অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এপ্ৰিল মাহৰ কৃষি দিহা

এপ্ৰিল মাহৰ কৃষি দিহা

  • সিঁচা পদ্ধতিত কৰা নিয়মীয়া আহু ধানৰ খেতিৰ বাবে গোবিন্দ, আই.আৰ.- ৫০, আই.আৰ.- ৩৬, ৰাচি, ৰঙাদৰিয়া, বাংলামী আদি জাতৰ বীজ সিঁচক। তেনেদৰে ৰোৱা পদ্ধতিত কৰা আহু ধানৰ আন কেইটামান সঁচ হ’ল লাচিত, চিলাৰায়, লুইত, গোপীনাথ আদি।
  • সঁচা আৰু ৰোৱা পদ্ধতিত কৰা নিয়মীয়া আহুৰ বাবে বিঘাই প্ৰতি ১৫ কুইণ্টল পচনসাৰ, ১২ কিলোগ্ৰাম ইউৰিয়া, ১৭ কিলোগ্ৰাম একক চুপাৰ ফচফেট আৰু ৪ কিলোগ্ৰামকৈ মিউৰিয়েট অৱ পটাচ সাৰ প্ৰয়োগ কৰক। মাটি ডৰা শেষৰ বাৰ হাল বোৱাৰ সময়ত একক চুপাৰ ফচফেট সাৰ খিনি পূৰ্ণ মাত্ৰাত আৰু ইউৰিয়া আৰু পটাছ সাৰ খিনিৰ আধা ভাগকৈ বীজৰ অংকুৰণ ঘটাৰ ১৫-২৫ দিনৰ ভিতৰত প্ৰয়োগ কৰক। বাকী আধা ভাগ ইউৰিয়া আৰু পটাছ সাৰ খিনি বীজৰ অংকুৰণৰ ৪০-৫০ দিন পাছত প্ৰয়োগ কৰিব লাগে।
  • ৰোৱা পদ্ধতিত কৰা নিয়মীয়া আহুৰ ক্ষেত্ৰত প্ৰতি খন বীজ তলিত ২০-৩০ কিলোগ্ৰাম শুকান গোবৰ বা পচনসাৰ, ৮০ গ্ৰাম ইউৰিয়া, ৮০ গ্ৰাম একক চুপাৰ ফচফেট আৰু ৪০ গ্ৰাম পটাছ সাৰ প্ৰয়োগ কৰক। প্ৰতি খন বীজতলিত ৬৫০ গ্ৰামৰ পৰা ১ কিলোগ্ৰামকৈ বীজ সিঁচক।
  • এপ্ৰিল মাহৰ শেষলৈকে মৰাপাটৰো বীজ সিঁচিব পাৰি। সবোজসোনা, সোণালী, ৰেচমা, শ্যামলী আদি তিতা মৰাপাটৰ আৰু নবীন, বসুদেৱ, বৈশাখটিচ্ছা, বহাগী আদি মৰাপাটৰ অনুমোদিত জাত। শাৰীবদ্ধ পদ্ধতিত কৰা খেতিৰ বাবে তিতা মৰাপাটৰ বীজ প্ৰতি বিঘাত ৮০০-৯০০ গ্ৰাম আৰু মিঠা মৰাপাট ৬৬০-৮০০ গ্ৰামকৈ সিঁচক। সিঁচা পদ্ধতিত কৰা খেতিৰ বাবে তিতা মৰাপাটৰ বীজ ১৩০০-১৫০০ গ্ৰাম আৰু মিঠা মৰাপাট ৮০০-৯০০ গ্ৰামৰ প্ৰয়োজন। মাৰ্চ মাহত সিঁচা তিতা মৰাপাটৰ খেতিডৰাত প্ৰতি বিঘাত ৪ কিলোগ্ৰাম হাৰত ইউৰিয়া সাৰ টপড্ৰেছ কৰি পাতলীয়াকৈ জলসিঞ্চন কৰক।
  • বৰো খেতিডৰাত শস্য ৰক্ষাৰ ব্যৱস্থা লওক।
  • আগতীয়া সিঁচা আহুৰ খেতিডৰাত বিঘাই প্ৰতি ৬ কিলোগ্ৰাম ইউৰিয়া, ২ কিলোগ্ৰাম পটাছ সাৰ দ্বিতীয়বাৰ নিৰণি কৰাৰ সময়ত টপড্ৰেচ হিচাপে প্ৰয়োগ কৰক।
  • কুঁহিয়াৰ খেতিডৰাত বনবাত নিৰাই দি গুৰিত মাটি চপাই দিয়ক।
  • নাৰিকল আৰু তামোল গছত সাৰ প্ৰয়োগ কৰাৰ ব্যৱস্থা লওক।
  • ১ মিটাৰ দৈৰ্ঘ্য, ১ মিটাৰ প্ৰস্থ আৰু ১ মিটাৰ গভীৰতাৰ গাঁতত ৫-৬ টা পাতযুক্ত নাৰিকলৰ সুস্থ-সবল পুলি ৰোৱাৰ ব্যৱস্থা কৰক।
  • গ্ৰীষ্ম কালীন শাক-পাচলিৰ খেতিডৰাত প্ৰয়োজন অনুসৰি জলসিঞ্চন আৰু শস্য ৰক্ষাৰ ব্যৱস্থা লওক।
  • গ্ৰীষ্ম কালীন মগু আৰু মাটিমাহৰ খেতি ডৰাত পাতত দাগ পৰা বেমাৰ নিয়ন্ত্ৰণ কৰিবলৈ কাৰ্বেনডাজিম নামৰ দৰৱ আৰু মোৱাপোক আদি নিয়ন্ত্ৰণ কৰিবলৈ মালাথিয়ন ৫০ ইচি নামৰ দৰৱ অনুমোদিত হাৰত প্ৰয়োগ কাৰক।

উৎস: কৃষি দাপোণ

শেহতীয়া উন্নীতকৰণ: : 3/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate