অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৌ পালন আৰু মৌ জোলৰ উৎপাদন

মৌ পালন আৰু মৌ জোলৰ উৎপাদন

১) মৌ-মাখিৰ সঁচ/জাক ধৰি আনি মৌবাকচত ভৰাই বিজ্ঞানসন্মত পদ্ধতিৰে মৌপালন কৰি মৌজোল আহৰণ কৰাকে মৌপালন বোলা হয়৷
২) মৌ-মাখিৰ প্ৰজাতি: মৌ পালনৰ বাবে মৌ-মাখিৰ দুবিধ পোহনীয়া প্ৰজাতি আছে৷

(ক) ভাৰতীয় প্ৰজাতি: ভাৰতীয় প্ৰজাতি সহজলভ্য৷ এই প্ৰজাতিৰ আদি বাসস্থান দক্ষিন পূৱ এছিয়া বুলিয়েই গণ্য কৰা হয় ৷ এই প্ৰজাতিৰ মৌ বৰ্ত্তমান উত্তৰ পুৱ ভাৰতত পালন কৰা হয়৷

(খ)পশ্চিমীয়া প্ৰজাতি: পশ্চিমীয়া প্ৰজাতিৰ মৌ প্ৰবৰ্ত্তনৰ বাবে আমাৰ কেন্দ্ৰৰ জৰিয়তে চেষ্টা চলাই থকা হৈছে ৷

৩) মৌ-মাখিৰ সংগঠন:

প্ৰবাহ মৌৰ পৰিয়ালত তিনি প্ৰকাৰৰ মৌ থাকে –

(ক) ৰাণী মৌ;

(খ) কৰ্মী মৌ আৰু

(গ) মতা মৌ ৷

(ক) ৰাণী মৌ: ৰাণী মৌৰ প্ৰধান কাম হ’ল মৌ চাকত কণী পাৰি বংশ বৃদ্ধি কৰা৷

(খ) কৰ্মী মৌ: প্ৰজননৰ বাহিৰে কৰ্মী মৌৱে মৌ বাহৰ সকলোবোৰ কাম সম্পাদন কৰে৷ কৰ্মী মৌ বিলাকৰ বয়স অনুযায়ী কৰ্ম বিভাজন হয় ৷ মধু অৱলেহ তৈয়াৰ, পোৱালী বিলাকক খুউৱা, ৰাণীক আহাৰ খুউৱা আৰু ৰাণী শুশ্ৰুষা কৰা , মধুমম তৈয়াৰ কৰা, চাক সজা, মৌবাহ পৰিষ্কাৰ কৰা আদি কামবিলাক ধাত্ৰী মৌ (Nurse bee) য়ে কৰে ৷ তাৰোপৰি মৌবাহটোক শত্ৰুৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব প্ৰতিৰক্ষক মৌ (Guard bee) বিলাকে পালন কৰে ৷ মৌ-বাহৰ প্ৰয়োজনীয় ফুলৰ ৰস আৰু ৰেণুৰ সন্ধান কৰি ৰস, ৰেণু সংগ্ৰহ সংগ্ৰাহক মৌ (Gatherer bee) বিলাকে সম্পাদন কৰে ৷

(গ) মতা মৌ: মতামৌৰ কাম হ’ল ৰাণী মৌৰ লগত সঙ্গমত লিপ্ত হৈ প্ৰজননত সহায় কৰা৷

৪) মৌ-মাখিৰ জীৱন বৃতান্ত: মৌ-মাখিৰ জীৱন বৃতান্তত চাৰিটা স্তৰ আছে-কণী, পলু, লেটা আৰু পূৰ্ণাঙ্গ৷ ৰাণী মৌ তিনি বছৰলৈ জীয়াই থাকিব পাৰে৷ মতা মৌৰ আয়ুস কাল ৪৫ দিন আৰু কৰ্মী মৌৰ আয়ুস কাল সক্ৰিয় ঋতুত ১-১/ মাহলৈকে থাকে৷

৫) মৌপালনৰ সা-সজুলি: এবাহ মৌ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ কিছুমান বিজ্ঞানসন্মত সা-সজুলিৰ প্ৰয়োজন হয় ৷ যেনে :

মৌ বাচক থোৱা ষ্টেণ্ড;

ওৰণী টুপি;

জাল মোনা;

হাত মোজা;

মৌ ৰস উলিওৱা যন্ত্ৰ  আৰু

ধোঁৱা ভাটি;

ছুৰী কটাৰী ৷

৬)মৌ-মাখিৰ পৰিচালনা: মৌ পালনৰ সফলতা মৌ বাহ সুচাৰুৰূপে পৰিচালনা কৰাৰ ওপৰত নিৰ্ভৰ কৰে৷ বিভিন্ন ঋতুত পৰিচালনা কৰিবলগীয়া কাৰ্য্যসমূহ হ’ল:

বসন্তকালীন পৰিচালনা;

গ্ৰীষ্মকালীন পৰিচালনা;

জাক উৰুৱা প্ৰতিৰোধ;

বৰ্ষাকালীন পৰিচালনা  আৰু

শীতকালীন পৰিচালনা ৷

বসন্তকালত ফুলৰ প্ৰাচুৰ্য্যতা বৃদ্ধি হোৱাৰ লগে লগে মৌ-বাহ অধিক কাৰ্য্যক্ষম হৈ পৰে৷ সেই সময়ত ৰাণীৰ প্ৰজনন কাৰ্য্য বৃদ্ধি হয়৷ ফলত মৌ-বাহত মৌৰ সংখ্যা বৃদ্ধি পোৱাত কৰ্মী মৌৱে ৰাণী কোষ সাজি নতুন ৰাণী জন্ম দিয়াত ব্যস্ত থাকে৷ বসন্ত কালত প্ৰধানকৈ জাক উৰোৱা ৰোধ কৰা বা মৌ-বাহৰ বিভাজন আৰু মৌ-জোল উৎপাদন কৰাই প্ৰধান কাম৷

এবাহ সৰল মৌৱে নৱেম্বৰ-ডিচেম্বৰ আৰু মাৰ্চ এপ্ৰিলত ৰাণী কোষ সজাত ব্যস্ত থাকে৷ সেয়ে মৌ-মাখিৰ জাক উৰোৱা কাৰ্য্য ৰোধ কৰিবলৈ হ’লে ৰাণি মৌৰ কোষ তৈয়াৰ হোৱাৰ লগে লগে মৌ-বাহটো সঘনে পৰীক্ষা কৰি ৰাণী মৌৰ পুৰঠ কোষ ভাঙি পেলাব লাগে৷ অথবা ৰাণী মৌৰ পুৰঠ কোষৰ লগতে কৰ্মী মৌ-যুক্ত ৪ খন চাক আন এটা বাকচলৈ স্থানান্তৰ কৰিব লাগে৷

বসন্তকালৰ তুলনাত গ্ৰীষ্মকালত মধুস্ৰাৱ বহু পৰিমাণে কমি যায়৷ এই সময়চোৱাত মৌ-বাহ বিলাক প্ৰখৰ ৰ’দৰ পৰা ৰক্ষা কৰিবলৈ হ’লে আংশিক গছৰ ছাঁলৈ স্থানান্তৰ কৰিব লাগে৷

বৰ্ষাকালত ফল-ফুল নথকাত মৌ-মাখিৰ খাদ্য নাটনীয়ে দেখা দিয়ে৷ প্ৰচুৰ আৰু লেঠাৰী নিচিগা বৰষুণে কৰ্মী মৌৰ কাৰ্য্যত যথেষ্ট ব্যাঘাত জন্মায় আৰু লগতে আৰ্দ্ৰতাও বৃদ্ধি পায়৷ আৰ্দ্ৰতা কমাবৰ বাবে মৌ বাকচত বায়ু চলাচল কৰিব পৰাকৈ বিন্ধা কৰি দিব লাগে৷

উক্ত সময়ছোৱাত খাদ্যৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি মৌ-বাহত কৃত্ৰিম আহাৰৰ যোগান ধৰিব লাগে৷ ১ লিটাৰ পানীত ৭৫০ গ্ৰাম চেনী, ১০০ গ্ৰাম মগু মিহি কৰি তাৰ ৰস মিহলাই কৃত্ৰিম আহাৰ তৈয়াৰ কৰি কাচঁৰ ঢাকনিত কপাহৰ লগত তিয়াই তিনি চাৰি দিনৰ অন্তৰে অন্তৰে দিব লাগে৷

শীত কালত মৌ-বাহ অধিক কাৰ্য্যক্ষম কৰিবলৈ হ’লে ছাঁৰ পৰা ৰ’দলৈ মৌ-বাকচটো স্থানান্তৰ কৰিব লাগে৷ শীতকালত শাক-পাচলি, তেল জাতীয় শস্যৰ ফুল ফুলাৰ বাবে মৌ-বাহৰ পূৰ্ণ বিকাশ ঘটাৰ লগতে মৌ-জোলৰ উৎপাদন বৃদ্ধি হয়৷

৭)মৌ-মাখিৰ বেমাৰ আৰু শত্ৰু নিয়ন্ত্ৰণ: মৌ-মাখিৰ বেমাৰৰ ভিতৰত থাই-চেক্ ব্ৰুড্ (Thaisac brood disease) বেমাৰেই প্ৰধান৷ এই বেমাৰৰ লক্ষণ হৈছে পলুবিলাক শেতা পৰি মূগা বৰণৰ হৈ পাছলে ক’লা পৰি মৰি যায়৷

এই বেমাৰৰ লক্ষণ দেখা পালে প্ৰথলে আক্ৰান্ত হোৱা মৌ-বাহৰ ৰাণীজনী আতৰ কৰিব লাগে ৷ ফলত মৌ-বাহৰ কণী পৰা বন্ধ হয় আৰু কৰ্মী মৌৱে আক্ৰান্ত হোৱা পলু, লেতা সমূহ চাফা কৰাত সুবিধা পায় ৷ দহ পোন্ধৰ দিনৰ ভিতৰত ৰাণী মৌ কাষ তৈয়াৰ কৰি নতুন ৰাণী জন্ম দিয়ে৷

মৌ-মাখিৰ প্ৰধান শত্ৰু হৈছে মম পতঙ্গ, কদো, বৰল, জেঠী আৰু পৰুৱা ৷

মম পতঙ্গৰ মাইকী পখিলাজনীয়ে মৌ-বাহৰ চাকত কণী পৰাৰ পিছত পলু ওলাই চাকৰ ভিতৰত সুৰংগৰ সৃষ্টি কৰি চাকসমূহ নষ্ট কৰি দিয়ে ৷ এই পতঙ্গ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে আক্ৰান্ত হোৱা মৌ-চাক সমূহ কাটি পুৰি বা পুতি পেলাব লাগে ৷ জৈৱিক নিয়ন্ত্ৰণ পদ্ধতিৰে বিটি ফৰমুলেচনৰ দ্বাৰা এই পতঙ্গ নিয়ন্ত্ৰণ কৰিব পাৰি ৷ কদোৱে মৌ-বাহৰ যথেষ্ট ক্ষতি সাধন কৰে ৷ জেঠ মাহৰ পৰাই কদোৰ উপদ্ৰৱ বৃদ্ধি হয় ৷ এই সময় ছোৱাত কদো নিয়ন্ত্ৰণৰ বাবে কিছু সাৱধানতা অৱলম্বন কৰিব লাগে ৷ আশে পাশে থকা কদো বাহ বিলাক ভাঙি পোলোৱাৰ ব্যৱস্থা কৰিব লগে ৷ মৌ-বাহলৈ অহা কদো বিলাক মৰিয়াই মাৰিব লাগে ৷ তাৰোপৰি তাঁৰৰ নেটেৰে বাকচৰ সন্মুখ ভাগ আবৰি ধৰাকৈ বান্ধি ৰাখিলে কদোৰ আক্ৰমণৰ পৰা মৌ বাকচটো ৰক্ষা কৰিব পৰা যায় ৷

৮)মৌৰস আহৰণ: মৌ-মাখিয়ে মৌ-জোল মধুকক্ষত জমা কৰে ৷ মধুকক্ষৰ চাকৰ পৰা মৌবিলাক আতঁৰাই চাক বিলাকৰ ওপৰত থকা আৱৰণখন চুৰী কটাৰীৰে পাতলকৈ  কাটি মৌপালন উলিওৱা যন্ত্ৰত ভৰাব লাগে ৷ মৌ পেৰা যন্ত্ৰত চাৰিখন বিচনী সুমুৱাই হেণ্ডেলত ধৰি জোৰেৰে ঘূৰাই দিলে কোষত থকা ৰস চিটিকি ওলাই যন্ত্ৰটোৰ বেৰত খুন্দা খাই তলত জমা কৈ থকা ৰস বাহিৰলৈ ওলায় আহে৷ ৰস উলিওৱাৰ পাছত খালি বিচনীবোৰ পুনৰ মৌবাহৰ মধুকক্ষত বহুৱাই দিব লাগে ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate