক - পৰুৱা ,বেমাৰ , কৃমি (নিমাট'ড) আদি হৈ খেতিৰ উত্পাদন হ্রাস কৰে । এইবিলাকক সাধাৰণতে কীট বা পেষ্ট বুলি কোৱা হয় । খেতিৰ পথাৰত এই অপকাৰী কীটবোৰ দমন কৰি ৰাখিবলৈ যি বিলাক ৰাসায়নিক উপাদান বা ঔষধ ব্যৱহাৰ কৰা হয় সেইবিলাকক কীটনাশক বা কীটনাশক ঔষধ বোলে ।

এই কীট নাশক ঔষধ বিলাক সাধাৰণতে মানুহ ,গৰু ,পশু-পক্ষী ,মাছ আদিৰ বাবেও অনিষ্টকাৰী বিষাক্ত দ্রব্য । এই বিষাক্ত ঔষধ বিলাক আমাৰ গাৰ চালত লাগিলে ,মুখত সোমালে , চকুত লাগিলে বা ঔষধৰ ভাপ নাকত সোমালে অকল অপকাৰ কৰাই নহয় মৃত্যু পর্য্যন্তও ঘটিব পাৰে ।

বেলেগ বেলেগ ঔষধৰ বিষাক্ত শক্তি (গৰলতা ) বেলেগ বেলেগ হয় । এই গৰলতাৰ পৰিমাণ কিমান সেইটো ঔষধৰ বটল বা টিনত চিহ্নৰ আকাৰেৰে দিয়া থাকে । প্রতিটো ঔষধৰ টিন বা বটলত লগোৱা ফলক খনত ৰঙা ,হালধীয়া ,নীলা আৰু সেউজীয়া এই চাৰিটা চিহ্নৰ ভিতৰত যিকোনো এটা চিহ্ন দেখিবলৈ পোৱা যায় ।

এই চিহ্ন বিলাক তলত লিখা ধৰণেৰে ঔষধটোৰ গৰলতাৰ ইংগিত দিয়ে ।

ৰঙা = ভয়ানক ধৰণে বিষাক্ত

হালধীয়া = বেছি বিষাক্ত

নীলা = অলপ বিষাক্ত

সেউজীয়া = কম বিষাক্ত

ভয়ানক ধৰণেৰে বিষাক্ত বা বেছি বিষাক্ত ঔষধ বিলাক পৰা পক্ষত ব্যৱহাৰ নকৰাকৈ ভাল । অগত্যা কেতিয়াবা কৰিবলগীয়া হলেও বিশেষজ্ঞ তত্বাৱধানত অর্থাত্ "গ্রামসেৱক " বা "এক্সটেনচন অফিচাৰৰ " তত্বাৱধানত হে ব্যৱহাৰ কৰিব লাগে ।

যিহেতু সকলো বিলাক ঔষধেই কম বেছি পৰিমাণে বিষাক্ত দ্রব্য , এই ঔষধ বিলাক ব্যৰহাৰ কৰোতে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে ।

ঔষধ ব্যৱহাৰ কৰোতে লবলগীয়া সাৱধানতাৰ বিষয়ে এই হস্তপুথিত বিষদ আলোচনা কৰা হ'ল ।

এইখিনিতে এটা কথা উনুকিয়াই থোৱা ভাল হব যে অতি কম বিষাক্ত ঔষধো আমাৰ গাৰ যিকোনো অংশত চালত বেছি দেৰী লাগি থাকিলে কম বিষাক্ত ঔষধেও ভয়ানক ৰুপ লব পাৰে ।

ঔষধ ব্যৱহাৰ কৰোতে লবলগীয়া সাৱধানতা

(ক)ঔষধ নির্বাচন আৰু আহৰণ

১) খেতিত কেনে ধৰণৰ পোক , বেমাৰ বা ঘাহবন হৈছে সেইটো প্রথমে ঠিৰাং কৰি গ্রামসেৱক বা কৃষি বিশেষজ্ঞ সকলক সুধিহে ঔষধ নির্ব্বাচন কৰিব ।

২) অনুমোদিত ঔষধৰ বাহিৰে অন্য ঔষধ কেতিয়াও ব্যৱহাৰ নকৰিব ।

৩) বহুত সময়ত দেখা যায় যে হাট বা বজাৰত ঔষধ বেছা দোকানীক শুধি কিছুমান খেতিয়কে ঔষধ কিনি আনে । এনেধৰণেৰে ঔষধ ব্যৱহাৰ কৰাটো মাৰাত্মক বিপদজনক ।

(খ) ব্যৱহাৰৰ আগতে কি কৰিব

১) ঔষধৰ টিন বা বটলৰ ওপৰত লিখা ফলক খন পঢ়ি চাব ।

২) কিমান ঔষধত কিমান পানী মিহলাব লাগে ঠিকমতে ঠিৰাং কৰি লব ।

৩) ঔষধ প্রয়োগ কৰা যন্ত্রটোৱে ঠিকমতে কাম কৰেণে নকৰে চাই লব । যন্ত্রটোত লিক আদি থাকিলে লিকবিলাক মাৰি লব লাগে ।

৪) ঔষধ স্প্রে কৰা মানুহজনৰ গাৰ সকলো অংগ ,মুখ ,মূৰ আদি ঢাক খোৱাকৈ চাফা কাপোৰ ভৰিত জোতা আদি যতনাই লব ।

৫) ঔষধ ব্যৱহাৰ কৰোতে কেনেবাকৈ কাপোৰত ঔষধ পৰিলে তত্ক্ষণাত্সলাবলৈ দ্বিতীয় সাজ এটাও মজুত কৰি লব ।

৬) ঔষধ প্রয়োগ কৰা ঠাইত পর্য্যাপ্ত পৰিমাণৰ পানী, চাবোন ,গামোচা আদি যোগাৰ কৰি থব লাগে ।

৭) ঔষধ প্রয়োগ কৰা পথাৰৰ ওচৰত মৌ বাহঁ ,হাহঁ-কুকুৰা , গৰু-গাহৰী আদি থাকিলে সেই বিলাক গৃহস্থ সকলক সাৱধান কৰি দিব লাগে যাতে ঔষধ ব্যৱহাৰ কৰা পথাৰখনৰ পৰা জীৱ-জন্ত্ত , মৌবাঁহ আদি আতঁৰাই ৰাখে ।

৮) ঔষধ ব্যৱহাৰ কৰাৰ আগতে পকা বা পকিবলৈ ধৰা ফলমূল ,চিঙিব পৰা শাক -পাচলি আদি চিঙি লব লাগে । ঔষধ ব্যৱহাৰ কৰাৰ পৰা৭-১০ পিচলকৈ ফলমূল , শাক-পাচলি চিঙিব নেলাগে ।

(গ) ঔষধ চটিওৱাৰ ব্যৱস্থাপনা

১) ঔষধ ব্যৱহাৰ কৰোতে সদায় লগত এজন হুচিয়াৰ সংগীৰ সহায় লব ।

২) লৰা - ছোৱালী বেহুচিয়াৰ মানুহক ঔষধ প্রয়োগ কৰা ঠাইলৈ আহিবলৈ নিদিব ।

৩) ঔষধ চতিয়াবলৈ যাওঁতে ঔষধ থকা বটল ,টিন আদি হুচিয়াৰ সংগীজনৰ তত্বাৱধানত থৈ যাব ।

৪) ঔষধ চতিওয়াৰ আগতে গোটেই গা ঢাকি কাপোৰ জোতা আদি পৰিধান কৰি লব । কেনেবাকৈ কাপোৰ বা গাৰ অংগত ঔষধ বা পানী পৰিলে তত্ক্ষণাত কাপোৰ সলাই লব বা গাৰ অংগ চাবোন পানী দি ধুই লব ।

৫) ঔষধ চটিয়াই থাকোতে চকু ,মুখ আদি হাতেৰে নোমোহাৰিব । ঔষধ ভাগ যাতে নাকত নোসোমাই তাৰ বাবে সাৱধান হব ।

৬) ঔষধ দি থাকোতে কেতিয়াও চাহ , পানী ,চিগাৰেট, বিড়ি, তামোল পান আদি খাব নেলাগে ।

৭) খোৱা বস্তু ,পানী ,চাহ ,চৰবত্ আদি ঔষধ দি থকা ঠাইত নেৰাখিব। আনকি খোৱা বা ৰন্ধা বাচন -বর্তন, হেতা,চামোচ,পানীৰ বাল্টি আদি ঔষধৰ সংস্পর্শলৈ যাতে মাহে তাৰ বাবে সাৱধান হব লাগে।

৮) বতাহ বলি থকাৰ সময়ত ঔষধ চটিয়াব নেলাগে । মৃদু বতাহ থাকিলে বতাহ যিফালে বয় সেইফালে মূৰ কৰি ঔষধ চটিয়াব ।

৯) ঔষধ চটিয়াওতে সদায় অভিজ্ঞ বা জনা মানুহৰ সহায় লব লাগে ।

১০) একোজন মানুহে ৩/৪ ঘন্টাতকৈ অধিক সময় ঔষধ চটিয়াব নেলাগে ।

১১) গৰম দিনত ৰাতিপুৱা বা আবেলি ঔষধ চটিয়াব লাগে । ঠাণ্ডা দিনত অৱশ্যে দিনৰ ভাগতে চটিয়াব পাৰি ।

১২) ফুৰাড'নৰ লেখিয়া গ্রেনুল ব্যৱহাৰ কৰোতে সদায় হাত মোজা পিন্ধি লব লাগে ।

১৩)ঔষধ চটিওৱা যন্ত্রটোৰ কিবা কাৰণত নজল আদি জাম হৈ বন্ধ হ'লে মুখেৰে ফুৱাই জাম খুলিবলৈ চেষ্টা নকৰিব । এনে ধৰণৰ জাম খুলিবলৈ বেজি বা তাঁৰ ব্যৱহাৰ কৰিব ।

(ঘ) ঔষধ চটিওৱাৰ পিচৰ ব্যৱস্থাপনা

১) ঔষধ চটিওৱাৰ পিচত অতিৰিক্ত ঔষধৰ পানী ,ঔষধ চটিওৱা যন্ত্র বা ঔষধ মিহলোৱা পাত্রত থাকিলে সেইখিনি মুকলি ঠাইত পেলাই কাপোৰ ধোৱা চ'ডা পানীৰে (২ গ্রাম চ'ডা ১ লিটাৰ পানী ) ঔষধৰ যন্ত্র পাইপ ,নজল আদি ভালকৈ ধুইহে যন্ত্রটো ঘৰলৈ নিব ।

২) কোনো কাৰণত যন্ত্রটো পুখুৰী নৈ আদিত জুবুৰিয়াই নুধুৱ ।

৩)ঔষধ চটিওৱাৰ পিচত অৱশিষ্ট ঔষধ থাকিলে ঔষধৰ টিন বা বটলৰ মুখখন ভালকৈ বন্ধ কৰি লৰা- ছোৱালীয়ে নোপোৱা ঠাইত থব । ত'লা মাৰি আলমাৰী বাকচত বা গুদামঘৰত থব পাৰিলে বেছি নিৰাপদ হব পাৰি ।

৪) খালি ঔষধৰ টিন বটল আদি দ'কৈ গাত খান্দি পুতি পেলাব লাগে । ঔষধৰ গেলন ,বটল , টিন আদি ধুই খোৱাপানী অনা তেল অনা আদি কামত কেতিয়াও ব্যৱহাৰ নকৰিব ।

৫) ঔষধ চটিয়াওতে পিন্ধা কাপোৰ ,জোতা ,বেল্ট আদি চাবোন দি ভালকৈ ধুইলৈহে পুনৰ ব্যৱহাৰ কৰিব ।

৬) ঔষধ চটিওৱাৰ পিচত গা ভালকৈ চাবোনেৰে ধুব ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate