অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বগেজাৰী গীত বা বহুৰঙী গীত

বগেজাৰী গীত বা বহুৰঙী গীত

লোক-স্ংস্কৃতিত অতি চহকী ৰাভাসকল। প্ৰতিটো খেলৰ মাজত প্ৰচলিত গীত, নৃত্য, আচাৰ-অনুষ্ঠানৰ কিছু পাৰ্থক্য দেখিবলৈ পোৱা যায়। তেওঁলোকৰ ফাৰকান্তি হাছাং পূজা, মাৰৈ পূজা, পাংবা পূজা, পাউৰা দেউ আদি পূজা, ছাথাৰ গীত, নুথাৰেংকায় চায় আদি বিভিন্ন গীত আৰু অনুষ্ঠান প্ৰচলিত হৈ আছে। পাতিৰাভাসকলৰ বিভিন্ন আচাৰ অনুষ্ঠান, পূজা-পাৰ্বণ আছে তাৰে ভিতৰত বগেজাৰী গীত আৰু নৃত্য অন্যতম। এই গীতবোৰ ‘ৰাভামিজ’ ভাষাত ৰচিত। এসময়ত পাতিৰাভাসকলৰ নিজস্ব ভাষা আছিল, কিন্তু তেওঁলোকে বিভিন্ন অসমীয়া জাতি জনগোষ্ঠীৰ মাজত ভাষাৰ বিনিময় কৰাৰ স্বৰুপে তেওঁলোকৰ নিজস্ব ভাষা লোপ পায়। এই বগেজাৰী গীতক ‘বহুৰঙী গীত’ বুলিও কোৱা হয়। ই প্ৰধানকৈ কৃষিকেন্দ্ৰিক উতসৱ। বগেজাৰী গীতবোৰত কৃষক, দাৱনী, ডেকা-গাভৰুৰ প্ৰণয়, বিষাদ, ৰ্ং-ধেমালিৰ লগত ৰাভা সমাজৰ জীৱনৰ সুন্দৰ প্ৰতিচ্ছবি প্ৰকাশ হোৱা দেখা যায়।

এইবোৰ প্ৰধানকৈ তিৰোতা সমাজৰ গীত। অৱশ্যে পিছলৈ ইয়াক পুৰুষেও গোৱা হ’ল। বগেজাৰী গীতৰ স্ৰষ্টা কোন জনা নাযায় যদিও দুটা জনশ্ৰুতি পোৱা যায়-

  • মনসা কবি মনকৰৰ পত্নীৰ নাম আছিল বগ। কিন্তু মনকৰৰ লগত তেওঁৰ বিচ্ছেদ ঘটিছিল আৰু এই বিৰহৰ পৰিণতিয়েই বগেজাৰী গীতৰ সৃষ্টি কৰিছিল। এই গীতবোৰ ‘বগে বাই’-এ ৰচনা কৰি নিজে সুৰ দি গাইছিল বাবে নিজৰ নামেৰেই এই গীতবোৰৰ নাম ‘বগেজাৰী গীত’ ৰাখিছিল।
  • গোৱালপাৰা-গুৱাহাটীৰ মাজত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বামুণীগাঁৱৰ ওচৰতে ‘বগে’ নামৰ এখন সৰু গাঁও আছে। পূৰ্বতে এইখন এখন সৰু ৰাজ্যহে আছিল। এই ৰাজ্যখনতে ‘বগেজাৰী’ নামৰ এগৰাকী মহিলা আছিল। প্ৰথমতে এই মহিলা গৰাকী আছিল কিছু উদাস আৰু জধলা ধৰণৰ, সেইবাবেই সকলোৱে তেওঁক জাৰী বুলি মাতিছিল। বগে ৰাজ্যৰ কন্যা হোৱা বাবে নাম হ’ল বগেজাৰী। এই বগেজাৰীয়েই হেনো অসমৰ প্ৰথম মহিলা গিতিকাৰ আৰু সুৰকাৰ। কিংবদন্তী অনুসৰি অসমত প্ৰথম বজাৰ পাতিছিল বগেজাৰীয়েই। বগেজাৰী নৃত্য আৰু গীতত বিভিন্ন বাদ্য ব্যৱহাৰ কৰা হয়। ঢোল, পেপা, ডুণ্ডৰী, থৰকা, খুটিতাল আদি ব্যৱহৃত হয়।

পাতিৰাভাসকলে বগেজাৰী নৃত্যত খুব মাৰ্জিত পোছাক পৰিধান কৰে। মহিলাসকলে এই মেখেলাৰ ৰ্ং আফুফাং নামৰ এবিধ গছৰ পাতৰ পৰা তৈয়াৰ কৰিছিল। এই সাজপাৰৰ কিছু তাৰতম্য অঞ্চলভেদে দেখা পোৱা যায়। মহিলাসকলৰ নৃত্য প্ৰদৰ্শনৰ সময়ত চুলি বন্ধা থাকে। বগেজাৰী নৃত্যত মহিলাসকলেই প্ৰধান যদিও পুৰুষসকলেও এই নৃত্যত অংশগ্ৰহণ কৰে। পুৰুষে বগা গেঞ্জী আৰু আঁঠুৰ ওপৰত গামোচা পিন্ধে আৰু মূৰত গামোচাৰ পাগ মাৰে।

এই গীতবোৰৰ ৰচনাশৈলী ছন্দোময়, ভাব অৰ্থব্যঞ্জক আৰু প্ৰণয়যুক্ত। গীতৰ সুৰ বিহুসুৰীয়া।

‘আকাশত তৰা নাই

জোন দেখ্ং পুৱা।

মনে চিতে নিমিলিলে

দেহা নকৰ্ং চুৱা।’

পাতিৰাভাসকলৰ এই গীতবোৰ বিবাহ, শ্ৰাদ্ধ, উতসৱ-পাৰ্বণত গাই নৃত্য কৰি নিজৰ ভাব-অনুভূতিবিলাক ইয়াত প্ৰকাশ কৰিছিল। সম্প্ৰতি এই গীতবোৰ পাতিৰাভাসকলৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই, অসমৰ ভিন্ন জাতি তথা বাৰেবৰণীয়া স্ংস্কৃতিত স্থান পাবলৈ সক্ষম হৈছে। এই বগেজাৰী গীতবোৰ কেৱল বগেজাৰীয়েই যে ৰচনা কৰিছিল তেনে নহয়, ইয়াৰ পিছতো বহুতো লোকেই এই বগেজাৰী গীতবোৰৰ ৰচনা কৰিছিল-

বগেজাৰী বাই অ’

তোৰে গিত খাং…

সকল জাতি মদ খায়

ৰাভাৰ উঠে নাং।‘

এই গীতবোৰে দুখীয়া নিচলাৰ এখন চিত্ৰ জল্‌জল্‌-পট্‌পট্‌কৈ দাঙি ধৰিবলৈ সক্ষম হয়। যেনে-

‘ৰাছিয়া কাঠাল মুঠিয়া

অলাই চকুৰ পানী

আমি দুখীয়া

বা

ধুতী লেম লেম

কোন দেশৰ হাকিম

আমাৰ ফালে নাহিবি

চকু টিপাই ৰাখিম।’

পাতিৰাভাসকলৰ ঘৰ-জোঁৱাই ৰখা প্ৰথাৰ কথা এই গীতত আছে-

‘ভীমকলৰ পাত পাচ্‌লি

মালভোগ কলৰ পুলি

বাটে পথে বেবাই ফুৰোং

ভাঙয় ৰাখক বুলি।’

এই গীতত বিহুমূলক গীতো থকা দেখা যায়-

‘বাটেৰে গুইলন টেঙা

গুটি চেৰেক্‌চেক

মন খাবাৰ বুধিতে

হাঁহে মেচেক্‌চেক।’

ৰাভা যুৱতীৰ ৰুপ গুণমূলক গীতো আছে-

‘লাঙা মাৰাৰ আগতে

ৰাভা বাহেবা

মানুহ হ’ল চিকুন-চাকান

চুলি নাইকা।

বিৰহ-বেদনামূলক বগেজাৰী গীতো থকা দেখা যায়-

‘লুধুধুম কি বোলা ললং

দাৰু বুটাশিল

মন খাবা আপী গোটা

আমাক এৰা দিল’

ঢোকা ৰখাৰ কথাও এই গীতত প্ৰকাশ নোপোৱা নহয়-

‘শালপাত কাঁচেৰাং

নল বাঁহৰ হোকা

আমাৰ ফালে নাহিবি

ৰাখি থম ঢোকা।’

পছন্দমূলক গীতো নথকা নহয়-

‘চৰু হাৰু উদংদাং

পৰি আছে চিকা

কানিয়া ভাটাৰ নবহং

সোণা যাব বিকা।’

পাতিৰাভাসকলৰ সহজ-সৰল জীৱনৰ সজীৱ ছবি বগেজাৰী গীতত আছে। এই ৰাভাসকলৰ সমাজজীৱন অতি সহজ সৰল আছিল বাবে তেওঁলোকৰ মাজত উচ্চ-নীচ, ধনী-দুখীয়াৰ প্ৰভাৱ নাছিল। এই গীতসমূহৰ মাজেৰে পাতিৰাভাসকলৰ সমাজজীৱনৰ চিত্ৰ অতি সুন্দৰ ৰুপত ফুটি উঠিছে।

বগেজাৰী গীত্ত মস্কৰা, ঠাট্টা আদি কথাও পোৱা যায়-

‘বেং কান্দে তোৰৰৎ

চাপাৰা মাটিৰ তলত

চিকুণ আপীৰ ছানা কান্দে

চিৰা কেথাৰ তলত।’

এই বগেজাৰী গীতবোৰ প্ৰায় পুৰণি কালৰেপৰাই পাতিৰাভাসকলৰ মুখে মুখে প্ৰচলন হৈ আহিছিল বুলি কিংবদন্তিত পোৱা যায়। ১৪ শতিকাৰ শেষৰ ফালে বগে ৰাজ্যৰ বগেজাৰীয়ে এই গীতবোৰক ৰচনা কৰি নতুন ৰুপেৰে সজ্জিত কৰি চহা ৰাইজৰ মাজত মেলি দিছিল। এইসমুহে পাতিৰাভাসকলৰ ৰাভা স্ংস্কৃতিক এক অনন্য ৰুপ দিছে।

উজ্জিৱন কুমাৰ দত্ত, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate