কেৱল শীতকালতেই নহয়, গোটেই বছৰজুৰি পুৱাৰ আদা দিয়া চাহকাপ পান কৰিব নোৱাৰিলে যেন দিনটোলৈ সতেজ অনুভৱ নকৰো। কেৱল চাহকাপেই নে অন্যান্য মছলাজাতীয় খাদ্য ৰন্ধাৰ সময়তো আদাৰ প্রয়োজন হয়। কিন্তু কেৱল মছলা হিচাপে বা চাহৰ আনুষংগিক হিচাপেই নহয়, আদা শাৰিৰীক সুস্থতা আৰু সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত বহুল ব্যৱহৃত এটি অসাধাৰণ প্রাকৃতিক উপাদান। সৌন্দর্যচর্চাত আদাৰ চমকপ্ৰদ কিছু গুণাগুণেই আজিৰ আলোচনাৰ বিষয়।
বহু সময়ত ছালৰ ওপৰত ৰঙা দাগ পৰা বা ফুলি যোৱা আদি সমস্যাই দেখা দিয়ে। বিভিন্ন কাৰণত ছালত এনে সমস্যাই দেখা দিব পাৰে। এই ক্ষেত্ৰত আদা অতি উপকাৰী তথা ফলপ্ৰসূ। কাৰণ আদাত আছে পর্যাপ্ত পৰিমাণৰ এন্টি বেক্টেৰিয়েল উপাদান৷যিয়ে ছালৰ সমস্যা সমাধানত সহায় কৰে।
আদা হ’ল ’মেটাবলিজিম বুষ্টাৰ’ যিয়ে শৰীৰৰ কেলৰি পূৰণত সহায় কৰে। হিউমেন নিউট্ৰিচন এট্ কলম্বিয়া ইউনিভাছিটীত সংগঠিত হোৱা এক গৱেষণাত দেখা গৈছে যে, আদাই ভোক অনুভৱ কমাই ৰখাৰ লগতে পেট ভাৰি হৈ থকাত সহায় কৰে। যাৰ ফলত আদা চাহ পাণ কৰিলে বহুখিনি ভোক ভাব আঁতৰি যায় আৰু খাদ্য গ্ৰহণৰ পৰিমাণো কমি যায়।
আয়ুৰ্বেদিক স্কিন কেয়াৰ চেণ্টাৰ “আবিয়া এছেনচিয়েল’ৰ প্ৰতিষ্ঠাতা চাধো পুন্যপূজাৰ মতামত অনুসৰি যদি পাতল চুলিৰ সমস্যা বা চুলি সৰি মূৰৰ তালু ওলাই গৈছে, তেনেহ’লে আদাৰ ব্যৱহাৰ আৰম্ভ কৰিব লাগিব। আদাই চুলিৰ গুৰিত পুষ্টি যোগায়, চুলি শক্তিশালী কৰে আৰু চুলি সৰাৰ হাৰ কমাই আনে বহুখিনি। প্রতি সপ্তাহতে তেওঁ নিজে সুস্থ চুলিৰ বাবে আদা ব্যৱহাৰ কৰে। চুলিৰ যত্নত আদা ব্যৱহাৰৰ নিয়ম এক টেবুল চামুচ কেঁচা আদাৰ ৰসৰ লগত আধা কাপ নাৰিকল তেল মিলাই চুলিৰ গুৰিত খুব ভালকৈ মালিচ কৰি আধাৰ পৰা এঘণ্টা পর্যন্ত ৰাখি ভালদৰে চুলি ধুই পেলাব লাগে। আয়ুৰ্বেদিক আৰু চাইনিজ মেডিচিনৰ ক্ষেত্ৰত হাজাৰ হাজাৰ বছৰ ধৰি আদা এন্টি ছালৰ সমস্যা কমায়। তদুপৰি আদাই হাইপাৰ পিগমেন্টেচন কমোৱাতো সহায় কৰে। শীতকালত চুলিত উফিৰ সমস্যাই দেখা দিয়ে। নাৰিকল তেলত এণ্টিচেপিটক উপাদানে শৰীৰৰ কটা-ছিঙাত দ্রুতভাবে কাম কৰে। আদা প্রয়োগৰ ফলত কটা অংশত কোনো ধৰণৰ ইনফেকচন হোৱাৰ আশংকা নাথাকে আৰু দ্রুতভাবে নতুন কোষ প্রস্তুত হোৱাৰ কাম আৰম্ভ হয়। সতেজ আদাৰে পাতল প্রলেপ দিব লাগে। এনেদৰে কৰাৰ ফলত সহজে ঘা শুকাই আগৰ অৱস্থালৈ ঘূৰি আহে। আমাৰ শাৰীৰিক সুস্থতা আৰু সৌন্দর্য অটুট ৰাখিবলৈ প্রতিদিনে খাদ্য তালিকাত আদা ৰখাটো নিতান্তই প্রয়োজনীয়।
উৎস: সাদিন।
শেহতীয়া উন্নীতকৰণ: : 2/28/2024
আদা
আদা খেতিৰ কীট-পতঙ্গ আৰু বেমাৰৰ সমন্বিত নিয়ন্ত্রণ
আদা সংৰক্ষণ
আদা-হালধিৰ কৃষি কাহিনী