অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আহোমৰ বুৰঞ্জীত চাও-লুং যুগ

আহোমৰ বুৰঞ্জীত চাও-লুং যুগ

তাঈ আহোম ভাষাত লিখা ‘আহোম বুৰঞ্জী’ (অনুবাদ আৰু সম্পাদনা-গোলাপ চন্দ্ৰ বৰুৱা) খনত চাও-লুং ছ্যু-কা-ফাৰ পৰা আৰম্ভ কৰি চাও-লুং তাউ ছ্যু-ত্যু-ফালৈ (চাও-লুং ছ্যু তেউ-ফা চাও-লুং ছ্যু-বিন-ফা চাও-লুং ছ্যু-খ্ৰাং-ফা চাও-লুং ছ্যু-খ্ৰাম-ফা আৰু চাও-লুং ছ্যু-তু-ফা) মুঠ ৭ জন মৌং দুন ছুন-খামৰ ৰজাক ‘চাও-লুং’ উপাধি দিয়া হৈছে আৰু চাও-ফা তাউ-খাম-তিৰ পৰা শেষজন তাঈ আহোম ৰজালৈকে সকলোকে ‘‘চাও-ফা উপাধিধাৰী হিচাপে দেখুৱা হৈছে। আজিলৈকে আহোমৰ বুৰঞ্জী লিখা বুৰঞ্জীবিদসকলৰ এজনেও এই পাৰ্থক্যটো (অৰ্থাৎ ‘চাও-লুং’ আৰু ‘চাও-ফা’ মাজত থকা) বিশ্লেষণ কৰি চাবলৈ চেষ্টা চলোৱাটো পৰিলক্ষিত হোৱা নাই। তাঈ আহোমৰ সকলো ৰজাকে ‘চাও-ফা’ আৰু ‘স্বৰ্গদেউ’ বুলিহে তেখেতসকলে লিখি গৈ আছে। অৱশ্যে ‘চাও-লুং’ বুৰঞ্জী’ নামৰ প্ৰৱন্ধটোত এই বিষয়ে অন্বেষণ কৰি চাবলৈ চেষ্টা কৰিছিলো।

তাঈ আহোমৰ কি যে ফুটা কপাল আই অ’ দেহী। পদ্মেশ্বৰ গগৈয়ে  The Tai and the Tai Kingdoms নামৰ বুৰঞ্জী পুথিখনত অসমৰ তাঈ আহোমৰ ৰাজত্বটোক দুটা ভাগত ভাগ কৰিছে। প্ৰথমটো হ’ল The Ahom Dynasty-I (আহোম ৰাজবংশ ৰম) আৰু দ্বিতীয়টো হ’ল The Ahom Dynasty-II (Hindu Period) অৰ্থাৎ আহোম ৰাজবংশ ২য় ( হিন্দু যুগ )। তেখেতে ছ্যু-কা-ফাৰ উপাধি ‘চাও-লুং’ লিখিছে তেখেতৰ পাছত ৰজাসকলৰ কিছুমানৰ উপাধি ‘চাও’ বুলিহে দেখুৱাইছে কিছুমানৰ কোনো উপাধিয়েই লিখা নাই। তেখেতে চাও-ফা ছ্যু-তাম ফা ওৰফে জয়ধ্বজ সিংহ দেৱৰ পৰাই ‘হিন্দু যুগ’ বুলি উল্লেখ কৰিছে। কিহৰ ভিত্তিত এই বিভাজনটো গগৈদেৱে কৰিছে তাৰ কাৰণ দৰ্শোৱা নাই। পদ্মেশ্বৰ গগৈ দুৰ্ঘোৰ হিন্দু আছিল কাৰণেইহে আহোমক হিন্দু বনাইছে। ‘হিন্দু যুগ’ বুলি আহোমৰ মাজত বিভাজন ননা হ’লে বোধ হয় The Tai and the Tai Kingdoms শিতানৰ থেছিছ [Thesis]  খন (পাছত একে নামেৰেই বুৰঞ্জী পুথি হিচাপে প্ৰকাশিত) বোধ হয় Ph. D. Degree ৰ বাবে মনোনীত নহ’লহেঁতেন। সেই ভয়তে তেখেতে ভিত্তিহীন বিভাজনটো আনি নিজে উত্তীৰ্ণ হ’ল আৰু তাঈ আহোম জাতিটোক ডুবাই থৈ গ’ল। কি যে এক প্ৰহসন, কি যে এক বিড়ম্বনা, কি যে এক আত্মহত্যাৰ প্ৰচেষ্টা। এই দুষ্কাৰ্যৰ বাবে পদ্মেশ্বৰ গগৈক sadist বুলিম নে masochist আখ্যা দিম সেই সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। যদি আহোমৰ ‘যুগ বিভাগ’ কৰিবই লাগে তেন্তে বিভাজনটো এইদৰে হ’ব পাৰে।

১) ‘চাও-লুং যুগ’- এই যুগটো চাও-লুং ছ্যু-কা-ফাৰ পৰা আৰম্ভ কৰি চাও-লুং ছ্যু-তু-ফাত শেষ হৈছে।

২) ‘চাও-ফা যুগ’-এই যুগ আৰম্ভ হৈছে চাও-ফা তাউ খাম-তিৰ পৰা আৰু অন্ত পৰিছে আহোমৰ শেষ জন চাও ফা অৰ্থাৎ চাও-ফা পুৰন্দৰ সিংহৰ দিনত।

৩) ‘চু-ছেক্‌ আও-পক্‌ ৰাও-মৗং’ ‘স্বাধীন ৰাজ্য ঘূৰাই লোৱাৰ সংগ্ৰাম যুগ’ -পিয়লি ফুকন, গমধৰ কোঁৱৰ প্ৰভৃতি স্বাধীন মনা তাঈ আহোমে হৃত মৗং-দুন্‌-ছুন্‌-খাম্‌ ঘূৰাই পাবলৈ কৰা সংগ্ৰামবোৰ এই যুগটোৰ অন্তৰ্গত।

) চু-পয়্‌-কান্‌-কুম্‌’ ‘সংগঠন যুগ-১৮৯৩ খৃস্তাব্দৰ ১৩ মে’ তাৰিখে শিৱসাগৰত প্ৰথমখন আহোম সভা বহিছিল। ১৯১০ চনত অন্য এখন আহোম সভা নগাঁৱত অনুষ্ঠিত হৈছিল। তেনেকৈ অন্যান্য ঠাইতো আহোম সংগঠন গঢ়ি উঠিছিল। ১৯১০ চনতেই সেই সকলোবোৰ আহোম সংগঠন লগ লগাই ‘সদৌ অসম আহোম এছ’চিয়েশ্যন’ গঠিত হৈছিল। তাৰ বহু দিনৰ পাছত ‘উজনী অসম ৰাজ্য পৰিষদ’ ‘সদৌ অসম মহন দেওধাই-বাইলুং সন্মিলন’ ‘পণ্ডিত পৰিষদ’ ‘পয়্‌-ফু-ৰা-লুং’ বান্‌-অক্‌-পাপ্‌-লিক্‌ মৗং তাঈ’ ‘সদৌ তাঈ আহোম ছাত্ৰ সন্থা’ ইত্যাদি সংগঠনে গা কৰি উঠিছে আৰু বতৰ্মানেও বহু নামী-বেনামী আহোম সংগঠনে মূৰ দাঙি উঠিছে। এই সংগঠনবোৰৰ উদ্দেশ্যে হৈছে নিজ নিজ পৰিসৰৰ ভিতৰত তাঈ আহোমৰ কল্যাণ সাধন। এই যুগটো ১৮৯৩ চনৰ পৰা বতৰ্মানলৈকে চলি আছে আৰু অবিৰাম গতিত চলি থাকিব।

) হিন্দুকৃত যুগ-চু-হন ক্লা’-‘হিন্দু আইন’ আৰু ‘মুছলমান কানুন’ ভাৰতবষৰ্ত বতৰ্মানে প্ৰচলিত হৈ আছে। Hindu Law as administered by the Courts of India is applied to Hindus in some matters only, namely, Marriages, Adoption, Inheritance, Succession, etc. In other matters, it has been replaced by various legislative enactments. It is in this narrow sense that the term ‘Hundu Law’ is understood now. Hindu Law is of much wider application that its name suggests. This may be inferred from the Notes to Clause 2 of the Hindu Code Bill which is as follows :- ‘At present Hindu Law applies : (I) to the Hindus by birth, and also to Hindus by religion; that is to say to converts and reconverts to Hinduism, (II) to illegitimate Children where both parents are Hisndus, (III) to illegitinmate children where the mother is a Hindu and the children are brought up as Hindus, (IV) to Brahos, Arya Samagist, Lingayats and to persons who may have deviated from orthodox standards of Hinduism in matters of diet and ceremonial observances and to every other person who may be regarded as Hindu unless he can show some valid local, tribal, or family custom to the contrary and (V) to Jains, Sikhs and Buddhists’ তাই আহোমে হিন্দুৰ অখাদ্য যেনে গৰু, গাহৰি, গৰুৱা মাছ, কেকোৰা আৰু হিন্দুৰ বাবে গেনা খাদ্যসমূহ খাইছিল আৰু খাই আছে। তাঈ আহোমৰ ceremonial observances প্ৰায়বোৰেই হিন্দু বোৰতকৈ পৃথক। সবৰ্ভাৰতীয় প্ৰথাবোৰতকৈ তাঈ আহোমৰ অসমত (Local) প্ৰচলিত প্ৰথাবোৰ বেলেগ। ভাৰতীয় সংবিধানত অনুসূচিত নহ’লেও আহোমৰ পৰিয়াল প্ৰথাবোৰ হিন্দুবোৰতকৈ বহুত বেলেগ। সেই বাবে হিন্দু আইনখন আহোমত প্ৰযোজ্য নহয়।

দ্বিতীয়তে হিন্দু আইনখনৰ উৎস হ’ল

(১) চাৰিবেদ (বা শ্ৰুতি)

(২) স্মৃতি। স্মৃতিৰ ভিতৰত পৰে

(ক) মনুৰ লিখনি

(খ) যজ্ঞৱাল্‌ক্যৰ লিখনি

(গ) নাৰদৰ লিখনি ইত্যাদি।

তাঈ আহোমৰ পেঞ্‌-কা-কা, পুৰাতাত্বিক লিখনিসমূহ বুৰঞ্জী আদি হিন্দু আইনৰ উৎস নহয়। সেয়েহে ‘হিন্দু আইন’ ‘আহোমৰ আইন’ কোনোপধ্যেই হ’ব নোৱাৰে। তথাপি ১৮৬০ খৃস্তাব্দত ivil Procedure Code অসমত প্ৰয়োগ কৰা হ’ল আৰু সমগ্ৰ তাঈ আহোমৰ ওপৰত কম্বল জাপন দিয়াৰ দৰে ‘হিন্দু আইন’খন জাপি দিয়া হ’ল। ফলস্বৰূপে সাংবিধানিকভাৱে তাঈ আহোমসকল ‘হিন্দু’ হ’বলৈ বাধ্য হ’ল যদিও যথাৰ্থতে তেখেতসকল হিন্দু নহয়। তাঈ আহোমসকলে জাতীয় ধৰ্ম পূৰ্বপুৰুষৰ পূজাহে মানে। কিন্তু তাঈ আহোমক বলপূবৰ্ক হিন্দু কৰা হ’ল। এইটো হ’ল তাঈ আহোমৰ ‘হিন্দুকৃত যুগ।’

) পক্‌-ফান্‌-তাঈ যুগ’-আজিৰ পৰা প্ৰায় ২৫ বছৰৰ আগৰ পৰা তাঈ আহোমৰ মাজত এটা নতুন যুগৰ অৱতাৰণা হৈছে। সেইটো হৈছে ‘পক্‌-ফান্‌-তাঈ’ অৰ্থাৎ ‘তাঈ জাতিলৈ ঘূৰি আহা।’ যিবিলাক মানুহে তাঈ আহোমৰ জাতীয় ধৰ্ম অৰ্থাৎ ‘পূৰ্ব পুৰুষৰ পূজা’ এৰি থৈ অন্য ধৰ্মত সোমাইছিলগৈ আৰু যিসকল তাঈ আহোমৰ লোক ‘ফান্‌-ছুম্‌’ হৈ হেৰাই গৈছিল সেইসকলক ‘তে-তে-তে’ কৰি নিজ ধৰ্মলৈ ঘূৰাই অনা হৈছে। Motto টো হৈছে we Revive we survive; ‘পক্‌ ফান্‌ তাঈ ছং-লুং-ফাই’ ‘ৰাও পক্‌ পাই ৰাও চি দাই।’ হু-পাৎ-ছি পৰা আৰম্ভ কৰি তাঈ মানুহৰ পাৰম্পৰিক খাদ্য খাৱন, পোচাক পৰিধাৰণ, তাঈ ভাষাৰ শিক্ষা গ্ৰহণ, তাঈ আহোমৰ প্ৰাচীন পুথি-বুৰঞ্জী পঠন যোগে ‘অসমীয়া আহোমক’ প্ৰকৃত তাঈ আহোমকৰণ এই যুগৰ লক্ষ্য। ‘আহোম আহোম হওক।’ উঠি অহা চামে এইবোৰ গ্ৰহণ কৰিছে, social media যোগে প্ৰচাৰ কৰিছে তথা খ্বন্‌ মৗঙৰ দৰে ই-আলোচনীৰ যোগেৰে এইবোৰৰ প্ৰসাৰ আৰু প্ৰচাৰৰ চেষ্টা কৰিছে। এতিয়া আমাক লাগে এখন Tai Ahom Civil Law বাThe Ahom Law; আইনজীৱি কোনোবাই হয়তো এই প্ৰচেষ্টা হাতত লব।

উৎস: তাই আহোম উন্নয়ন পৰিষদ

শেহতীয়া উন্নীতকৰণ: : 3/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate