এখন ক্ষুদ্ৰ অতি উৰ্ব্বৰ সমতল ভূমিৰে ৰাজ্যখন গঠিত হৈছে।চুবুৰীয়া ৰাজ্যসমূহৰ পৰা এশাৰী পৰ্ব্বতমালাই এই ৰাজ্যখন কেউদিশে আবৰি আছে। এই পৰ্ব্বতীয়া অঞ্চলত বন্য আৰু যুজাৰুজাতি কেতবোৰে বসবাস কৰিছিল। মণিপুৰ বহুদিন ধৰি এখন স্বাধীন ৰাজ্য আছিল। শানবিলাকে এই ৰাজ্যখনক কা-ছে আৰু বৰ্ম্মীবিলাকে কা-থে বুলিছিল। দুয়োটা শব্দই মূলতে একে আছিল যেন লাগে। আহোমে এই ৰাজ্যখনক মেখেলি বুলি অভিহিত কৰিছিল। কছাৰীৰ মতে এই ৰাজ্যখনৰ নাম আছিল মেগলি আৰু পুৰণি অসমীয়াৰ মতে মগলৌ। পেমবটৰ্ণৰ মতে মণীপুৰীসকল দৰাচলতে এটা তাৰ্তাৰ উপনিবেশৰহে লোক। খৃষ্টীয় ১৩শ আৰু ১৪শ শতিকাত চীন আৰু তাৰ্তাৰ ৰাজবংশসমূহৰ মাজত সঘনে হৈ থকা স্ংঘৰ্ষৰ ফলত চীনৰ উত্তৰ পশ্চিম সীমাঞ্চলৰ পৰা কিছুমান তাৰ্তাৰলোক পলাই আহি এই ৰাজ্য সোমাইছিলহি। এই লোকসকলৰ চেহেৰা পাতি মঙ্গোলিয়ান আৰু তেওঁলোকৰ ৰাজ্যৰ দক্ষিণ সীমাত থকা কুকি জনজাতিৰ সৈতে তেওঁলোকৰ ভাষাৰ মিল আছে। খৃষ্টীয় তেৰশ শতিকাৰ পৰা আৰম্ভ হোৱা কেতবোৰ নথিপত্ৰও তেওঁলোকৰ ওচৰত পোৱা গৈছিল। ১৩ শ শতিকাৰ পৰা ১৭১৪ খৃ:লৈ মাত্ৰ ৪৭ জন ৰজাৰ নামো জানিব পৰা গৈছে। সেইমতে গড় হিচাবে হিচাব কৰিলে প্ৰতিজন ৰজাই প্ৰায় ৩৬ বছৰকৈ ৰাজত্ব কৰিছিল। তদুপৰি এই গোটেই সময়ছোৱাত মাত্ৰ এটাই গুৰুত্বপূৰ্ণ ঘটনাৰ উল্লেখ আছে আৰু সেইটো হ’ল খুমবাত বিজয়। ১৪৭৫ খৃ: ত প্ং আৰু মণিপুৰে একেলগে খুমবাত আক্ৰমণ কৰিছিল। ইয়াৰ ফলত কুবো সমতল ভূখণ্ড মণিপুৰ ৰাজ্যৰ অন্তৰ্গত হৈছিল। এই সময়ৰ সৰহভাগ তথ্যই আখ্যানৰ ওপৰত প্ৰতিস্থিত। সম্ভৱত: বহুদিন পিছত ৰাজ্যৰ ৰজাঘৰীয়া বিৱৰণ লেখক কেতবোৰে কল্পনাৰ আশ্ৰয় লৈ নাইবা অশিক্ষিত লোকৰ মাজত প্ৰচলিত আখ্যানক ভিত্তি কৰি এইবোৰ তথ্য লিপিবদ্ধ কৰিছিল।
অৱশ্যে ১৭১৪ খৃ;ৰ পৰৱৰ্তী এনে ধৰণৰ বিৱৰণসমূহ লানি লগা আৰু সম্পুৰ্ণ। এই বিৱৰণসমূহৰ সৈতে আভাৰ ৰজাসকলৰ ওচৰত পোৱা বিৱৰণ সমূহৰো সামঞ্জস্য আছে। উল্লেখিত চন অৰ্থাত্ ১৭১৪ খৃ: ত পামহাইবা নামৰ এজন নগা মুখীয়াল মণিপুৰৰ ৰজা হৈছিল। পামহাইবাই হিন্দুধৰ্মত দিক্ষিত হৈ ঘৰীব নাৱাজ অৰ্থাত্ ‘দৰিদ্ৰৰ পৃষ্ঠপোষক’ নাম লৈছিল। তেওঁৰ ৰাজ্যৰ লোকসকলেও ৰজাৰ আৰ্হি লৈছিল। হিন্দু ধৰ্মৰ বৰ্ণ আৰু পবিত্ৰতাৰ ক্ষেত্ৰত এই লোকসকলৰ গোড়ামি আজিও বিদ্যমান। মণিপুৰীসকলে নিজকে ক্ষত্ৰিয় বুলি কয়। মণিপুৰ ৰাজ্যত বিভিন্ন দায়িত্বত থকা কেতবোৰ সুবিধাবাদী ব্ৰাহ্মণে মণিপুৰক মহাভাৰতৰ মণিপুৰ বুলি সাব্যস্ত কৰি মণিপুৰী লোকসকলক অৰ্জ্জুনৰ বংশধৰ বুলিও ক’বলৈ ধৰিলে। অৰ্জ্জুনে কিছু কাল মণিপুৰত থকাৰ সময়ত এগৰাকী নগা তিৰোতাৰ গৰ্ভত যি সন্তানৰ জন্ম দিছিল সেই সন্তানেই এই লোকসকলৰ পিতৃ-পুৰুষ বুলি এই ব্ৰাহ্মণ সকলে দাবী কৰিলে।
ঘৰীব নাৱাজৰ পুৰ্ব্বপুৰুষ যিয়েই নহওক কিয়, তেওঁ নি:সন্দেহে এজন অতি কাৰ্যক্ষম আৰু সফল ৰজা আছিল। তেওঁৰ বলিষ্ঠ নেতৃত্বই কেইবা শতাব্দী ধৰি বিস্মৃতিৰ গৰ্ভত থকা মণিপুৰক ইতিহাসত এক সন্মানজনক আসন দিবলৈ সক্ষম হ’ল। ১৭২৫ ৰ পৰা ১৭৪৯ খৃ: লৈ তেওঁ উপৰ্যপৰি ব্ৰহ্মদেশ আক্ৰমণ কৰি সেই দেশৰ ভালেমান চহৰ নিজ তলতীয়া কৰিছিল। তেওঁ হয়তো আভা চহৰখনো অধিকাৰ কৰিব পাৰিলেহেঁতেন। কিন্তু এবাৰ অভিযান কালত প্ৰচণ্ড ধুমুহা বতাহৰ সন্মুখীন হোৱাত তেওঁ অন্ধ বিশ্বাসৰ বশবৰ্তী হৈ এই ধুমুহা অতি অমঙ্গলৰ চিন বুলি অভিহিত কৰি ততাতৈয়াকৈ আভাৰ ৰজাৰ সৈতে মিত্ৰতা স্থাপন কৰিলে। এই খেলি-মেলিৰ সুযোগ লৈ তেওঁৰ পুত্ৰ উগতছাহ বা কাকিলালে তেওঁৰ দলৰ লোকৰ মাজত অসন্তোষ বিয়পাবলৈ চেষ্টা কৰিছিল। মেকেঞ্জীৰ ভাষাত, ‘এই সময়ৰ পৰাই মণিপুৰত পিতৃ হত্যা, ভাতৃ হত্যা আদি বৰ্ব্বৰ ধৰণৰ বিদ্ৰোহ কেতবোৰৰ সূত্ৰপাত হ’ল। এই বিদ্ৰোহসমূহত বীৰত্বৰ চানেকী নাছিল, আছিল মাত্ৰ বিশ্বাসঘাটকতা আৰু ৰক্তপাতৰ কেতবোৰ কলুষিত কাহিনী।’
এনেবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত ঘৰীৱ নাৱাজে গৌৰৱৰ উচ্চ শিখৰলৈ নিয়া মণিপুৰৰ পতন হ’বলৈকো সৰহ দিন নালাগিল। ১৭৫৫ আৰু ১৭৫৮ খৃ:ত উপৰ্যুপৰি দুবাৰকৈ আক্ৰমণ কৰি বৰ্ম্মীসকলে এই ৰাজ্যৰ এটা অংশ চিৰস্থায়ীভাবে দখল কৰিলে। ১৭৬২ খৃ:ত মণিপুৰৰ ৰজা জয়সিঙে এই অঞ্চলসমূহ পুনৰ উদ্ধাৰৰ বাবে বৃটিছ চৰকাৰৰ সৈতে এখন চুক্তি কৰিলে। এই চুক্তি মৰ্মে ভাৰেলষ্ট্ নামৰ সামৰিক বিষয়া এজনৰ নেতৃত্বত চিটাগঙ্গৰ পৰা এটা বৃটিছ ফৌজ ব্ৰ্হ্ম অভিমুখে আগবাঢ়িল। এপ্ৰিল মাহত এই ফৌজটো গৈ বদৰপুৰৰ ওচৰৰ খাচপুৰ পালেগৈ। কিন্তু ইতিমধ্যে ধাৰাসাৰ বৰষুণ আৰম্ভ হ’ল আৰু বহুবোৰ সৈন্য নানা ৰোগত আক্ৰান্ত হোৱাত তেওঁলোকে বৰাক নৈৰ দক্ষিণপাৰৰ জয়নগৰত বাহৰ পাতি থাকিলগৈ। অৱশেষত এই ফৌজটোক আকৌ বঙ্গলৈ উভটাই নিয়া হ’ল। ইয়াৰ কিছুকালৰ পিছত জয় সিঙে বৃটিছক এখন চিঠি যোগে জনাইছিল যে, বৰ্ম্মীসকলৰ আক্ৰমণৰ পিছত তেওঁ কপৰ্দকশূন্য হৈ পৰিছে যদি ৰাজ্য উদ্ধাৰৰ বাবে বৃটিছৰ যাবতীয় সমূহ্ খা-খৰচ ব্যয়ৰ বাবে তেওঁৰ ৰাজ্যৰ উত্পন্নৰ পৰা পোৱা হোৱা আয়সমূহ তেওঁ ব্যয় কৰিবলৈ প্ৰস্তুত। কিন্তু কিয় জানো, বৃটিছে পুনৰবাৰ এই অভিযানৰ বাবে প্ৰস্তুত নহ’ল। বৰ্ং জয়সিঙৰ সৈতে থকা চুক্তিখনহে তেওঁলোকে বাতিল কৰিলে।
১৭৬৫ খৃ: ত বৰ্ম্মীসকলে আকৌ মণিপুৰ আক্ৰমণ কৰিছিল। ইতিমধ্যে জয়সিঙে এবাৰ সিংহাসন হেৰুৱাই পুনৰ অধিস্থিত হৈছিল। এইবাৰ বৰ্ম্মী আক্ৰমণত তিষ্ঠিব নোৱাৰি তেওঁ পলাই গৈ কাছাৰত সোমাল। বৰ্ম্মীসকল উভটি যোৱাৰ পিছতহে তেওঁন নিজ ৰাজ্যলৈ গৈছিল। বৰ্ম্মীসকলে মণিপুৰৰ সিংহাসনত বহুৱাই থৈ যোৱা নতুন ৰজাজনক জয়সিঙে পৰাস্ত কৰিছিল। কিন্তু বৰ্ম্মীসকল ঘুৰি আহি তেওঁক লংঠাবলৰ ওচৰত পৰাস্ত কৰিলে। জয়সিং আকৌ গৃহহাৰা হ’ল।
কিন্তু জয়সিঙৰ বিপৰ্যয়ৰ ওৰ পৰা নাছিল। ইয়াৰ পিছৰ চৈধ্যবছৰত জয়সিঙক বৰ্ম্মীসকলে চাৰিবাৰ ৰাজ্যৰ পৰা খেদি দিছিলহি। অৱশেষত বৰ্ম্মীসকলৰ সৈতে তেওঁ এখন চুক্তি কৰাত ১৭৮২ খৃ: ৰ পৰা মৃত্যুৰ সময়লৈকে তেওঁক বৰ্ম্মীসকলে আৰু আমনি কৰা নাছিল। কিন্তু এনেধৰণৰ যুদ্ধ-বিগ্ৰহৰ ধুমুহাই মণিপুৰক ইতিমধ্যে এক ধ্বংসস্তুপত পৰিণত কৰিছিল। তথাপিও জয়সিঙে আকৌ মণিপুৰক জীয়াই তুলিছিল। ১৭৯২ খৃ: ত জয়সিঙে ৫০০ হাতী আৰু ৪০০ পদাতিকৰ সৈতে আহোম ৰজা গৌৰীনাথ সিংহক সহায়ৰ বাবে আহিছিল। কিন্তু এই অভিযান বিফল হৈছিল।
প্ৰায় ৪০ বছৰীয়া দীৰ্ঘ আৰু নানা ঘটনাৰে ভৰপুৰ ৰাজত্বকালৰ পিছত ১৭৯৯ খৃ: ত পদ্মানৈৰ পাৰৰ ভগবানগোলাত তীৰ্থলৈ যাওতে জয়সিঙে শেষ নিশ্বাস পেলায়। তেওঁৰ বৰপুত্ৰ হৰ্ষচন্দ্ৰ ৰজা হয়। কিন্তু প্ৰায় দুবছৰৰ পিছত তেওঁক দেউতাকৰ আন এগৰাকী পত্নীৰ ভাতৃয়ে হত্যা কৰে। জয়সিঙৰ দ্বিতীয় পুত্ৰ মধুচন্দ্ৰক হত্যা কৰি আন এজন পুত্ৰ মাৰজিত সিং ৰজা হয়। ইয়াৰ পিছত জয়সিঙৰ তৃতীয় পুত্ৰ চৌৰজিত সিঙে ৰাজপাট অধিকাৰ কৰিবলৈ চেষ্টা কৰে। মাৰজিতৰ বিৰুদ্ধে নানা ধৰণৰ ষড়যন্ত্ৰ চলি থকাত তেওঁ আভাৰ ৰজাৰ সহায় ভিক্ষা কৰিছিল। আভাৰ ৰজাই ১৮১২ খৃ: ত তেওঁক মণিপুৰৰ সিংহাসনত স্থায়ীভাৱে প্ৰতিস্থা কৰে। তেওঁ নিজৰ ভাতৃৰ সন্তানসকলকে ধৰি সাম্ভাব্য সিংহাসন প্ৰাৰ্থীসমূহৰ প্ৰাণনাশ কৰি ৰাজপাট নিস্কণ্টক কৰিছিল। ১৮১৮ খৃ: ত তেওঁ এটা বিৰাট সৈন্যবাহিনীৰে সৈতে কাছাৰ আক্ৰমণ কৰাত কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰই প্ৰথমতে বৃটিছৰ সহায় প্ৰাৰ্থনা কৰি বিফল হয়। তেতিয়া চৌৰজিত চিঙ জয়ন্তীয়াত আছিল। গোবিন্দ চন্দ্ৰই চৌৰজিতক মাতি পঠিওৱাত তেওঁ ভালেই পালে।
মাৰজিতে এতিয়া চৌৰজিতে আহি মণিপুৰি সৈন্যসকলক প্ৰভাবান্বিত কৰিবহি পাৰে বুলি শঙ্কা কৰি লৰলৰিোকৈ কাছাৰ অভিযান আধা ডুখুৰীয়াতে এৰি নিজ ৰাজ্যলৈ উভটি আহে। গোবিন্দ চন্দ্ৰই চৌৰজিতৰ পৰা পোৱা সহায়ৰ বাবে আগেয়ে প্ৰতিশ্ৰুতি দিয়া মতে দক্ষিণ কাছাৰ তেওঁৰ হাতত তুলি দিবলৈ বাধ্য হৈছিল। ইয়াৰ পিছৰ বছৰত মাৰজিতক আকৌ বৰ্ম্মীয়ে আক্ৰমণ কৰি জ্বলা-কলা কৰাত তেৱো পলাই গৈ কাছাৰ সোমাবলগীয়াত পৰিল। এইবাৰ মাৰজিতে ভাতৃ চৌৰজিতৰ লগলাগি কাছাৰৰ পৰা গোবিন্দচন্দ্ৰক বিতাড়িত কৰিলে। গোবিন্দ চন্দ্ৰ বৃটিছ আশ্ৰিত অঞ্চলত সোমাই প্ৰাণৰক্ষা কৰিলে। বৰ্ম্মীসকলে সুবল নামেৰে এজন লোকক মণিপুৰৰ সিংহাসনত বহুৱাইছিল। ১৮২৩ খৃ:ত মাৰজিত, চৌৰজিতৰ ভাগিন পিতাম্বৰ সিঙে মণিপুৰলৈ গৈ সুবলক খেদি নিজে ৰজা হয়। চৌৰজিতৰ ভায়েক গম্ভীৰ সিঙে সেই স্ংবাদ পাই এটা সৰু সৈন্যদলৰে সৈতে মণিপুৰত অভিযান চলাই পিতাম্বৰক পৰাস্ত কৰে। পিতাম্বৰ আভালৈ পলাই যায়। গম্ভিৰ সিঙে পিতাম্বৰক খেদি দিলেও সেই সময়ৰ মণিপুৰৰ ইমান দুৰাৱস্থা হৈছিল যে তেওঁৰ সৈন্য-বাহিনীক ভৰণ-পোষণ দিয়াটোৱেই সমস্যা হ’ল। উপায়হীন হৈ গম্ভীৰ সিং আকৌ কাছাৰলৈ উভটি গ’ল।কিন্তু কাছাৰত থকা চৌৰজিত সিঙৰ সৈতে তেওঁৰ কাজিয়া লাগিল। চৌৰজিতে চিলেটত গৈ আশ্ৰয় ল’লে। তাৰপৰা তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানীক কাছাৰত হস্তক্ষেপৰ বাবে আবেদন জনালে। ইফালে গম্ভীৰ সিঙে হাইলাকান্দিৰ বাহিৰে সমগ্ৰ দক্ষিণ কাছাৰ অধিকাৰ কৰিলে। হাইলাকান্দি মাৰজিত সিঙৰ অধীনত আছিল।
সেই সময়ত বৰ্ম্মীসকলে আকৌ মণিপুৰত প্ৰৱেশ কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাও তেওঁলোকে পদানত কৰি তেতিয়া কাছাৰ অভিযানৰ বাবে মন মেলিছিল। বৃটিছৰ সহায়ত গোবিন্দ চন্দ্ৰই কাছাৰ ওভটাই পালে। গম্ভীৰসিঙক মণিপুৰ আৰু কুবো উপত্যকা পুনৰ উদ্ধাৰকৰণতো বৃটিছে সহায় কৰিলে। ১৮২৬ চনত ইষ্ট ইণ্ডিয়া আৰু বৰ্ম্মীৰ মাজত হোৱা ইয়াণ্ডাবু চুক্তিত মণিপুৰৰ ৰজাক স্বীকৃতি দিয়া হৈছিল।
অসম বুৰঞ্জী
শেহতীয়া উন্নীতকৰণ: : 5/3/2020
এলাহ দূৰ কৰিবলৈ আপুনি কি কি কৰিব লাগে
অগ্নিগড়
গোন্ধ আৰু শব্দ
খনিকৰ