নিউট্ৰেলা বা চয়াবিনখিনি বনোৱাৰ আগতে অলপ সময় উতলা পানীত ডুবাই ৰাখিব। অলপ পিচত কুমলি যোৱা চয়াবিনবোৰ বাটি এটাত লৈ বেচনৰ লগত পিটিকি ল’ব। পিঁয়াজ কুটা, আদা কুটা, জলকীয়া কুটা, নিমখ আৰু হালধিও লগতে দি সানিব। এখন কেৰাহীত অলপ ৰিফাইন তেল ঢালি সৰু চামুচেৰে এচামুচ এচামুচকৈ ফুলৰিৰ মিশ্ৰণবোৰ তেলত দি ৰঙচুৱাকৈ ভাজিব। সন্ধিয়া আদা দিয়া ৰঙা চাহৰ লগত পৰিৱেশন কৰিব।
লেখিকা: শিল্পীকা ৰাজগুৰু।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
আদা
আদা
আদা খেতিৰ কীট-পতঙ্গ আৰু বেমাৰৰ সমন্বিত নিয়ন্ত্রণ
আদা সংৰক্ষণ