নতুন ম’বাইল ফোন কিনাৰ আগতে অনলাইনত পৰীক্ষা কৰি লওক মোবাইলটো আচল নে নকল
আপুনি নিশ্বয় জানে যে, চীন দেশৰ পৰা উৎপাদিত হোৱা বহুত ম’বাইল ফোন যিকোনো প্ৰতিষ্ঠিত ম’বাইল ফোন কম্পেনীৰ নামত বিক্ৰী হৈ আছে। গোটেই বিশ্বতেই এনে ফোনবোৰ বিয়পি পৰিছে। আমি বহুতেই আচলতে ইউৰোপকে ধৰি অন্যান্য দেশৰ পুৰণি ম’বাইল কিনিব লগা হয়। কিন্তু বজাৰত এনে কিছুমান ম’বাইল পোৱা যায় যিবোৰ দেখাত প্ৰতিষ্ঠিত কোম্পানীৰ ম’বাইল ফোনৰ দৰেই কিন্তু প্ৰকৃততে নকলি ম’বাইল। তেতিয়াহ’লে আপুনি প্ৰকৃত ম’বাইলটো কেনেকৈ চিনি পাব। এই সমস্যা সমাধান কৰিবলৈকে আমি তলত কেইটামান পদ্ধতি আপোনালৈ আগবঢ়ালোঁ:
এই পদ্ধতিকেইটা ব্যৱহাৰ কৰি আপুনি ইন্টাৰনেটৰ যোগেৰে সহজেই বুজি পাব যে আপুনি কিনিব বিচৰা ম’বাইলটো প্ৰকৃত নে নকলি
অনলাইনত প্ৰকৃত/নকল ম’বাইল চিনাক্ত কৰাৰ উপায়:
১) প্ৰথমে imei.info ৱেবচাইটো খুলক আৰু আপোনাৰ ম’বাইলত *#06# টিপক।
২) আপুনি এটা কোড (imei)দেখিবলৈ পাব। অথবা ম’বাইল ফোনৰ বাকচৰ ওপৰতো এই imei নম্বৰটোও পাব পাৰে।
৩) সেই নম্বৰটো imei.info ৰ ৱেবচাইটত থকা কোডত লিখক আৰু check বুটামত ক্লিক কৰক।
৪) লগে লগে আপোনাৰ ম’বাইলৰ বিৱৰণ তাত দেখা পোৱা যাব। যেনে: ম’বাইলটো কেতিয়া বজাৰলৈ মুকলি কৰা হৈছে, কোন কোম্পানীয়ে উক্ত ম’বাইলটো বজাৰলৈ উলিয়াইছে সেই তথ্যৰ লগতে আন বহুবোৰ তথ্য আপুনি লাভ কৰিব।
৫) আপুনি যদি iPhone কিনিবলৈ বিচাৰিছে তেন্তে iPhone eimei.info ৱেবচাইটটো খুলি একেধৰণে EMI নম্বৰ পৰীক্ষা কৰি চাব পাৰে।
উৎস: ইন্টাৰনেট।
শেহতীয়া উন্নীতকৰণ: : 6/22/2020
নকল বা কৃত্ৰিম কণী চিনাক্ত কৰাৰ দহটা সহজ কিটিপ
মোবাইল ফোন আৰু স্বাস্থ্য
মোবাইল ফোন কেন্সাৰৰ কাৰক নহয়
আচল বনাম অচল শিক্ষা : সামাজিক প্ৰতিফলন আৰু কিছু অন...