গ্ৰীষ্ম আহি আমাৰ হাড় কপোৱা ঠাণ্ডাৰ অন্ত পেলালে। শীতৰ ধূলিৰ ধূসৰিত দিনবোৰৰ অন্ত পেলাই লৈ আহিল বৰষাৰ বতৰা। গৰম পৰাৰ লগে লগে আৰম্ভ হয় প্ৰখৰ ৰ’দৰ প্ৰকোপ। এই ৰ’দৰ প্ৰকোপত আমাৰ শৰীৰৰ পৰা ওলোৱা ঘামত নানান ফাংগাল ইনফেকচন হোৱা দেখা যায়। ইয়াৰ উপৰিও অলপতে ভাগৰি পৰা, পেটৰ অসুখ, মুখত নানান ধৰণৰ ফোঁহা, গুটি, ফুড পয়জনিং আদি বিভিন্ন সমস্যাই আমাক বিব্ৰত কৰি তোলে।
সেয়ে এই গৰমত সুস্থ থকাৰ বাবে প্ৰাথমিক কিছুমান প্ৰস্তুতি ল’ব লাগে। ঘৰতেই হওক বা বাহিৰতেই হওক, কেতিয়া কি খাদ্য খোৱাৰ প্ৰয়োজন, কি ধৰণৰ সাজ-পোছাক পিন্ধিলে গোটেই দিনটো আৰামত থাকিব পৰা যায়, গোটেই দিনটোৰ ভিতৰত কিমান সময় ব্যায়াম কৰিলে, কি খাদ্য খালে সু-স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰি, কি সাজ-পাৰৰ লগত কি ধৰণৰ মেক-আপ কৰিলে দেখাতো ধুনীয়া হ’ব পাৰি আৰু আৰামো পোৱা যায় ইত্যাদি কথা জানি থ’লে আৰু সতৰ্কতা অৱলম্বন কৰিলে গৰমতো সুন্দৰ হৈ থাকিব পাৰিব।
পৰ্য্যাপ্ত পৰিমাণে পানী খাব
গৰমৰ দিনত দিনে অন্তত: ২ লিটাৰ পানী খাব লাগে। বাটাৰ মিল্ক, নেমুৰ চৰবত, ডাবৰ পানী,দৈ এইবিলাকৰ ভিতৰত যিকোনো এবিধ বস্তু খালেই ডিহাইড্ৰেছনৰ পৰা মুক্তি পাব। গৰমৰ সময়ত ঘামৰ যোগেদি শৰীৰৰ পানী কমি যায়, সেই কাৰণে শৰীৰৰ তৰল পদাৰ্থ ঠিক ৰাখিবৰ কাৰণে যথেষ্ট পানী খাব লাগে।
ফল খাব
তৰমুজ, ডাবৰ পানী, তিয়ঁহ, জামু আদি গ্ৰীষ্মত হোৱা ফল দিনে অন্তত: এটা খাব পাৰিলেও ভাল। ইয়াৰ উপৰিও এই ফলবিলাকত ভিটামিন চি, জিংক, এন্টি অক্সিডেন্ট থাকে। ৰসাল ফলবিলাকে শৰীৰত পানীৰ পৰিমাণ বঢ়োৱাত সহায় কৰে।
পাতল আহাৰ খাব
গৰম দিনত বেছি মছলাযুক্ত আহাৰ খোৱাৰ পৰিৱৰ্তে ফ্ৰেচ আৰু কম প্ৰ’টিনযুক্ত আহাৰ খাব লাগে, যাতে সহজেই হজম হৈ যায়। বিলাহীয়ে শৰীৰ ঠাণ্ডা ৰাখে, সেয়ে এই বিলাহী চালাড কৰি, মাছ বা মাংসৰ লগত বনায়ো খাব পাৰে। ভিটামিন এ ভিটামিন চি ৰে সমৃদ্ধ বিলাহী সদায়েই খাব লাগে। গৰমৰ দিনত বেছিকৈ খাবলৈ মন নাযায়, সেয়ে কেইবাবাৰো কম কমকৈ দিনটোত খাব লাগে। ফ্ৰীজত বেছিদিন বস্তু থৈ নাখাব। মাখন পাৰিলে গৰমত খাব নালাগে, কিয়নো ই সহজে হজম নহয় আৰু পেট গধুৰ লাগি থাকি অস্বস্তি ভাব এটা সকলো সময়তে থাকি যায়। হোটেল বা ৰেষ্টুৰেন্টত খোৱাতকৈ ঘৰতে ৰন্ধা আহাৰ খাব লাগে।
পুৱাৰ জলপান নোখোৱাকৈ থাকিব নালাগে
গোটেই দিনটো ফ্ৰেচ আৰু ফিট হৈ থাকিবৰ বাবে পুৱাৰ জলপান কেতিয়াই নোখোৱাকৈ থাকিব নালাগে। ৰুটি, তৰকাৰী, চিৰা, দৈ, কল আদি খাব পাৰে। ব্ৰেকফাষ্ট সদায়ে সময়মতে কৰিলে শৰীৰত অতিৰিক্তভাৱে মেদ হোৱাটোত বাধা দিব পাৰে।
গৰমৰ সমস্যাৰ পৰা ৰেহাই পাবলৈ কি কি খাব?
- হনী ব্ৰেডত থকা জিংকে ৰ’দে পোৰা ছালৰ কোলাজেন পুনৰ্গঠন কৰাত সহায় কৰে, সেয়ে হনী ব্ৰেড খালে সুফল লাভ কৰিব। ভিটামিন এ বিটা কেৰাটিনসমৃদ্ধ গাজৰ খালে ছালৰ টিছুবিলাকৰ গঠন ভাল হয়। ভিটামিন বি আৰু চি ৰে পৰিপূৰ্ণ ফল নেমু, তৰমুজ আদি শুকান ছালৰ কাৰণে উপকাৰী।
- টেঙা দৈ গৰমৰ কাৰণে বৰ উপকাৰী। টেঙা দৈত থকা কাৰ্বহাইড্ৰেট আমাৰ শৰীৰত শক্তিৰ সৰবৰাহ কৰে। প্ৰ’টিন আৰু জিংকে টিছুবিলাক গঠন কৰে। মেগনেছিয়াম আৰু কেলছিয়ামে মাংসপেশী ভাল কৰে। ইয়াৰ উপৰিও এই দৈত ভিটামিন বি কমপ্লেক্স যথেস্ত পৰিমাণে আছে।
- ঠাণ্ডা গৰম হৈ থকা সময়টোত অলপতে পানী লগা, কাহ আদি হৈ থকা দেখা যায়। সেয়ে এই সময়ত চালাড, দৈ ভাত, ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন চি ৰে পৰিপূৰ্ণ আহাৰ খালে চৰ্দি, গৰমৰ পৰা ৰক্ষা পাব পাৰি।
পেটৰ সমস্যা দূৰ কৰিবৰ কাৰণে প্ৰয়োজনীয় আহাৰ
- গৰমত ডায়েৰিয়া, ফুড পয়জনিং বদহজম, কলেৰা আদি বেমাৰ প্ৰায়ভাগ লোকৰে হোৱা দেখা যায়। এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি অলপমান সাৱধানে চলিলেই হয়। খোৱা পানীখিনি উতলাই ঠাণ্ডা কৰি খাব পাৰিলে ভাল। ৰন্ধা-বঢ়াৰ ক্ষেত্ৰত পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব লাগে। শাক-পাচলি ৰন্ধাৰ আগতে ভালকৈ ধুই ল’ব।
- ফল খোৱাৰ আগতে নিমখ পানীত ভালদৰে ধুই ল’ব। ফল কাটি বেছি সময় থৈ দিব নালাগে। গোটাকৈ ফল খাব পাৰিলে ভাল।
- ঘৰৰ বাহিৰত নোখোৱাকৈ থাকিব পাৰিলে ভাল। যদি অগত্যা খাবই লাগে তেতিয়া নিৰামিষ খাব। মাছ, মাংস পাৰিলে নোখোৱাই ভাল। ৰেষ্টোৰাত বৰফ দিয়া পানী কম খাব লাগে, কিয়নো কোনো কোনো ঠাইত কমাৰ্চিয়েল আইচ ব্যৱহাৰ কৰে যি শৰীৰৰ বাবে ক্ষতিকাৰক। সেয়ে খাবলৈ মন গ’লে বৰফ ঘৰতে বনাই খাব পাৰে।
- অতিৰিক্ত ক’লড ড্ৰিংকছ খালে পেটৰ সমস্যা হোৱা দেখা যায়, কিয়নো ক’লড ড্ৰিংকছ বেছিকৈ খালে হজমৰ অসুবিধা হয় আৰু তেজত অক্সিজেনৰ পৰিমাণ কমি যায়।
- আম আৰু কঁঠাল খাব লাগে, কিন্তু অতিৰিক্ত খালে বদহজম হোৱা দেখা যায়, সেয়ে এইবিলাক ফল কম পৰিমাণে খালে ভাল।
- ৰ’দৰ পৰা ঘৰলৈ আহিয়েই ঠাণ্ডা পানী নাখাব।
- একেখিনি তেলতে বাৰে বাৰে ৰান্ধি খাব নালাগে। হজমৰ সমস্যা হ’ব পাৰে।
- খালী পেটে বাহিৰলৈ যাব নালাগে। ৰ’দৰ তাপত ছান ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা থাকে।
- গৰমত আজৰি সময়ত বহি লৈ কিবা খাই থকা অভ্যাস কৰাটো বেয়া।
গৰমত হোৱা বিভিন্ন ৰোগ
প্ৰখৰ ৰ’দত ঘূৰি ফুৰিলে অসুস্থ হৈ পৰা দেখা যায়। বতাহৰ আৰ্দ্ৰতা, ৰ’দৰ প্ৰখৰতা আদিৰ পৰা বিভিন্ন ৰোগ হোৱা দেখা যায়।
হিট ষ্ট্ৰোক বা ছান ষ্ট্ৰোক
সহজ কথাত ক’বলৈ গ’লে আমাৰ দেহত অস্বাভাৱিক তাপমাত্ৰা বৃদ্ধি হোৱাটোকে হিট ষ্ট্ৰোক বুলি কোৱা হয়। দেহৰ ভিতৰত নানা ৰাসায়নিক ক্ৰিয়াৰ কাৰণে অনবৰতে তাপ সৃষ্টি হয়। ঘামৰ সহায়ত এই তাপ দেহত বিয়পি পৰে। ৰ’দত একেলেথাৰিয়ে কাম কৰি থাকিলে বা ঘূৰি থাকিলে আৰু পানী কম কৈ খালে শৰীৰৰ তাপ বাহিৰলৈ ওলাই নাহে আৰু পানী কম খোৱাৰ বাবে শৰীৰত পানী কমি গৈ ডিহাইড্ৰেছন হয় আৰু হিট ষ্ট্ৰোক হয়। এই ষ্ট্ৰোকত তৎক্ষণাৎ চিকিৎসাৰ প্ৰয়োজন। ল’ৰা-ছোৱালী, ডাঙৰ মানুহ যিবিলাক প্ৰয়োজনতকৈ বেছি শকত তেওঁলোকৰ হিট ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বেছি থাকে। ৰোগীৰ দেহৰ উত্তাপ ১০৫-১০৬ ডিগ্ৰী ফাৰেনহাইটলৈ বাঢ়ি যায়। ৰোগী অত্যাধিক তাপৰ ফলত অজ্ঞান হৈ পৰে। কেতিয়াবা মৃত্যুও হোৱা দেখা যায়। সেয়ে তৎক্ষণাৎ চিকিৎসালয়লৈ নিব লাগে। নহ’লে প্ৰাথমিক চিকিৎসা ঘৰতে দিব লাগে।
- প্ৰথমতে ৰোগীক ঘৰৰ ঠাণ্ডা ঠাইত শুৱাই দিব। ফুল স্পিডত ফেন নাইবা এয়াৰ কণ্ডিচনাৰ চলাই দিব।
- শৰীৰটো ধুৱাই দি বৰফ পানীৰে বা তিয়াই লোৱা কাপোৰেৰে মচি দিব।
- চাৰ্টৰ বুটাম খুলি দিব, যাতে শৰীৰত বতাহ সোময়। টান কাপোৰ পিন্ধি থাকিলে সলাই ঢিলা কাপোৰ পিন্ধাই দিব।
- কপালত জল পটি দিব। মুখ-ডিঙিত পানী মাৰি থাকিব ১৫-২০ মিনিটৰ মুৰে মূৰে।
- ঠাণ্ডা পানীত নিমখ, চেনি দি ৰোগীক মাজে মাজে খুৱাই থাকিব।
- যিমান পাৰে সিমান সোনকালে ডাক্তৰ মাতিব।
- ডাক্তৰ নহা পৰ্য্যন্ত শৰীৰৰ তাপমাত্ৰাৰ হিচাপ ৰাখিব।
সাৱধানতা
- ঘৰৰ বাহিৰলৈ নগ’লে যদি নহয় তেতিয়া পুৱা বেলাতে গৈ আহিবলৈ চেষ্টা কৰিব লাগে। পৰাপক্ষত ১১ বজাৰ পৰা তিনি বজালৈকে ৰ’দত ওলাব নালাগে।
- যোৱাৰ আগতে ৩-৪ গিলাচ পানী খাব। লগত পানীৰ বটল লৈ যাব। ১৫-২০ মিনিটৰ অন্তৰে অন্তৰে পানী খাব। চাহ, কফি বা এলকহলযুক্ত ড্ৰিংকছ পৰাপক্ষত নাখাব। এই পানীয়েই শৰীৰৰ পানী নাইকিয়া কৰাত সহায় কৰে।
- ৰ’দ ওলালে খোজকাঢ়ি নাযাব।
- দিনে দুবাৰকৈ গা ধুব। বেছি গৰম লাগিলে কাপোৰ তিয়াই মুখ, ডিঙি পৰিষ্কাৰকৈ মচি দিব।
হিট এগ্জেচন
- হিট ষ্ট্ৰোক আৰু হিট এগ্জচনৰ লক্ষণবিলাক মোটামুটি একেই বুলিব পাৰি। প্ৰচণ্ড গৰমত একেৰাহে তিনি-চাৰি ঘন্টা ৰ’দত থাকিলে বমি বমি ভাব, মূৰ ঘূৰোৱা, পেট আৰু হাত-ভৰি টানি ধৰা, অনিদ্ৰা আদি হয়। হিট এগ্জচনত হিট ষ্ট্ৰোকৰ দৰে মানসিক পৰিৱৰ্তন দেখা নাযায়।
কি কৰিব
- ৰ’দত কাম কৰিলেও মাজে মাজে জিৰণি লৈ ঘৰৰ ভিতৰত বা ছাঁত বহিব লাগে। ৰ’দত ওলালে ছান-গ্লাছ, ছাতি, টুপি আদি ব্যৱহাৰ কৰিব।
- কিছুসময়ৰ অন্তৰে অন্তৰে পানী বা গ্লুক’জ খাব।
হিট ক্ৰেস্পছ
বেছি সময় ৰ’দত একেলেঠাৰিয়ে পৰিশ্ৰম কৰিলে এই ৰোগ হয়। সাধাৰণতে খেলা-ধূলা কৰা, বাহিৰত বেছি পৰিশ্ৰম কৰা লোকৰ এই ৰোগ দেখা যায়। হাত-ভৰি টানি ধৰে, তলপেটৰ পেশীবোৰে টানি ধৰাটো হিট ক্ৰেস্পছৰ প্ৰথম লক্ষণ। গোটেই শৰীৰ ঘামত তিতি যায়, মূৰ ঘূৰায়। শৰীৰৰ পৰা ওলোৱা ঘামত নিমখ অতিৰিক্তভাৱে বাহিৰ হৈ যায় বাবে এই লক্ষণবিলাকে দেখা দিয়ে।
কি কৰিব
- যি কাম কৰি থাকে সেই কাম লগে লগে বন্ধ কৰিব।
- পানী বা ফলৰ ৰস খাব।
- ৬-৮ ঘন্টা বিশ্ৰাম ল’ব।
- এক ঘন্টাৰ ভিতৰত বিষ নকমিলে ডাক্তৰৰ পৰামৰ্শ লব।
ছান বাৰ্ন
- সূৰ্য্যৰ আল্ট্ৰা ভায়োলেট ৰশ্মিয়ে ছালৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ বিস্তাৰ কৰে। তাৰ ফলত গ্ৰীষ্মকালত ছান বাৰ্ন দেখা যায়। সূৰ্য্যৰ এই ৰশ্মি যদি ক্ৰমাগতভাৱে আমাৰ দেহত পৰি থাকে তেতিয়া ছালৰ বৰণ সলনি হৈ পৰিব আৰু ইয়াৰ কু-প্ৰভাৱৰ ফলত ছালত কেন্সাৰ ৰোগো হ’ব পাৰে।
কি কৰিব
- ৰ’দত ওলোৱাৰ আগতে ছান স্ক্ৰিন লোচন ব্যৱহাৰ কৰিব। ডিঙি, হাত, মুখ সকলোতে
এই লোচন লগাব।
- লুজ ফিটিং কটন বা লিনেন চাৰ্ট বা টপ পিন্ধিব। পাৰিলে হাত দীঘল পিন্ধিব।
অৱসাদ দূৰ কৰা
গৰমত আমাৰ অতি সোনকালে ভাগৰ লাগে। একো কাম কৰিবৰ ইচ্ছা নাযায়। এই ভাগৰুৱা অৱস্থাৰ পৰা মুক্তি পাবলৈ হ’লে আমি তলৰ কথাখিনি মানি চলিব লাগিব।
- বেছি ভাগৰ লাগিলে ঘৰলৈ অহাৰ পিছত পাতলকৈ কটা তিয়ঁহৰ টুকুৰা চকুৰ পতাত দি দহ মিনিট জিৰণি ল’ব লাগে।
- দুই টেবুল চামুচ আঙুৰ ৰসৰ লগত দুই টেবুল চামুচ নেমুৰ ৰস মিহলাই চৰবত বনাই খাব।
- পুৱা আৰু ৰাতি ২ ফুটা নহৰু খালে শৰীৰৰ ভাগৰুৱা ভাব নাইকিয়া হয়।
- এটা আপেলৰ বাকলি নুগুচুৱাকৈ চাৰিটা টুকুৰা কৰি কাটি এটা পাত্ৰত দিব। দুইকাপ কুহুমীয়া পানী তাৰ ওপৰত ঢালি এক ঘন্টা ঢাকি থ’ব। এক ঘন্টাৰ পিছত এক টেবুল চামুচ মৌ মিহলাই আপেল তিয়াই থোৱা পানীখিনি আৰু আপেল কেইটুকুৰা খাব।
ঘামৰ সমস্যা
গ্ৰীষ্মকালত তাপৰ মাত্ৰা বাঢ়ি গ’লে শৰীৰটোৱে নিজকে ঠাণ্ডা কৰি ৰাখিবৰ বাবে ঘাম নি:সৰণ কৰে। আৰু আমাৰ ছালখন ঘামি যায়। ঘামৰ সমস্যাটোৱে আমাক বিৰক্তি কৰি তোলে। এই ঘামৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ হ’লে গোলাপজল আৰু তিয়ঁহৰ ৰস সমান পৰিমাণত মিহলাই ফ্ৰিজত থ’ব। এই মিশ্ৰণ ফ্ৰিজত সাত দিনলৈকে ভালে থাকে। ৰ’দৰ পৰা ঘূৰি আহি চকু-মুখত এই পানী দিব আৰু ফেনৰ তলত বহি মুখখন শুকাবলৈ দিব।
- প্ৰতিদিনে অন্তত: দুবাৰ গা ধুব।
- ডিঅ’ডোৰেন্ট লগালে ঘামৰ গোন্ধ কমি যায়। এন্টি পাৰ্চপিৰেন্টে ঘাম নি:সৰণ কমায়। গা-ধোৱাৰ পিছত ভালকৈ গাটো শুকুৱাৰ পিছতহে এই ডিঅ’ডোৰেন্ট ব্যৱহাৰ কৰিব।
- ঘামৰ ওপৰত চিধা-চিধি পাৰফিউম স্প্ৰে নকৰিব। কেমিকেলৰ প্ৰতিক্ৰিয়াত গোন্ধ বেছিহে কৰে।
- বেছিকৈ ঘমাসকলে মূলতানি মাটিৰ লগত গোলাপজল মিহলাই পেক তৈয়াৰ কৰি ল’ব। এই পেক গা ধোৱাৰ আগতে গোটেই শৰীৰত ঘহি অলপ শুকালে মোহাৰি মোহাৰি গুচাব। তেনে কৰিলে ঘাম কমিব।
ঘামচি
- যিসকলৰ ঘামচি হয় তেওঁলোকে বুজে কিমান যন্ত্ৰণা। এই ঘামচিৰ পৰা হাত সাৰিবলৈ ঘৰত বনোৱা দৈয়ে উপযুক্ত কাম কৰে। গা-ধোৱাৰ আগতে দৈ আৰু ভুচিৰ সৈতে থকা আটা একেলগে মিহলাই ঘামচি হোৱা ঠাইত লগাব। শুকালে হাতেৰে ঘহি এৰুৱাই দিব। নিমপাত, তুলসীপাত, ধনিয়া পাত, পদিনা পাতৰ ৰস সম পৰিমাণে মিহলাই ভালকৈ চেকি ল’ব। এই ৰসত কেঁচা হালধিৰ ৰস সমান পৰিমাণতে মিহলাই বটলত ভৰাই ফ্ৰিজত থৈ দিব। এই ৰস সাত দিন পৰ্য্যন্ত ভালে থাকিব। ৰ’দৰ পৰা ঘৰলৈ অহাৰ পিছত কপাহত এই ৰস লৈ ঘামচি হোৱা ঠাইত লগাই দি ১৫-২০ মিনিট সময় থৈ দিব। পিছত পানী দি ধুই দিলে আৰাম পাব। ঘামচিত টেলকম পাউদাৰ ব্যৱহাৰ কৰিলে সুফল পাব। কিন্তু এই পাউদাৰ ব্যৱহাৰো সীমিতভাৱেহে কৰিব। বেছিকৈ লগালে ঘাম বেছিকৈ ওলাব।
- মুখত টেলকম পাউদাৰ ব্যৱহাৰ নকৰিব।
গৰমতো সুন্দৰ হৈ থাকক
সুস্থ থকাৰ লগে লগে আমি নিজকে সুন্দৰ কৰি তোলাটোও জৰুৰী। গৰমৰ সময়ত ছাল, চুলি আদিৰ নানান সমস্যাই দেখা দিয়ে। এই সময়ত ফ্ৰেচ হৈ থাকিলে ৰূপচৰ্চা যিমান উজু হয়, সিমান হাইজিন মেনটেইন কৰাও সহজ হৈ পৰে।
ছালৰ যত্ন
গ্ৰীষ্মকালত ছালখন অতি শুকান হৈ পৰে। সেইকাৰণে ক্লিনজাৰ, টনাৰ আৰু মইশ্চাৰাইজাৰ জৰুৰী। মাইলড্ ক্লিনজাৰ ব্যৱহাৰ কৰি মুখৰ ধূলি, ময়লা, তেল আদি গুচাব। চাবোন ব্যৱহাৰ নকৰিব। নোমৰ গুৰিৰ ধূলি-বালি চাফা কৰি নিয়াত টনাৰে সহায় কৰে। শুকান ছাল হ’লে টনাৰ ব্যৱহাৰ নকৰিব। ছালখন তৈলাক্ত হ’লে ভালকৈ চাফা কৰি লৈ মূলতানি মাটিৰ লগত কমলা টেঙা মোহাৰি পেক বনাই ল’ব আৰু ১৫-২০ মিনিট মুখত লগাই থৈ দিব। পিছত ঠাণ্ডা পানীৰে ধুই দিব। ব্ৰণ থাকিলে ছাল পৰিষ্কাৰ কৰাৰ লগতে মেডিকেটেড ক্লিনজাৰ ব্যৱহাৰ কৰিব।
- ছান স্ক্ৰিন লোচন ব্যৱহাৰ কৰাটো অতি জৰুৰী, কিয়নো আল্ট্ৰা ভায়োলেট ৰশ্মিৰ কাৰণে স্কিন এলাৰ্জি, পিগমেনটেচন, ছান বাৰ্ন আদি হ’ব পাৰে। সেয়ে ছান স্ক্ৰিন লোচন ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। ৱাটাৰ প্ৰুফ ছান স্ক্ৰিনো ব্যৱহাৰ কৰিব পাৰে।
- ফাংগাল ইনফেকচন হ’লে এন্টি ফাংগাল পাউদাৰ লগাব।
- গৰমত ক্লান্তি দূৰ কৰিবৰ কাৰণে বৰফ পানীত কেইটোপালমান আনাৰসৰ ৰস বা অ’ডিক’লন মিহলাই কপাহেদি মুখত লগাব।
- ৰ’দৰ পৰা আহি ঘৰ সোমোৱাৰ পিছত তিয়ঁহৰ ৰস আৰু তৰমুজৰ ৰস একেলগে মিহলাই মুখত দহ মিনিট লগাই থৈ ধুই দিব।
- ঘৰত থাকিলে দৈ লগাই মুখ ধুব। দৈয়ে ছান বাৰ্ন প্ৰতিৰোধ কৰে।
- গোলাপ জল আৰু আইচ কিউব ৰুমালত বান্ধি মুখত লগাব। চকু ফুলি থাকিলে ই বহুত কামত দিয়ে। সংবেদনশীল ছালত এই পদ্ধতি ব্যৱহাৰ নকৰিব।
চুলিৰ যত্ন
গৰমকালি চুলিৰো নানা সমস্যাই দেখা দিয়ে। সেয়ে বাকী ঋতুতকৈ অলপ বেলেগ ধৰণে চুলিৰ যত্ন ল’ব লাগে। মূৰ ঘামে বাৰে চুলি গোন্ধায়, সৰে। ৰ’দত তাপত চুলি পুৰি যায়, আগ ফাটে। সেয়ে গৰমত চুলিখিনি মেলিবলৈ হ’লে চুটিকৈ কাটি ল’ব। ছেম্পু কৰি কণ্ডিচনাৰ নলগাই হেয়াৰ চিৰাম লগাব। তেলেতীয়া চুলিত উপকাৰ পাব। শুকান চুলিত কণ্ডিচনাৰ ব্যৱহাৰ কৰিব।
- ৰ’দত পোৰা চুলিৰ কাৰণে প্ৰটিনযুক্ত ডিপ কণ্ডিচনাৰ ব্যৱহাৰ কৰিব। ইউ ভি প্ৰটেকটিভ লিভ ইন কণ্ডিচনাৰ গৰমত ব্যৱহাৰ কৰিব। এই কণ্ডিচনাৰ চুলিৰ মাজত সহজে মিলি যায়। পাতল চুলিৰ কাৰণে ৱাটাৰ বেছড কণ্ডিচনাৰ ব্যৱহাৰ কৰা ভাল। চুলিত সপ্তাহত এদিন গৰম তেল মালিচ কৰিব লাগে। তেতিয়া চুলিৰ শুকান ভাব নাইকিয়া হয়। উফি থাকিলে দৈ আৰু বেচনৰ মিশ্ৰণ তেল ঘঁহাৰ এক ঘন্টামান পাছত ছেম্পুৰে ধুই দিব। সপ্তাহত এবাৰ হেনাত নেমুৰ ৰস আৰু কণী দি মূৰত লগাব। পিছত ছেম্পুৰে ধুব। উফি নাইকিয়া হ’ব।
- গৰমত চুলিৰ আগ ফাটি যায়, সেয়ে চুলিখিনি ট্ৰিম কৰি থাকিব লাগে। চুলি চুটি নকৰিলে মেলি নাথাকি ৰাবাৰ বেণ্ড বা স্কাৰ্ফ দি বান্ধিব লাগে।
- চুলি সঘনাই আঁচুৰি থাকিব। এনে কৰিলে চুলিত থকা ধূলি-বালি পৰি যাব।
- উফিৰ কাৰণে নেমুৰ ৰসেৰে চুলিৰ গুৰুত মালিচ কৰিব। তেলৰ লগত আমলখিৰ ৰস মিহলাই মালিচ কৰিব। উফি কমাৰ লগতে মূৰটো ঠাণ্ডাও হৈ থাকিব। বেছি কেমিকেলযুক্ত ছেম্পু ব্যৱহাৰ নকৰিব।
- সপ্তাহত কমেও তিনিবাৰ চুলি ধুব। তৈলাক্ত চুলি হ’লে প্ৰত্যেক দুদিনৰ মূৰত ধুব পাৰে। চুলি বেছি গৰম বা ঠাণ্ডা পানীৰে নুধুব।
গৰমৰ দিনৰ মেকআপ
- গৰমৰ দিনৰ মেক আপ সকলো সময়তে পাতল হ’ব লাগে। মেক-আপ কৰাৰ সময়ত আল্ট্ৰা ভায়োলেট ৰশ্মিৰ পৰা ছালখন সুৰক্ষা কৰি ঘাম বেছিকৈ ওলাই যাতে নোমৰ গুৰি বন্ধ হৈ নতুন কোনো সমস্যাৰ সৃষ্টি নহয় তালৈ লক্ষ্য ৰাখিহে কৰিব লাগে।
- ফাউণ্ডেছন অলপমান লগাব। ফাউণ্ডেছন লুজ পাউদাৰৰ লগত মিহলি কৰি ব্যৱহাৰ কৰিব। তেতিয়া বেছি সময় ফ্ৰেচ হৈ থাকিব। ছালত কোনো দাগ নাথাকিলে ফাউণ্ডেছন নলগালে ভাল। তাৰ পৰিৱৰ্তে ছান ফিল্টাৰড অইল ফ্ৰি মইশ্চাৰাইজাৰ লগাব।
- মইশ্চাৰাইজাৰ ক্ৰিম ব্যৱহাৰ কৰিলে ৰঙা চন্দন সমৃদ্ধ কৰিব, কাৰণ ৰঙা চন্দনে ছান প্ৰটেক্টিং ফেক্টৰ হিচাবে কাম কৰে।
- মাস্কাৰা অলপ আৰু পিংক গ্লছ ব্যৱহাৰ কৰিব। হেভি লিপ লাইনাৰ ব্যৱহাৰ নকৰিব। চিক’বনত সামান্য ৰং লগাব।
- লিপষ্টিকো বেছি কাঢ়া কৰি নলগাব।
গৰমৰ সাজ-পোছাক
গৰমত ফ্ৰেচ আৰু ঠাণ্ডা হৈ থকাৰ বাবে কেতিয়া কি ধৰণৰ পোছাক পিন্ধিব লাগিব সেই বিষয়ে জনাটো বৰ প্ৰয়োজন। যি পোছাকেই নিপিন্ধক লাগিলে আৰামদায়ক হ’ব লাগে আৰু দেখাতো যাতে সুন্দৰ হয় লক্ষ্য ৰাখিব।
- গৰমত ঘাম বেছি ওলায়, সেয়ে যিমান দূৰ সম্ভৱ কপাহী কাপোৰ পিন্ধাটো ভাল।
- বেছি ডাঠ ৰং যেনে-ৰঙা, ক’লা ৰং আদিয়ে সূৰ্য্যৰ ৰশ্মি শোষণ কৰি শৰীৰটো গৰম কৰি দিয়ে, সেয়ে দিনত যিমান পাৰে পাতল ৰং পিন্ধিব।
- টাইট ফিটিং কাপোৰ নিপিন্ধিব। ঘাম আৰু গৰমৰ কাৰণে স্কিন এলাৰ্জি হোৱাৰ সম্ভাৱনা থাকে।
- পাৰিলে হাত-দীঘল কাপোৰ পিন্ধিব লাগে, যাতে হাত দুখন ৰ’দৰ পৰা বাচি থাকে।
- শাৰী পিন্ধিলে কটন শাৰীয়ে যথেষ্ট আৰাম দিব। মহিলাসকলে বৰষুণৰ দিনত সহজে ধুই শুকুৱাব পৰা শাৰী বা চেলোৱাৰ পিন্ধিব লাগে। পুৰুষসকলেও মাটিত লেটি লৈ লোৱা পেন্ট পিন্ধিব নালাগে।
- বৰষুণৰ বতৰত মাড় দিয়া কাপোৰ ব্যৱহাৰ নকৰিব।
আভূষণ
গৰমত সকলোতকৈ প্ৰয়োজনীয় এক্সেছৰীজ হ’ল ছান গ্লাছ। এযোৰ মুখৰ লগত শুৱাই পৰাকৈ ছান গ্লাছ পিন্ধিব। পোছাকৰ লগত মিলাই জোতা-চেণ্ডেল বা বেগ ল’ব পাৰিলে ভাল। যিমান দূৰ পাৰে সমুখ খোলা চেণ্ডেল পিন্ধিব। বেছি ওখ হিলৰ চেণ্ডেল নিপিন্ধিব। শাৰী পিন্ধিলে অলপ হিল হ’লে ভাল দেখে। চুৰিদাৰ পিন্ধিলে কোলহাপুৰী চেণ্ডেল বা তেনে ধৰণৰ আন চেণ্ডেলে ভাল দেখাব।
- জোতা-মোজা পিন্ধিলে প্ৰত্যেক দিনাই মোজা ধুব। জোতা খোলাৰ পিছত ভৰিটো ভালকৈ ধুই পেলাব। ভালকৈ মচি শুকান কৰি লৈ আঙুলিৰ ফাঁকত টেলকম পাউদাৰ লগাব। এনে কৰিলে ভৰি নোগোন্ধায় আৰু ঘামৰ কাৰণে ফাংগাছ হোৱাৰ ভয় নাথাকে।
- ৰ’দত ঘূৰি আপুনি কাম কৰিব লগা হ’লে সকলো সময়তে ভৰিত বন্ধ জোতা পিন্ধিব।
- হেভী অলংকাৰ পিন্ধিব নালাগে।
- জোতা-চেণ্ডেল খোলা মেলা সহজে কৰিব পৰা হ’ব লাগে।
- লেডাৰৰ বেগ নলৈ কটন ফেব্ৰিকৰ বেগ, মৰাপাটৰ বেগ ল’ব পাৰে। যিমান ফেশ্বনেবল সিমানেই ইকো-ফ্ৰেণ্ডলি।
গৰমত ফিটনেছ বৰ্তাই ৰাখক
- গৰম পৰিছে বুলি সদায় কৰা কাম বন্ধ কৰি দিব নালাগে। মাত্ৰ কেইটামান টিপছ মানি চলিলেই হ’ল।
- খোজকঢ়াৰ আগতে, মাজতে পানী খাব।
- দুপৰীয়া ঘৰৰ ভিতৰতে ব্যায়াম কৰিব, কিয়নো এই সময়ত ৰ’দ বেছি থাকে বাবে বাহিৰলৈ ওলাই যাব নোৱাৰে।
- গৰমত ইনড’ৰ ব্যায়াম কৰিব। এয়াৰ কণ্ডিচনড ৰূমত কৰিব পাৰিলে ভাগৰ কম লাগে আৰু গৰমো নালাগে।
- পাতল ৰঙৰ সূতাৰ ঢিলা পোছাক পিন্ধিহে ব্যায়াম কৰিব। খালি ভৰিৰে নাথাকিব। জোতা পিন্ধিলে লগত সূতাৰ মোজা পিন্ধিব। তেতিয়া ভৰি কম ঘামিব।
- সাঁতুৰিব জানিলে বা সাঁতোৰাৰ সুবিধা থাকিলে পানীৰ মাজত কৰা ব্যায়াম কৰিলে গৰম লগাৰ সম্ভাৱনা কম থাকে। সাঁতোৰাটো এটা ভাল ব্যায়াম।
- ব্যায়াম কৰাৰ সময়ত চুলিকোছা ভালদৰে বান্ধি ল’ব। মুখত যাতে চুলি নপৰে লক্ষ্য ৰাখিব।
- গৰম পৰাৰ লগে লগে বেছি ব্যায়াম কৰিব নালাগে। শৰীৰটো গৰমৰ লগত সংগতি ৰাখিহে আগবঢ়াই নিব লাগে।
- খোজকঢ়াৰ দহ-পোন্ধৰ মিনিট পিছত গা ধুব।
- ভাগৰ লগাৰ লগে লগে ব্যায়াম বন্ধ কৰি দিব। নহ’লে অসুস্থ হৈ পৰিব।
- খোৱাৰ পিছতেই ব্যায়াম নকৰিব আৰু খালি পেটেৰেও ব্যায়াম নকৰিব।
- হাততে পোৱাকৈ সকলো সময়তে ওচৰতে টাৱেল ৰাখিব যাতে ঘাম ওলালেই মচিব পাৰে।
- গৰমত গ্লুক’জ খোৱাৰ অভ্যাস কৰিলে ভাল।
লেখিকা: অজিতা ফুকন, প্ৰিয় সখী।