অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কোষ্ঠকাঠিন্য হোৱা ৬ বিধ খাদ্য

কোষ্ঠকাঠিন্যৰ সমস্যাটোক আমি সাধাৰণতে এটা ডাঙৰ সমস্যা বুলি নাভাবিলেও ইয়াৰ পৰা অতি মাৰাত্মক শাৰিৰীক সমস্যাৰ উৎপত্তি হোৱা দেখা যায়। আম্লিকতা, ভোক, নিশ্বাসত দূৰ্গন্ধ, মূৰৰ বিষ, মানসিক বিসন্নতা, শালমন ওলোৱা, মুখত ঘাঁ লগাৰ দৰে সমস্যাসমূহৰ লগতে অৰ্শৰোগৰ দৰে মাৰাত্মক সমস্যাও হ’ব পাৰে সেই বাবে কোষ্ঠকাঠিন্যৰ সমস্যাটোক অৱহেলা কৰাটো অনুচিত। অনিয়মিত জীৱন যাপন, অনিয়ন্ত্ৰিত খাদ্যাভাস, টোপনি ক্ষতি, শাৰিৰীক শ্ৰমৰ অভাৱ আদিবোৰৰ বাবে খাদ্য হজমৰ সমস্যা হয় আৰু তাৰ ফলতেই কোষ্ঠকাঠিন্য ৰোগে দেখা দিয়ে। সেইবাবেই এক নিয়মিত জীৱন-যাপন আৰু খাদ্যভাস নিয়মিত কৰাৰ প্ৰয়োজনীয়তা আছে। কিছুমান এনে ধৰণৰ খাদ্য আছে যিবোৰে কোষ্ঠকাঠিন্যৰ সমস্যাটো বৃদ্ধি কৰি তোলে। যদিহে এনে ধৰণৰ খাদ্যবোৰ প্ৰায় নিয়মীয়াকৈ গ্ৰহণ কৰি থকা হয়, তেন্তে কোষ্ঠকাঠিন্যৰ সমস্যাই অতি সোনকালে দেখা দিয়াটো স্বাভাৱিক। আহকচোন, তেনে খাদ্যসমূহৰ বিষয়ে জানি লওঁ

১) পাউৰুটি

পাউৰুটি জাতীয় সকলো খাদ্যত ফ্ৰুক্টান নামৰ উপাদান থাকে। এই উপাদান আমাৰ পাকস্থলীত থাকেই আৰু ই সহজে হজম নহয়। এইবোৰে পেটত বায়ুৰ সৃষ্টি কৰে যাৰ ফলত খাদ্য হজম নোহোৱা, পেটৰ বিষ আৰু পেট কামোৰা ধৰণৰ হয়। আৰু ইয়াৰ ফলত পাকস্থলীৰ স্বাভাৱিক কাম-কাজ ব্যাহত হৈ পৰে। ফলত কোষ্ঠকাঠিন্য দেখা দিয়ে।

২) চকলেট

চকলেটেও কোষ্ঠকাঠিন্যৰ সৃষ্টি কৰিব পাৰে। প্ৰতিদিনে কম পৰিমাণৰ চকলেট গ্ৰহণ কৰিলে ই শৰীৰৰ বাবে ভাল। কাৰণ ইয়াত প্ৰতিজাৰক আৰু ফ্লেভানইদ থাকে। কিন্তু প্ৰতিদিনে যদি বেছি পৰিমাণে চকলেট গ্ৰহণ কৰা যায়। তেন্তে পাকস্থলীৰ খাদ্য হজম কৰাৰ প্ৰক্ৰিয়া লেহেমীয়া কৰি তোলে। ইয়াৰ পৰাও কোষ্ঠকাঠিন্যৰ সমস্যা আৰম্ভ হয়।

৩) কুকিজ

কুকিজবোৰ সাধাৰণতে পৰিশোধিত শৰ্কৰা। যদিও এইবোৰ আটা বা ময়দাৰ দ্বাৰা তৈয়াৰ কৰা হয় তথাপিও পৰিশ্ৰুত হোৱাৰ বাবে ইয়াত আঁহৰ পৰিমাণ অতি কম থাকে আৰু চৰ্বিৰ পৰিমাণ অত্যাধিক দেখা যায়। সেইবাবেই এনে আহাৰ গ্ৰহণে কোষ্ঠকাঠিন্যৰ সৃষ্টি কৰে।

৪) কাঁচকল

পকা কলত দ্ৰৱণীয় আঁহৰ মাত্ৰা অতি বেছি পৰিমাণত থাকে আৰু সেইবাবেই ই কোষ্ঠকাঠিন্য আঁতৰ কৰাত সহায়ক হয়। কিন্তু কাঁচকলত পুষ্টিকাৰক উপাদান অতি বেছি থাকে বাবে ইয়াক গ্ৰহণ কৰা উচিত যদিও কোষ্ঠকাঠিন্য থকা ব্যক্তিয়ে কম পৰিমাণত কাঁচকল গ্ৰহণ কৰি সকাহ পাব পাৰে।

৫) চিপ্‌চ

চিপ্‌চসমূহত মূলত: আলু আৰু শৰ্কৰা বেছি পৰিমাণে থাকে। এইসমূহ সামগ্ৰীত আঁহৰ পৰিমাণ নগণ্য আৰু চৰ্বিৰ পৰিমাণ অত্যাধিক থকা দেখা যায়। অত্যাধিক পৰিমাণৰ চৰ্বি সমৃদ্ধ খাদ্যই হজমত সমস্যাৰ সৃষ্টি কৰে। যাৰ ফলত কোষ্ঠকাঠিন্য হোৱা দেখা যায়।

৬) উচ্চ মাত্ৰাৰ মাংসসাৰ সমৃদ্ধ খাদ্য

কণী, গাখীৰৰ পৰা প্ৰস্তুত খাদ্য আদিসমূহত অতি উচ্চ মাত্ৰাৰ মাংসসাৰ থাকে। সেইবাবেই ই পাকস্থলীত বহু সময়ত হজমৰ সমস্যাৰ সৃষ্টি কৰে। ফলত কোষ্ঠকাঠিন্যৰ সম্ভাৱনা বৃদ্ধি পায়। অৱশ্যে গৰম গাখীৰে কোষ্ঠকাঠিন্যৰ সমস্যা কমাই ৰখাত সহায় কৰে।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 6/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate