নিমখ আৰু হালধি সানি মাছ কেইটুকুৰা প্ৰথমতে ভালদৰে ভাজি লওক। ভজা হৈ যোৱাৰ পিছত ৰৈ যোৱা তেলখিনিত প্ৰথমতে অকণমান হালধি দিয়ক। এতিয়া পিঁয়াজখিনি কিছু ৰঙচুৱা হোৱাকৈ ভাজি লওক। কাজু বটা, মগজ বটা, আফুগুটি বটা, জীৰা-ধনিয়া বটা, জলকীয়া বটা, আদা-নহৰু বটাখিনি অকণমান পানী ছটিয়াই ৰঙচুৱা হোৱাকৈ ভাজি লওক। ভাজি থাকোতে আধা চামুচ চেনি দিয়ক। বাদামী বৰণ ল’বলৈ ধৰিলে টমেট’ চচ আৰু আৰু চয়াচচখিনিও দি লৰাই থাকক। কিছু সময় পিছত গাখীৰখিনি ঢালি দিয়ক। উতলি অহা যেন হ’লে দুই মিনিট পিছত মাছকেইটুকুৰা তাত পেলাই দি জোখমতে পানী দি ঢাকনি মাৰি গেছটো চিমত থৈ দিয়ক। যেতিয়া লাহে লাহে মাছৰ জোলখন ঘন হৈ আহিব তেতিয়া গৰম মচলাৰ গুড়িখিনি দি দিয়ক। আধা কাপ পানী দি পুনৰ মাছৰ জোলখন উতলিবলৈ দিয়ক। উতল আহিলে গৰমে গৰমে সোৱাদ লওক।
লেখিকা: মধুস্মিতা চক্ৰৱৰ্ত্তী, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 12/22/2018
আলংকৰিক মাছৰ ব্যৱসায়েৰে স্বাৱলম্বী পাৰ্থৰথি হাজৰিক...
অসমীয়া সমাজ-সংস্কৃতিত মাছ
অসমৰ থলুৱা আলংকাৰিক মাছৰ চাহিদা
কচুঁশাকৰ লগত মাছৰ জালুকীয়া আঞ্জাৰ প্ৰস্তুত প্ৰণালী