গতিকে এতিয়া নিদ্ৰামগ্ন হৈ থকা অৱস্থাৰ বাদে অন্য যিকোনো কাম কৰি থকা সময়তে মোবাইল ফোনৰ জৰিয়তে কথোপকথনত লিপ্ত হ’ব পৰা সম্ভৱপৰ হৈছে| পৰিস্থিতিৰ বৈপৰীত্য দেখিলে সচাকৈয়েই বিস্ময়ত হতবাক হ’বলগীয়া অৱস্থা হৈছে বুলিব লাগিব| কাৰণ ২০০১ চনত মই ডিব্ৰুগড়ত চাকৰি থকা অৱস্থাত মোৰ পৰিয়ালৰ অতি প্ৰয়োজনীয় খবৰো নিশা এক নিৰ্দিষ্ট সময়ৰ পাছতে পোৱাৰ কোনো উপায়েই নাছিল| মোবাইল ফোন অবিহনে আধুনিক জীৱন যাত্ৰা যেন অচল| শেহতীয়া তথ্য অনুযায়ী পৃথিৱীৰ ৪০০ কোটি মানুহে মোবাইল ফোন ব্যৱহাৰ কৰে| তদুপৰি আমাৰ দেশতেই হেনো বিশ্বৰ ভিতৰত সৰ্বাধিকসংখ্যক মোবাইল ফোন আছে| আন এক সমীক্ষালব্ধ তথ্য অনুযায়ী ভাৰতৰ মেট্ৰো মহানগৰী বোৰৰ বাসিন্দাসকলে গড় হিচাপে প্ৰতি সপ্তাহত ৭ ঘণ্টাকৈ মোবাইল ফোনৰ জৰিয়তে কথা পাতে আৰু ৫৬ টাকৈ মেছেজ আদান-প্ৰদান কৰে| গতিকে অৱধাৰিত ভাৱেই আমাৰ দেশখন বিভিন্ন সৰু-বৰ মোবাইল কোম্পানীৰ বাবে ‘কামধেনু গাইৰ’ লেখীয়া হৈছেগৈ| এতিয়া কথাষাৰ হৈছে যে বিজ্ঞানৰ অন্যান্য অৱদানবোৰৰ দৰে ইয়াৰো নানা অপকাৰিতা আছে আৰু মানৱ স্বাস্থ্যৰ ওপৰত এনে কু-প্ৰভাৱ পৰিব পাৰে| এনে ধৰণৰ কু-প্ৰভাৱ ঘাইকৈ তিনিটা দিশৰ পৰা বিবেচনা কৰিব পাৰি:-
১) মোবাইল ফোনৰ পৰা নিৰ্গত ৰেডিয়েচন|
২) মানুহৰ কোষীয় পৰ্যায়ত ইয়াৰ কু-প্ৰভাৱ হেতুকে ডি এন এৰ ক্ষতি| আৰু
৩) কৰ্কট ৰোগ সৃষ্টিৰ শংকাগ্ৰস্থতা|
অত্যাধুনিক বিশ্বৰ প্ৰতিজন নাগৰিকেই মোবাইল ফোন ব্যৱহাৰ কৰক বা নকৰক এখন ৰেডিয়েচনৰ সাগৰত যেন সাঁতুৰিহে আছে| এইখিনিতে এষাৰ কথা উল্লেখ কৰা নিতান্তই প্ৰাসংগিক হ’ব যে কৰ্কট ৰোগ সৃষ্টিকাৰী উচ্চ কম্পনাংকযুক্ত ৰঞ্জন ৰশ্মি নিৰ্গমণকাৰী এক্স-ৰে’, গামা ৰে’ আদিৰ তুলনাত মোবাইল ফোনৰ ৰেডিয়েচনৰ মাত্ৰা নিচেই নগণ্য| আনকি এচাম বিশেষজ্ঞৰ মতানুযায়ী মোবাইল ফোনৰ পৰা নিৰ্গমণ ঘটা ৰেডিয়েচনৰ জৰিয়তে কৰ্কট ৰোগ সৃষ্টিৰ কোনো শংকা নাই| গতিকে এই ক্ষেত্ৰত বিতৰ্কৰ অৱকাশ আছে| দীৰ্ঘকালীন সমীক্ষাৰ জৰিয়তেহে এই সন্দৰ্ভত থিৰাংকৈ জানিব পৰা যাব| এই শেষৰ বাক্যশাৰী চিকিৎসা বিজ্ঞানৰ দিশৰ পৰা এইবাবেই গুৰুত্বপুৰ্ণ যে স্বাস্থ্যৰ ওপৰত মোবাইল ফোনৰ কু-প্ৰভাৱ বোৰৰ বিষয়ে কৰা সমীক্ষা বোৰ ৩-৫ বছৰ লৈকে চলোৱা হৈছে যদিও অন্তত: ১০-১৫ বছৰ সময়জোৰা সমীক্ষাৰ নানা কাৰণবশত: বাৰুকৈয়েই আৱশ্যক| পিছে মোবাইল ফোনৰ এক অন্যতম অপকাৰিতা পৰিলক্ষিত হয় যৌন শক্তি তথা যৌন জীৱনৰ ক্ষেত্ৰত| পুৰুষ আৰু নাৰী উভয়ৰে ক্ষেত্ৰত এই কু-প্ৰভাৱ দেখা দিয়ে| পুৰুষৰ ক্ষেত্ৰত উৰ্বৰতা কমিব পাৰে| আনহাতে গৰ্ভৱতী নাৰী আৰু শিশুৰ বিকাশত বাধাগ্ৰস্ততা দেখা দিব পাৰে| মাত্ৰাধিক ভাৱে মোবাইল ফোন ব্যৱহাৰ কৰিলে নাৰী আৰু শিশুৰ ক্ষেত্ৰত আচৰণজনিত পৰিৱৰ্তন দেখা দিব পাৰে| অন্যান্য কু-প্ৰভাৱ বোৰৰ ভিতৰত উল্লেখনীয় হৈছে- মনোযোগহীনতা, স্মৃতিশক্তি হ্ৰাস, উদ্বিগ্নতা আৰু শিক্ষা লাভৰ ক্ষেত্ৰত অসামৰ্থ্য| গতিকে যিকোনো সাধাৰণ জ্ঞান সম্পন্ন মানুহেই এইষাৰ কথা অনুধাৱন কৰিবলৈ সক্ষম হ’ব যে মৰম-চেনেহৰ বানত উটি-বুৰি গৈ অভিভাৱকসকলে দিয়া মোবাইল ফোনে শিশুটিৰ স্বাস্থ্যৰ ক্ষতি সাধিব পাৰে| মোৰ এগৰাকী অন্তৰংগ বন্ধু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অস্থি শল্য চিকিৎসা বিভাগৰ সহযোগী অধ্যাপকৰুপে কাম কৰিছিল| এদিনাখন কথা প্ৰসংগত তেওঁ মোক এনে এটা ঘটনাৰ বিষয়ে ক’লে যিয়ে মোৰ মনত বাৰুকৈয়েই প্ৰভাৱ পেলালে| এই চিকিৎসক গৰাকীৰ কন্যা বৰ্তমানেও গুৱাহাটীৰ এখন অভিজাত স্কুলৰ ছাত্ৰী য’ত নেকি শ্ৰেণীত পাঠদানৰ সময়ছোৱাত মোবাইল ব্যৱহাৰ নিষিদ্ধ| পিছে সেই নিষেধাজ্ঞা উলংঘা কৰা হেতুকে এগৰাকী ছাত্ৰীক শাস্তি বিহা হ’ল আৰু অভিভাৱকক সতৰ্ক কৰা হ’ল| কিন্তু অভিভাৱকে সেয়া আওকাণ কৰি শিক্ষয়িত্ৰী গৰাকীক ক’লে যে তেওঁৰ ‘আলাসৰ লাডুৰ’ মোবাইলটো কাঢ়ি নিলেও অন্য এটা মোবাইল কিনি দিবই| এতিয়া পঢ়ুৱৈ সকলে ধৰিব পাৰিছেই কেনেদৰে সেই আঢ্যবন্ত লোকজনে সন্তানৰ স্নেহত অন্ধ হৈ নিজৰ সন্তানৰ স্বাস্থ্যৰ ক্ষতি কৰিব খুজিছে| পিছে এইখিনিতে প্ৰাসংগিক ভাৱে উত্থাপিত বিষয়টো হৈছে যে- মোবাইল অবিহনে আধুনিক মানুহৰ জীৱনযাত্ৰাও অচল| অৰ্থাৎ ক’বলৈ গ’লে ই মানুহৰ জীৱনৰ অপৰিহাৰ্য তথা অত্যাৱশ্যকীয় অংশস্বৰুপ হৈ পৰিছে যাক নেকি ইংৰাজীত কোৱা হয় Necessary Evil| গতিকে আমি এনেধৰণৰ মোবাইল ‘হেণ্ডছেট’ ব্যৱহাৰ কৰিব লাগিব যিবোৰৰ নেকি স্বাস্থ্যৰ ওপৰত থকা নেতিবাচক প্ৰভাৱৰ মাত্ৰা তুলনামুলকভাৱে কম| চিকিৎসা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা এটা ভ্ৰাম্যভাষ (মোবাইল) হেণ্ডছেটৰ পৰা নিৰ্গত যিখিনি ৰেডিয়েচন শৰীৰে গ্ৰহণ কৰিবলৈ সক্ষম হয়| তাক ‘সুনিৰ্দ্দিষ্ট শোষণ নিৰিষ’ বোলে| বিভিন্ন দেশৰ চৰকাৰী স্বাস্থ্য বিভাগ সমুহে এই নিৰিষৰ সৰ্ব্বোচ্চ সীমা বান্ধি দিছে আৰু এইক্ষেত্ৰত তাৰতম্য নিশ্চয়কৈ আছে| যিকোনো ‘ব্ৰেণ্ডেড্’ ভ্ৰাম্যভাষ হেণ্ডছেটত এই নিৰিষৰ বিষয়ে উল্লেখ থাকে যদিও অন্যান্য কিছুমান ছেটত এই বিষয়ে কোনো তথ্য সন্নিবিষ্ট নাথাকিবও পাৰে| চিন্তাৰ বিষয়টো এইখিনিতেই উত্থাপিত হয়| কাৰণ আমাৰ দেশত এনে বিষয়ত বাধ্যবাধকতামূলক ভাৱে কোনো নীতি-নিয়ম প্ৰয়োগ হোৱা নাই| এই অচিলাতে চীনদেশৰ পৰা আমদানিকৃত এনে কেতবোৰ ‘নন ব্ৰেণ্ডেড্’ ভ্ৰাম্যভাষ হেণ্ডছেট ভাৰতীয় বজাৰ বোৰত ভৰি পৰিছে যিবোৰৰ নেকি মানৱ দেহত দেখা দিব পৰা স্বাস্থ্যজনিত প্ৰভাৱৰ বিষয়ে সন্দেহৰ অৱকাশ আছে| হেণ্ডছেটৰ ব্যৱহাৰ বিধি সম্বন্ধেও পঢ়ুৱৈ সকলক অৱগত কৰাৰ উদ্দেশ্যে নিম্নোক্ত দিশ কেইটাৰ ওপৰত আলোকপাত কৰিলো-
১) এবাৰত ১-২ মিনিটতকৈ বেছি সময় বাৰ্তালাপ কৰিব নালাগে|
২) নেটৱৰ্কবিহীন অৱস্থাত আমাৰ মাজৰ বহুতে নানা কৌশলেৰে (স্থিতি বা স্থান পৰিৱৰ্তন কৰি) ফোন কৰাৰ প্ৰয়াস কৰে যদিও এনে প্ৰয়াসৰ পৰা নিজকে বাৰণ কৰাই যুগুত| ইয়াৰ কাৰণ হৈছে যে এনে সময়ত ভ্ৰাম্যভাষৰ ছেটৰ পৰা তুলনামুলক ভাৱে বেছিকৈ ৰেডিয়েচন নিৰ্গত হয়|
৩) ফোনত কমকৈ কথা পাতি এছ এম এছ প্ৰেৰণৰ অভ্যাস কৰিব লাগে| তদুপৰি হেণ্ডছ ফ্ৰি কিটৰ ব্যৱহাৰ স্বাস্থ্যৰ পক্ষে বেছি নিৰাপদ|
৪) নিশাৰ ভাগত নিদ্ৰামগ্ন অৱস্থাত কেতিয়াও ভ্ৰাম্যভাষ শৰীৰৰ ওচৰে-পাঁজৰে ৰাখিব নালাগে|
ডা: মিহিৰ কুমাৰ গোস্বামী
শেহতীয়া উন্নীতকৰণ: : 6/15/2020
আহাৰ আৰু স্বাস্থ্য
অপকাৰী চৰ্বীৰ পৰা হাত সাৰিবলৈ
এৰবিক ব্যায়াম
অতিভোজনৰ ফলত হ’ব পৰা বিপদৰ বিষয়ে আলোচনা কৰা হৈছে।