অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খেলৰ কিছু কথা

(১) পৃথিৱীৰ বৃহত্তম ষ্টেডিয়ামখন৷

পৃথিৱীৰ বৃহত্তম ষ্টেডিয়ামখন আছে ব্ৰাজিলত ৷ নাম মাৰাকানা মিউনিচিপেল ষ্টেডিয়াম (maracana municipal stadium) ৷ ইয়াত ২,০৫,০০০ জন দৰ্শক সেমাব পাৰে, ১,৫৫,০০০ লোকে বহিব পাৰে ৷ ১৯৫০ চনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ এই ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল ৷ ১৯৫০ চনৰ ১৬ জুলাইত এই ষ্টেডিয়ামত ব্ৰাজিল বনাম উৰুগুৱেৰ ফাইনেল খেল চাবলৈ ১,৯৯,৮৫৪ জন দৰ্শকৰ সমাৱেশ হৈছিল ৷ এই অভিলেখ আজিও অম্লান৷

(২) হকিৰ যাদুকৰ ধ্যানচান্দৰ মহিমা৷

১৯৩২ চনত লছ এঞ্জেলছ অলিম্পিকত ভাৰত আৰু আমেৰিকাৰ হকি মেছৰ ঘটনা এইয়া ৷ ধ্যানচান্দৰ পৰাক্ৰমত হাফ টাইমতেই ভাৰত আগবাঢ়ি গ’ল ১৮-০ গ’লত ৷ তেনেতে আমেৰিকাই এটা প্ৰস্তাৱ দিলে প্ৰতিপক্ষক ৷ খেলখনত আমেৰিকাই পৰাজয় স্বীকাৰ কৰিছে, কিন্তু বাকী থকা সময়কণ ধ্যানচান্দক আমেৰিকাৰ হৈ খেলিবলৈ দিব লাগে ৷ এই প্ৰস্তাৱত ভাৰত ৰাজী হ’ল ৷ খেলখনত ভাৰতে ১৭-১ গ’লত জয়ী হ’ল ৷ আমোদজনক কথা হ’ল আমেৰিকাৰ হৈ একমাত্ৰ গ’লটো দিলে ধ্যানচান্দে৷

(৩) ডট বল কেনেকৈ আহিল ?

ক্ৰিকেট খেলত যিটো বলত বেটচমেনে কোনো ৰাণ কৰিব নোৱাৰে সেই বলটোক কোৱা হয় ডট্ বল ৷ কিয় জানেনে ? স্ক’ৰশ্বিটত সেই বলটোৰ বিপৰীতে এটা বিন্দু বা ডট্ দিয়া হয় ৷ সেই কাৰণে ইয়াক কোৱা হয় ডট্ বল৷

(৪) এদিনতে দুটা ইনিংছ সমাপ্ত৷

টেষ্ট ক্ৰিকেটত একেদিনাই দুয়োটা ইনিংছত সকলো খেলুৱৈ আউট হোৱা ভাৰত হ’ল একমাত্ৰ দেশ৷ ১৯৫২ চনৰ ১৯ জুলাইত অল্ড ট্ৰেফৰ্ডত ইংলেণ্ডে ভাৰতক এদিনতে দুবাৰ (ক্ৰমে ৫৮ আৰু ৮২ ৰাণত) অল আউট কৰিছিল৷ সেইদিনা মুঠ ২২ টা উইকেটৰ পতন ঘটিছিল৷ ইংলেণ্ডে এক ইনিংছ ২০৭ ৰাণত জয়ী হৈছিল৷ ভাৰতৰ দুয়োটা ইনিংছ শেষ হবলৈ সময় লাগিছিল ৩ ঘণ্টা ৫৫ মিনিট৷ ই এক বিশ্ব ৰেকৰ্ড৷

(৫) দুখন দেশত একেখন খেল!

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মেক্সিকোৰ কোচিছি আৰু ছেনেৰা নামৰ দুখন চৰহত ভলীবল খেল বেছ জনপ্ৰিয়৷ এই দুইখন চহৰত একেলগে, একেখন খেল অনুষ্ঠিত হয়৷ কেনেকৈ? দুয়োখন চহৰ ওচৰা-ওচৰি৷ খেলখনৰ আধা অংশ কোচিছিত পৰে আৰু আধা পৰে ছেনেৰাত৷ এই খেলৰ বাবে আকৌ নেটখন তৰা হয় আমেৰিকা আৰু মেক্সিকো দেশৰ ঠিক আম্তৰ্জাতিক সীমাৰেখাৰ ওপৰত৷

(৬) টেষ্ট মেছৰ শূন্যত সৰ্বাধিক আউট৷

টেষ্ট ক্ৰিকেটৰ কোনো ৰাণ হোৱাৰ আগতেই (শূন্য ৰাণত !) সৰ্বাধিক উইকেট হেৰুৱাইছে ভাৰতে৷ ১৯৫২ বৰ্ষত ইংলেণ্ডৰ বিৰুদ্ধে হোৱা এখন টেষ্টত ভাৰতে কোনো ৰাণ সংগ্ৰহ কৰাৰ পূৰ্বেই চাৰিটা উইকেট হেৰুৱাইছিল৷ টেষ্ট মেছৰ ইও এক অভিলেখ৷

লিখক: কিৰণ খনিকৰ

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate