অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতীয় ন্যায়পালিকা: উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়

প্ৰত্যেক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বিচাৰ বিভাগৰ ভুমিকা বৰ গুৰুত্বপুৰ্ণ| বিচাৰ বিভাগৰ গুৰুত্ব বৰ্ণনা কৰিবলৈ যাওঁতে লৰ্ড ব্ৰাইচে কৈছে, “বিচাৰ বিভাগৰ কৰ্মদক্ষতা অপেক্ষা চৰকাৰৰ উৎকৰ্ষ বিচাৰৰ আন কোনো শ্ৰেষ্ট মানদণ্ড নাই|” ব্ৰাইচৰ এই উক্তিৰ যে যথেষ্ট সত্যতা আছে সেইটোক অস্বীকাৰ কৰিব নোৱাৰি|

ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ| ইয়াৰ বিচাৰ-ব্যৱস্থা শক্তিশালী কৰিবলৈ সংবিধানে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে| ভাৰতীয় বিচাৰ-ব্যৱস্থাৰ কিছুমান বৈশিষ্ট্য আছে| সেইবোৰক তলত আলোচনা কৰা হ’ল:-

১) কেন্দ্ৰীভূত বিচাৰ-ব্যৱস্থা:- ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তিত হ’লেও এই দেশত অখণ্ড বিচাৰ-ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে| আমেৰিকা যুক্তৰাষ্ট্ৰত কেন্দ্ৰ আৰু অংগৰাজ্য সমুহৰ স্বতন্ত্ৰ আৰু স্বাধীন ন্যায়ালয় আছে| কিন্তু ভাৰতবৰ্ষত উচ্চতম ন্যায়ালয় হ’ল সৰ্ব্বোচ্চ আপীল আদালত| অংগৰাজ্য সমুহৰ উচ্চ ন্যায়ালয় সমুহে উচ্চতম ন্যায়ালয়ৰ অধীনত বিচাৰকাৰ্য সম্পাদন কৰে| আকৌ উচ্চ ন্যায়ালয়ৰ নিয়ন্ত্ৰণাধীন কিছুমান দেৱানী আৰু ফৌজদাৰী নিম্ন আদালত আছে| গতিকে দেখা যায় যে ভাৰতৰ ন্যায়িক ব্যৱস্থা কেন্দ্ৰীভুত| ভাৰতবৰ্ষৰ সকলো ন্যায়ালয় উচ্চতম ন্যায়ালয়ৰ অধীনত| ড° আম্বেদকাৰে এই বিষয়ে সংবিধান সভাত মন্তব্য কৰিছিল যে- “ভাৰতীয় যুক্তৰাষ্ট্ৰত দ্বৈত শাসন ব্যৱস্থা প্ৰৱৰ্তিত হ’লেও দ্বৈত বিচাৰ-ব্যৱস্থা প্ৰৱৰ্তন কৰা হোৱা নাই| উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় সমুহক লৈ এক অখণ্ড বিচাৰ-ব্যৱস্থা গঢ়ি উঠিছে|” কিন্তু বিশেষ ধৰণৰ বিচাৰ কাৰ্য সম্পাদন কৰিবৰ বাবে ভাৰতবৰ্ষত সামৰিক আদালত, শিল্প আদালত আদি আছে|

২) একে ধৰণৰ দেৱানী আৰু ফৌজদাৰী আইন:- ভাৰতবৰ্ষৰ অংগৰাজ্য সমুহত বেলেগ বেলেগ দেৱানী আৰু ফৌজদাৰী আইন অনুসাৰে বিচাৰকাৰ্য সম্পাদান কৰা হয়| গোটেই দেশত একে ধৰণৰ দেৱানী আৰু ফৌজদাৰী আইন অনুসাৰে বিচাৰকাৰ্য সম্পাদন কৰা হয়|

৩) প্ৰশাসনিক আদালত:- ৪২তম সংশোধনী আইন গৃহীত হোৱাৰ ফলত এতিয়া সংসদে আইন প্ৰণয়ন কৰি প্ৰশাসনিক আদালত গঠন কৰিব পাৰে| প্ৰশাসনীয় কৰ্মচাৰী সকলৰ চাকৰি সংক্ৰান্ত গোচৰৰ দায়িত্ব প্ৰশাসনিক আদালতৰ ওপৰত ন্যস্ত কৰা হৈছে| ইয়াৰ বাহিৰেও সংসদে আইনৰ দ্বাৰা অন্যান্য বিশেষ আদালত গঠন কৰিব পাৰে|

৪) আইনৰ দৃষ্টিত সমতা:- তত্বগতভাৱে ভাৰতত ‘আইনৰ দৃষ্টিত সমতা’ নীতিটোক গ্ৰ্হণ কৰা হৈছে| কিন্তু ন্যায়ালয়ে সকলো ক্ষেত্ৰ্ত এই নীতিটো প্ৰতিষ্ঠাৰ বাবে অগ্ৰণী ভুমিকা পালন কৰিব নোৱাৰে| কাৰণ সংবিধান অনুযায়ী কিছুমান ব্যক্তি এই নীতিৰ বহিৰ্ভূত| তাৰোপৰি ইয়াৰ ওপৰত নানা ধৰণৰ বাধা-নিষেধ আৰোপ কৰা হৈছে| ইয়াৰ ফলত আদালতৰ ‘আইনৰ দৃষ্টিত সমতা’ নীতি প্ৰয়োগৰ ক্ষমতা সংকুচিত হৈছে|

৫) যুক্তৰাষ্ট্ৰীয় আদালত শক্তিশালী নহয়:- ভাৰতৰ উচ্চতম ন্যায়ালয় দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয় হ’লেও ই আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ দৰে ব্যাপক ক্ষমতাৰ অধিকাৰী নহয়| উচ্চতম ন্যায়ালয়ে জৰুৰী অৱস্থাৰ সময়ত নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষা কৰিব নোৱাৰে| উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষাৰ ক্ষমতা আছে| কিন্তু ই “ আইনৰ যথাবিহিত পদ্ধতি” অনুসৰি যিকোনো আইনৰ সাংবিধানিকতাৰ বিচাৰ কৰিব নোৱাৰে|

৬) বিচাৰ বিভাগৰ ওপৰত শাসন বিভাগৰ নিয়ন্ত্ৰণ:- ভাৰতবৰ্ষত পূৰ্ণ ক্ষমতা পৃথকীকৰণ নীতি গৃহীত নহ’লেও শাসন বিভাগৰ পৰা বিচাৰ বিভাগক মুক্ত ৰখাৰ কথা সংবিধানত কোৱা হৈছে| বিচাৰপতিৰ নিয়োগ আৰু স্থানান্তৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় শাসন বিভাগৰ যথেষ্ট ক্ষমতা থকা দেখা যায়| এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ ভুমিকা বৰ গুৰুত্বপুৰ্ণ|

৭) বিচাৰ বিভাগৰ নিৰপেক্ষতা:- ভাৰতবৰ্ষত স্বাধীনতা, নিৰপেক্ষত আৰু নিৰ্ভীকতাক বিচাৰপতি সকলৰ অপৰিহাৰ্য বৈশিষ্ট্য বুলি বিবেচনা কৰা হয়| বিচাৰপতি সকলে যাতে নিৰ্ভয়ে কৰ্তব্য সম্পাদন কৰিব পাৰে তাৰ বাবে সংবিধানে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে| কিন্তু কিছুমান কাৰণত বিচাৰপতিসকলৰ নিৰপেক্ষতা সম্পৰ্কেও বহুতে সন্দেহ প্ৰকাশ কৰে|

৮) বিচাৰ-ব্যৱস্থাৰ লেহেম গতি:- লেহেম গতি ভাৰতীয় বিচাৰ-ব্যৱস্থাৰ অন্যতম বৈশিষ্ট্য| একোটা গোচৰ নিষ্পত্তিৰ বাবে প্ৰচুৰ সময় লাগে| কেতিয়াবা ১০-১২ বছৰৰ ভিতৰতো কোনো গোচৰৰ বিচাৰ শেষ নহয়| ইয়াৰ কাৰণে জনসাধাৰণে অশেষ কষ্ট ভোগ কৰিবলগীয়া হয়|

৯) ভাৰতীয় বিচাৰ-ব্যৱস্থা ব্যয়বহুল:- ভাৰতবৰ্ষৰ বিচাৰ-ব্যৱস্থাত যিকোনো গোচৰৰ বিচাৰ কৰোতে যথেষ্ট সময় লাগে| ইয়াৰ বাবে গোচৰীয়াই উকীল, বেৰিষ্টাৰ আদিক যথেষ্ট টকা দিবলগীয়া হয়| গতিকে ভাৰতীয় বিচাৰ-ব্যৱস্থাক ব্যয়বহুল বুলি কোৱা হয়|

১০) দুখীয়াৰ স্বাৰ্থৰ পৰিপন্থী:- চৰকাৰী খৰচত ভাৰতবৰ্ষত গোচৰ পৰিচালনা কৰিব নোৱাৰি| তাৰোপৰি প্ৰকৃতাৰ্থত বিনামূলীয়া উকীলৰ পৰামৰ্শ গ্ৰ্হণ কৰিবৰো ইয়াত সুবিধা নাই| গতিকে প্ৰ্চুৰ পৰিমাণে অৰ্থ ব্যয় কৰি গোচৰ চলোৱা দুখীয়া ভাৰতবাসীৰ বাবে সম্ভৱপৰ নহয়| ইয়াৰ ফলত ধনী সকলে টকাৰ বলত গোচৰ চলাই জয়লাভ কৰাত সক্ষম হয়| সেয়েহে ভাৰতীয় বিচাৰ-ব্যৱস্থাক দুখীয়াৰ স্বাৰ্থৰ বিৰোধী বুলি কোৱা হয়|

ভাৰতবৰ্ষৰ ন্যায়পালিকাৰ স্বাধীনতা

ন্যায়পালিকা আৰু বিচাৰক সকলৰ স্বাধীনতা আৰু নিৰপেক্ষতাক গণতন্ত্ৰৰ এটা অপৰিহাৰ্য বৈশিষ্ট্য বুলি বিবেচনা কৰা হয়| বিচাৰ বিভাগৰ স্বাধীনতা আৰু নিৰপেক্ষতাৰ ওপৰত গণতন্ত্ৰৰ সাফল্য আৰু বিচাৰ বিভাগৰ কাৰ্যকাৰিতা নিৰ্ভৰ কৰে| বিচাৰক সকল শাসন বিভাগ আৰু আইন সভাৰ প্ৰভাৱৰ পৰা মুক্ত থাকিব নোৱাৰিলে তেওঁলোকে নিৰপেক্ষভাৱে বিচাৰকাৰ্য সম্পাদন কৰিব নোৱাৰে| গণতন্ত্ৰৰ সাফল্যৰ বাবে ন্যায়িক আৰু নিৰপেক্ষ বিচাৰক সুনিশ্চিত কৰি বিচাৰ বিভাগীয় স্বাধীনতাক প্ৰতিষ্ঠা আৰু প্ৰসাৰিত কৰাটো একান্ত প্ৰয়োজন|

ন্যায়পালিকাৰ স্বাধীনতা নাথাকিলে ৰাষ্ট্ৰৰ আইন যিমানে ভাল আৰু বিচাৰকৰ দক্ষতা যিমানেই নহওক লাগে, সুবিচাৰ পাবলৈ আশা কৰিব নোৱাৰি| কেতিয়াবা ন্যায়পালিকাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি ৰাজনৈতিক প্ৰতিদ্বন্দ্বী আৰু শত্ৰু বোৰক নিৰ্যাতিত কৰা হয়| ইংলেণ্ডৰ ষ্টুৱাৰ্ট ৰজা সকলে এইদৰে শত্ৰুক নিৰ্যাতন কৰিছিল| এনে অৱস্থাত বিচাৰপতি সকলৰ স্বাধীনতা লুপ্ত হয় আৰু গোটেই বিচাৰ-ব্যৱস্থা প্ৰহসনত পৰিণত হয়|

ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ| সেয়েহে বৃটেইন আৰু আমেৰিকাৰ দৰে ভাৰতবৰ্ষই ন্যায়পালিকাৰ স্বাধীনতাক সুনিশ্চিত কৰিবৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে যাতে এই দেশৰ ন্যায়পালিকাই স্বাধীন আৰু নিৰপেক্ষভাৱে ন্যায়বিচাৰ কৰিব পাৰে| তলত সেই ব্যৱস্থা সমুহৰ বিষয়ে আলোচনা কৰা হ’ল-

১) নিয়োগ পদ্ধতি:- বিচাৰপতিৰ নিয়োগ পদ্ধতিৰ ওপৰত ন্যায়পালিকাৰ স্বাধীনতা আৰু নিৰপেক্ষতা বহুতো পৰিমাণে নিৰ্ভৰ কৰে| ভাৰতৰ উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে| এই ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে প্ৰধান ন্যায়াধীশ আৰু অন্যান্য জ্যেষ্ঠ ন্যায়াধীশ সকলৰ পৰামৰ্শক গ্ৰহণ কৰে| এতেকে ৰাষ্ট্ৰপতিয়ে যোগ্য ব্যক্তিক এই পদত নিয়োগ কৰিব পাৰে| জনমত গঠনৰ দ্বাৰা এই ক্ষেত্ৰত ৰাজনৈতিক প্ৰভাৱো দুৰ কৰিব পাৰি| ৰাজনৈতিক কাৰণত যাতে কাকো বিচাৰকৰ পদত নিয়োগ কৰা নহয় তাৰ প্ৰতি সকলো মানুহ সচেতন থাকিব লাগিব|

২) কৰ্যকালৰ স্থায়িত্ব:- বিচাৰক সকলৰ কাৰ্যকালৰ স্থায়িত্ব বিচাৰ বিভাগৰ স্বাধীনতাৰ বাবে অপৰিহাৰ্য| ভাৰতবৰ্ষৰ সংবিধানে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে| ৰাষ্ট্ৰপতিয়ে বিচাৰক সকলক নিযুক্ত কৰে, কিন্তু তেওঁ অকলে বিচাৰক সকলক পদচ্যুত কৰিব নোৱাৰে| সংসদৰ প্ৰস্তাৱ মতে বিচাৰকক দুৰ্নীতি আৰু অযোগ্যতাৰ বাবে ৰাষ্ট্ৰপতিয়ে তেওঁলোকক পদচ্যুত কৰিব পাৰে| গতিকে বিচাৰকৰ চাকৰিৰ স্থায়িত্ব আছে| এটা বয়স পৰ্যন্ত তেওঁলোকৰ চাকৰি কৰাৰ অধিকাৰক মানি লোৱা হৈছে| অন্যান্য চৰকাৰী চাকৰিয়ালৰ তুলনাত তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল দীঘলীয়া| এতেকে কব পাৰি যে ভাৰতীয় সংবিধানে বিচাৰকৰ চাকৰিৰ স্থায়িত্বক ৰক্ষা কৰিছে| ইয়াৰ ফলত বিচাৰক সকলে স্বাধীন ভাৱে তেওঁলোকৰ কাৰ্য সম্পাদন কৰিব পাৰে|

৩) স্থানান্তৰ আৰু পদোন্নতি:- বিচাৰকৰ স্থানান্তৰ আৰু পদোন্নতিৰ ক্ষেত্ৰত কোনো নিৰ্দ্দিষ্ট নিয়ম নাথাকিলে ক্ষমতাসীন দলৰ পক্ষে বিচাৰক সকলক প্ৰলোভিত কৰা আৰু তেওঁলোকৰ ওপৰত প্ৰবাৱ বিস্তাৰ কৰা সম্ভৱ নহয়| উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলক স্থানান্তৰ কৰিব নোৱাৰি| উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰতো এটা নিৰ্দ্দিষ্ট নিয়ম অনুযায়ীহে বিচাৰক সকলক স্থানান্তৰ কৰা উচিত| এতিয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শমতেহে ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ বিচাৰক সকলক স্থানান্তৰ কৰে| পদোন্নতিৰ ক্ষেত্ৰত বহুতো সময়ত জ্যেষ্ঠতাৰ নীতিক ভংগ কৰা দেখা যায়| এই সম্পৰ্কিত নিৰ্দ্দিষ্ট নিয়মাৱলী প্ৰস্তুত কৰাত ন্যায়পালিকাৰ স্বাধীনতা আৰু নিৰপেক্ষতাৰ বাবে একান্ত প্ৰয়োজন| নহ’লে বিচাৰক সকলৰ পৰা সুবিচাৰ আশা কৰিব নোৱাৰি|

৪) অপসাৰণ:- বিচাৰক সকল সৎ, ন্যায়পৰায়ণ, যোগ্য আৰু নিৰপেক্ষ নহ’লে তেওঁলোকৰ অপসাৰণৰ ব্যৱস্থা সংবিধানত থকা প্ৰয়োজন| ভাৰতবৰ্ষৰ সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে| শাসন বিভাগে এই ক্ষমতাৰ অপব্যৱহাৰ কৰিব নোৱাৰে| অকল গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত বিচাৰক সকলক অপসাৰণ কৰাৰ ব্যৱস্থা আছে| ভাৰতৰ সংবিধানে বিচাৰক সকলক অপসাৰণৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে, ই বিচাৰ-বিভাগীয় স্বাধীনতা ৰক্ষাৰ অনুকূল| তাৰোপৰি এই ব্যৱস্থাক প্ৰয়োগ কৰি সংসদে অনুপযুক্ত ব্যক্তিক এই পদৰ পৰা অপসাৰণ কৰি বিচাৰ বিভাগক নিকা কৰি ৰাখিব পাৰে|

৫) দৰমহা আৰু বানচ্‌:- বিচাৰক সকলক উপযুক্ত দৰমহা দিয়াটো প্ৰয়োজন| ই বিচাৰ-বিভাগীয় স্বাধীনতা আৰু নিৰপেক্ষতা ৰক্ষাৰ বাবে অপৰিহাৰ্য| বিচাৰক সকলে উপযুক্ত দৰমহা নাপালে বিচাৰ-ব্যৱস্থাত দুৰ্নীতিয়ে প্ৰৱেশ কৰিব| অৱসৰৰ পিছত যাতে বিচাৰপতি সকলে ভালদৰে জীৱন-যাপন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব| ইয়াৰ বাবে তেওঁলোকক ভালদৰে পেন্সন দিব লাগিব| ভাৰতবৰ্ষত বিচাৰক সকলক যি হাৰত দৰমহা আৰু পেন্সন দিয়া হয় সি সন্তোষজনক নহয়| ১৯৭২ চনত উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি চিক্ৰীয়ে বিচাৰকৰ দৰমহা আৰু চাকৰিৰ চৰ্তৰ উন্নতি সাধনৰ ক্ষেত্ৰত চৰকাৰী দৃষ্টিভংগীক সমালোচনা কৰিছিল| এতিয়া বিচাৰক সকলৰ দৰমহা বৃদ্ধি কৰা হৈছে| সাধাৰণ অৱস্থাত বিচাৰকসকলৰ দৰমহা কমাব নোৱাৰি| ইয়াৰ দ্বাৰা তেওঁলোকক আৰ্থিক নিৰাপত্তা প্ৰদান কৰা হৈছে| এতেকে বিচাৰক সকলৰ দৰমহা আৰু বানচৰ বিষয়ে চৰকাৰ সদায় সচেতন থাকিব লাগিব|

৬) সুৰক্ষা:- সংবিধানে বিচাৰক সকলক কাৰ্যপালনৰ উপযোগী পৰিৱেশ সৃষ্টিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে| বিচাৰক সকলৰ সুৰক্ষাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰে| তেওঁলোকৰ বাসস্থানৰ বাবেও চৰকাৰে যথোচিত ব্যৱস্থা লয়| তাৰোপৰি বিচাৰক সকলক উচ্চ পদমৰ্যাদা প্ৰদান কৰা হৈছে|

৭) আদালত অৱমাননাৰ বাবে শাস্তি:- সংবিধানে উচ্চতম আৰু উচ্চ ন্যায়ালয় সমুহক আদালত অৱমাননাৰ বাবে শাস্তি বিধান কৰিবৰ ক্ষমতা দিছে| ইয়াৰ দ্বাৰা ন্যায়ালয় সমুহে নিজৰ স্বাধীনতা ৰক্ষা কৰিব পাৰে| ন্যায়ালয় সমুহক আৰু ন্যায়ালয়ে দিয়া কোনো ৰায় বা কোনো বিচাৰকক তেওঁৰ কাৰ্যপালনৰ বাবে সমালোচনা কৰিব নোৱাৰি| আদালত সমুহৰ ৰায় সকলোৱে মানি চলিব লাগিব| চৰকাৰে আদালতৰ আদেশ বা নিৰ্দেশ সমুহক বলবৎ কৰিব লাগিব|

৮) অন্যান্য ব্যৱস্থা:- ভাৰতবৰ্ষৰ সংবিধানে ন্যায়পালিকাৰ স্বাধীনতা আৰু নিৰপেক্ষতা ৰক্ষাৰ বাবে কেইটামান ব্যৱস্থা গ্ৰহণ কৰিছে|-

ক) চাকৰিকালীন অৱস্থাত বিচাৰকৰ দৰমহা আৰু বানচ্‌ হ্ৰাস কৰিব নোৱাৰি|

খ) বিচাৰক সকলৰ দৰমহা আৰু বানচ্‌ স্ংসদৰ অনুমোদনৰ ওপৰত নিৰ্ভৰশীল নহয়| ইয়াৰ ফলত বিচাৰকৰ ওপৰত সংসদৰ নিয়ন্ত্ৰণ নাথাকে|

গ) বিচাৰকৰ ৰায়, আদেশ বা নিৰ্দেশ লৈ সংসদত কোনো সমালোচনা কৰিব নোৱাৰি|

ওপৰত উল্লেখ কৰা ব্যৱস্থা সমুহৰ জৰিয়তে ভাৰতীয় সংবিধানে ন্যায়পালিকাৰ স্বাধীনত আৰু নিৰপেক্ষতাক ৰক্ষা কৰিব বিচাৰিছে| বিচাৰক সকলো স্বাধীন আৰু নিৰপেক্ষ হৈ থাকিবলৈ যত্নবান হ’ব লাগিব| তেওঁলোকে যিকোনো ধৰণৰ প্ৰভাৱৰ প্ৰতি সজাগ দৃষ্টি ৰাখিব লাগিব| সুস্থ, শক্তিশালী, নিৰ্ভীক, স্বাধীন আৰু নিৰপেক্ষ বিচাৰ-ব্যৱস্থাই হ’ল গণতন্ত্ৰৰ ভেঁটি| ন্যায়পালিকা নিৰপেক্ষ হ’লেহে জনসাধাৰণৰ ইয়াৰ প্ৰতি আস্থা বৃদ্ধি পাব|

কিন্তু বিচাৰ বিভাগৰ স্বাধীনতাৰ বাবে সংবিধানে এইবোৰ ব্যৱস্থা লোৱা সত্বেও বিচাৰকৰ ওপৰত চৰকাৰৰ প্ৰভাৱ বৃদ্ধি পোৱা দেখা যায়| বহুতো সময়ত বিচাৰক সকলক অৱসৰ গ্ৰহণৰ পিছত ৰাজ্যপাল, ৰাষ্ট্ৰদূত, উপাচাৰ্য, মন্ত্ৰী, বিভিন্ন আয়োগ আদিৰ সদস্য পদত নিয়োগ কৰা হয়| ই হ’ল চৰকাৰী অনুগ্ৰহ প্ৰদানৰ এটা ব্যৱস্থা আৰু ইয়াৰ দ্বাৰা বিচাৰক সকলৰ ওপৰত কিছু পৰিমাণে হ’লেও প্ৰভাৱ বিস্তাৰ কৰিব পাৰে|

ইয়াৰ উপৰিও বিপজ্জনক ঘটনা হ’ল বিচাৰক সকলৰ সক্ৰিয় ৰাজনীতিৰ প্ৰতি প্ৰৱণতা আৰু সক্ৰিয় ৰাজনীতিত যোগদান| কেতিয়াবা বিচাৰপতি সকলে নিজে পদত্যাগ কৰি ৰাজনীতিত যোগদান কৰা দেখা যায়||ই বিচাৰ বিভাগৰ নিৰপেক্ষতাত বিঘিনি ঘটায়|

বিচাৰপতি সকলৰ নিয়োগ, স্থানান্তৰ আৰু পদোন্নতিৰ ক্ষেত্ৰত চৰকাৰে নিৰপেক্ষভাৱে কৰ্তব্য পালন কৰা উচিত| প্ৰয়োজন হ’লে ইয়াৰ বাবে কিছুমান নীতি-নিয়ম ৰচনা কৰিব লাগে| যাতে ক্ষমতাসীন কোনো দলে ক্ষমতাৰ অপ-ব্যৱহাৰ কৰিব নোৱাৰে| জনসাধাৰণ যাতে ন্যায় বিচাৰৰ পৰা বঞ্চিত নহয় তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা বাঞ্চনীয়| কাৰণ, স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকাৰ ভুমিকাৰ ওপৰতে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থা বহু পৰিমাণে নিৰ্ভৰশীল|

উচ্চতম ন্যায়ালয়

ভাৰতবৰ্ষত কেন্দ্ৰীভুত বিচাৰ-ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে| এই বিচাৰ ব্যৱস্থাৰ শিখৰত উচ্চতম ন্যায়ালয় অৱস্থিত| সমগ্ৰ ভাৰতবৰ্ষৰ বিচাৰ ব্যৱস্থা উচ্চতম ন্যায়ালয়ৰ নিয়ন্ত্ৰণাধীন| উচ্চতম ন্যায়ালয় হ’ল ভাৰতীয় বিচাৰ ব্যৱস্থাৰ অভিভাৱক| ভাৰতবৰ্ষৰ সংবিধানৰ পঞ্চম ভাগৰ চতুৰ্থ অধ্যায়ৰ ১২৪ ৰ পৰা ১৪৭ নং অনুচ্ছেদলৈকে উচ্চতম ন্যায়ালয়ৰ ব্যৱস্থা সম্পৰ্কে নিয়মাৱলী বিধিবদ্ধ কৰা হৈছে| ভাৰতৰ সৰ্ব্বোচ্চ ন্যায়ালয় আৰু যুক্তৰাষ্ট্ৰীয় আদালত হিচাপে উচ্চতম ন্যায়ালয়ৰ ওপৰত গুৰুত্বপুৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে| ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয় হ’ল যুক্তৰাষ্ট্ৰীয় আদালত| যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় আদালত অপৰিহাৰ্য| এই ন্যায়ালয়ৰ সিদ্ধান্ত ভাৰতবৰ্ষৰ ভূ-খণ্ডত অৱস্থিত সকলো আদালতৰ ওপৰত প্ৰয়োজ্য| সকলো আদালতে উচ্চতম ন্যায়ালয়ৰ আদেশ, নিৰ্দেশ বা সিদ্ধান্তবোৰ মানি চলিব লাগিব|

ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ গঠন:-

ভাৰতীয় সংবিধানত উচ্চতম ন্যায়ালয়ৰ গঠন সম্পৰ্কে উল্লেখ কৰা হৈছে| সংবিধানৰ ১২৪(১) নং অনুচ্ছেদ অনুসৰি এজনক প্ৰধান বিচাৰপতি আৰু কেইজন মান বিচাৰপতিক লৈ উচ্চতম ন্যায়ালয় গঠিত হব| ১৯৮৬ চনত উচ্চতম ন্যায়ালয়ৰ মুঠ বিচাৰপতিৰ সংখ্যা ২৬ জন কৰা হয়| বৰ্তমানে এজন প্ৰধান বিচাৰপতি আৰু ২৫ জন বিচাৰপতিক লৈ উচ্চতম ন্যায়ালয় গঠন কৰা হৈছে| এই সকল বিচাৰপতিৰ উপৰিও সংবিধানত অস্থায়ী বিচাৰপতি নিয়োগৰ ব্যৱস্থা আছে| অনুপস্থিতি বা আন কোনো কাৰণত উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিয়ে নিজ কৰ্তব্য পালন কৰিব নোৱাৰিলে; উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি সকলৰ মাজৰ পৰা এজনক ৰাষ্ট্ৰপতিয়ে ‘কাৰ্যনিৰ্বাহী প্ৰধান বিচাৰপতি’ হিচাপে নিয়োগ কৰিব পাৰে| সংসদে আইন প্ৰণয়নৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিৰ সংখ্যা বৃদ্ধি কৰিব পাৰে| ৰাষ্ট্ৰপতিৰ পূৰ্বসন্মতি অনুসৰি উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিয়ে কোনো অৱসাৰপ্ৰাপ্ত বিচাৰপতিক বিচাৰকাৰ্য সম্পাদনৰ বাবে অনুৰোধ কৰিব পাৰে|

ন্যায়াধীশ পদৰ যোগ্যতা সমুহ

কোনো ব্যক্তি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত হ’বলৈ হ’লে তেওঁৰ কিছুমান যোগ্যতা থাকিব লাগিব:

১) তেওঁ ভাৰতীয় নাগৰিক হ’ব লাগিব|

২) তেওঁ এক বা একাধিক উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হিচাপে অন্তত: পাঁচ বছৰ কাল কাম কৰিব লাগিব|

৩) তেওঁ অন্তত: দহ বছৰ এক বা একাধিক উচ্চ ন্যায়ালয়ৰ এডভ’কেট হিচাপে কাম কৰিব লাগিব অথবা

৪) ৰাষ্ট্ৰপতিৰ মতে তেওঁ এজন বিশিষ্ট আইনজ্ঞ হ’ব লাগিব|

ন্যায়াধীশৰ নিযুক্তি:-

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশ সকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে| কিন্তু ৰাষ্ট্ৰপতিয়ে এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা অন্যান্য ন্যায়াধীশ সকলক নিয়োগ কৰোতে ৰাষ্ট্ৰপতিয়ে এই ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ বাধ্য| আচলতে ৰাষ্ট্ৰপতিয়ে মন্ত্ৰীসভাৰ পৰামৰ্শমতেহে ন্যায়াধীশক নিয়োগ কৰে| প্ৰধানমন্ত্ৰীয়ে বিচাৰপতি সকলৰ নিয়োগৰ ক্ষেত্ৰত মুখ্য ভুমিকা গ্ৰহণ কৰে| তেওঁ যি সকলক বিচাৰপতি হিচাপে নিযুক্তি দানৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাষ্ট্ৰপতিয়ে আচলতে সেইসকলকহে বিচাৰপতি পদত নিযুক্ত কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি সকলৰ নিয়োগৰ ক্ষেত্ৰত দুটা প্ৰথা মানি চলা হয়| প্ৰথমতে, বিচাৰপতি সকলৰ মাজত এজন মুছলমান সম্প্ৰদায়ভুক্ত হ’ব লাগে| দ্বিতীয়তে, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ বিচাৰপতিক মুখ্য ন্যায়াধীশ পদত নিযুক্ত কৰা হয়| দ্বিতীয় প্ৰথাটোক দুই-এবাৰ ভংগ কৰা হৈছে| ন্যায়পালিকাৰ স্বাধীনতা আৰু নিৰপেক্ষতা ৰক্ষাৰ বাবে এই প্ৰথাটোক ভ্ংগ কৰা অনুচিত হৈছে| ইয়াৰ ফলত বিচাৰক সকলৰ মাজত যথেষ্ট অসন্তুষ্টিয়ে দেখা দিছিল|

কাৰ্যকাল:-

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশ সকল ৬৫ বছৰ বয়সলৈ পদত অধিষ্ঠিত থাকে| ৬৫ বছৰ পূৰ্ণ হোৱাৰ লগে লগে তেওঁলোকে অৱসৰ গ্ৰহণ কৰে| কিন্তু কোনো ন্যায়াধীশে স্ব-ইচ্ছাত পদত্যাগ কৰিব পাৰে| এজন ন্যায়াধীশক অসদাচৰণ বা অসামৰ্থতাৰ বাবে পদৰ পৰা অপসাৰণ কৰিব পাৰি| অকল ৰাষ্ট্ৰপতিয়ে এজেন ন্যায়াধীশক অপসাৰণ কৰিব নোৱাৰে| অসদাচৰণ বা অসামৰ্থ্যৰ অভিযোগ সম্বলিত কোনো প্ৰস্তাৱ সংসদৰ উভয় সদনত উপস্থিত আৰু ভোটদানকাৰী সদস্য সকলৰ দুই-তৃতীয়াংশৰ আৰু প্ৰত্যেক সদনৰ মুঠ সদস্যৰ অধিকাংশৰ দ্বাৰা সমৰ্থিত হ’লে প্ৰস্তাৱটো ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিওৱা হয়| ৰাষ্ট্ৰপতিয়ে এনে প্ৰস্তাৱ অনুযায়ীহে এজন ন্যায়াধীশক পদচ্যুত কৰিব পাৰে|

শপথ গ্ৰহণ:-

ন্যায়াধীশ সকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে ৰাষ্ট্ৰপতি অথবা তেওঁৰ দ্বাৰা সেই সম্পৰ্কে নিযুক্ত কোনো ব্যক্তিৰ ওচৰত সংবিধান ৰক্ষা কৰা, নিৰ্ভয়ে আৰু নিৰপেক্ষভাৱে কৰ্তব্য পালনৰ শপথ গ্ৰহণ কৰিব লাগে| সংবিধান আৰু আইন সমুহক ৰক্ষা কৰা ন্যায়াধীশ সকলৰ নীতিগত দায়িত্ব| উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশেও সংবিধান ৰক্ষাৰ শপথ গ্ৰহণ কৰিব লাগে|

সুযোগ-সুবিধা:-

সংবিধানৰ ১২৫ নং অনুচ্ছেদত ন্যায়াধীশ সকলৰ দৰমহা, বানচ্‌ আৰু অন্যান্য সা-সুবিধাৰ বিষয়ে উল্লেখ কৰা হৈছে| ২০০৮ চনৰ সংবিধান সংশোধনী আইন অনুসাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশ সকলে যথাক্ৰমে ১,০০,০০০ টকা আৰু ৯০,০০০ টকা মাহিলি দৰমহা পায়| ইয়াৰোপৰি এওঁলোকক বানচ্‌, পেন্সন, বিনা ভাৰাত চৰকাৰী বাসভৱনৰ সুবিধা দিয়া হয়| ন্যায়াধীশ সকলৰ দৰমহা বা বানচ্‌ ইত্যাদি সংসদে আইনৰ দ্বাৰা স্থিৰ কৰে| কিন্তু নিয়োগৰ পিছত তেওঁলোকৰ দৰমহা বা বানচ্‌ হ্ৰাস কৰিব নোৱাৰি| অৱশ্যে আৰ্থিক জৰুৰী অৱস্থাৰ সময়ত বিচাৰপতি সকলৰ দৰমহা, বানচ্‌ ইত্যাদি হ্ৰাস কৰিব পাৰি| বিচাৰপতি সকলৰ দৰমহা, বানচ্‌ ইত্যাদি সংক্ৰান্ত ব্যয় সংসদৰ অনুমোদন সাপেক্ষে নহয়, ভাৰতৰ সঞ্চিত নিধিৰ পৰা এই ব্যয় কৰা হয়|

বিচাৰপতি সকলৰ নিৰপেক্ষতা:-

ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি সকলে যাতে নিৰ্ভীক আৰু নিৰপেক্ষভাৱে বিচাৰকাৰ্য সম্পাদন কৰিব পাৰে তাৰ বাবে সংবিধানে কেইটামান ব্যৱস্থা গ্ৰহণ কৰিছে| সেইকেইটা তলত উল্লেখ কৰা হ’ল-

১) প্ৰমাণিত অসদাচৰণ বা অসামৰ্থ্য বিনে কোনো বিচাৰকক পদচ্যুত কৰিব নোৱাৰি|

২) সংসদত ন্যায়াধীশ সকলৰ কোনো সিদ্ধান্তৰ যৌক্তিকতাক লৈ কোনো ধৰণৰ প্ৰশ্ন বা আলোচনা কৰিব নোৱাৰি|

৩) অৱসৰ গ্ৰহণৰ পিছত উচ্চতম ন্যায়ালয়ৰ কোনো ন্যায়াধীশে ভাৰতবৰ্ষত কোনো আদালতত আইনজীৱী হিচাপে কাম কৰিব নোৱাৰে|

৪) সাধাৰণ অৱস্থাত উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি সকলৰ কাৰ্যকালৰ সময়ত তেওঁলোকৰ দৰমহা, বানচ্‌ ইত্যাদি কমাব নোৱাৰি|

৫) উচ্চতম ন্যায়ালয়ৰ বিচাৰক সকলৰ দৰমহা, বানচ্‌ ইত্যাদি সংসদৰ অনুমোদন সাপেক্ষে নহয়|

৬) এই আদালত বা ইয়াৰ এজন ন্যায়াধীশক অৱমাননা কৰাৰ বাবে ই যিকোনো ব্যক্তিক শাস্তি প্ৰদান কৰিব পাৰে|

এইবোৰ ব্যৱস্থাৰ জৰিয়তে ভাৰতীয় সংবিধানে উচ্চতম ন্যায়ালয়ৰ স্বাধীনতা আৰু নিৰপেক্ষতা ৰক্ষাৰ ব্যৱস্থা কৰিছে| এতেকে দেখা যায় যে উচ্চতম ন্যায়ালয়ৰ বিচাৰক সকলে নিৰ্ভীক আৰু নিৰপেক্ষভাৱে তেওঁলোকৰ কাৰ্য সম্পাদন কৰিব পাৰে| এই ন্যায়ালয়ৰ কাৰ্যত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে| এই ন্যায়ালয়ৰ সিদ্ধান্ত সমুহক কাৰ্যকৰী কৰিবলৈ চৰকাৰ বাধ্য|

উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্যাৱলী

ভাৰতৰ সংবিধানে উচ্চতম ন্যায়ালয়ক বহুতো গুৰুত্বপূৰ্ণ ক্ষমতা প্ৰদান কৰিছে| ইয়াৰ ক্ষমতা সমুহক প্ৰধানকৈ চাৰিটা ভাগত ভগাব পাৰি, যেনে-

১) মুল বা মৌলিক ক্ষমতা|

২) আপীল ক্ষমতা|

৩) পৰামৰ্শদান ক্ষমতা|

৪) নিৰ্দেশ, আদেশ আৰু লেখ জাৰি কৰাৰ ক্ষমতা|

১) মূল অধিকাৰ ক্ষেত্ৰ:- উচ্চতম ন্যায়ালয়ৰ কিছুমান মৌলিক ক্ষমতা আছে| সেই ক্ষমতা সমুহ হ’ল-

ক) ভাৰত চৰকাৰ আৰু এখন বা ততোধিক ৰাজ্যৰ মাজত বিবাদ;

খ) এফালে ভাৰত চৰকাৰ আৰু কোনো ৰাজ্য বা ৰাজ্যসমুহ আৰু আনপক্ষে এখন বা ততোধিক ৰাজ্যৰ মাজত বিবাদ আৰু

গ) দুই বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ|

বিচাৰ্য বিষয়বাদী আৰু বিবাদী পক্ষৰ আইনগত অধিকাৰ সম্পৰ্কীয় হ’ব লাগিব| সংবিধান প্ৰৱৰ্তিত হোৱাৰ পিছত যিবোৰ সন্ধি, চুক্তি আৰু অংগীকাৰ পত্ৰ সম্পাদিত হৈছে সেইবোৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিচাৰ ক্ষমতা আছে| সংবিধানৰ ৭১ নং অনুচ্ছেদ অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনসংক্ৰান্ত যিকোনো বিবাদ মীমাংসাৰ দায়িত্ব উচ্চতম ন্যায়ালয়ৰ ওপৰত ন্যস্ত কৰা হৈছে আৰু ইয়াৰ এই ক্ষমতা মূল অধিকাৰ ক্ষেত্ৰত অন্তৰ্গত|

সংবিধান প্ৰৱৰ্তিত হোৱাৰ আগতে যিবোৰ সন্ধি, চুক্তি, অংগীকাৰ পত্ৰ, চনদ ইত্যাদি সম্পাদিত হৈছিল আৰু নতুন সংবিধান প্ৰৱৰ্তিত হোৱাৰ পিছতো সেইবোৰ কাৰ্যকৰী হৈ আছে সেইবোৰ বিষয়ত কোনো বিৰোধৰ বিচাৰ কৰাৰ ক্ষমতা উচ্চতম ন্যায়ালয়ৰ নাই| কিন্তু এনে বিষয়ত ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ে দিয়া পৰামৰ্শ ৰাষ্ট্ৰপতিয়ে গ্ৰ্হণ নকৰিবও পাৰে|

২) আপীল সম্পৰ্কীয় ক্ষমতা:- উচ্চতম ন্যায়ালয় ভাৰতবৰ্ষৰ সৰ্ব্বোচ্চ আপীল আদালত| এই আদালতৰ আপীল এলেকাক প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত কৰিব পাৰি, যেনে-

ক) সংবিধানৰ বাখ্যাসংক্ৰান্ত আপীল;

খ) দেৱানী আপীল;

গ) ফৌজদাৰী আপীল আৰু

ঘ) বিশেষ অনুমতিৰ জৰিয়তে আপীল|

ক) সংবিধানিক আপীল:- সংবিধান সংক্ৰান্ত বিষয়ত উচ্চ ন্যায়ালয়ে যি ৰায় দিয়ে সেই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰি| এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে এইবুলি প্ৰমাণ দিব লাগিব যে যি গোচৰৰ ৰায়ৰ বিৰুদ্ধে আপীল কৰিবলৈ বিচৰা হৈছে, তাত মৌলিক আইন নিহিত হৈ আছে আৰু তাৰ বাবে ভাৰতৰ সংবিধান বাখ্যা কৰিবলগীয়া হয়| উক্ত ন্যায়ালয়ে এনে ধৰণৰ প্ৰমাণ-পত্ৰ নিদিলে উচ্চতম ন্যায়ালয়ত এই আপীল কৰিবৰ বাবে বিশেষ অনুমতি দানৰ প্ৰাৰ্থনা কৰিব পাৰি| যদি উচ্চতম ন্যায়ালয়ে বিশেষ অনুমতি প্ৰদান কৰে, তেতিয়াহ’লে উচ্চ ন্যায়ালয়ৰ প্ৰমাণ পত্ৰ নোহোৱাকৈয়ে এই আপীল কৰিব পাৰি|

খ) দেৱানী গোচৰৰ আপীল:- কোনো দেৱানী গোচৰৰ ক্ষেত্ৰত সংশ্লিষ্ট উচ্চ ন্যায়ালয়ে যদি চুপাৰিচ কৰে যে কোনো গোচৰত গুৰুতৰ আইনৰ প্ৰশ্ন জড়িত আছে, তেন্তে এই গোচৰৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰি| ইয়াৰ বাহিৰেও উচ্চতম ন্যায়ালয়ে যদি ভাৱে যে কোনো দেৱানী গোচৰৰ বিচাৰ উচ্চতম ন্যায়ালয়ত হোৱা উচিত তেতিয়াহ’লে সেই গোচৰৰ আপীল উচ্চতম ন্যায়ালয়ত কৰিব পাৰি| বৰ্তমানে এই গোচৰৰ আপীল বিবাদী বস্তুৰ মুল্যৰ ওপৰত নিৰ্ভৰ নকৰে|

গ) ফৌজদাৰী গোচৰৰ আপীল:- ফৌজদাৰী গোচৰত উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত তিনিটা ক্ষেত্ৰত আপীল কৰিব পাৰি-

১) যদি উচ্চ ন্যায়ালয়ে নিম্ন আদালতে নিৰ্দোষী বুলি প্ৰমাণিত কৰা কোনো ব্যক্তিৰ মুক্তিৰ আদেশ নাকচ কৰি সেই ব্যক্তিক মৃত্যু দণ্ডত দণ্ডিত কৰে|

২) নিম্ন আদালতত বিচাৰাধীন কোনো গোচৰ পোনপটীয়াকৈ তুলি আনি উচ্চ ন্যায়ালয়ে অভিযুক্ত ব্যক্তিক মৃত্যুদণ্ড দিয়ে| আৰু

৩) গোচৰটো উচ্চতম ন্যায়ালয়ত পুনৰ্বিবেচনাৰ যোগ্য বুলি যদি উচ্চ ন্যায়ালয়ে চুপাৰিচ কৰে|

ঘ) বিশেষ অনুমতিৰ মাধ্যমত আপীল:- সংবিধানৰ ১৩৬ নং অনুচ্ছেদ অনুযায়ী ভাৰতবৰ্ষৰ ৰাজ্যক্ষেত্ৰৰ কোনো ন্যায়ালয় বা ন্যায়াধিষ্ঠানৰ ৰায়, আদেশ বা নিৰ্দেশৰ বিৰুদ্ধে আপীল কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিজ বিবেচনা মতে বিশেষ অনুমতি প্ৰদান কৰিব পাৰে| অৱশ্যে উচ্চতম ন্যায়ালয়ে কোনো সামৰিক আদালতৰ ক্ষেত্ৰত এই ক্ষমতাক প্ৰয়োগ কৰিব নোৱাৰে| সংসদে উচ্চতম ন্যায়ালয়ৰ আপীল সংক্ৰান্ত ক্ষমতাৰ সম্প্ৰসাৰণ কৰিব পাৰে|

৩) পৰামৰ্শ দানৰ ক্ষমতা:- উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষমতা বৰ গুৰুত্বপুৰ্ণ| ভাৰতীয় সংবিধানৰ ১৪৩(১) নং অনুচ্ছেদত কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে যদি কেতিয়াবা বিবেচনা কৰে যে আইন বা তথ্যসংক্ৰান্ত কোনো বিষয়ত গুৰুত্বপুৰ্ণ প্ৰশ্নৰ উদ্ভৱ হৈছে, বা উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে আৰু এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ লোৱা প্ৰয়োজন, তেন্তে তেওঁ সেই বিষয়টো ন্যায়ালয়ৰ বিবেচনাৰ বাবে পঠিয়াব পাৰে| উচ্চতম ন্যায়ালয়ৰ এই ধৰণৰ বিষয়ক বিবেচনা কৰাটো পৰামৰ্শদান ক্ষমতাৰ ভিতৰত পৰে| উচ্চতম ন্যায়ালয়ৰ ওচৰত ৰাষ্ট্ৰপতিয়ে পৰামৰ্শ বিচাৰিলে এই ন্যায়ালয় পৰামৰ্শদান কৰিবলৈ বাধ্য| কিন্তু ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ গ্ৰহণ কৰাটো বাধ্যতামুলক নহয়| উচ্চতম ন্যায়ালয়ে দিয়া কোনো পৰামৰ্শ ৰাষ্ট্ৰপতিয়ে গ্ৰ্হণ কৰিব বা নকৰিবও পাৰে| উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতিৰ অনুৰোধক্ৰমে এতিয়া লৈকে উপদেশ দি আহিছে| এতিয়ালৈকে কেইবাবাৰো ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ বিচাৰিছে|

উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষমতা আন এটা ক্ষেত্ৰতো আছে| সংবিধান বলবৎ হোৱাৰ আগতে সম্পাদিত যিবোৰ চুক্তি, সন্ধি, অংগীকাৰ-পত্ৰ আৰু চনদ সংবিধান বলবৎ হোৱাৰ পিছতো কাৰ্যকৰী হৈ আছে আৰু যিবোৰ উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰৰ ভিতৰত নাই, সেই সম্পৰ্কে কোনো বিৰোধ দেখা দিলে ৰাষ্ট্ৰপতিয়ে সেই বিষয়টোক এই আদালতৰ পৰামৰ্শদানৰ বাবে পঠিয়াব পাৰে| এইবোৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয় পৰামৰ্শ দিবলৈ বাধ্য|

৪) নিৰ্দেশ, আদেশ আৰু লেখ জাৰিৰ ক্ষমতা:- ভাৰতীয় গণতন্ত্ৰক ৰক্ষা কৰাত উচ্চতম ন্যায়ালয়ৰ ওপৰত গুৰুত্বপুৰ্ণ ক্ষমতা প্ৰদান কৰা হৈছে| জনসাধাৰণৰ মৌলিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে গুৰুত্বপুৰ্ণ ক্ষমতা ভোগ কৰে আৰু এই ক্ষেত্ৰত এই আদালতে মৌলিক অধিকাৰৰ অভিভাৱকৰ দায়িত্ব পালন কৰে| মৌলিক অধিকাৰ ৰক্ষাৰ বাবে জনসাধাৰণে উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন কৰিব পাৰে| উচ্চতম ন্যায়ালয়ে নাগৰিক সকলৰ মৌলিক অধিকাৰ সমূহক ৰক্ষা কৰিবৰ বাবে কিছুমান লেখ জাৰি কৰিব পাৰে| এই লেখ সমূহ হ’ল-

১) বন্দী প্ৰত্যক্ষীকৰণ|

২) পৰমাদেশ|

৩) প্ৰতিৰোধ|

৪) অধিকাৰ পৃচ্ছা|

৫) উৎপ্ৰেষণ|

জৰুৰী অৱস্থা বলবৎ থাকিলে ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ এই ক্ষমতাক স্থগিত ৰাখিব পাৰে| গতিকে দেখা যায় যে জৰুৰীকালীন অৱস্থাত উচ্চতম ন্যায়ালয়ে নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত এই লেখ সমুহক প্ৰয়োগ কৰিব নোৱাৰে|

৫) অভিলেখ আদালত:- ভাৰতীয় সংবিধানৰ ১২৯ নং অনুচ্ছেদত উচ্চতম ন্যায়ালয়ক এখন অভিলেখ আদালত হিচাপে ঘোষণা কৰা হৈছে| এই আদালতত সকলো আইন আৰু বিচাৰ-বিভাগীয় কাৰ্যবিৱৰণী সাক্ষী-প্ৰমাণ হিচাপে স্থানীয় ভাৱে সংৰক্ষিত থাকে| সাক্ষী হিচাপে এই অভিলেখ সমুহক পেছ কৰিলে সেই সম্পৰ্কে কোনেও প্ৰশ্ন কৰিব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দ্বাৰা সংৰক্ষিত সকলো নথি-পত্ৰ ভাৰতৰ যিকোনো আদালত বা কৰ্তৃপক্ষই যথাৰ্থ আৰু প্ৰামাণ্য বুলি গ্ৰহণ কৰিব|

৬) আদালত অৱমাননাৰ বাবে শাস্তি প্ৰদান:- ভাৰতীয় সংবিধানৰ ১২৯ নং অনুচ্ছেদত অভিলেখ আদালতৰ তাৎপৰ্য বাখ্যা কৰি কোৱা হৈছে যে উচ্চতম ন্যায়ালয়ে ‘আদালত অৱমাননাৰ’ বাবে শাস্তি প্ৰদান কৰিব পাৰে| শাসন বিভাগ আৰু নিম্ন আদালত সমুহৰ বিৰুদ্ধেও আদালত অৱমাননাৰ অভিযোগ আনিব পাৰি| বিচাৰ বিভাগক হেয় কৰি কিবা প্ৰকাশ কৰা, আদালতৰ ৰায় সম্পৰ্কে মানুহৰ মনত অবিশ্বাস জনোৱা, বিচাৰকৰ ৰায়ক উদ্দ্যশ্য প্ৰণোদিত বুলি বাখ্যা দিয়া ইত্যাদিক ‘আদালত অৱমাননা’ বুলি বিবেচনা কৰা হয়|

৭) ৰায় আৰু আদেশৰ পুনৰ্বিবেচনা:- উচ্চতম ন্যায়ালয়ে ই আগতে দিয়া ৰায় বা আদেশৰ পুনৰ্বিবেচনা কৰিব পাৰে| তিনিটা কাৰণত উচ্চতম ন্যায়ালয়ে এই ক্ষমতাক প্ৰয়োগ কৰিব পাৰে-

১) যেতিয়া আদালতে কোনো নতুন তথ্য বা সাক্ষীৰ সন্ধান পায়;

২) যেতিয়া অভিলেখ অনুযায়ী কোনো দোষ ধৰা পৰে; আৰু

৩) পুনৰ্বিবেচনাৰ বাবে যথেষ্ট কাৰণ থাকে| এই ক্ষমতাৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে নিজে কৰা ভুলৰ সংশোধন কৰিব পাৰে|

৮) সংবিধানৰ বাখ্যাকৰ্তা:- উচ্চতম ন্যায়ালয় ভাৰতীয় সংবিধানৰ চুড়ান্ত বাখ্যাকাৰক| সংবিধানৰ বাখ্যা এই আদালতে যিদৰে কৰে সেইদৰেই সেই অংশৰ অৰ্থ নিৰ্ধাৰিত হয়| কোনেও উচ্চতম ন্যায়ালয়ৰ এই বাখ্যাক অস্বীকাৰ কৰিব নোৱাৰে|

৯) বৈধতা বিচাৰৰ ক্ষমতা:- উচ্চতম ন্যায়ালয়ে এই ক্ষমতাৰ জৰিয়তে কোনো আইনৰ বৈধতা আৰু সাংবিধানিক বিচাৰ কৰিব পাৰে| কোনো আইন, আদেশ বা চুক্তি সংবিধানৰ সৈতে সংগতি সম্পন্ন হয় নে নহয়; সেইটো বিচাৰ কৰাই হৈছে বৈধতা বিচাৰৰ ক্ষমতা| সেইকাৰণে উচ্চতম ন্যায়ালয়ক সংবিধানৰ অভিভাৱক বুলিও কোৱা হয়| এই ক্ষমতাৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে সংবিধানক ৰক্ষা কৰিব পাৰে|

১০) কমচাৰী নিয়োগৰ ক্ষমতা:- উচ্চতম ন্যায়ালয়ৰ নিজস্ব এটা কাৰ্যালয় আছে| এই কাৰ্যালয় পৰিচালনাৰ বাবে উচ্চতম ন্যায়ালয়ে বিভিন্ন ধৰণৰ কৰ্মচাৰীক নিয়োগ কৰে| এই বিষয়া সকল উচ্চতম ন্যায়ালয়ৰ নিয়ন্ত্ৰণাধীন|

১১) বিবিধ ক্ষমতা:- সংবিধানৰ ৪২ তম সংশোধনী আইন অনুসাৰে উচ্চতম ন্যায়ালয়ে এখন উচ্চ ন্যায়ালয়ৰ পৰা অন্য উচ্চ ন্যায়ালয়লৈ কোনো গোচৰ স্থানান্তৰ কৰিব পাৰে| কেন্দ্ৰীয় আৰু ৰাজ্যিক আইনজড়িত কোনো গোচৰ একেলগে উচ্চতম ন্যায়ালয় আৰু এক বা একাধিক উচ্চ ন্যায়ালয়ত চলি থাকিলে ভাৰতৰ এটৰ্নী জেনেৰেলৰ আবেদন অনুযায়ী উচ্চতম ন্যায়ালয়ে এই গোচৰ নিজৰ হাতলৈ লৈ আহিব পাৰে|

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে ভাৰতবৰ্ষৰ সংবিধানে উচ্চতম ন্যায়ালয়ৰ ওপৰত ব্যাপক ক্ষমতা প্ৰদান কৰিছে| এই ন্যায়ালয়ক পৃথিৱীৰ ন্যায়ালয় সমূহৰ ভিতৰত এখন ক্ষমতাশালী ন্যায়ালয় বুলি কোৱা হয়| উচ্চতম ন্যায়ালয় ভাৰতবৰ্ষৰ সকলো আদালতৰ শীৰ্ষত অৱস্থিত| সেয়েহে এই আদালতৰ সিদ্ধান্তক সকলোৱে মানি চলিবলৈ বাধ্য|

উচ্চতম ন্যায়ালয়ৰ মূল্যায়ন:-

ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ ব্যাপকতা লক্ষ্য কৰি আল্লাদী কৃষ্ণস্বামী আয়াৰে মন্তব্য কৰিছে যে, “ ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয় বিশ্বৰ যিকোনো দেশৰ সৰ্ব্বোচ্চ আদালত অপেক্ষা অধিক ক্ষমতাৰ অধিকাৰী|” এই উক্তিটোৰ যে যথেষ্ট সত্যতা আছে সেই বিষয়ে সন্দেহ নাই| যুক্তৰাষ্ট্ৰীয় আদালত হিচাপে, সৰ্ব্বোচ্চ আপীল আদালত হিচাপে, সংবিধানৰ বাখ্যাকৰ্তা আৰু অভিভাৱক হিচাপে আৰু মৌলিক অধিকাৰ ৰক্ষাকৰ্তা হিচাপে উচ্চতম ন্যায়ালয়ে গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে| আনকি উচ্চতম ন্যায়ালয়ক ৰাষ্ট্ৰপতিক পৰামৰ্শদানৰ বাবে যি ক্ষমতা দিয়া হৈছে, বিশ্বৰ বহুতো উচ্চতম ন্যায়ালয়ৰ এই ক্ষমতা নাই|

সংবিধানৰ বাখ্যাকৰ্তা আৰু অভিভাৱক হিচাপে উচ্চতম ন্যায়ালয়ৰ ভুমিকা বৰ গুৰুত্বপুৰ্ণ| উচ্চতম ন্যায়ালয়ে আইনসভাই পাছ কৰা আইন, ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালে দিয়া আদেশ আদি সংবিধান বিৰোধী হয় নে নহয় সেইটোক বিচাৰ কৰিব পাৰে| কোনো আইন বা আদেশ সংবিধান বিৰোধী হ’লে উচ্চতম ন্যায়ালয়ে সেই আদেশ বা আইনক অবৈধ বুলি ঘোষণা কৰিব পাৰে|

ভাৰতীয় নাগৰিক সকলৰ মৌলিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ভুমিকা বিশেষ গুৰুত্বপুৰ্ণ| উচ্চতম ন্যায়ালয়ে নাগৰিক সকলৰ অধিকাৰ ৰক্ষা কৰাত যথেষ্ট পৰিমাণে কৃতকাৰ্য হৈছে| নাগৰিকৰ মৌলিক অধিকাৰ সংক্ৰান্ত গোচৰ পোনপটীয়াকৈ এই আদালতত দিব পাৰি| সেই কাৰণে উচ্চতম ন্যায়ালয়ক মৌলিক অধিকাৰৰ ৰক্ষক আৰু অভিভাৱক বুলি কোৱা হয়|

দেৱানী, ফৌজদাৰী সংবিধানৰ বাখ্যাসংক্ৰান্ত গোচৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয় হ’ল দেশৰ সৰ্ব্বোচ্চ আপীল আদালত| আপীল আদালত হিচাপে ভাৰতৰ উচ্চতম ন্যায়ালয়ে যি ক্ষমতা আৰু পদমৰ্যাদা ভোগ কৰে, আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ অনুৰূপ ক্ষমতা আৰু পদমৰ্যাদাৰ অধিকাৰী নহয়|

ভাৰতৰ শাসন ব্যৱস্থাত উচ্চতম ন্যায়ালয়ৰ ভুমিকা বৰ গুৰুত্বপূৰ্ণ| এই ন্যায়ালয়ৰ প্ৰধান কৰ্তব্য হ’ল আইন সমুহ যথাযথ ভাৱে প্ৰয়োগ আৰু প্ৰতিপালিত হৈছে নে নাই আৰু বিচাৰ প্ৰাৰ্থীক ন্যায় বিচাৰৰ পৰা বঞ্চিত কৰা হৈছে নেকি সেই বিষয়ে সতৰ্ক দৃষ্টি কৰা| এই উদ্দেশ্যে লৈয়েই ভাৰতীয় সংবিধানে উচ্চতম ন্যায়ালয়ক এটি অখণ্ড বিচাৰ-ব্যৱস্থাৰ শিখৰত ৰাখিছে| এই আদালতৰ দ্বাৰা স্বীকৃত আৰু গৃহীত আইনসংক্ৰান্ত সিদ্ধান্তক দেশৰ সকলো আদালতে মানি চলিবলৈ বাধ্য|

উচ্চতম ন্যায়ালয়ে পৰামৰ্শদানৰ ক্ষমতাক ভোগ কৰে| ৰাষ্ট্ৰপতিয়ে জনস্বাৰ্থ ৰক্ষাৰ্থে গুৰুত্বপুৰ্ণ বিষয়ত এই আদালতৰ পৰামৰ্শক গ্ৰহণ কৰিব পাৰে| উচ্চতম ন্যায়ালয়ৰ ক্ষমতা দেখাত ব্যাপক হ’লেও আচলতে কিছুমান ক্ষেত্ৰত ইয়াৰ ক্ষমতা সমুহ সীমিত| জৰুৰী অৱস্থাত এই আদালতে জনসাধাৰণৰ মৌলিক অধিকাৰক ৰক্ষা কৰিব নোৱাৰে| ন্যায়িক সমীক্ষাৰ ক্ষেত্ৰতো ইয়াৰ ক্ষমতা সীমিত| ই যিকোনো আইন সাংবিধানিক হয় নে নহয় সেইটোহে বিচাৰ কৰিব পাৰে| এই আদালতে কোনো আইনৰ গুণাগুণ বিচাৰ কৰিব নোৱাৰে| তাৰোপৰি সংসদে সংবিধান সংশোধন কৰি কেইবাবাৰো ইয়াৰ ক্ষমতাক সংকোচন কৰিছে| অৱশ্যে, এতিয়া উচ্চতম ন্যায়ালয়ে যিকোনো আইনৰ সাংবিধানিক বিচাৰ কৰিব পাৰে| এই আদালতে যাতে নিৰপেক্ষভাৱে আৰু নিৰ্ভয়ে বিচাৰকাৰ্য সম্পাদন কৰিব পাৰে তাৰ বাবে সংবিধানে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে|

ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ ভুমিকা আৰু পদমৰ্যাদাক বিশ্লেষণ কৰি এই সিদ্ধান্তত উপনীত হ’ব পাৰি যে এই ন্যায়ালয় ইংলেণ্ডৰ বিচাৰ বিভাগৰ দৰে দুৰ্বল নহয় আৰু আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ দৰে সিমান শক্তিশালী নহয়| “এ কে গোপালন বনাম মাদ্ৰাজ ৰাজ্য” গোচৰৰ ৰায়ত উচ্চতম ন্যায়ালয়ে নিজেই স্বীকাৰ কৰিছে যে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে মৰ্যাদাৰ ফালৰ পৰা বৃটেইন আৰু আমেৰিকাৰ ন্যায়িক ব্যৱস্থাৰ মধ্যৱৰ্তী এটি স্থান অধিকাৰ কৰিব পাৰে|

উচ্চ ন্যায়ালয়

ভাৰতবৰ্ষৰ সংবিধানৰ ২১৪ নং অনুচ্ছেদত কোৱা হৈছে যে প্ৰত্যেক ৰাজ্যত এখনকৈ উচ্চ ন্যায়ালয় গঠন কৰা হ’ব| কিন্তু সংসদে আইন পাছ কৰি দুই বা ততোধিক ৰাজ্যৰ বাবে এখন উচ্চ ন্যায়ালয় স্থাপন কৰিব পাৰে| ৰাজ্যৰ বিচাৰ বিভাগৰ শীৰ্ষস্থানত অৱস্থিত হলেও ভাৰতবৰ্ষত কেন্দ্ৰীভুত বিচাৰ-ব্যৱস্থা প্ৰৱৰ্তিত হোৱাৰ বাবে উচ্চ ন্যায়ালয় সমুহৰ ওপৰত উচ্চতম ন্যায়ালয়ক স্থান দিয়া হৈছে|

গঠন:-

সংবিধানৰ ২১৬ নং অনুচ্ছেদত কোৱা হৈছে যে এজন প্ৰধান বিচাৰপতি আৰু কেইজনমান বিচাৰপতিক লৈ উচ্চ ন্যায়ালয় গঠন কৰা হ’ব| অন্যান্য বিচাৰপতিৰ সংখ্যা কিমান হ’ব সেইটোক সংবিধানে স্থিৰ কৰা নাই| উচ্চ ন্যায়ালয়ৰ অন্যান্য বিচাৰপতিৰ সংখ্যা ৰাষ্ট্ৰপতিয়ে নিৰ্ধাৰণ কৰে| ইয়াৰ ফলত বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ সংখ্যা বেলেগ বেলেগ হোৱা দেখা যায়|

নিয়োগ:-

সংবিধানৰ ২১৭ নং অনুচ্ছেদ অনুযায়ী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশ সকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে| মুখ্য ন্যায়াধীশৰ নিযুক্তিৰ সময়ত তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যপালৰ সৈতে পৰামৰ্শ কৰে| অন্যান্য ন্যায়াধীশ নিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰে| ৰাষ্ট্ৰপতিয়ে প্ৰয়োজনীয় যোগ্যতা সম্পন্ন কোনো ব্যক্তিক দুই বছৰৰ বাবে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিয়োগ কৰিব পাৰে| কোনো কাৰণত মুখ্য ন্যায়াধীশৰ পদ শূন্য হ’লে ৰাষ্ট্ৰপতিয়ে সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ বিচাৰপতি সকলৰ মাজৰ পৰা এজনক কাৰ্যনিৰ্বাহী মুখ্য ন্যায়াধীশ হিচাপে নিয়োগ কৰে| উচ্চ ন্যায়ালয়ৰ কোনো বিচাৰপতিৰ পদ শূন্য হ’লে ৰাষ্ট্ৰপতিয়ে কোনো যোগ্য ব্যক্তিক অস্থায়ী বিচাৰপতি হিচাপে নিয়োগ কৰিব পাৰে|

বিচাৰপতি সকলৰ যোগ্যতা:-

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হবলৈ হ’লে এজন ব্যক্তিৰ কিছুমান যোগ্যতা থাকিব লাগিব-

ক) তেওঁ ভাৰতীয় নাগৰিক হ’ব লাগিব|

খ) ভাৰতৰ অন্তৰ্গত যিকোনো উচ্চ ন্যায়ালয়ত তেওঁ অন্তত: দহবছৰ কাল ওকালতি কৰিব লাগিব

গ) ৰাষ্ট্ৰপতিয়ে তেওঁক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত কৰিলে|

ঘ) তেওঁক অন্য কোনো ৰাজ্যৰ উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰিলে বা

ঙ) পদৰ পৰা অপসাৰিত হ’লে|

এইবোৰ কাৰণত কাৰ্যকাল পুৰ্ণ হোৱাৰ আগতে কোনো বিচাৰকৰ পদ শূন্য হ’ব পাৰে|

অসদাচৰণ, অক্ষমতা বা সংবিধান ভংগৰ অভিযোগ প্ৰমাণিত হ’লে উচ্চ ন্যায়ালয়ৰ কোনো বিচাৰপতিক পদচ্যুত কৰিব পাৰে| কোনো বিচাৰপতিৰ বিৰুদ্ধে অনা অভিযোগৰ প্ৰস্তাৱ যদি সংসদৰ উভয় সদনত মুঠ সদস্য সকলৰ সংখ্যাগৰিষ্ঠাত আৰু উপস্থিত আৰু ভোটদানকাৰী সদস্য সকলৰ দুই-তৃতীয়াংশৰ সমৰ্থনত গৃহীত হয় তেতিয়া হ’লে ৰাষ্ট্ৰপতিয়ে অভিযুক্ত বিচাৰপতিক পদচ্যুত কৰিব পাৰে|

শপথ:-

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে ন্যায়াধীশে ৰাজ্যপাল বা এই উদ্দেশ্যে নিযুক্ত কোনো ব্যক্তিৰ ওচৰত সংবিধান ৰক্ষাৰ আৰু নিৰপেক্ষভাৱে কাৰ্য পৰিচালনাৰ শপথ গ্ৰ্হণ কৰিব লাগে| এই শপথ মতে বিচাৰক সকল সংবিধানক ৰক্ষা কৰিবলৈ দায়বদ্ধ| গতিকে সংবিধানৰ ৰক্ষক হিচাপে উচ্চ ন্যায়ালয় সমূহেও গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে|

দৰমহা, বানচ্‌ ইত্যাদি:

উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিক মাহে ৯০,০০০ টকা আৰু অন্যান্য বিচাৰপতি সকলে মাহে ৮০,০০০ টকা দৰমহা পায়| ইয়াৰ বাহিৰেও তেওঁলোকক কিছুমান বানচ্‌ দিয়া হয়| অৱসৰৰ পিছত বিচাৰক সকলে পেন্সন পায়| কাৰ্যকালৰ ভিতৰত তেওঁলোকক অন্যান্য সা-সুবিধাও দিয়া হয়| তেওঁলোকে বসবাসৰ বাবে বিনাভাৰাত সুসজ্জিত বাসভৱন পায়| উচ্চ ন্যায়ালয়ৰ বিচাৰপতি সকলৰ দৰমহা, বানচ্‌ ইত্যাদি ৰাজ্যৰ সঞ্চিত তহবিলৰ পৰা প্ৰদান কৰা হয়| আৰ্থিক জৰুৰী অৱস্থা বিনে আন কোনো সময়ত বিচাৰপতি সকলৰ নিয়োগৰ সময়ত যি দৰমহা, বানচ্‌ আদি দিয়া হয় তাৰ পৰিমাণ সংসদে হ্ৰাস কৰিব নোৱাৰে|

অন্যান্য ব্যৱস্থা:-

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলক সংবিধানৰ ২২২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শমতে এখন উচ্চ ন্যায়ালয়ৰ পৰা আন এখন উচ্চ ন্যায়ালয়লৈ বদলি কৰিব পাৰে| উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰা কোনো ন্যায়াধীশে উচ্চতম ন্যায়ালয় বা আন কোনো উচ্চ ন্যায়ালয়ৰ বাহিৰে অন্য ক’তো ওকালতি কৰিব নোৱাৰে| কিন্তু অৱসৰ গ্ৰহণৰ পিছত উচ্চ ন্যায়ালয়ৰ বিচাৰপতি সকলক ৰাজ্যপাল, ৰাষ্ট্ৰদূত ইত্যাদি পদত নিযুক্ত হোৱাৰ কোনো ধৰণৰ বাধা সংবিধানে আৰোপ কৰা নাই|

ক্ষমতা আৰু কাৰ্যাৱলী:-

ভাৰতীয় সংবিধানে উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্যাৱলীক যিদৰে স্পষ্টভাৱে বৰ্ণনা কৰিছে, উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰত সেইদৰে কৰা নাই| সংবিধানত কোৱা হৈছে যে সংবিধান প্ৰৱৰ্তিত হোৱাৰ আগতে উচ্চ ন্যায়ালয় সমুহে যিবোৰ ক্ষমতা ভোগ কৰিছিল, এতিয়াও উচ্চ ন্যায়ালয় সমুহে অনুৰুপ ক্ষমতা ভোগ কৰিব| কিন্তু উচ্চ ন্যায়ালয় সমুহে সংবিধানৰ সীমাৰেখাৰ ভিতৰত থাকি কৰ্তব্য সম্পাদন কৰিব লাগিব| সাধাৰণতে প্ৰতিখন উচ্চ ন্যায়ালয়ৰ এলেকা সংশ্লিষ্ট ৰাজ্যৰ ভৌগলিক সীমাৰেখাৰ মাজত সীমাবদ্ধ থাকিলেও সংসদে আইনৰ জৰিয়তে কোনো উচ্চ ন্যায়ালয়ৰ এলেকা একাধিক ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক্ষেত্ৰত সম্প্ৰসাৰিত কৰিব পাৰে| উচ্চ ন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্যাৱলীক কেইটামান ভাগত বিভক্ত কৰি আলোচনা কৰিব পাৰি|

১) মূল বা মৌলিক ক্ষমতা:- ৰাজহসংক্ৰান্ত সকলো বিষয় উচ্চ ন্যায়ালয়ৰ মূল এলেকাভুক্ত ক্ষমতাৰ অন্তৰ্গত| অৰ্থাৎ উচ্চ ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰ দেৱানী গোচৰতেই সীমাবদ্ধ| এতিয়া এই আদালতৰ মূল অধিকাৰ ক্ষেত্ৰত ফৌজদাৰী গোচৰৰ বিচাৰ নহয়| সৰু-সুৰা দেৱানী গোচৰৰ বিচাৰ অধ:স্তন আদালতে কৰে| বেছি পৰিমাণ অৰ্থ জড়িত গোচৰৰ বিচাৰ উচ্চ ন্যায়ালয়ত হয়| এনে গোচৰ উচ্চ ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰৰ ভিতৰত পৰে|

২) আপীল বিষয়ক ক্ষমতা:- উচ্চ ন্যায়ালয় ৰাজ্যৰ সৰ্ব্বোচ্চ আপীল আদালত| দেৱানী আৰু ফৌজদাৰী গোচৰৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ত আপীল কৰিব পাৰি| দেৱানী গোচৰৰ ক্ষেত্ৰত জিলা জজ আৰু সহকাৰী জিলা জজৰ প্ৰদত্ত ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপীল কৰা হয়| ফৌজদাৰী গোচৰৰ ক্ষেত্ৰত জিলা স্তৰৰ জজ বা অতিৰিক্ত জজৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপীল কৰিব পাৰি| তাৰোপৰি উচ্চ ন্যায়ালয়ৰ কোনো বিচাৰকৰ একক সিদ্ধান্তৰ বিৰুদ্ধেও উচ্চ ন্যায়ালয়ত আপীল কৰিব পাৰি|

৩)নিৰ্দেশ, আদেশ, লেখ জাৰিৰ ক্ষমতা:- উচ্চ ন্যায়ালয়ে নিজৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত থকা নাগৰিক সকলৰ মৌলিক অধিকাৰক ৰক্ষা কৰিব পাৰে| সংবিধানৰ ২২৬ নং অনুচ্ছেদ অনুযায়ী এই আদালতে মৌলিক অধিকাৰক বলবৎ কৰিবৰ কাৰণে কিছুমান লেখ জাৰি কৰিব পাৰে| এই ক্ষেত্ৰত উচ্চ ন্যায়ালয় সমুহ উচ্চতম ন্যায়ালয়ৰ দৰে ক্ষমতাশালী| নাগৰিক সকলৰ মৌলিক অধিকাৰ সমুহৰ সংৰক্ষণৰ বাহিৰেও সাধাৰণতে আইনত অধিকাৰ ৰক্ষাৰ কাৰণেও উচ্চ ন্যায়ালয়ে লেখ, নিৰ্দেশ বা আদেশ জাৰি কৰিব পাৰে| দেশত জৰুৰী অৱস্থা ঘোষিত হ’লে উচ্চতম ন্যায়ালয়ৰ এই গুৰুত্বপুৰ্ণ ক্ষমতা সংকুচিত হ’ব পাৰে| অৱশ্যে, ৪৪ তম সংবিধান সংশোধনীত কোৱা হৈছে যে জৰুৰী অৱস্থাৰ সময়তো উচ্চ ন্যায়ালয়ৰ “বন্দী প্ৰত্যক্ষীকৰণ” ৰ দৰে লেখ জাৰিৰ ক্ষমতাক সাময়িক ভাৱেও খৰ্ব কৰিব নোৱাৰি| এতেকে দেখা যায় যে মৌলিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয় সমুহে গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে|

৪) তত্বাৱধানসংক্ৰান্ত ক্ষমতা:- উচ্চ ন্যায়ালয়ে ইয়াৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰ্ত ভিতৰত থকা সামৰিক আদালত আৰু ট্ৰিবিউনেলৰ বাহিৰে অন্যান্য আদালত আৰু ট্ৰিবিনেল সমুহক তত্বাৱধান কৰে| এই ক্ষমতাৰ বলত উচ্চ ন্যায়ালয়ে যিকোনো নিম্নতম আদালতক দলিল পত্ৰ আদি দাখিল কৰিবলৈ নিৰ্দেশ দিব পাৰে| অধ:স্তন আদালতৰ কৰ্মচাৰী সকলে কেনেকৈ চৰকাৰী নথি-পত্ৰ আৰু হিচাপ ৰাখিব সেই সম্পৰ্কেও উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিব পাৰে|

৫) অধ:স্তন আদালতৰ পৰা গোচৰ অধিগ্ৰহণ:- তলৰ কোনো আদালতৰ বিচাৰাধীন কোনো গোচৰৰ সৈতে সংবিধানৰ বাখ্যাসংক্ৰান্ত গুৰুত্বপুৰ্ণ প্ৰশ্ন জড়িত থাকিলে সংশ্লিষ্ট গোচৰৰ বিচাৰৰ দায়িত্ব উচ্চ ন্যায়ালয়ে নিজৰ হাতলৈ লৈ আহিব পাৰে|

৬) অধ:স্তন আদালতক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা:- উচ্চ ন্যায়ালয়ে অধ:স্তন আদালত সমুহক নিয়ন্ত্ৰণ কৰিব পাৰে| জিলা জজৰ নিয়োগ, স্থানান্তৰ, পদোন্নতি আদিৰ ক্ষেত্ৰত ৰাজ্যপালে উচ্চ ন্যায়ালয়ৰ পৰামৰ্শক গ্ৰহণ কৰে| তাৰোপৰি অন্যান্য অধ:স্তন আদালত সমুহৰ অন্যন্য বিচাৰ বিভাগীয় পদত নিয়োগৰ ক্ষেত্ৰতো ৰাজ্যপালে উচ্চ ন্যায়ালয়ৰ পৰামৰ্শক গ্ৰহণ কৰে| জিলা আদালত আৰু অন্যান্য অধ:স্তন আদালতৰ কৰ্মচাৰী সকলৰ নিয়োগ, পদোন্নতি আদি বিষয়তো উচ্চ ন্যায়ালয়ে বিশেষ গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে|

৭) অন্যান্য ক্ষমতা:- উপৰোক্ত ক্ষমতা সমুহৰ বাহিৰেও উচ্চ ন্যায়ালয়ে আন কিছুমান কাৰ্য সম্পাদন কৰিব লাগে| প্ৰথমতে, উচ্চতম ন্যায়ালয়ৰ দৰে উচ্চ ন্যায়ালয়ে অভিলেখ আদালত হিচাপে কাৰ্য সম্পাদন কৰিব লাগে| দ্বিতীয়তে, উচ্চ ন্যায়ালয়ে নিজৰ অৱমাননাৰ বাবে অৱমাননাধাৰীক শাস্তি বিধান কৰিব পাৰে| তৃতীয়তে, উচ্চ ন্যায়ালয়ে বিচাৰ কাৰ্য সম্পাদনৰ বাবে প্ৰয়োজনীয় নিয়মাৱলী ৰচনা কৰিব পাৰে| চতুৰ্থতে, উচ্চ ন্যায়ালয়ে ইয়াৰ কাৰ্যালয়ৰ বাবে অন্যান্য কৰ্মচাৰী সকলক নিযুক্ত কৰে|

মূল্যায়ন:- উচ্চ ন্যায়ালয়ক ৰাজ্যৰ সৰ্ব্বোচ্চ আদালত হিচাপে সংবিধানে নানা ধৰণৰ ক্ষমতা প্ৰদান কৰিছে| কিন্তু ভাৰতবৰ্ষৰ উচ্চ ন্যায়ালয় সমুহ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক উচ্চ ন্যায়ালয়ৰ দৰে ক্ষমতাশালী নহয়| ভাৰতবৰ্ষত কেন্দ্ৰীভূত বিচাৰ-ব্যৱস্থা প্ৰৱৰ্তিত হোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয় সমুহৰ শীৰ্ষস্থানত অৱস্থান কৰে| সেই কাৰণে উচ্চ ন্যায়ালয় সমুহৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰি|

উচ্চ ন্যায়ালয় ৰাজ্যৰ সৰ্ব্বোচ্চ আদালত হ’লেও ইয়াৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰাধান্যক সকলো দিশতে লক্ষ্য কৰা যায়| উদাহৰণ হিচাপে ন্যায়াধীশ সকলৰ নিযুক্তি, বদলি ইত্যাদি ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত কৰাৰ কথা উল্লেখ কৰিব পাৰি| তাৰোপৰি সংসদে উচ্চ ন্যায়ালয়ৰ যিকোনো বিচাৰপতিক অপসাৰিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে ৰাষ্ট্ৰপতিয়ে তেওঁক পদচ্যুত কৰিব পাৰে| সংসদে সংবিধান সংশোধন কৰি উচ্চ ন্যায়ালয়ৰ ক্ষমতাক সীমাবদ্ধ কৰিব পাৰে| এই ক্ষেত্ৰত সংবিধানৰ ৪২ তম সংশোধনীৰ কথা উল্লেখ কৰিব পাৰি|

দেশত জৰুৰী অৱস্থা ঘোষিত হ’লে ৰাষ্ট্ৰপতিয়ে আদেশ জাৰি কৰি মৌলিক অধিকাৰ সমুহক বলবৎ কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ ওচৰত আবেদন কৰাৰ অধিকাৰক বাতিল কৰিব পাৰে| সামৰিক আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ে আপীল শুনিব নোৱাৰে| আপীলসংক্ৰান্ত অন্যান্য গোচৰৰ ক্ষেত্ৰতো কিছুমান বাধা-নিষেধ আছে| গতিকে আপীল আদালত হিচাবেও উচ্চ ন্যায়ালয়ৰ ক্ষমতা সীমিত|

ভাৰতীয় বিচাৰ-ব্যৱস্থাত উচ্চ ন্যায়ালয় সমুহৰ ভুমিকা বৰ গুৰুত্বপুৰ্ণ| এই আদালত সমুহে জনসাধাৰণৰ মৌলিক অধিকাৰ ৰক্ষা কৰাত যথেষ্ট পৰিমাণে কৃতকাৰ্য হৈছে| এই আদালতৰ স্বাধীনতা ৰক্ষাৰ বাবেও সংবিধানে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে| উচ্চ ন্যায়ালয় সমুহে উচ্চতম ন্যায়ালয়ৰ অধীনত থাকি সহায়ক আদালত হিচাপে বিচাৰকাৰ্য সম্পাদন কৰে| কিন্তু এই আদালত সমুহৰো যথেষ্ট সাংবিধানিক গুৰুত্ব আছে|

অধ:স্তন আদালত সমুহৰ গঠন আৰু কাৰ্যাৱলী

প্ৰত্যেক ৰাজ্যত উচ্চ ন্যায়ালয়ৰ বাহিৰেও কিছুমান অধ:স্তন আদালত আছে| এইবোৰক দুটা ভাগত বিভক্ত কৰিব পাৰি-দেৱানী আদালত আৰু ফৌজদাৰী আদালত| তলত এই আদালত সমুহৰ বিষয়ে আলোচনা কৰা হ’ল-

দেৱানী আদালত সমুহ

অধ:স্তন দেৱানী আদালত সমুহক কেইটামান ভাগত বিভক্ত কৰিব পাৰি, যেনে-

ক) দেৱানী বিচাৰ গোচৰৰ সৰ্বনিম্ন আদালত হ’ল পঞ্চায়তী আদালত| কেইখন মান গাৱঁৰ বাবে এই আদালত গঠন কৰা হয়| এই আদালতে সৰু-সুৰা অৰ্থসংক্ৰান্ত গোচৰৰ বিচাৰ কৰে| চহৰ সমুহত এনে ধৰণৰ সৰু গোচৰ বিচাৰৰ বাবে ক্ষুদ্ৰ আদালত থাকে|

খ) পঞ্চায়তী আদালতৰ ঊৰ্ধ্বতন দেৱানী আদালত হ’ল মুন্সীফৰ আদালত| মহকুমা বা জিলাৰ সদৰস্থানত এই আদালত গঠন কৰা হয়| এই আদালতে মজলীয়া ধৰণৰ দেৱানী গোচৰৰ বিচাৰ কৰে|

গ) চাব-জজৰ আদালত মুন্সীফৰ আদালতৰ ওপৰত অৱস্থিত| মুন্সীফৰ আদালতৰ ৰায়ৰ বিৰুদ্ধে এই আদালতত আপীল কৰিব পাৰি| এই আদালতৰ মূল আৰু আপীল দুয়ো ধৰণৰ অধিকাৰ ক্ষেত্ৰ আছে| বেছি পৰিমাণৰ টকাৰ দাবীসংক্ৰান্ত গোচৰ এই আদালতৰ মূল এলাকাৰ অন্তৰ্ভুক্ত|

ঘ) চাব-জজৰ আদালতৰ ওপৰত জিলা জজৰ আদালত অৱস্থিত| জিলাৰ সৰ্ব্বোচ্চ বিচাৰ বিভাগীয় কতৃপক্ষ হ’ল জিলা জজ| প্ৰত্যেক জিলাত বা একাধিক জিলাৰ বাবে জিলা জজৰ আদালত থাকিব পাৰে| এই আদালতৰ মূল আৰু আপীল এলেকা আছে| এই আদালতত মুন্সীফ আৰু চাব-জজৰ আদালতৰ ৰায়ৰ বিৰুদ্ধে আপীল কৰিব পাৰি| এই আদালতে যিকোনো মুল্যৰ দেৱানী গোচৰৰ বিচাৰ কৰিব পাৰে| ইয়াৰ ৰায়ৰ বিৰুদ্ধে ৰাজ্যৰ উচ্চ ন্যায়ালয়ত আপীল কৰিব পাৰি|

ফৌজদাৰী আদালতসমুহ

অধ:স্তন ফোজদাৰী আদালত সমুহক কেইটামান ভাগত বিভক্ত কৰিব পাৰি; যেনে-

ক) ফৌজদাৰী আদালত সমুহৰ সৰ্বনিম্ন আদালত হ’ল পঞ্চায়তী আদালত| এই আদালতে গাঁও অঞ্চলত হোৱা সৰু-সুৰা ফৌজদাৰী গোচৰৰ বিচাৰ কৰে|

খ) গুৰুতৰ ফৌজদাৰী গোচৰৰ বিচাৰকাৰ্য মেজিষ্ট্ৰেট সকলে সম্পাদন কৰে| কিছুমান ৰাজ্যত এই মেজিষ্ট্ৰেট সকলক কেইটামান শ্ৰেণীত বিভক্ত কৰা হয়| ক্ষমতা অনুযায়ী তেওঁলোকৰ শ্ৰেণী বিভাজন কৰা হয়| প্ৰত্যেক জিলাত এজন প্ৰধান বিচাৰ বিভাগীয় মেজিষ্ট্ৰেট থাকে| তেওঁৰ তত্বাবধানত অন্যান্য মেজিষ্ট্ৰেট সকলে বিচাৰকাৰ্য সম্পাদন কৰে|

গ) জিলাৰ সৰ্ব্বোচ্চ বিচাৰ-বিভাগীয় কৰ্তৃপক্ষ হ’ল চেছন জজ| জিলা জজেই চেছন জজ হিচাপে বিচাৰকাৰ্য সম্পাদন কৰে| জিলা জজক সহায় কৰিবৰ বাবে অতিৰিক্ত চেছন জজ আৰু সহকাৰী চেছন জজ থাকে| প্ৰথম শ্ৰেণীৰ মেজিষ্ট্ৰেট বা সহকাৰী চেছন জজৰ ৰায়ৰ বিৰুদ্ধে চেছন জজৰ আদালতত আপীল কৰিব পাৰি| এইখিনিতে উল্লেখযোগ্য যে ১৯৭৩ চনত ফৌজদাৰী দণ্ডবিধি সংশোধনৰ ফলত জম্মু আৰু কাশ্মীৰ আৰু নাগালেণ্ডৰ বাহিৰে অন্যান্য সকলো ৰাজ্যত প্ৰশাসনিক মেজিষ্ট্ৰেট সকলৰ বিচাৰ বিভাগীয় ক্ষমতাৰ বিলোপ সাধন কৰা হৈছে| এতিয়া বিচাৰ বিভাগীয় মেজিষ্ট্ৰেট সকলে জিলাৰ বিচাৰকাৰ্য সম্পাদন কৰে| জিলা চেছন জজৰ আদালতৰ ৰায়ৰ বিৰুদ্ধে ৰাজ্যৰ উচ্চ ন্যায়ালয়ত আপীল কৰিব পাৰি|

অধ:স্তন আদালতসমুহৰ বিচাৰপতি সকলৰ নিযুক্তি

জিলা জজৰ নিযুক্তি আৰু স্থানান্তৰৰ ক্ষেত্ৰত ৰাজ্যপালে উচ্চ ন্যায়ালয়ৰ পৰামৰ্শক গ্ৰহণ কৰে| এওঁলোকক ৰাজ্যপালে নিয়োগ কৰে| অন্যান্য অধ:স্তন আদালতৰ বিচাৰপতি সকলৰ নিয়োগৰ ক্ষেত্ৰতো ৰাজ্যপালে উচ্চ ন্যায়ালয়ৰ পৰামৰ্শক গ্ৰহণ কৰে| বিচাৰক সকল ভাৰতীয় নাগৰিক হ’ব লাগে| জিলা জজৰ প্ৰাৰ্থীৰ অন্তত: ৭ বছৰ আইনজীৱি হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব| উচ্চ ন্যায়ালয়ৰ দ্বাৰা মনোনীত ব্যক্তিকহে এই পদত নিয়োগ কৰিব পাৰি|

উচ্চতম ন্যায়ালয় আৰু বিচাৰ-বিভাগীয় সমীক্ষা

যুক্তৰাষ্ট্ৰীয় শাসনব্যৱস্থাত কেন্দ্ৰীয় আৰু অংগৰাজ্যৰ আইনসভাৰ দ্বাৰা প্ৰণীত আইনৰ বৈধতা বিচাৰ কৰা যুক্তৰাষ্ট্ৰীয় আদালতৰ এটা গুৰুত্বপুৰ্ণ কাম| কেন্দ্ৰীয় আইনসভা আৰু ৰাজ্যিক আইনসভাই যিবোৰ আইন পাছ কৰে সেইবোৰ আইন সংশ্লিষ্ট আইনসভাই সংবিধানৰ সীমাৰ ভিতৰত পাছ কৰিছে নে নাই আৰু এই আইন সংবিধানসন্মত হয় নে নহয় এইটো যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ে বিচাৰ কৰে| যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ে যদি কোনো আইনক সংবিধান বিৰোধী বুলি বিবেচনা কৰে তেন্তে এই আইনক অবৈধ বুলি ঘোষণা কৰিব পাৰে| তেতিয়াহ’লে সেই ক্ষেত্ৰত এই আইনক বাতিল কৰা হৈছে বুলি বিবেচনা কৰা হ’ব| যুক্তৰাষ্ট্ৰীয় আদালতৰ এই ক্ষমতাক ন্যায়িক সমীক্ষাৰ ক্ষমতা বোলা হয়| যুক্তৰাষ্ট্ৰীয় আদালতে শাসন বিভাগে জাৰি কৰা আদেশ বা নিৰ্দেশ স্ংবিধান বিৰোধী হ’লে সেইবোৰ ক্ষেত্ৰতো ন্যায়িক সমীক্ষাৰ ক্ষমতাক প্ৰয়োগ কৰে আৰু এই আদেশ বা নিৰ্দেশক অবৈধ বুলি বাতিল কৰিব পাৰে|

চীন, ফ্ৰান্স, ছুইজাৰলেণ্ড, বৃটেইন আদি দেশৰ উচ্চতম ন্যায়ালয়ৰ এই ক্ষমতা নাই| এইবোৰ দেশত আইনসভাই পাছ কৰা আইনৰ বৈধতাক সেইবোৰ দেশৰ আদালতে বিচাৰ কৰিব নোৱাৰে| কিন্তু আমেৰিকাৰ উচ্চতম ন্যায়ালয়ক ন্যায়িক সমীক্ষাৰ ব্যাপক ক্ষমতা প্ৰদান কৰা হৈছে| এই ক্ষমতাৰ জৰিয়তে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে আইনসভাই ৰচনা কৰা আইনৰ বৈধতা বিচাৰ কৰিব পাৰে আৰু শাসন্বিভাগীয় আদেশ, নিৰ্দেশ আৰু কাৰ্যকলাপৰ বৈধতাক বিচাৰ কৰিব পাৰে| ইয়াৰ বাহিৰেও “ আইনৰ যথাবিহিত পদ্ধতি” অনুসৰণ কৰি আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে আইনসভাই পাছ কৰা আইন আৰু চৰকাৰী কাৰ্যকলাপ “স্বাভাৱিক ন্যায়নীতি: বিৰোধী হয় নে নহয় সেইটো বিচাৰ কৰিব পাৰে| এতেকে দেখা যায় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে ন্যায়িক সমীক্ষাৰ ব্যাপক ক্ষমতা ভোগ কৰে| এই আদালতে বহুতো আইন আৰু শাসন বিভাগীয় নিৰ্দেশৰ বৈধতাক বিচাৰ কৰি বাতিল কৰিছে| ইয়াৰ ফলত আমেৰিকাত ন্যায়পালিকাৰ প্ৰাধান্য সুপ্ৰতিষ্ঠিত হৈছে|

ভাৰতীয় সংবিধানে সীমিত পৰিমাণে উচ্চতম ন্যায়ালয়ক ন্যায়িক সমীক্ষাৰ ক্ষমতা প্ৰদান কৰিছে| সংবিধান সভাই ভাবিছিল যে ন্যায়িক সমীক্ষাৰ চূড়ান্ত ক্ষমতাক উচ্চতম ন্যায়ালয়ৰ ওপৰত ন্যস্ত কৰা সমীচীন নহব| কাৰণ, সমাজ বিপ্লৱৰ কোনো কোনো ক্ষেত্ৰত আইন বিভাগৰ ক্ষমতা চৰম আৰু চূড়ান্ত হোৱা উচিত আৰু এইবোৰ ক্ষেত্ৰত বিচাৰালায়ৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহব| সেইকাৰণে ভাৰতীয় সংবিধান সভাই ভাৰতবৰ্ষৰ সংবিধানত সংসদীয় প্ৰাধান্য আৰু বিচাৰ-বিভাগীয় প্ৰাধান্যৰ মাজত এটা সামঞ্জস্য ৰখাৰ চেষ্টা কৰিছে| ভাৰতৰ উচ্চতম ন্যায়ালয়ক আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ দৰে চৰম আৰু চূড়ান্ত ন্যায়িক সমীক্ষাৰ ক্ষমতা দিয়া হোৱা নাই| ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ক ন্যায়িক সমীক্ষাৰ ক্ষমতা মাত্ৰ দুটা ক্ষেত্ৰত স্বীকৃত হৈছে:

১) সংসদ বা ৰাজ্যৰ আইনসভাসমুহে সংবিধানৰ সপ্তম অনূসূচীত নিৰ্দেশিত তালিকামতে আইন পাছ কৰিছে নে নাই সেইটোক উচ্চতম ন্যায়ালয়ে বিচাৰ কৰিব পাৰে| এতেকে সংসদ আৰু ৰাজ্যৰ আইন সভা সমুহে নিজৰ এক্তিয়াৰ ভুক্ত বিষয়ত আইন পাছ কৰিছে নে নাই সেইটোক উচ্চতম ন্যায়ালয়ে বিচাৰ কৰিব পাৰে| এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে বিচাৰ-বিভাগীয় সমীক্ষাৰ ক্ষমতাক প্ৰয়োগ কৰিব পাৰি|

২) সংবিধানৰ তৃতীয় ভাগত ভাৰতীয় নাগৰিক সকলৰ বাবে কিছুমান মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে| আইনসভাই ৰচনা কৰা কোনো আইন মৌলিক অধিকাৰৰ বিৰোধী হয় নে নহয় সেইটো ন্যায়িক সমীক্ষাৰ ক্ষমতাৰ জৰিয়তে ন্যায়ালয়ে স্থিৰ কৰিব পাৰে| কোনো আইন মৌলিক অধিকাৰৰ বিৰোধী হ’লে সেই আইনক উচ্চতম ন্যায়ালয়ে অবৈধ বুলি ঘোষণা কৰিব পাৰে| ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে এই দুটা ক্ষেত্ৰতহে ন্যায়িক সমীক্ষাৰ ক্ষমতা ভোগ কৰিব পাৰে| অন্যান্য ক্ষেত্ৰত ইয়াৰ ন্যায়িক সমীক্ষাৰ ক্ষমতা নাই| ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে সংসদে পাছ কৰা যিকোনো আইনৰ বৈধতাৰ বিচাৰ কৰিব নোৱাৰে| সেয়েহে কোৱা হয় যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে সীমিত ন্যায়িক সমীক্ষাৰ ক্ষমতাক ভোগ কৰে|

জাতীয় জৰুৰী অৱস্থা ঘোষিত হ’লে উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষাৰ ক্ষমতা হ্ৰাস পায়| জাতীয় জৰুৰী অৱস্থাৰ সময়ত যদি স্বাধীনতাৰ অধিকাৰ বিৰোধী আইন পাছ কৰা হয় তেতিয়া হ’লে উচ্চতম ন্যায়ালয়ে সেই আইনক সংবিধান বিৰোধী বুলি বাতিল কৰিব নোৱাৰে| তাৰোপৰি জাতীয় জৰুৰী কালীন অৱস্থাত জনসাধাৰণে আদালতৰ জৰিয়তে মৌলিক অধিকাৰক ৰক্ষা কৰিব নোৱাৰে| ইয়াৰ ফলত উচ্চতম ন্যায়ালয়ৰ সীমাবদ্ধ ন্যায়িক ক্ষমতাক জৰুৰী অৱস্থাৰ সময়ত প্ৰয়োগ কৰা সম্ভৱপৰ নহয়|

সংবিধানে মৌলিক অধিকাৰৰ ওপৰত যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰিবলৈ ক্ষমতা দিছে| ইয়াৰ ফলত কোনো আইন বা শাসন বিভাগীয় নিৰ্দেশ যদি নাগৰিকৰ মৌলিক অধিকাৰৰ বিৰোধী হয় আৰু ন্যায়ালয়ে তাক যুক্তি সংগত বুলি বিবেচনা কৰে তেন্তে তেনে আইন বা নিৰ্দেশক অবৈধ বুলি ঘোষণা কৰা হয়| এই ক্ষেত্ৰত ন্যায়ালয়ৰ দায়িত্ব হ’ব ব্যক্তি অধিকাৰৰ সৈতে বৃহত্তৰ জনস্বাৰ্থৰ সামঞ্জস্য বিধান কৰা| এতেকে দেখা গ’ল যে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে যি সীমিত পৰিমাণৰ বিচাৰ-বিভাগীয় সমীক্ষাৰ ক্ষমতা ভোগ কৰে তাৰ ওপৰত সংবিধানৰ ৩৫৮ নং আৰু ৩৫৯ নং অনুচ্ছেদ আৰু “যুক্তিসংগত বাধা-নিষেধ” ইয়াৰ ক্ষমতাক অধিক পৰিমাণে সীমিত কৰিছে|

ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে ন্যায়িক সমীক্ষাৰ ক্ষমতাৰ প্ৰকৃতি সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ অভিমত দাঙি ধৰিব পাৰি| ন্যায়িক সমীক্ষাৰ ক্ষমতাৰ সৈতে বিচাৰ বিভাগৰ সাংবিধানিক প্ৰাধান্যৰ প্ৰশ্নটো জড়িত আছে| ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ মতে এই দেশৰ সংসদ বা ন্যায়ালয় কোনেও চৰম প্ৰাধান্য ভোগ নকৰে| “এ. কে. গোপালন বনাম মাদ্ৰাজ ৰাজ্য” গোচৰত বিচাৰপতি এচ. আৰ. দাসে কৈছে যে ভাৰতত বিচাৰ বিভাগৰ স্থান ব্ৰিটিছ আৰু আমেৰিকাৰ বিচাৰ বিভাগৰ মধ্যৱৰ্তী| বিচাৰপতি দাসৰ মতে, ভাৰতবৰ্ষৰ সংবিধানে ন্যায়ালয়ৰ প্ৰাধান্যতকৈ সংসদৰ প্ৰাধান্যৰ ওপৰত বেছি গুৰুত্ব দিছে| উচ্চতম ন্যায়ালয়ৰ উদ্বোধন অনুষ্ঠানত ১৯৫০ চনৰ জানুৱাৰী মাহত প্ৰধান বিচাৰপতি কেনিয়াই কৈছিল “গণতান্ত্ৰিক ৰাষ্ট্ৰত জনগণে আইনসভাৰ মাধ্যমত আইন প্ৰণয়ন কৰে| এই আইনক নিয়ন্ত্ৰণ বা সংশোধন কৰা কাম উচ্চতম ন্যায়ালয়ৰ নহয়|” ইয়াত তেওঁ আইনসভাৰ প্ৰাধান্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে| এই বছৰত “এ. কে. গোপালন বনাম মাদ্ৰাজ ৰাজ্য” গোচৰত কেনিয়াই আকৌ মত প্ৰকাশ কৰিছে যে “ভাৰতীয় জনগণে আশা কৰিব পাৰে যে শাসনবিভাগৰ স্বৈৰাচাৰৰ পৰা তেওঁলোকক ন্যায়ালয়ে ৰক্ষাকৰিব, কিন্তু আইনসভাৰ যদি স্বৈৰাচাৰ ঘটে তেন্তে তেওঁলোকক ৰক্ষা কৰিব পাৰিব একমাত্ৰ সচেতন জনমতেহে|” কিন্তু তেওঁ ভাৰতীয় সংসদক সাৰ্বভৌম আৰু অসীম ক্ষমতাৰ অধিকাৰী বুকি ভবা নাছিল|

ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে ন্যায়িক সমীক্ষাৰ ক্ষমতাক প্ৰয়োগ কৰাত “আইনৰ যথাবিহিত পদ্ধতি” নীতিটোক অনুসৰণ কৰিব নোৱাৰে| ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এই ক্ষমতা নাই| কোনো আইন সাংবিধানিক হয় নে নহয় সেইটোক উচ্চতম ন্যায়ালয়ে বিচাৰ কৰিব পাৰে| কিন্তু কোনো আইন যুক্তিসংগত হয় নে নহয় সেইটোক উচ্চতম ন্যায়ালয়ে বিচাৰ কৰিব নোৱাৰে| এই ক্ষেত্ৰত ভাৰতৰ উচ্চতম ন্যায়ালয় আমেৰিকাৰ উচ্চতম ন্যায়ালয়তকৈ কম শক্তিশালী|

সংবিধান সংশোধনৰ জৰিয়তেও উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষাৰ ক্ষমতাক হ্ৰাস কৰিব পাৰি| উদাহৰণস্বৰুপে, সংবিধানৰ ৪২ তম সংশোধনী আইনে উচ্চতম ন্যায়ালয়ৰ এই ক্ষমতাক বিশেষ ভাৱে হ্ৰাস কৰিছিল| কিন্তু ৪৪ তম সংশোধনী আইনে উচ্চতম ন্যায়ালয়ক পুনৰ সেই ক্ষমতা সমুহ প্ৰদান কৰে|

এইখিনিতে মনত ৰখা উচিত যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে আমেৰিকাৰ দৰে ন্যায়িক সমীক্ষা ক্ষমতাৰ চৰম অধিকাৰ ভোগ নকৰে| সংবিধানে যিবোৰ ক্ষেত্ৰত আইনসভাৰ ক্ষমতাৰ ওপৰত নিৰ্দিষ্ট সীমাবদ্ধতা আৰোপ কৰিছে, ভাৰতৰ ন্যায়ালয়ে সেইবোৰ ক্ষেত্ৰতহে ন্যায়িক সমীক্ষাৰ ক্ষমতাক প্ৰয়োগ কৰিব পাৰে| সেই কাৰণে ভাৰতৰ আইনসভাৰ ক্ষমতা চৰম নহয়| উচ্চতম ন্যায়ালয়ে সীমিত ন্যায়িক সমীক্ষাৰ ক্ষমতাক ভোগ কৰে| ভাৰতৰ সংসদ আৰু উচ্চতম ন্যায়ালয়ৰ পাৰস্পৰিক অৱস্থান অ-নমনীয় আৰু স্থায়ী নহয়| কে. ভি. ৰাৱে ঠিকেই কৈছে, “The final position of the judiciary vis-à-vis the parliament can never be a settled affair”.

ন্যায়পালিকাৰ স্বাধীনতা

‘ন্যায়পালিকাৰ সক্ৰিয়তা’ এই ধাৰণাটোৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ প্ৰয়োগসংক্ৰান্ত সমস্যাক লৈ উদ্ভৱ হৈছে| ন্যায়পালিকাৰ সক্ৰিয়তা বা অস্বাভাৱিক তৎপৰতা লক্ষ্য কৰি এসময়ত আমেৰিকাত ন্যায়পালিকাৰ সক্ৰিয়তা কথাটো জনসাধাৰণ, ৰাজনৈতিক নেতা, আৰু বুদ্ধিজীৱি সকলৰ মাজত প্ৰচলিত হোৱা দেখা যায়|

মাৰ্কিন যুক্তৰাষ্ট্ৰত উচ্চতম ন্যায়ালয়ৰ সক্ৰিয়তা বা তৎপৰতাৰ চালিকা শক্তি হ’ল যোৱা শতিকাৰ তৃতীয় দশকৰ ‘নিউডিল’ আৰু বৰ্তমান কালৰ ‘Public Cause’ বা ‘Interest Litigation’ আৰু ‘Positive Action’ বা ‘ইতিবাচক কাম তত্ব’| যোৱা শতিকাৰ ৬০ ৰ দশকৰ মাজছোৱাত আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু কংগ্ৰেছৰ কিছুমান পদক্ষেপত জনসাধাৰণৰ মাজত বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা যায়| এনে অৱস্থাত জনমতৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে সক্ৰিয় ভুমিকা লবলৈ আগবাঢ়ি আহে| এইখিনিতে উল্লেখ কৰিব পাৰি যে আমেৰিকা পুজিবাদী ৰাষ্ট্ৰ হ’লেও কেতিয়াবা ৰাষ্ট্ৰপতিৰ সক্ৰিয়তা আৰু কেতিয়াবা উচ্চতম ন্যায়ালয়ৰ সক্ৰিয়তাৰ বাবে এই ৰাষ্ট্ৰই কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ গ্ৰহণ কৰিব পাৰিছে|

‘ন্যায়পালিকাৰ সক্ৰিয়তা’ এই কথাটো উদ্ভাৱন কৰিছে ন্যায়পালিকাৰ সমালোচক সকলে| তেওঁলোকে ন্যায়পালিকাক যিকোনো বিষয়তে সক্ৰিয় হোৱাটো নিবিচাৰে| এওঁলোকৰ মতে ন্যায়পালিকাৰ কাৰ্য-পৰিধি ইয়াৰ গতানুগতিক কাৰ্যাৱলীৰ মাজতে সীমাবদ্ধ থকা উচিত| ই কোনো বিষয়তে আগভাগ লোৱাটো উচিত নহয়| গতিকে ন্যায়পালিকাই যেতিয়া কোনো সক্ৰিয় ভুমিকা পালন কৰে, তেতিয়া সমালোচক সকলে ন্যায়পালিকাক সমালোচনা কৰে| সমালোচকৰ দৃষ্টিভংগী যিয়েই নহওক আজিকালি কিছুমান গণতান্ত্ৰিক ৰাষ্ট্ৰত ন্যায়পালিকাই সক্ৰিয় ভুমিকা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে| এই প্ৰসংগত আমি ভাৰতবৰ্ষ বা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উদাহৰণ আগবঢ়াব পাৰো| এই দুয়োখন ৰাষ্ট্ৰত ন্যায়পালিকা এতিয়া সক্ৰিয় বা তৎপৰ|

ন্যায়পালিকাৰ সক্ৰিয়তাৰ অৰ্থ

ন্যায়পালিকাৰ গতানুগতিক কাম হ’ল গোচৰৰ বিচাৰ কৰা| ন্যায়ালয়ে এই গোচৰ বিলাকৰ সংবিধান আৰু আইন অনুসৰি বিচাৰ কৰি ৰায় দিয়ে| কিন্তু এতিয়া ন্যায়ালয়ৰ কাৰ্যৰ পৰিসৰ বৃদ্ধি পাইছে| সেয়েহে কোনো গোচৰ সম্পৰ্কে ৰায় দিওঁতে ন্যায়ালয়ে কিছুমান নতুন আইন বা নীতিৰ জন্ম দিয়ে| ন্যায়ালয়ৰ এই আইন ৰচনা কৰা ক্ষমতাক ইয়াৰ সমালোচক সকলে সক্ৰিয়তা বা তৎপৰতা বুলি আখ্যা দিয়ে| ন্যায়পালিকাৰ সিদ্ধান্তই কাৰ্যপালিকাৰ বা বিধানমণ্ডলৰ ক্ষমতা হ্ৰাস বা সম্প্ৰসাৰণ কৰিব পাৰে|

কিছুমান আইনবিদে ন্যায়পালিকাৰ সক্ৰিয়তা সমৰ্থন কৰে| তেওঁলোকৰ মতে সাংবিধানিক আইন আৰু সংসদে ৰচনা কৰা আইন বিলাক সাধাৰণ ভাৱে ৰচনা কৰা হয়| এই আইনবিলাকৰ খালি ঠাই পূৰণ কৰে ন্যায়পালিকাই আৰু তেতিয়াহে সেই আইনবিলাক সজীৱ হৈ উঠে| ন্যায়ালয়ৰ এই আইন বিলাকক পূৰ্ণ ৰুপ দিয়াৰ সম্পুৰ্ণ দায়িত্ব আছে| সেয়েহে ন্যায়পালিকা সক্ৰিয় হবই লাগিব| এতেকে ন্যায়পালিকাই আইনক পূৰ্ণাংগ ৰুপ দিয়াত যি ভুমিকা গ্ৰহণ কৰে সেয়াই হ’ল ন্যায়পালিকাৰ সক্ৰিয়তা|

কোনো কোনো ৰাষ্ট্ৰত ন্যায়পালিকাই হ’ল সংবিধানৰ অভিভাৱক আৰু বাখ্যাকৰ্তা| এইবিলাক ৰাষ্ট্ৰত ন্যায়পালিকা সক্ৰিয় হোৱাৰ যথেষ্ট থল আছে| ন্যায়পালিকা বিশেষকৈ উচ্চতম ন্যায়ালয়ে ন্যায়িক পুনৰ্বিবেচনা আৰু সংবিধানৰ বাখ্যাৰ জৰিয়তে নতুন আইনৰ জন্ম দিব পাৰে| কেতিয়াবা ন্যায়পালিকা এই কাৰ্যত অধিক সক্ৰিয় হোৱা দেখা যায়| এই সক্ৰিয় ৰুপটোক ন্যায়পালিকাৰ সক্ৰিয়তা বুলিব পাৰি|

এইখিনিতে উল্লেখ কৰিব পাৰি যে ন্যায়পালিকাই সদায় একেধৰণৰ সক্ৰিয় ভুমিকা গ্ৰহণ নকৰিবও পাৰে| উদাহৰণস্বৰুপে আমেৰিকা আৰু ভাৰতবৰ্ষত উচ্চতম ন্যায়ালয়ে প্ৰথম অৱস্থাত সক্ৰিয় ভুমিকা গ্ৰহণ কৰা নাছিল| বিভিন্ন কাৰণত ন্যায়পালিকাই অৱশেষত সক্ৰিয় ভুমিকা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে| আজিকালি প্ৰায়বিলাক গণতান্ত্ৰিক শাসন ব্যৱস্থাত ন্যায়পালিকাক সক্ৰিয় বা তৎপৰ হোৱা দেখা যায়|

ভাৰতবৰ্ষত ন্যায়পালিকাৰ সক্ৰিয়তাৰ বিকাশ

ন্যায়পালিকাই যেতিয়া সুবিবেচনাৰে সময়ৰ পৰিৱৰ্তনৰ চাহিদামতে ন্যায়িক পুনৰ্বিবেচনা কৰে, তাক ন্যায়পালিকাৰ সক্ৰিয়তা বোলা হয়| স্বাধীন ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠাৰ পিছত এই ন্যায়ালয়ে কেইবা বছৰ ধৰি গতানুগতিক ইয়াৰ কাৰ্য সম্পাদন কৰিছিল| এই ন্যায়ালয়ে বিধানমণ্ডলৰ কৰ্তৃত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল আৰু ইয়াৰ সৈতে কোনো সংঘাত সৃষ্টি কৰিব নিবিচাৰিছিল| উচ্চতম ন্যায়ালয়ে পৰম্পৰাগতভাৱে সংবিধানৰ বাখ্যা কৰিছিল আৰু ন্যায়পালিকাৰ সক্ৰিয়তাৰ প্ৰতি ইয়াৰ কোনো দুৰ্বলতা নাছিল| তাৰ পিছত ‘গোলকনাথ বনাম পঞ্জাৱ ৰাজ্য’ গোচৰৰ ৰায় দিওঁতে উচ্চতম ন্যায়ালয়ে ইয়াৰ ভুমিকাৰ সুদুৰপ্ৰসাৰী পৰিৱৰ্তন ঘটায়| এই গোচৰৰ সিদ্ধান্ত মতে উচ্চতম ন্যায়ালয়ে সাংবিধানিক গোচৰ সম্পৰ্কে বিস্তৰ ক্ষমতা প্ৰয়োগৰ সুযোগ লাভ কৰে| ইয়াৰ ফলত উচ্চতম ন্যায়ালয়ৰ ক্ষমতা কাৰ্যপালিকা বা আইনসভাৰ কাৰ্যৰ বিৰুদ্ধে নিষেধাত্মক আদেশ দিয়াৰ উপৰিও ই সঘনে কিছুমান আদেশ দিবলৈ আৰম্ভ কৰে যিবিলাক পালন কৰিবলৈ কাৰ্যপালিকা বা আইনসভা বাধ্য|

সেইদৰেৰ ১৯৭৩ চনত কেশৱানন্দ ভাৰতী গোচৰত উচ্চতম ন্যায়ালয়ে কৈছে যে সংসদে ভাৰতীয় সংবিধানৰ মূল গাঁথনিৰ সাল-সলনি কৰিব নোৱাৰে| এই গোচৰৰ সিদ্ধান্তৰ জৰিয়তেও উচ্চতম ন্যায়ালয়ে ন্যায়পালিকাৰ সক্ৰিয়তাৰ নীতি গ্ৰহণ কৰিছে| ইয়াৰ প্ৰায় ছবছৰৰ পিছৰ পৰা উচ্চতম ন্যায়ালয়ে “ৰাজহুৱা স্বাৰ্থ জনিত গোচৰৰ” নীতি উদ্ভাৱন কৰিবলৈ ধৰে| এতিয়া ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় বিলাকে সঘনে ৰাজহুৱা স্বাৰ্থজনিত গোচৰৰ বিচাৰৰ আবেদন গ্ৰহণ কৰা দেখা যায়| এতেকে দেখা যায় যে ভাৰতবৰ্ষত বৰ্তমানে ন্যায়পালিকাৰ ভুমিকা পৰম্পৰাগত নহয়| আমাৰ ৰাষ্ট্ৰৰ ন্যায়পালিকাও সময়ৰ সৈতে খোজ মিলাই চলিব বিচাৰিছে আৰু সেয়েহে ই সক্ৰিয় ভুমিকা গ্ৰহণ কৰি আছে| ন্যায়পালিকাৰ সক্ৰিয়তাৰ বিকাশৰ বহুতো কাৰণ আছে| কিছুমানে ন্যায়পালিকাৰ সক্ৰিয়তাক কঠোৰ ভাৱে সমালোচনা কৰে আৰু আন কিছুমানে ইয়াৰ প্ৰতি সমৰ্থন জনায়|

ন্যায়পালিকাৰ সক্ৰিয়তাৰ সপক্ষে যুক্তি সমুহ

ভাৰতবৰ্ষৰ সংবিধানত ক’তো আমাৰ ৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰ বুলি ঘোষণা কৰা নাই| তথাপিও ভাৰতবৰ্ষৰ আকৃতি যে যুক্তৰাষ্ট্ৰীয় সেই সম্পৰ্কে কোনো সন্দেহ নাই| সেয়েহে ভাৰতবৰ্ষৰ ন্যায়পালিকাৰ স্বাধীনতা আছে| উচ্চতম ন্যায়ালয় হ’ল সংবিধানৰ অভিভাৱক, ৰক্ষক আৰু প্ৰধান বাখ্যাকাৰক| ভাৰতৰ ন্যায়পালিকাৰ ন্যায়িক পুনৰ্বিচাৰৰ ক্ষমতাও আছে| ই কাৰ্যপালিকাৰ কোনো আদেশ বা সিদ্ধান্ত আৰু আইনসভাই ৰচনা কৰা আইন সংবিধান বিৰোধী হ’লে অ-সাংবিধানিক বুলি ঘোষণা কৰিব পাৰে| ন্যায়পালিকাৰ সক্ৰিয়তাৰ সপক্ষে ইয়াৰ সমৰ্থক সকলে কিছুমান যুক্তি আগবঢ়াইছে| সেই যুক্তিবিলাক হ’ল-

১) কাৰ্যপালিকাই দলীয় স্বাৰ্থত বা অন্যান্য কাৰণত কেতিয়াবা সংবিধান বিৰোধী কাম কৰিব পাৰে| এনে কাৰ্যত বাধা দান কৰিবৰ বাবে ন্যায়পালিকাৰ সক্ৰিয়তাৰ প্ৰয়োজন|

২) সেইদৰে বিধানমণ্ডলৰ দ্বাৰা ৰচিত কোনো আইন বা সিদ্ধান্ত সংবিধান বিৰোধী বা জনস্বাৰ্থ বিৰোধী হ’ব পাৰে| ন্যায়পালিকাইহে এনে কাৰ্যত বাধা দান কৰিব পাৰে|

৩) বৰ্তমানে গণতান্ত্ৰিক ৰাষ্ট্ৰ বিলাকত প্ৰশাসনীয় যন্ত্ৰ বৰ শক্তিশালী হৈ উঠিছে| কাৰণ, চৰকাৰ এই প্ৰশাসন যন্ত্ৰৰ ওপৰত সকলো প্ৰকাৰে নিৰ্ভৰশীল| প্ৰশাসন ব্যৱস্থাই জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰাত ব্যৰ্থ হ’ব পাৰে বা জনসাধাৰণৰ স্বাৰ্থবিৰোধী কামো কৰিব পাৰে| এতেকে প্ৰশাসন যন্ত্ৰৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ন্যায়পালিকা তৎপৰ হোৱা দেখা যায়| সেয়েহে ভাৰতবৰ্ষৰ নিচিনা ৰাষ্ট্ৰত বৰ্তমানে জনস্বাৰ্থজড়িত গোচৰৰ সংখ্যা বৃদ্ধি পাইছে|

৪) আকৌ সাংবিধানিক আইন আৰু আইনসভাই ৰচনা কৰা আইন প্ৰয়োগ কৰোতে কিছুমান অসুবিধাৰ সম্মুখীন হবলগীয়া হয়| বহুতো সময়ত এই আইনবিলাকত শূন্যতাৰ অনূভৱ হয়| এই শূন্যতা সমূহ ন্যায়পালিকাইহে পূৰ্ণ কৰিব পাৰে|

৫) আৰ্থ-সামাজিক প্ৰয়োজনত ইতিহাসৰ বিশেষ ক্ষণত জনসাধাৰণে ন্যায়পালিকাক সক্ৰিয় হোৱাটো বিচাৰে| গতিকে জনমতক লক্ষ্য কৰিও ন্যায়পালিকা তৎপৰ হ’বলৈ বাধ্য হয়| উদাৰনৈতিক গণতান্ত্ৰিক ব্যৱস্থাৰ এয়েই হ’ল ৰীতি|

৬) উচ্চতৰ ন্যায়ালয়ে সংবিধানৰ বাখ্যা কৰিবলগীয়া হয়| এই বাখ্যা বিলাকৰ জৰিয়তে ন্যায়পালিকা সক্ৰিয় হৈ নতুন আইনৰ সৃষ্টি কৰিবলগীয়া হয়|

৭) সংবিধান মতে কোনো এখন ৰাষ্ট্ৰৰ শাসন ব্যৱস্থা পৰিচালিত হৈছে নে নাই তাৰ প্ৰতিও ন্যায়ালয়ে চকু দিব লাগে| এনে পৰিস্থিতিত সাংবিধানিক নীতি-নিয়ম বিলাক বলবৎ কৰিবৰ বাবে ন্যায়পালিকা সক্ৰিয় হ’ব লাগিব|

৮) ভাৰতবৰ্ষত বৰ্তমানে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ কাৰ্যাৱলীত জনসাধাৰণ সন্তুষ্ট নহয়| জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰাত চৰকাৰৰ এই বিলাক অংগ প্ৰায় ব্যৰ্থ হৈছে| সেয়েহে জনসাধাৰণে ন্যায়পালিকাক অধিক সক্ৰিয় হোৱাটো বিচাৰে|

৯) সংবিধান কেতিয়াও স্থিতিশীল হ’ব নোৱাৰে| ই সময়োপযোগী হ’ব লাগিব| সংবিধানে যাতে সময়ৰ সৈতে খোজ মিলাই জনগণৰ আশা –আকাঙ্খাক পূৰ্ণ কৰিব পাৰে তাৰ বাবেও ন্যায়পালিকাক সক্ৰিয় হোৱা প্ৰয়োজন| ন্যায়ালয়ে নতুন বাখ্যাৰ বা পুনৰ্বিবেচনাৰ জৰিয়তে সংবিধানক গতিশীল কৰিব পাৰে|

১০) উন্নয়নশীল দেশ বিলাকত ন্যায়পালিকাৰ সক্ৰিয়তাৰ প্ৰয়োজন| জনসাধাৰণৰ অজ্ঞতাৰ বাবে বহুতো সময়ত চৰকাৰৰ অন্যান্য অংগই জনস্বাৰ্থ বিৰোধী কাম কৰিব পাৰে| এনে অৱস্থাত জনসাধাৰণৰ শেষ আশ্ৰয়ৰ স্থান হ’ল ন্যায়পালিকা| ন্যায়পালিকা সক্ৰিয় হ’লেহে তেওঁলোকৰ স্বাৰ্থ কোনেও ক্ষুন্ন কৰিব নোৱাৰে|

ন্যায়পালিকাৰ সক্ৰিয়তাৰ বিৰুদ্ধে যুক্তিসমুহ

ন্যায়পালিকাৰ সক্ৰিয়তাৰ বিৰুদ্ধেও কিছুমান যুক্তি আছে| ন্যায়পালিকা অধিক সক্ৰিয় হ’লে দেশৰ শাসন ব্যৱস্থাত অচল অৱস্থাৰ সৃষ্টি হ’ব পাৰে| ন্যায়পালিকাৰ সক্ৰিয়তাৰ বিৰুদ্ধে আগবঢ়োৱা যুক্তিবিলাক হ’ল-

১) গণতান্ত্ৰিক ৰাষ্ট্ৰত ন্যায়পালিকা সক্ৰিয় হোৱাৰ প্ৰয়োজন নাই| ন্যায়পালিকাৰ কাৰ্যাৱলী ইয়াৰ গতানুগতিক কাৰ্যাৱলীত সীমাবদ্ধ থাকিব লাগে|

২) ন্যায়পালিকা অধিক সক্ৰিয় হৈ যদি সঘনে সংবিধানৰ নতুন বাখ্যা আগবঢ়ায় তেতিয়াহ’লে সংবিধানৰ প্ৰতি জনসাধাৰণৰ আনুগত্য হ্ৰাস পাব পাৰে|

৩) ন্যায়পালিকাৰ সক্ৰিয়তা যদি ৰক্ষণশীল হয়, তেতিয়াহ’লে ই দেশৰ প্ৰগতিত আৰু জনসাধাৰণৰ স্বাৰ্থৰক্ষা কৰাত বাধাৰ সৃষ্টি হ’ব পাৰে|

৪) ন্যায়পালিকাৰ সক্ৰিয়তা যে সদায় নিৰপেক্ষ হ’ব সেই বিষয়ে কোনেও সঠিককৈ ক’ব নোৱাৰে| ন্যায়পালিকাৰ সিদ্ধান্তও স্বাৰ্থজনিত হ’ব পাৰে|

৫) ন্যায়পালিকাৰ তৎপৰতাই ৰাজনৈতিক প্ৰ্ক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব পাৰে| এতেকে ন্যায়পালিকাৰ সক্ৰিয়তা সদায় বাঞ্ছনীয় নহয়|

৬) গণতান্ত্ৰিক শাসন ব্যৱস্থাত জনসাধাৰণৰ প্ৰতিনিধি সকলেই হৈছে সৰ্বেসৰ্বা| তেওঁলোকে জনসাধাৰণৰ আশা-আকাংশা পুৰ্ণ কৰিব লাগে| ন্যায়পালিকাৰ সক্ৰিয়তাই গণ-প্ৰতিনিধি সকলৰ ভুমিকা হ্ৰাস কৰিব পাৰে|

৭) সক্ৰিয় ন্যায়পালিকাৰ সিদ্ধান্ত বিলাক কেতিয়াবা অসম্ভৱ হব পাৰে| এনে সিদ্ধান্তই প্ৰশাসন ব্যৱস্থাত বেমেজালিৰ সৃষ্টি কৰিব পাৰে|

৮) যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত লিখিত আৰু অ-নমনীয় সংবিধান থাকে| এনে সংবিধান উলংঘা কৰাটো সহজ নহয়| সেয়েহে ন্যায়পালিকা অধিক সক্ৰিয় হোৱাৰ প্ৰয়োজন নাই|

৯) ন্যায়পালিকাৰ সক্ৰিয়তাই চৰকাৰৰ বিভিন্ন অংগৰ মাজত থকা ভাৰসাম্যতা নষ্ট কৰিব পাৰে| এনে এটি অৱস্থা দেশৰ প্ৰগতিৰ বাবে কেতিয়াও মংগলজনক নহয়|

১০) সাংবিধানিক সীমা অতিক্ৰম কৰি আদালত-ব্যৱস্থাৰ সক্ৰিয়তা কেতিয়াও গণতান্ত্ৰিক ব্যৱস্থাত কাম্য হ’ব নোৱাৰে|

এতেকে দেখা গ’ল যে ন্যায়পালিকাৰ সক্ৰিয়তাৰ সপক্ষে আৰু বিপক্ষে বহুতো যুক্তি আছে| ইয়াৰ বিপক্ষে কিছুমান যুক্তি থাকিলেও এইটো স্বীকাৰ কৰিব লাগিব যে ন্যায়পালিকাৰ সক্ৰিয়তাৰ উদ্ভৱ হৈছে যুগৰ প্ৰয়োজনত, কাৰ্যপালিকা আৰু বিধানমণ্ডল দায়িত্ব পালনত নিজৰ নিজৰ ক্ষেত্ৰত অধিক সক্ৰিয় আৰু দায়িত্বশীল হ’লে ন্যায়পালিকাৰ সক্ৰিয়তাৰ প্ৰয়োজন নোহোৱা হ’ব| কোনো এখন ৰাষ্ট্ৰত জনমতৰ প্ৰতি সহানুভুতিশীল হোৱাৰ বাবেহে ন্যায়পালিকাক সক্ৰিয় হোৱা দেখা যায়| গণতান্ত্ৰিক ৰাষ্ট্ৰত চৰকাৰৰ কোনো অংগ জন-বিৰোধী হ’ব নোৱাৰে| জনসাধাৰণে ন্যায়পালিকাৰ সহায় বিচাৰিব যেতিয়া তেওঁলোকে চৰকাৰৰ অন্যান্য অংগ বিলাকৰ পৰা তেওঁলোকৰ দাবীসমুহ পুৰ্ণ কৰিব নোৱাৰে| কিছুমান বিশেষ পৰিস্থিতি আৰু ক্ষণত ন্যায়পালিকাৰ সক্ৰিয়তাৰ প্ৰয়োজন থকা দেখা যায়|

ন্যায়পালিকাৰ আত্মসীমিতকৰণ

কাৰ্যপালিকা বা বিধানমণ্ডলে ক্ষমতা-বহিৰ্ভুত কাম কৰিলে ন্যায়পালিকাই এনে ক্ষেত্ৰত হস্তক্ষেপ কৰিব পাৰে| কিন্তু এইখিনিতে এটা প্ৰশ্ন উঠে যে ন্যায়পালিকাই বিশেষকৈ উচ্চতম ন্যায়ালয়ে যদি ক্ষমতা-বহিৰ্ভুত কাম কৰে তেতিয়াহ’লে দেশৰ জনসাধাৰণে কি কৰিব| এই প্ৰসংগত ক’ব পাৰি যে ন্যায়পালিকাই ৰাষ্ট্ৰীয় জীৱনৰ দৰ্শনৰ আলোকত আত্মসীমিতকৰণৰ দ্বাৰা ইয়াৰ ওপৰত জাপি দিয়া সক্ৰিয়তাৰ দোষখিনি আঁতৰ কৰিব পৰিব| ন্যায়পালিকাৰ সক্ৰিয়তাৰ ক্ষেত্ৰত আত্মসীমিতকৰণৰ যে যথেষ্ট প্ৰয়োজন আছে সেই বিষয়ে কোনো সন্দেহ নাই| ন্যায়পালিকাই তলত দিয়া ধৰণে আত্মসীমিতকৰণ কৰিব পাৰে-

১)ন্যায়িক সমীক্ষাৰ ক্ষেত্ৰত বিচাৰক সকলে কিছুমান সাধাৰণ নীতিৰ উদ্ভাৱন কৰিব লাগিব যাতে সক্ৰিয় হবলৈ যাওঁতে ক্ষমতাৰ বহিৰ্ভুত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নহয়|

২) ন্যায়পালিকাই অন্যান্য সাংবিধানিক অনুষ্ঠান অৰু এইবিলাকৰ কাৰ্যাৱলীৰ যথাযোগ্য স্বীকৃতি দিব লাগোব|

৩) কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ কাৰ্যাৱলীৰ সমীক্ষাৰ ক্ষেত্ৰত ন্যায়পালিকাই সাংবিধানিক সীমাৰেখাৰ ভিতৰত থাকিব লাগিব যাতে ই কাৰো মনত সন্দেহৰ অৱকাশ নঘটায়|

৪) সংবিধানত উল্লেখিত আৰ্থ-সামাজিক আৰু সামাজিক-ৰাজনৈতিক উদ্দেশ্যে সমুহ ৰুপায়ণ কৰাত ন্যায়পালিকাই সংবিধানৰ সু-বাখ্যাৰ ওপৰত গুৰুত্ব দিব লাগিব|

৫) এই সম্পৰ্কত ড° আনন্দে পৰামৰ্শ দিছে যে ন্যায়িক সমীক্ষাৰ ক্ষেত্ৰত বিচাৰক সকলে আত্মসীমিতকৰণৰ নীতি অৱলম্বন কৰিব লাগিব| তেওঁ ন্যায়পালিকাৰ সক্ৰিয়তা আৰু ন্যায়পালিকাৰ আত্মসীমিতকৰণক একেটা মুদ্ৰাৰ দুটা পিঠি বুলি কৈছে|

৬) গণতান্ত্ৰিক শাসনব্যৱস্থাত ৰাজনৈতিক ক্ষেত্ৰত ন্যায়পালিকাই হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা উচিত|

৭) ন্যায়িক সিদ্ধান্ত সমুহ স্বীকৃত নীতি বা প্ৰচলিত আইনৰ ভিত্তিত প্ৰতিষ্ঠিত হ’ব লাগিব|

৮) ন্যায়িক সমীক্ষাৰ ক্ষেত্ৰত বিচাৰক সকলে সদায় দুটা সীমাবদ্ধতাৰ কথা মনত ৰাখিব লাগিব| প্ৰথমতে, তেওঁলোকে যিকোনো সিদ্ধান্ত সংবিধান আৰু আইন অনুযায়ী গ্ৰহণ কৰিব লাগিব| দ্বিতীয়তে, তেওঁলোকে তেওঁলোকৰ কৰ্মপৰিধীৰ সীমা অতিক্ৰম কৰিব নোৱাৰিব|

এইদৰে ন্যায়পালিকাই আত্মসীমিতকৰণৰ জৰিয়তে ইয়াৰ সক্ৰিয়তাৰ দোষসমুহ আঁতৰ কৰিব পাৰিব| ৰাজনৈতিক ক্ষেত্ৰত ন্যায়পালিকাৰ অনুপ্ৰৱেশ কেতিয়াও কাম্য নহয়| সেয়েহে ন্যায়িক সমীক্ষা কৰোতে ন্যায়পালিকাই সদায় আত্মসীমিতকৰণ নীতি অৱলম্বন কৰিব লাগিব| ন্যায়পালিকাৰ নিৰ্দেশ বা আদেশ সমুহৰ বাস্তৱ দিশটোৰ প্ৰতি ই সদায় সজাগ থাকিব লাগিব|

ন্যায়পালিকাৰ সক্ৰিয়তাৰ গুৰুত্ব

যুক্তৰাষ্ট্ৰীয় শাসনব্যৱস্থাত যে ন্যায়পালিকাৰ সক্ৰিয়তাৰ গুৰুত্ব আছে সেইটো সকলোৱে স্বীকাৰ কৰিব লাগিব| কিন্তু ন্যায়পালিকাই এই গুৰু দায়িত্ব এনেদৰে পালন কৰিব লাগিব যাতে ই কেতিয়াও সাংবিধানিক সীমা অতিক্ৰম নকৰে| ভাৰতবৰ্ষৰ নিচিনা ৰাষ্ট্ৰত কাৰ্যপালিকা, বিধানমণ্ডল আৰু প্ৰশাসন ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা দিনক দিনে কমি আহিছে| সেয়েহে তেওঁলোকে সুবিচাৰৰ বাবে সঘনে ন্যায়পালিকাৰ ওচৰ চাপিবলগীয়া হয়| আচলতে বৰ্তমানে জনমতৰ হেঁচাতহে ন্যায়পালিকা অধিক সক্ৰিয় হবলগীয়া হৈছে| চৰকাৰৰ অন্যান্য অংশবিলাকে যদি ভালদৰে নিজৰ দায়িত্ব বিলাক পালন কৰে তেতিয়াহ’লে ন্যায়পালিকাৰ সক্ৰিয়তাৰ গুৰুত্ব যথেষ্ট পৰিমাণে হ্ৰাস পাব| ন্যায়পালিকাই যদি ইয়াৰ সক্ৰিয় ক্ষমতা আত্মসীমিতকৰণৰ জৰিয়তে প্ৰয়োগ কৰে তেতিয়াহ’লে ই জনগণৰ বাবে মংগলজনক হ’ব| কাৰ্যপালিকা আৰু বিধানমণ্ডলেও ন্যায়পালিকাৰ সিদ্ধান্তৰ প্ৰতি যথাযোগ্য সমৰ্থন আগবঢ়াব লাগিব|

ন্যায়পালিকাৰ তথা বিচাৰ বিভাগৰ সংস্কাৰ

ইংৰাজ শাসনৰ সময়ত থকা বিচাৰ ব্যৱস্থা ভাৰত স্বাধীন হোৱাৰ পিছত প্ৰচলন আছিল| কিন্তু সময়ৰ সোঁতত এই বিচাৰ ব্যৱস্থাৰ ভালেমান আঁসোৱাহ দেখা গৈছিল| বিচাৰ বিভাগৰ স্বাধীনতা, সামাজিক দায়বদ্ধতা, দায়িত্বশীলতা, বিকেন্দ্ৰীকৰণ, ব্যয়বহুলতা আদি বিভিন্ন সমস্যাৰ কাৰণে বিচাৰ বিভাগৰ সংস্কাৰ সাধন কৰাটো প্ৰয়োজনীয় হিচাপে অনুভৱ কৰা হৈছিল| আদালতৰ সহায় লোৱাৰ বিষয়ত যথেষ্ট পৰিমাণৰ ধনৰ প্ৰয়োজন হোৱাৰ কাৰণে দুখীয়া শ্ৰেণীৰ লোক ন্যায় বিচাৰৰ পৰা বঞ্চিত হ’বলগা হৈছিল| সেয়েহে এনে ধৰণৰ আঁসোৱাহ আঁতৰ কৰাৰ উদ্দেশ্যে চিন্তা-চৰ্চা কৰা হৈছিল| বিচাৰ বিভাগৰ আঁসোৱাহৰ বিষয়ে ৰাজনৈতিক নেতাসকল সতৰ্ক আছিল যদিও, স্বাধীনতা লাভ কৰাৰ পৰা প্ৰায় দুকুৰি বছৰে এই সম্পৰ্কত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল|

প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ শাসনকালত ১৯৮৫ চনৰ আগষ্ট মাহৰ শেষত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আইনমন্ত্ৰী সকলৰ এখন সন্মিলন অনুষ্ঠিত কৰা হৈছিল আৰু এই সন্মিলনত প্ৰথমবাৰৰ কাৰণে বিচাৰ বিভাগৰ সংস্কাৰ সাধন কৰাৰ চিন্তা কৰা হৈছিল| সন্মিলন উদ্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে বিচাৰ বিভাগক জনসাধাৰণৰ প্ৰয়োজনৰ লগত সংগতি ৰাখি কাৰ্যনিৰ্বাহ কৰা, কম খৰচতে বিবাদ মীমাংসা কৰা, সহজ পদ্ধতিত বিবাদ মীমাংসাৰ বিষয়ত থকা অসুবিধাবোৰ আঁতৰ কৰাৰ ওপৰত তেওঁ গুৰুত্ব দিছিল| বিচাৰ বিভাগক গতিশীল কৰাৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব দিছিল| সংবিধানৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে দুখীয়া শ্ৰেণীৰ লোকক আইনৰ সাহায্য দিয়া নীতি গ্ৰ্হণ কৰা হৈছিল যদিও দুখীয়া শ্ৰেণীৰ লোকে এই সুবিধা পোৱা নাছিল| বিচাৰ বিভাগত থকা আঁসোৱাহ আঁতৰ কৰাৰ উদ্দেশ্যে এই সন্মিলনতে তলত দিয়া প্ৰস্তাৱ সমুহ গ্ৰহণ কৰিছিল-

১) বিবাদ সমুহৰ বিচাৰকাৰ্য ক্ষীপ্ৰতৰ কৰাৰ উদ্দেশ্যে বিচাৰ বিভাগত খালি থকা বিচাৰপতিৰ পদসমুহত সোনকালে বিচাৰপতি নিয়োগ কৰা উচিত আৰু পাঁচ বছৰৰ ভিতৰত বিবাদ সমুহ নিষ্পত্তি কৰা উচিত|

২) দুখীয়া শ্ৰেণীৰ লোক যাতে ন্যায় বিচাৰৰ পৰা বঞ্চিত নহয়, সেই উদ্দেশ্যে কম খৰচতে বিবাদ সমুহ মীমাংসা কৰাৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত|

৩) উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি,কেন্দ্ৰীয় আইনমন্ত্ৰী, উচ্চ আদালতৰ প্ৰধান বিচাৰপতি আৰু কেইজনমান মুখ্যমন্ত্ৰীৰে এখন কমিটি গঠন কৰা উচিত আৰু বিচাৰকাৰ্য ক্ষিপ্ৰতৰ কৰাৰ উদ্দেশ্যে ফৌজদাৰী আইন প্ৰয়োজনীয় সংশোধনৰ কাৰণে পৰামৰ্শ দিবলৈ এই কমিটিক দায়িত্ব দিয়া উচিত|

৪) উচ্চ আদালতৰ বিচাৰপতিয়ে মনোনীত কৰা এজন ব্যক্তিক বিচাৰপতি নিয়োগৰ বিষয়ত এজন বিশেষজ্ঞ হিচাপে ৰখা উচিত|

৫) বিচাৰপতি সকলক প্ৰশিক্ষণ দিয়াৰ কাৰণে উচ্চতম আদালতৰ প্ৰধান বিচাৰপতিৰ সভাপতিত্বত এটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা উচিত আৰু এই প্ৰশিক্ষণ কেন্দ্ৰত বিচাৰ বিভাগৰ কৰ্মচাৰী সকলক প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়া উচিত| বিভিন্ন ঠাইত এই প্ৰশিক্ষণ কেন্দ্ৰৰ শাখা প্ৰতিষ্ঠা কৰা উচিত|

৬) বিচাৰ বিভাগত দেখা দিয়া অসুবিধা বোৰ আঁতৰ কৰাৰ উদ্দেশ্যে উচ্চ আদালতৰ প্ৰধান বিচাৰপতিসমুহ মিলিত হৈ প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰা উচিত|

৭) দুখীয়া শ্ৰেণীৰ লোক যাতে সুবিচাৰৰ পৰা বঞ্চিত নহয়, তাৰ ব্যৱস্থা কৰাৰ কাৰণে জাতীয় আইন সাহায্য আইন প্ৰণয়ন কৰা উচিত|

৮) এই সন্মিলনত State Service Tribunal গঠন কৰাৰ কাৰণেও প্ৰস্তাৱ কৰা হৈছিল|

৯) উচ্চ আদালত আৰু জিলা আদালতত বিচাৰ কৰাৰ উদ্দেশ্যে অন্তত: দুবছৰৰ কাৰণে বিশিষ্ট আইনজ্ঞ লোকক নিয়োগ কৰা উচিত|

১০) আদালতৰ কামৰ বোজা কমোৱাৰ উদ্দেশ্যেও কিছুমান বিষয়ত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল| যিবিলাক অপৰাধৰ লগত কাৰাদণ্ড জড়িত নাই আৰু এক হাজাৰ টকাৰ কম জৰিমনা জড়িত আছে, তেনেবোৰ অপৰাধৰ বিচাৰৰ কাৰণে বিশেষ বিচাৰপতি নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল| গাঁও অঞ্চলৰ কাৰণে ভ্ৰাম্যমাণ আদালতৰ উপৰিও গণ আদালত গঠনৰ প্ৰস্তাৱ কৰা হৈছিল| যান-বাহন আৰু সাধাৰণ বিবাদৰ বিচাৰৰ দায়িত্ব এই বিশেষ বিচাৰপতি সকলক দিয়াৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল|

১৯৮৫ চনৰ নৱেম্বৰ মাহত সেই সময়ৰ আইনমন্ত্ৰী ভৰদ্বাজে বিচাৰ বিভাগৰ সংস্কাৰ সাধনৰ কাৰণে পৰামৰ্শ দিবলৈ এটা আইন আয়োগ গঠন কৰাৰ বিষয়ে ঘোষণা কৰিছিল| উচ্চতম আদালতৰ অৱসৰ প্ৰাপ্ত বিচাৰপতি দেশাইৰ নেতৃত্বত এজনীয়া আয়োগ গঠন কৰা হৈছিল আৰু তলত উল্লেখ কৰা বিষয় সমুহত পৰামৰ্শ দিবলৈ এই আয়োগক দায়িত্ব দিয়া হৈছিল-

১) গাঁও অঞ্চলৰ বিবাদ সমুহ নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত মীমাংসা কৰা|

২) সংবিধানত উল্লেখ থকা বিচাৰ বিভাগ স্থাপনৰ কাৰণে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱা|

৩) বিবাদ মীমাংসা ক্ষিপ্ৰতৰ কৰাত থকা বাধাবোৰ আঁতৰ কৰা|

৪) তলতীয়া আদালত স্থাপন আৰু বিচাৰপতি নিয়োগৰ কাৰণে পৰামৰ্শ দিয়া|

৫) বিচাৰ বিভাগৰ কৰ্মচাৰী সকলৰ প্ৰশিক্ষণৰ কাৰণে পৰামৰ্শ দিয়া|

৬) বিচাৰ বিভাগৰ কাম-কাজ পৰিচালনা কৰাৰ কাৰণে যথোচিত পৰামৰ্শ দিয়া|

৭) বিবাদ মীমাংসা কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় আইন প্ৰণয়নৰ কাৰণে পৰামৰ্শ দিয়া|

৮) দুখীয়া শ্ৰেণীৰ লোকো যাতে ন্যায় বিচাৰৰ পৰা বঞ্চিত হ’ব নালাগে সেই উদ্দেশ্যে কম খৰচতে বিবাদ মীমাংসা কৰাৰ কাৰণে পৰামৰ্শ দিয়া|

৯) সৰ্বভাৰতীয় বিচাৰ বিভাগীয় সংগঠনৰ সৃষ্টি কৰা আৰু

১০) ওপৰত দিয়া বিষয় সমুহ কাৰ্যকৰী কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় পৰামৰ্শ দিয়া|

১৯৯০ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ প্ৰাক্তন প্ৰধান বিচাৰপতি সব্যসাচী মুখাৰ্জীয়ে উচ্চতম ন্যায়ালয়ৰ তলত আৰু উচ্চ ন্যায়ালয়ৰ ওপৰত আপীল আদালত গঠন কৰাৰ পৰামৰ্শ আগবঢ়াইছিল|তেওঁৰ মতে এনে আদালত গঠন কৰিলে উচ্চতম ন্যায়ালয়ৰ কামৰ বোজা ভালেখিনি লাঘৱ হ’ব, কিয়নো তলৰ আদালতৰ পৰা অহা আপীল বোৰৰ বিচাৰ এই আদালতে সম্পাদন কৰিব পাৰিব|

বিচাৰ বিভাগৰ সংস্কাৰ সাধন কৰাৰ উদ্দেশ্যে বিচাৰ বিভাগৰ বিকেন্দ্ৰীকৰণ কৰাটো অতি প্ৰয়োজনীয় বিষয়| বিচাৰ বিভাগৰ কেন্দ্ৰীকৰণ, খৰচ বৃদ্ধি, বাদ-বিবাদৰ সংখ্যা, আদিৰ ফলত সাধাৰণ শ্ৰেণীৰ লোকে ন্যায় বিচাৰৰ আশা পৰিত্যাগ কৰিবলগা হৈছে| ভাৰতৰ অধিক সংখ্যক লোক দুখীয়া হোৱাৰ কাৰণে তেওঁলোকে ন্যায় বিচাৰৰ কাৰণে আদালতৰ ওচৰ চাপিব নোৱাৰে| সেয়েহে বিচাৰ বিভাগৰ সংস্কাৰ কৰি দুখীয়া শ্ৰেণীৰ লোক যাতে ন্যায় বিচাৰৰ পৰা বঞ্চিত নহয়, তাৰ কাৰণে যথোচিত ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বিষয়| এই উদ্দেশ্যে বিচাৰপতি পি. এন. ভাগৱতীয়ে লোক আদালত গঠন কৰাৰ পৰামৰ্শ আগবঢ়াইছিল| তেওঁৰ মতে এই আদালতৰ উদ্দেশ্যে হৈছে সহজ উপায়, সোনকালে আৰু কম খৰচতে বিবাদৰ মীমাংসা কৰা| এনে আদালতৰ সৃষ্টি কৰিলে দুখীয়া শ্ৰেণীৰ লোকে কম খৰচতে সুবিচাৰ পাব বুলি আশা কৰিব পাৰি| পতি-পত্নীৰ মাজত সৃষ্টি হোৱা বিৰোধ, সম্পত্তিসংক্ৰান্ত বিষয়ত সৃষ্টি হোৱা বিৰোধ, পথ-দুৰ্ঘটনা আদিৰ বিচাৰৰ দায়িত্ব লোক আদালতৰ ওপৰত দিয়া উচিত| ১৯৮৫ চনত দিল্লিত প্ৰথমবাৰৰ কাৰণে লোক আদালত গঠন কৰা হৈছিল| সাম্প্ৰতিক কালত ভাৰতৰ বিভিন্ন ৰাজ্যত লোক আদালত গঠন কৰা হৈছে| তৃণমূল পৰ্যায়ত লোক আদালত গঠন কৰি এই আদালতৰ জৰিয়তে বিচাৰ কাৰ্য সম্পাদন কৰাৰ ব্যৱস্থা কৰিলে দুখীয়া শ্ৰেণীৰ লোকে ন্যায় বিচাৰ পাব বুলি আশা কৰিব পাৰি| দুখীয়া শ্ৰেণীৰ লোকেও যাতে আইনজ্ঞ সকলৰ সহায় পাব পাৰে, সেই উদ্দেশ্যে বিনা খৰচতে বাকম খৰচতে আইনী সাহায্য দিয়াৰ ব্যৱস্থাও থকা উচিত|

বিচাৰ বিভাগৰ সংস্কাৰৰ বিষয়ত বিচাৰপতি সকলৰ কাৰ্যকালৰ ম্যাদ, বেতন আৰু অন্যান্য সা-সুবিধাৰ বিষয়টোও ঘনিষ্ঠ ভাৱে জড়িত আছে| উচ্চ আদালতৰ যিসকল বিচাৰপতিক উচ্চতম আদালতৰ বিচাৰপতি হিচাপে নিয়োগ কৰা হয়, তেওঁলোকে কম সময়ৰ কাৰণে বিচাৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগে| সাম্প্ৰতিক কালত উচ্চ ন্যায়ালয়ৰ বিচাৰপতিয়ে ৬২ বছৰত আৰু উচ্চতম আদালতৰ বিচাৰপতিয়ে ৬৫ বছৰত অৱসৰ গ্ৰহণ কৰে| আইনৰ বিষয়ত দক্ষতা আৰু অভিজ্ঞতা থকা ব্যক্তিয়ে যাতে বিচাৰপতি হোৱাৰ সুবিধা পাব পাৰে, সেই উদ্দেশ্যে প্ৰতিজন বিচাৰপতিয়ে নিৰ্দ্দিষ্ট এটা কাৰ্যকাল বিচাৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ ব্যৱস্থা থকা উচিত|

বিচাৰ বিভাগৰ সংস্কাৰৰ বিষয়ত বিচাৰপতি সকলৰ প্ৰমোচনৰ বিষয়টোও ঘনিষ্ঠ ভাৱে জড়িত আছে| বিচাৰপতিৰ প্ৰমোচনৰ বিষয়ত নিৰ্দ্দিষ্ট আৰু স্পষ্ট নীতি থকা উচিত| আমাৰ দেশত জ্যেষ্ঠ বিচাৰপতিৰ পৰিৱৰ্তে তলৰ বিচাৰপতিক উচ্চতম আদালতৰ প্ৰধান বিচাৰপতি নিয়োগ কৰাৰ উদাহৰণ আছে| এনে কাৰ্যই জ্যেষ্ঠ বিচাৰপতি সকলৰ মনত হতাশাৰ সৃষ্টি কৰে| সেয়েহে জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান বিচাৰপতি নিয়োগ কৰা নীতি অনুসৰণ কৰা উচিত|

বিচাৰপতি সকলৰ কোনো সামাজিক দায়বদ্ধতা নাই| সেয়েহে বিচাৰ বিভাগৰ সংস্কাৰ সাধনৰ সময়ত এই বিষয়ৰ ওপৰতো গুৰুত্ব দিয়া উচিত| বিচাৰপতি সকলে যাতে ক্ষমতাৰ অপব্যৱহাৰ কৰিব নোৱাৰে আৰু চৰকাৰী ধন নিজৰ ইচ্ছা মতে খৰচ কৰিব নোৱাৰে, সেই বিষয়ত সতৰ্ক দৃষ্টি ৰখা প্ৰয়োজন| এই উদ্দেশ্যে বিচাৰপতি সকলৰ তদন্ত আইনৰ প্ৰয়োজন মতে সংশোধন কৰা উচিত| বিচাৰপতিৰ নিয়োগৰ বিষয়তো দল নাইবা চৰকাৰৰ ওচৰত দেখুওৱা আনুগত্যতকৈ বিচাৰপতিৰ দক্ষতা, অভিজ্ঞতা আৰু আইনৰ জ্ঞানৰ ওপৰত গুৰুত্ব দিয়া উচিত|

তৃণমূল পৰ্যায়ত বিচাৰৰ কাৰণে পৰিয়াল আদালত গঠন কৰা উচিত| কৰ্ণাটক চৰকাৰে ১৯৪৮ চনত গ্ৰহণ কৰা আইনৰ ভিত্তিত ১৯৮৭ চনত প্ৰথম বাৰৰ কাৰণে বাংগালোৰত পৰিয়াল আইন প্ৰতিষ্ঠা কৰিছিল| সাম্প্ৰতিক কালত বিভিন্ন ৰাজ্যত পৰিয়াল আইনৰ ব্যৱস্থা আছে| বিবাহ-বিচ্ছেদ, শিশুৰ অভিভাৱকত্ব, ভৰণ-পোষণ আদি পাৰিবাৰিক বিষয়ত সৃষ্টি হোৱা বিবাদসমুহ এই আদালতে বিচাৰ কৰি ৰায় দিয়ে|

ন্যায়পালিকা তথা বিচাৰ বিভাগৰ সংস্কাৰৰ বিষয়ত তলত দিয়া বিষয়সমুহৰ ওপৰত গুৰুত্ব দিয়া উচিত-

১) বিচাৰ বিভাগৰ সংস্কাৰৰ বিষয়ত ইয়াৰ বিকেন্দ্ৰীকৰণৰ ওপৰত গুৰুত্ব দিয়া উচিত| বৰ্তমান অকল দেশৰ ৰাজধানীত উচ্চতম আদালতৰ কাৰ্যালয় আছে| ৰাজ্যৰ বিভিন্ন ৰাজধানীত উচ্চতম আদালতৰ শাখা স্থাপন কৰি এই শাখা সমুহৰ জৰিয়তে বিচাৰ কাৰ্য সম্পাদন কৰি উচ্চতম আদালতৰ কামৰ বোজা কম কৰিব পাৰি|

২) সাংবিধানিক গোচৰৰ বিচাৰৰ কাৰণে উচ্চতম আদালতৰ স্থায়ী ভাগ এটাৰ সৃষ্টি কৰি উচ্চতম আদালতৰ কামৰ বোজা পাতল কৰিব পাৰি|

৩) ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকে যাতে ন্যায় বিচাৰৰ সুবিধা পাব পাৰে, সেই উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন জিলাত উচ্চ আদালতৰ শাখা স্থাপন কৰি উচ্চ আদালতৰ কামৰ বোজা কমাব পৰি|

৪) বিচাৰপতিৰ নিয়োগ, প্ৰমোচন আৰু কাৰ্যকালৰ বিষয়ত স্পষ্ট নীতি অৱলম্বন কৰা উচিত| তেওঁলোকৰ বেতন আৰু অন্যান্য সুবিধাও বৃদ্ধি কৰা উচিত|

৫) বিভিন্ন স্থানত লোক আদালত স্থাপন কৰি এই আদালতৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ বিবাদবোৰ মীমাংসা কৰা উচিত|

৬) পাৰিবাৰিক আদালতৰ সংখ্যা বৃদ্ধি কৰি এই আদালতৰ জৰিয়তে পাৰিবাৰিক বিবাদ সমুহৰ বিচাৰৰ ব্যৱস্থা কৰা উচিত|

৭) দুখীয়া শ্ৰেণীৰ লোকো যাতে ন্যায় বিচাৰৰ পৰা বঞ্চিত নহয়, সেই উদ্দেশ্যে বিভিন্ন পৰ্যায়ত বিনামুলীয়া আইন সাহায্য গোটৰ ব্যৱস্থা থকা উচিত|

৮) বিচাৰপতি সকলৰ নিয়োগৰ বিষয়ত দলীয় আনুগত্যতকৈ প্ৰাৰ্থীৰ জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত গুৰুত্ব দিয়া উচিত|

৯) বিভিন্ন স্থানত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি বিচাৰকসকলক সময়ে সময়ে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা উচিত|

ন্যায়িক ব্যৱস্থাৰ সংস্কাৰ আৰু ৰাষ্ট্ৰীয় ন্যায়িক আয়োগ

ন্যায়িক ব্যৱস্থাৰ সংস্কাৰৰ আন এক পদক্ষেপ হিচাপে ২০০৩ চনত ৯৮ নং সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰি এখন ৰাষ্ট্ৰীয় ন্যায়িক আয়োগ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল| প্ৰস্তাৱ অনুসৰি আয়োগৰ প্ৰধান কাম হ’ল তিনি প্ৰকাৰৰ-

১) উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় সমুহৰ ন্যায়াধীশ নিযুক্তি|

২) উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সমুহৰ বদলিকৰণ চোৱা-চিতা কৰা আৰু

৩) ন্যায়াধীশ সকলৰ বিৰুদ্ধে অসদাচৰণৰ অভিযোগ অনুসন্ধান কৰা

প্ৰস্তাৱিত এই বিধেয়কখনে ন্যায়ালয়ৰ বিষয়ত কাৰ্যপালিকাৰ হস্তক্ষেপ নাইকিয়া কৰিব| এনে ব্যৱস্থাই ন্যায়ালয়ৰ নিৰপেক্ষ কাম-কাজৰ কাৰণে এক অবাঞ্চিত পৰিবেশ গঢ়ি তুলিব পাৰিব| প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ন্যায়িক আয়োগ গঠিত হ’ব-

ক) ভাৰতৰ মুখ্য ন্যায়াধীশ,

খ) উচ্চতম ন্যায়ালয়ৰ দুজন জ্যেষ্ঠ ন্যায়াধীশ,

গ) কেন্দ্ৰীয় আইন মন্ত্ৰী,

ঘ) প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা এজন সদস্যক লৈ|

উৎস: ভাৰতীয় ৰাজনৈতিক ব্যৱস্থা।

শেহতীয়া উন্নীতকৰণ: : 4/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate