স্পৰ্শৰ জৰিয়তে প্ৰকৃতিৰ বিষয়ে জানিবলৈ উৎসাহ দিয়া।
প্ৰতিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে একোটাকৈ শিল বা শিলগুটি বিচাৰি ল’ব। দুই মিনিটমান শিলগুটিটো লিৰিকি বিদাৰি চাব। তাৰ পিচত প্ৰতিটো শিলগুটিতে একোটা চিন দিব, যেনে নীলা বৰ্গ, ৰঙা ত্ৰিভুজ আদি।
শিলগুটিবোৰ ছাত্ৰছাত্ৰীসকলে দলপতিৰ হাতত জমা দিব। তেওঁ সেইবোৰ মিহলি কৰি পুনৰ ভগাই দিব। ইতিমধ্যে বাকী ছাত্ৰছাত্ৰীবোৰৰ চকু বান্ধি ল’ব নাইবা তেওঁলোকে চকু মুদিবও পাৰে। প্ৰতিজন ছাত্ৰছাত্ৰীয়ে তেওঁক দিয়া শিলগুটিতো ছুই চাব। শিলগুটিতো যদি তেওঁ আগতে লোৱাটো নহয়, তেন্তে সেইটো তেওঁৰ বাওঁফালৰজনক দি দিব। এনেকৈ গৈ থাকিব, যেতিয়া তেওঁৰ নিজৰ শিলগুটিতো হাতত পৰিব তেওঁ খেলৰ পৰা আঁতৰি যাব।
যদি শিলগুটি চিনি পাবলৈ সময় বেছি ল’ব খোজে, তেন্তে তেওঁলোকক স্পৰ্শৰদ্বাৰা সহজতে চিনিব পৰা বিশেষ ধৰণৰ শিলগুটি বাছি ল’বলৈ দিব লাগে।
উৎস: শিকাৰ আনন্দ।
শেহতীয়া উন্নীতকৰণ: : 6/19/2020
অকণিৰ বিজ্ঞানৰ খেল
ছাঁৰ খেল
খেলৰ কিছু কথা
বগেজাৰী গীত বা বহুৰঙী গীত