অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষক ৰাইজৰ জ্ঞাতাৰ্থে

সাম্প্রতিক খৰাং সদৃশ অৱস্থাৰ পৰিপ্রেক্ষিতত কৃষক ৰাইজে শালি খেতিত লবলগীয়া কেতবোৰ জৰুৰী ব্যৱস্থা ৰাজ্যখনত দেখা দিয়া সাম্প্রতিক খৰাং সদৃশ অৱস্থাই অসমৰ বিভিন্ন জিলাৰ প্রায় ২ লাখ হেক্টৰ কৃষিভূমিত এক প্রতিকুল অৱস্থাৰ সৃষ্টি কৰিছে। এই অভাৱনীয় পৰিস্থিতিৰ সাহসেৰে মুখামুখি হৈ আমাৰ কৃষক ৰাইজে শালিখেতিটাে কৰিব পৰাত সহায়ক হোৱাকৈ কৃষি বিভাগে কিছুমান সুবিধা আগবঢ়াইছে। এই সুবিধাসমূহ লাভ কৰিবলৈ সংশ্লিষ্ট জিলাৰ উপায়ুক্ত, জিলা কৃষি বিষয়া আৰু কাৰ্যবাহী কৃষি অভিযন্তাৰ সৈতে যোগাযোগ কৰিবলৈ কৃষক ৰাহজক অনুৰোধ জনোৱা হৈছে।

সাম্প্রতিক পৰিস্থিতিত কৃষক ৰাইজে ল’ব পৰা কেতবোৰ ব্যৱস্থা

  • বিভাগীয় বিভিন্ন আঁচনিৰ জৰিয়তে পথাৰত স্থাপন কৰা অগভীৰ নলী-নাদ আৰু নিম্ন উত্তোলক পাম্পসমূহ সংহতভাৱে ব্যৱহাৰ কৰক। এই অগভীৰ নলী-নাদ আৰু নিম্ন উত্তোলক পাম্পসমূহ ব্যৱহাৰ কৰিবলৈ প্রয়োজন হোৱা ডিজেল আদিৰ বাবে সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তৰ জৰিয়তে চৰকাৰী সুবিধা আগবঢ়োৱা হৈছে।
  • আপোনালোকৰ অগভীৰ নলী-নাদটােৱে নিজৰ লগতে যাতে আপোনাৰ ওচৰৰ কৃষকজনকে সহায় কৰে তাৰ প্রতিও সজাগ হওঁক।
  • ওচৰৰ নিজৰা, খাল, দোং আদিত বান্ধ দি পথাৰত পানী যোগানৰ ব্যৱস্থা কৰক। ইয়াৰ বাবে বিভাগীয় আঁচনিৰ অধীনত লাভ কৰা নিম্ন উত্তোলক পাম্পসমূহ সার্থকভাৱে ব্যৱহাৰ কৰক। অপচয় ৰোধ কৰিবলৈ যতদূৰ সম্ভৱ পলিথিন কাপোৰৰ ওপৰেৰে পানী বোৱাই নিয়ক।
  • পথাৰত পানী ধৰি ৰাখিবলৈ আলিবোৰ ঘন-ঘনকৈ দিয়ক আৰু ভঙা আলিবোৰ মেৰামতি কৰি পানী ওলাই যোৱাটো বন্ধ কৰক
  • লুইত, কপিলী ধানৰ ২০-৩০ দিনীয়া কঠীয়া ২০ ছেপ্তেম্বৰৰ ভিতৰত শাৰী আৰু গোছাৰ মাজত ৪ ইঞ্চি ব্যৱধানত ৰোৱাৰ ব্যৱস্থা কৰক। বিঘাই প্রতি ১২ কেজি ইউৰিয়া, ১৭ কেজি একক চুপাৰ ফছফেট আৰু ৪ কেজি মিউৰিয়েট অৱ পটাছ ব্যৱহাৰ কৰক। ইয়াৰ পৰিৱর্তে ৬ কেজি ডি.এ.পি., ১০ কেজি ইউৰিয়া আৰু ৪ কেজি পটাছ সাৰো ব্যৱহাৰ কৰিব পাৰি। শেষৰ বাৰ হাল বোৱাৰ আগে আগে পটাছ সাৰ পথাৰত প্রয়োগ কৰক।
  • বিঘাই প্রতি ৮ কেজিকৈ লুইত আৰু কপিলী ধানৰ গজালি ওলোৱা বীজ বোকা কৰা পথাৰত ছেপ্তেম্বৰ মাহৰ প্রথম সপ্তাহত ছটিওৱাৰ ব্যৱস্থা কৰক।
  • অধিক বয়স হোৱা কঠীয়া গোছাত বেছিকৈ আৰু ঘন-ঘনকৈ ৰোৱাৰ ব্যৱস্থা কৰক।
  • জীৱাণুসাৰৰ দ্বাৰা কঠীয়াৰ শিপা শোধনৰ ব্যৱস্থা কৰক। • পথাৰৰ পানী শোষণৰ ক্ষেত্ৰত বন-বাত আৰু ধানগছৰ মাজত প্রতিযোগিতাৰ সষ্টি হয়। সেয়েহে বনবাতসমূহ নিৰাই মাটিত জীপ ৰাখিবলৈ ধানগছৰ গুৰিত চপাই দিয়ক।
  • প্রয়োজন অনুসৰি শস্যৰক্ষাৰ ব্যৱস্থা গ্রহণ কৰক।
  • ইতিমধ্যে ৰোৱা শালি খেতিডৰাত বিঘাই প্রতি ৫ কেজি ইউৰিয়া আৰু ৩ কেজি পটাছ সাৰ টপড়েছ হিচাপে ব্যৱহাৰ কৰক।

উৎস: কৃষি বিভাগ, অসম।

শেহতীয়া উন্নীতকৰণ: : 1/20/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate