অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ম’বাইল নেটৱৰ্কত চতুৰ্থ প্ৰজন্ম

ম’বাইল টেলিকমিউনিকেছন শেহতীয় সংস্কৰণ হ’ল 4g অৰ্থাৎ 4th Generation। এই ব্যৱস্থা সম্পূৰ্ণৰূপে ইন্টাৰনেট প্ৰট’কল ভিত্তিত এটা টেলিকমিউনিকেছন ব্যৱস্থা। ইয়াত গ্ৰাহকে ম’বাইলত তীব্ৰ গতিশীল ব্ৰডবেণ্ড ইন্টাৰনেট সেৱা উপলব্ধ কৰিব পাৰিব। 3g ম’বাইল নেটৱৰ্কত আৰু উন্নত কৰি 4g সংস্কৰণ প্ৰস্তুত কৰা হৈছে। এতিয়াও ভাৰতবৰ্ষৰ সকলো ঠাইত সম্পূৰ্ণৰূপে এই ব্যৱস্থা সাধাৰণ ৰাইজৰ ওচৰ চপা নাই যদিও এই ব্যৱস্থা সৰ্বাত্মক হ’লে ম’বাইল গ্ৰাহকসকলে এক আল্ট্ৰা ব্ৰডবেণ্ড ম’বাইল ইন্টাৰনেট সেৱা লাভ কৰিব পাৰিব।

4g ম’বাইলৰ বৈশিষ্ট্যসমূহ

২০০৮ চনৰ মাৰ্চ মাহত ইন্টাৰনেচনেল টেলিকমিউনিকেছন ইউনিয়ন, ৰেডিঅ’ কমিউনিকেছন চেক্টৰে 4g প্ৰযুক্তিৰ বাবে কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য বাধ্যতামূলকভাৱে নিৰ্ধাৰণ কৰি দিয়ে। ইয়াক ইন্টাৰনেচনেল ম’বাইল টেলিকমিউনিকেছন এডভান্স স্পেচিফিকেছন বুলি কোৱা হয়। 4g ম’বাইলৰ বাবে বাধ্যতামূলক অপৰিহাৰ্য্য বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল:

  • ডাটা ট্ৰেন্সফাৰৰ গতি হাই ম’বিলিটি ষ্টেচন। যেনে, (ৰেল বিভিন্ন পৰিহণ ইত্যাদি) আৰু ল’ ম’বিলিটি ষ্টেচন যেনে, (পথচাৰী, আবাস গৃহৰ ভিতৰত ইত্যাদি) ৰ ক্ষেত্ৰত যথাক্ৰমে নূন্যতম ১০০ মেগাৱাইট প্ৰতি ছেকেণ্ড আৰু ১ গিগাৱাইট প্ৰতি ছেকেণ্ড হ’বই লাগিব।
  • এই প্ৰযুক্তিৰ ডাটা ট্ৰেন্সফাৰ সম্পূৰ্ণভাৱে ইন্টাৰনেট প্ৰট’কল পেকেট চুইচ নেটৱৰ্কৰ ভিত্তিত হ’ব লাগিব।
  • একে ধৰণৰ স্পেকট্ৰামৰ পৰা সৰ্বাধিক সংখ্যক গ্ৰাহকক সেৱা আগবঢ়াব লাগিব। চেনেল বেণ্ড উইথ নূন্যতম ৫-২০ মেগাহাৰ্জ আৰু ক্ষেত্ৰবিশেষে ৪০ মেগাহাৰ্জ পৰ্য্যন্ত হ’ব লাগিব। ডাউনলিংকৰ ক্ষেত্ৰত ১৫ বিট প্ৰতি হাৰ্জ আৰু আপ লিংকৰ ক্ষেত্ৰত ৬.৭৫ বিট প্ৰতি হাৰ্জ হ’ব লাগিব।
  • এই সকলোবোৰ বৈশিষ্ট্য কেৱল LTE Advance আৰু ৮০২.১৬m প্ৰযুক্তিৰ মাধ্যমত কাম কৰিব।

বৰ্তমানে হোৱা কামৰ ষ্টেণ্ডাৰ্ড

বৰ্তমানে দুটা 4g ষ্টেণ্ডাৰ্ড বাণিজ্যিকভাৱে 4g ম’বাইলৰ লগত জড়িত কৰা হৈছে। ইয়াৰ ভিতৰত ২০০৬ চনত দক্ষিণ কোৰিয়াত সৰ্বপ্ৰথমে Mobile wimax আৰু Long term evolution নামেৰে স্কেণ্ডিনেভিয়ান অঞ্চলত ২০০৯ চনত আৰম্ভ কৰা হৈছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰত ২০০৮ চনত ম’বাইল wimax আৰম্ভ কৰা হৈছিল আৰু ২০১০ চনত Metro PCS সেৱা আৰম্ভ কৰা হয়। আৰম্ভণিৰে পৰাই 4g প্ৰযুক্তিত ইউএছবি ওয়াৰলেছ ম’ডেম প্ৰচলিত আছিল যদিও ২০১০ চনত প্ৰথমবাৰৰ বাবে wimax Smart Phone আৰু ২০১১ চনত LTE Smart Phone বজাৰত মুকলি কৰা হয়। অৱশ্যে এতিয়াও 4g ম’বাইল গুগুলৰ এণ্ডৰয়ড অপাৰেটিং চিষ্টেমৰ ওপৰত নিৰ্ভৰশীল।

4g ম’বাইলৰ সুবিধাসমূহ

  • 4g ম’বাইলৰ দ্বাৰা সৰ্বোচ্চ গতিৰ ডাটা ট্ৰেন্সফাৰৰ সুবিধা আছে।
  • এই প্ৰযুক্তিত প্ৰতিজন গ্ৰাহকে সকলো ক্ষণতে ম’বাইলৰ অনলাইন ব্ৰডবেণ্ডৰ আওঁতাত থাকিবলৈ সামৰ্থ হ’ব। ইয়াত হাই ডেফিনেছন টেলিভিছন আৰু ভিডিঅ’ কনফাৰেন্সৰ সুবিধা উপলব্ধ হ’ব। এই প্ৰযুক্তিত গ্ৰাহকৰ বাৰ্তালাভ আৰু তথ্য বিনিময়ৰ সুৰক্ষা অধিক শক্তিশালী হ’ব। 4g ম’বাইলৰ গ্ৰাহকসকলে ভইছ মেছেজ, ফেক্স, মাল্টিমিডিয়া মেছেজ, অডিঅ’ ভিডিঅ’ ৰেকৰ্ডিং লাভ কৰিবলৈ সক্ষম হ’ব।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate