অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আঁহযুক্ত খাদ্যই মধুমেহ আৰু মেদবহুলতা প্ৰতিৰোধ কৰে

আঁহযুক্ত খাদ্যই মধুমেহ আৰু মেদবহুলতা প্ৰতিৰোধ কৰে

আঁহযুক্ত খাদ্য মানে প্ৰকৃতাৰ্থত খাদ্যত থকা আঁহৰ পৰিমাণৰ কথাই বিজ্ঞানসন্মতভাৱে বুজোৱা হয় আৰু এই আঁহসমূহৰ কাৰ্য্যকৰীতা সম্পৰ্কীয় বিভিন্ন গৱেষণা এতিয়াও বিজ্ঞানীসকলে চলাই আছে। যোৱা বিশ বছৰ পূৰ্বেই বিজ্ঞানীসকলে আঁহযুক্ত খাদ্যই যে প্ৰাণীদেহৰ মেদবহুলতা আৰু মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰে। সেয়া উদ্ভাৱন কৰিছিল কিন্তু ইয়াৰ অন্তৰ্নিহিত পদ্ধতিটো এতিয়াহে ব্যাখ্যা কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মূল কাৰণ হ’ল ক্ষুদ্ৰান্তত থকা ফ্লোৰা আৰু খাদ্য গ্ৰহণৰ মধ্যৱৰ্তী সময়ত অন্ত্ৰত হোৱা শৰ্কৰা প্ৰস্তুত হোৱাৰ সক্ষমতাৰ ওপৰত। এনে খাদ্যই কেনেকে অন্ত্ৰৰ ভূমিকাক প্ৰভাৱিত কৰে আৰু ইয়াৰ লগত জড়িত অনুজীৱবোৰে কিদৰে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে সেই বাখ্যাও এনে গৱেষণাৰ পৰা জানিব পৰা গৈছে। বেছিভাগ মিঠাফল আৰু বিভিন্ন ধৰণৰ শাক-পাচলি যেনে-ৰসাল মূলা, বন্ধাকবি, উৰহী আদিত উল্লেখ কৰিব লগা ধৰণৰ আঁহ থাকে। এই আঁহসমূহ অন্ত্ৰই প্ৰত্যক্ষভাৱে পৰিপাক কৰিব নোৱাৰে। সেয়েহে অন্ত্ৰত থকা বিভিন্ন বেক্টেৰিয়াই সেইসমূহক অতি ক্ষুদ্ৰ শিকলি বিশিষ্ট ফেটী এচিড প্ৰ’পায়োনেট আৰু বিউটাইৰেটলৈ পৰিণত কৰে। যিবোৰ পিছত শৰীৰে শোষণ কৰিব পাৰে।

বিভিন্ন প্ৰাণীক আঁহসমৃদ্ধ খাদ্য আৰু আঁহ বিহীন খাদ্য খাবলৈ দি এই আঁহসমূহৰ শৰীৰ ৰক্ষাকাৰী ভূমিকাসমূহ বিজ্ঞানীসকলে বৰ্তমানে ভালদৰে জ্ঞাত হৈছে আৰু এই খাদ্যই যে মধুমেহ ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰে সেইটো প্ৰমাণিত কৰিব পৰা গৈছে। কিন্তু এই খাদ্যসমূহে কেনেদৰে কাৰ্য্য কৰে সেইটো জানিব পৰা হোৱা নাছিল।

যিসকল বিজ্ঞানীয়ে পৰীক্ষা-নিৰীক্ষা চলাইছিল সেইসকলে এটা বিষয়ত বিস্ময় প্ৰকাশ কৰিছিল যে অন্ত্ৰৰ শৰ্কৰা প্ৰস্তুতৰ সক্ষমতাৰ লগত এই আঁহৰ এক যোগসূত্ৰ আছে। প্ৰকৃত ক্ষেত্ৰত অন্ত্ৰই এনে শৰ্কৰা প্ৰস্তুত কৰাত সক্ষম আৰু দুবাৰ খাদ্য গ্ৰহণৰ মাজৰ সময় আৰু নিশা এই শৰ্কৰাসমূহ তেজত প্ৰবাহিত কৰে। শৰ্কৰাৰ এটা নিৰ্দিষ্ট গুণ আছে। যি গুণটোৰ বাবে মানুহৰ শৰীৰত থকা শীৰাৰ আৱৰণীৰ স্নায়ুৰ দ্বাৰা শৰ্কৰাবিধ চিনাক্ত হয় আৰু ই মস্তিস্কলৈ একোটা সংকেত পঠিয়ায়। আৰু সেই সংকেতৰ দ্বাৰাই মগজুৱে মেদবহুলতা আৰু মধুমেহৰ তুলনা কৰি খাদ্যৰ অনুভূতি হ্ৰাস কৰে, বিশ্ৰাম লোৱাৰ সময়ত শক্তিৰ ক্ষয় বৃদ্ধি কৰে আৰু যকৃতত শৰ্কৰাৰ উৎপাদন কমাই দিয়াৰ সংকেতসমূহ পৰিচালনা কৰে।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate