অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শস্যৰ বিভিন্ন ৰোগ আৰু কীট-পতংগৰ জৈৱিক নিয়ন্ত্রণ

বর্তমান গোটেই বিশ্বতে কৃষি খণ্ডত কীটনাশক দৰৱ যধে-মধে প্রয়োগ কৰাৰ ফলত উদ্ভৱ হ'ব পৰা সমস্যাবোৰ যেনে - কীটনাশক দৰৱৰ প্রতি পতংগৰ প্রতিৰোধ ক্ষমতাৰ সৃষ্টি,অৱশিষ্টৰ ক্ষতিকাৰক দিশবোৰ তথা পৰিৱেশ প্রদূষণৰ বিষয়ে বিশদভাবে আলোচনা হৈছে। সেয়েহে বর্তমানৰ অব্যাহত কৃষি - প্রণালীত (Sustainable Agriculture) কৃষি খণ্ডত ৰাসায়নিক কীটনিৱাৰক প্রয়োগতকৈ জৈৱিক নিয়ন্ত্রণ ব্যৱস্থাৰ প্রতিহে বিশেষ গুৰুত্ব প্রদান কৰা হৈছে । তলত ইয়াৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হ'ল ।

জৈৱিক নিয়ন্ত্রণনো কি ?

উদ্ভিদৰ বিভিন্ন অনিষ্টকাৰী কাৰকবোৰ ( যেনে -ভেকুঁৰ ,বেকটেৰিয়া , ভাইৰাছ , কীট-পতংগ আৰু অপতৃণ ইত্যাদি) জৈৱিক জীৱাণু বা উপকাৰী কীট-পতংগৰ সহায়ত সম্পূর্ণ বা আংশিকভাৱে ধবংস কৰি শস্যৰপৰা আশানুৰুপ ফচল পোৱাত সহায় কৰাকে জৈৱিক নিয়ন্ত্রণ বোলে ।

মূখ্য সুবিধাসমূহ

  • ৰাসায়নিক নিয়ন্ত্রণৰ তুলনাত ই কম খৰচী ,দীর্ঘম্যাদি ও স্থায়ী ।
  • ই পৰিৱেশ প্রদূষণ নকৰে ।
  • ইয়াৰ কোনো ধৰণৰ পার্শ্বক্রিয়া নাই।
  • ই উদ্ভিদৰ অনিষ্টকাৰী কাৰকবোৰৰ প্রতিৰোধ ক্ষমতা কমায়।
  • শস্যক্ষেত্রত প্রয়োগ কৰাৰ পিছত ইহঁতৰ স্ব-বংশবৃদ্ধিৰ ক্ষমতা থাকে।
  • জৈৱিক নিৰন্ত্রণৰ কাৰকবোৰৰ বিৰুদ্ধে অনিষ্টকাৰী কীট-পতংগই প্রতিৰোধ ক্ষমতাৰ সৃষ্টি কৰিব নোৱাৰে। .
  • শস্যৰ বেমাৰ আৰু কীট-পতংগ নিৰাময়ৰ আন ব্যৱস্থাসমূহৰ লগত ইহঁতক একেলগে প্রয়োগ কৰিব পাৰি।
  • শস্যৰ বৃদ্ধি আৰু ফঁচল উত্পাদনত জৈৱিক নিযন্ত্রণৰ কাৰকসমূহে উল্লেখনীয় ভূমিকা পালন কৰে।

এতিয়া শস্যৰ বেমাৰ তথা কীট-পতংগৰ জৈৱিক নিয়ন্ত্রণৰ পদ্ধতিৰ বিষয়ে তলত সুকীয়াকৈ আলোচনা কৰা হ'ল।

(ক) শস্যৰ বেমাৰৰ জৈৱিক নিয়ন্ত্রণ

বহুকেইবিধ উপকাৰী ভেকুঁৰ আৰু বেকটেৰিয়া শস্যৰ বেমাৰৰ জৈৱিক নিয়ন্ত্রণৰ উপাদান হিচাবে চিনাক্ত কৰা হৈছে । ভেকুঁৰৰ ভিতৰত ট্রাইক'ডাৰমা (বজাৰত ট্রাইক'ডাৰমিন ,ভিৰিডিন ,ভিৰিকন -এল আৰু ইক'ফিট নামেৰে কিনিবলৈ পোৱা যায়) , গ্রিয়ক্লেডিয়াম , এচপাৰজিলাছ ,আইছেৰিয়া ইত্যাদি প্রয়োগ কৰা হয় । বেকটেৰিয়াৰ ভিতৰত বেচিলাচ (বিনাব-টি আৰু কোৱান্টাম ৪০০০) আৰু চিউঅ'উমনাছ ব্যৱহাৰ কৰিব পাৰি ।

তলত উপৰোক্ত ভেকুঁৰ আৰু বেক্টেৰিয়াৰ সহায়ত নিৰাময় কৰিবপৰা কেইবিধমান বেমাৰৰ নাম উল্লেখ কৰা হ'ল:

১) ধানৰ জয়ঁ পৰা বা ছিথ ব্লাইট বেমাৰ ।

২) বিভিন্ন শাক-পাচলিৰ পুলিৰ গুৰি পচাঁ বা ডেম্পিং অফ বেমাৰ

৩) বিলাহী ,বেঙেনা , জলকীয়া আৰু ফেন্সবিন আদিৰ সিক্ত পচন বেমাৰ ।

৪) বিলাহী আৰু বেঙেনাৰ লেৰেলি যোৱা বেমাৰ ।

৫) পাণৰ গুৰি পচাঁ বেমাৰ ।

৬) চাহৰ পৰিয়া বা ঠাল - ঠেঙুলিৰ কর্কটজনিত বেমাৰ আৰু ৭) তামোলৰ মহালি বা কলেৰোগা বেমাৰ ।

প্রয়োগ কেনেকৈ কৰিব ?

(১) বীজ শোধন : শস্যৰ বীজ সিচাঁৰ আগতে চাৰি গ্রাম জৈৱিক ঔষধ এক কেজি বীজৰ সৈতে মিহলাব লাগে । জৈৱিক ঔষধৰ দ্বাৰা বীজ শোধন কৰিলে শস্যৰ বীজত থকা আৰু মাটিত থকা জীৱাণুৰ দ্বাৰা হ'ব পৰা বেমাৰৰ পৰা শস্যৰ পুলিবোৰক ৰক্ষা কৰিব পাৰি।

(২) মাটিত ইয়াৰ প্রয়োগ : শস্যৰ বীজ সিঁচাৰ আগতে বা মাটি তৈয়াৰ কৰাৰ সময়ত এশৰপৰা দেৰশগ্রাম জৈৱিক ঔষধ সমানে বিশৰ পৰা চল্লিশ কেজি পচন সাৰৰ লগত মিহলাই এক বিঘা মাটিত চটিয়াব লাগে ।

(৩) জৈৱিক ঔষধৰ স্প্রে : ৰাসায়নিক ঔষধ স্প্রে কৰাৰ দৰেই জৈৱিক ঔষধবোৰো বিভিন্ন স্প্রেয়াৰৰ সহায়ত স্প্রে কৰিব পাৰি । ইয়াৰ বাবে পাচৰ পৰা দহ গ্রাম জৈৱিক ঔষধ এক লিটাৰ পানীত মিহলাই গছৰ পাত আৰু গা-গছত ভালদৰে স্প্রে কৰিব লাগে । প্রয়োজনবোধ কৰিলে এপষেকৰ অন্তৰে অন্তৰে স্প্রে কৰিব পাৰি ।

(খ)শস্যৰ অনিষ্টকাৰী কীট-পতংগৰ জৈৱিক নিয়ন্ত্রণ

প্রায় সকলো ধৰণৰ পতংগৰে প্রাকৃতিক শক্র (Natural enemies) আছে । তাৰে কিছুমান পৰজীৱি (Parasitoid)আৰু কিছুমান পৰভোজী (Predator)। পৰজীৱি প্রাণীয়ে পতংগৰ দেহত আশ্রয় লৈ সিহতৰ দৈহিক অনিষ্ট সাধন কৰি মৃত্যু ঘটায় আৰু পৰভোজী প্রাণীয়ে অনিষ্টকাৰী কীট-পতংগক আক্রমণ কৰি ভক্ষণ কৰে । ইয়াৰ উপৰিও কিছুমান ৰোগ সৃষ্টিকাৰী বীজানু যেনে - বেকটেৰিয়া ,ভেঁকুৰ আৰু ভাইৰাছেও শস্যৰ অনিষ্টকাৰী কীট -পতংগৰ দেহত সংক্রামক ব্যাধিৰ সৃষ্টি কৰি মৃত্যু ঘটায় । তলত ধান খেতিৰ দুবিধ প্রধান অনিষ্টকাৰী পতংগ হালধীৰা মঁজা খোৱাপোক(Yellow stem borer) আৰু ধানৰ পাতে মেৰিওৱা পোক (Leaf folder)ৰ ট্রাইক'গ্রামাৰ দ্বাৰা জৈৱিক নিয়ন্ত্রণৰ বিষয়ে উল্লেখ কৰা হ'ল ।

ট্রাইক'গ্রামা কি ?

ট্রাইক'গ্রামা হ'ল 'হাইমেন' পটেৰা' বর্গৰ এবিধ সূক্ষ্ম পৰজীৱি পতংগ (দীঘে প্রায় ০.৪০ - ০.৭০ মি: মি:) । ইহতেঁ প্রায় ২০০ বিধ বিভিন্ন প্রজাতিৰ অনিষ্টকাৰী পতংগৰ কণীৰ ভিতৰত নিজৰ বংশবৃদ্ধি কৰে । বর্তমান ভাৰতৰ বিভিন্ন প্রান্তত ১২ বিধ বিভিন্ন প্রজাতিৰ ট্রাইক'গ্রামা বিভিন্ন অনিষ্টকাৰী পতংগৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে । হালধীয়া মজা খোৱা পোক আৰু পাতে মেৰিওৱা পোকৰ বিৰুদ্ধে ট্রাইক'গ্রামা ব্যৱহাৰ কৰি উল্লেখনীয় সুফল পোৱা গৈছে । ট্রাইক'গ্রামা ধাননি পথাৰত এৰি দিলে ইহঁতে উপৰোক্ত পোক দুবিধৰ কণীত নিজৰ কণী পাৰি বংশ বৃদ্ধি কৰে ।

প্রয়োগ কেনেকৈ কৰিব ?

১) ৫০,০০০ পূর্ণাগ 'ট্রাইক'গ্রামা জাপ'নিকাম' প্রতি হেক্টৰত ধান ৰোৱাৰ পিছত প্রতি সপ্তাহত ৩-৪ বাৰকৈ ধাননি পথাৰত মেলি দিলে ধানৰ মজা খোৱা পোকৰপৰা ৰক্ষা পাব পাৰি ।

২) 'ট্রাইক'গ্রামা কাইল'নিছ' উপৰি উক্ত ধৰণে ধানৰ পাতে মেৰিওৱা পোকৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব লাগে । কেতিয়াবা বৰ বেছিকৈ এই দুবিধ পতংগৰ আক্রমণ হ'লে ট্রাইক'গ্রামা ৬-৭ বাৰলৈকে এৰি দিব পাৰি ।

প্রযোগ কৰোঁতে ল'বলগীয়া সাৱধানতা :

১) সূর্যৰ পোনপটীয়া ৰশ্মিৰ প্রকোপৰপৰা ৰক্ষা পাবলৈ ট্রাইক'গ্রামাৰ লেটাবোৰ (কাগজত আঠা লগোৱা থাকে) পাতৰ তলফালে আঠা লগাই দিব লাগে ।

২) ট্রাইক'কার্ডবোৰ যিমানদূৰ সম্ভৱ সুষমভাৱে পথাৰত বিতৰণ কৰাত গুৰুত্ব দিব লাগে ।

৩) সাধাৰণতে ৰাতিপুৱা বা গধুলি সময়ত পূর্ণাংগ ট্রাইক'গ্রামাবোৰ এৰি দিলেহে বেছি সুফল পোৱা যায় ।

৪) কেতিয়াবা এই বোৰ এৰি দিয়াৰ পিছত বৰষুণ আহিলে পিছত বতৰ ভাল হ'লে আকৌ এবাৰ এৰি দিব লাগে ।

৫) ট্রাইক'গ্রামা এৰি দিয়া পথাৰত পৰাপক্ষত কীটনাশক দ্রৱ্য ব্যৱহাৰ কৰিব নালাগে । কেতিয়াবা ব্যৱহাৰ কৰিব লগা হ'লেও কম শক্তিসম্পন্ন আৰু নিৰাপদ কীটনাশক দ্রব্যহে ট্রাইক'গ্রামা এৰি দিয়াৰ ১৫ দিন আগত বা পিছত 'স্প্রে' কৰিব লাগে ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate