নলবাৰী জিলাৰ টিহু ৰেল ষ্টেচনৰ পৰা দক্ষিণ দিশে প্ৰায় পাঁচ কিলোমিটাৰ দূৰত্বত কেইঘৰমান বড়ো পৰিয়ালেৰে গঠিত ‘ঘোপা’ নামেৰে এটি সৰু চুবৰি আছে। জলখানা-ভঠুৱাখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত এই ঘোপা চুবুৰিলৈ প্ৰতি বছৰে কেইমাহমানৰ কাৰণে মণিপুৰৰ্ পৰা এটি ক্ষুদ্ৰ ব্যৱসায়ীৰ দল আহে।গাঁওৰ ওচৰতে পথাৰৰ্ মাজত অস্থায়িকৈ সাজি লোৱা এটি ঘৰত তেওঁলোকে বাস কৰাৰ লগতে তাৰ পৰাই ব্যৱসায়িক কাম-কাজো পৰিচালনা কৰে।স্কুলীয়া অৱস্থাত আমি এই লোকসকলে বাস কৰা ঘৰটোৰ ওচৰেদি গৰু চৰাবলৈ বা হাল বাবলৈ যাওঁতে প্ৰায়েই নাকত সোপা দি গৈছিলোঁ, কিয়নো সেই ঠাইখিনিত প্ৰায়েই দুৰ্গন্ধ বিয়পি পৰিছিল।হয়টো দুৰ্গন্ধটোৰ কাৰণেই নেকি, আমি তেওঁলোকৰ বিষয়ে বিশেষ আকৰ্ষণ অনুভৱ কৰা নাছিলোঁ। সেই কাৰণে তেঁওলোকৰ বিষয়ে জানিবলৈও চেষ্টা কৰা নাছিলোঁ। সাধৰণভাৱে এটা কথাই আমি জনিছিলোঁ যে মণিপুৰী মানুহে তাত মাছ শুকুৱাইছে। কিন্তু আজি ৩০ বছৰতকৈও অধিককাল সেই ঘৰটোৰ পৰাই একেই ৰুপত কাম-কাজ পৰিচালিত হৈ থকা দেখি থকাত ত্তেওঁলোকৰ বিষয়ে কিছু কথা জানিবলৈ বুলি কিছুদিনৰ আগেয়ে আমি নিজেই চৌহদটোত প্ৰৱেশ কৰাৰ লগতে তাত লগ পোৱা কৰ্মীসকলৰ সৈতে কিছু কথা পাতিলোঁ, আলোকচিত্ৰ গ্ৰহন কৰিলোঁ। অৱশ্যে ব্যৱসায়টোৰ মূল গৰাকী গৰাকীৰ অনুপস্থিতিৰ বাবে আমি তাত লগ পোৱা ব্যৱসায়িক অংশীদাৰী পৰিচালক(কৰ্মচাৰী আৰু স্থানীয় লোকৰ মাজত ‘মোছা দা’ বুলি পৰিচিত)আৰু স্থানীয় যুৱক স্কলৰ সৈতে কথা পাতিলোঁ।
এটা পৰিয়ালৰ উদ্যোগত প্ৰায় ১৯৭৫ চনমানৰপৰাই ইয়াত মাছ শুকুওৱা আৰু পেকেজিং উদ্যোগ এটা চলি আছে।এই ক্ষুদ্ৰ উদ্যোগটোত ছেপ্তেম্বৰ মাহৰপৰা মাৰ্চ মাহলৈ কাম–কাজ চলে। তাৰ বাবে মণিপুৰী পৰিয়ালটোৱে স্থানীয় বাসিন্দা এজনৰ পৰা এটুকুৰা মাটি লীজত লৈছে।
এইবছৰ মণিপুৰৰ পৰা অহা দহগৰাকী কৰ্মীকে ধৰি মুঠতে চৈধ্যগৰাকী অস্থায়ী কৰ্মচাৰী এই উদ্যোগটোত কাম কৰি আছে। উদ্যোগটোৰ মূল কেঁচামাল হৈছে কেঁচা মাছ। সাধাৰণতে মাছমৰীয়া সম্প্ৰদায়ৰ লোকে নিজে উদ্যোগটোলৈ স্থানীয় খাল-বিল,জানত পোৱা বিভিন্ন প্ৰজাতিৰ সৰু মাছ লৈ আনে। এনে মাছ উদ্যোগটোৱে প্ৰতিকিলোগ্ৰামত ৭০-৭৫ টকা হিচাপত স্ংগ্ৰহ কৰে। গড় হিচাপে উদ্যোগৰ আৰম্ভণিত(ব্যৱসায়িক ঋতুৰ) প্ৰতিদিনে ৫-১০ কুইন্টল মাছ স্ংগ্ৰহ হয় যদিও শেষলৈকে ইয়াৰ পৰিমাণ বৃদ্ধি হয়।এই মাছবোৰৰ কিছুমান ৰ’দত কিছুমান মাছ জুইৰ তাপত শুকুওৱা হয়। উদ্যোগটোত কোনো অত্যাধুনিক সা-সৰঞ্জাম ব্যৱহাৰ কৰা নহয়।ঘৰৰ ভিতৰত বাঁহ আৰু বাহিৰত পোনপটিয়াকৈ টিনৰ জালি ব্যৱহাৰ কৰা হয়। উদ্যোগটো চাই এইটো কথা স্পষ্টভাৱে অনুভৱ কৰিব পাৰি যে তেওঁলোকে যথেষ্ট কষ্টৰ মাজেদি এই ব্যৱসায়টো চলাই আছে। শুকান মাছবোৰ সাধাৰণভাৱে পেকেট কৰি ট্ৰাকেৰে মণিপুৰলৈ চালান দিয়া হয়। মণিপুৰত এই মাছৰ ব্যাপক চাহিদা আছে।
কৰ্মচাৰীসকলৰ পৰা জানিব পৰা মতে, উদ্যোগটোত নিয়োজিত শ্ৰমিকসকলক দক্ষতা অনুসৰি কৰ্ম ঋতুত ছয় হাজাৰৰ পৰা সাত হাজাৰকৈ মাহিলি পাৰিশ্ৰমিক দিয়া হয়। উদ্যোগটোৱে এতিয়ালৈকে চৰকাৰ বা আন কোনো বিত্তীয় প্ৰতিস্থানৰপৰা কোনো সাহায্য লোৱা নাই।প্ৰশিক্ষণ আদিও পোৱা নাই।পৰম্পৰাগত অভিজ্ঞতাৰ আধাৰতে তেওঁলোকে এই ব্যৱসায়টো চলাই আছে। কৰ্ম ঋতুৰ আৰম্ভণিত উদ্যোগটোক ২৫ লাখমান টকাৰ প্ৰয়োজন হয়।এই ধন তেওঁলোকে ব্যক্তিগত লোকৰপৰা উচ্চ হাৰত সুতত ধাৰলৈ লয়।এইদৰেই উদ্যোগটো তেওঁলোকে চলাই আছে। সাধাৰণ অৱস্থাত প্ৰতিবছৰে উদ্যোগটোৱে একৰপৰা ডেৰ লাখ টকা লাভ উপাৰ্জন কৰিবলৈ সক্ষম হয়।ব্যৱসায় চলি থকা সময়ত মাছ যোগান,খৰি যোগান আৰু শ্ৰমদানকে ধৰি উদ্যোগটোৰ গৰাকীৰ ফালৰপৰা মাজে-সময়ে আৰ্থিকভাৱে সহায় কৰা হয়।স্থানীয়ভাৱে পালন কৰা উৎসৱ পাৰ্বণলৈও দান-বৰঙণি দি আহিছে ব্যৱসায়গৰাকীয়ে।কৰ্মচাৰীকেইগৰাকীৰ সৈতে বাৰ্তালাপ কৰি জানিব পৰা মতে অসমত আৰু কেইটামান এনেধৰণৰ উদ্যোগ চলি আছে।কিন্তু আমি অসম চৰকাৰৰ মীন বিভাগৰ মূখ্য কাৰ্যালয়ৰ সৈতে আনুকষ্ঠানিকভাৱে যোগাযোগ কৰি জানিব পাৰিছোঁ যে এই উদ্যোগটোৰ বিষয়ে কোনো তথ্য কাৰ্যালয়ৰ ওচৰত নাই।আমি অনুভৱ কৰিছোঁ অসম চৰকাৰৰ মীন বিভাগৰ ফালৰপৰা উদ্যোগটোৰ বিষয়ে প্ৰণালীবদ্ধ অধ্যয়ণ আৰু গৱেষণা চলোৱা উচিত।কিয়নো সঠিক প্ৰশিক্ষণৰ অভাৱত হয়তো এই উদ্যোগটো এদিন লুপ্ত হ’ব পাৰে, নাইবা জধে-মধে থলুৱা মাছবোৰ স্ংগ্ৰহ কৰা বাবে মাছৰ প্ৰজাতিৰ বিলুপ্তি ঘটিব পাৰে। আনহাতে সময়ৰ লগত খাপ খুৱাই বিকাশ ঘটাব পাৰিলে হয়তো এখন বিশাল বজাৰৰ সৃষ্টি হ’ব পাৰে।যাৰ ফলত পৰম্পৰাগতভাৱে চলি থকা এই উদ্যোগটোৱে এদিন হাজাৰ হাজাৰ মৎস্যজীৱি লোক আৰু ব্যৱসায়ীৰ মুখত হাঁহি বিৰিঙাব।
লিখক: ধ্ৰুৱজ্যোতি কলিতা।
শেহতীয়া উন্নীতকৰণ: : 5/25/2020
আলংকৰিক মাছৰ ব্যৱসায়েৰে স্বাৱলম্বী পাৰ্থৰথি হাজৰিক...
অসমীয়া সমাজ-সংস্কৃতিত মাছ
কচুঁশাকৰ লগত মাছৰ জালুকীয়া আঞ্জাৰ প্ৰস্তুত প্ৰণালী
অসমৰ থলুৱা আলংকাৰিক মাছৰ চাহিদা