চুলিৰ ৰং কৰাৰ বাবে, মুখমণ্ডলৰ সৌন্দৰ্যৰ বাবে
- আপুনি জেতুকা পাতৰ চুৰ্ণ আৰু নিমৰ পাতৰ চুৰ্ণ সমান মাত্ৰাত ল’ব। একে লগে মিহিকৈ বটি চুলিত লগাব। এনেদৰে এমাহ লগালে চুলিৰ বগা অংশ ক’লা হ’ব।
- নিম পাত এক ভাগ, বেলপাত একভাগ দুয়োটা ভালকৈ পিহি মূৰত প্ৰলেপ দি ১২ ঘণ্টাৰ পিছত ধুই পেলাব। ই চুলি গজাত সহায় কৰে।
- আপোনাৰ চুলিৰ ৰং যদি সোণালী কৰিব বিচাৰে তেন্তে ৫০ গ্ৰাম আকাশী লতাক এককিলো পানীত উতলাই সেই পানীৰে মূৰৰ চুলি ধুলে চুলি সোণালী হৈ উঠে।
- আমৰ আটিৰ তেল মূৰৰ চুলিত মালিচ কৰিলে চুলি সৰা বন্ধ হয় আৰু পকা চুলি ক’লা হয়।
- তুলসী পাতৰ ৰস আৰু নেমুৰ ৰস দুয়োটা সমান মাত্ৰাত মিহলাই মুখত সানিলে মুখৰ বলি ৰেখা ৰোধ কৰে।
- জাইফল গাখীৰৰ সৈতে পিহি ব্ৰণৰ ওপৰত লগালে ব্ৰণ ভাল হয়।
- মৌ জোলৰ সৈতে পিয়াঁজৰ ৰস মিহলাই মুখত সানিলে ব্ৰণ ঠিক হয়।
- মুখৰ সৌন্দৰ্য বঢ়াবলৈ – তিলতেল, হালধি, গাখীৰ মিহলাই সামান্য গৰম মুখত প্ৰতি দিনে লগাব পাৰে।
- আপোনাৰ দাঁতত যদি ময়লা থাকে কোনো মাজনতে দাঁত জিলিকি নুঠে তেন্তে আপুনি তেজপাতৰ শুকান গুড়িৰে প্ৰতি তিনিদিনৰ মূৰে মূৰে এবাৰ দাঁত পৰিস্কাৰকৈ ঘঁহিব। চাব আপোনাৰ দাঁত চক্চকিয়া হৈ জিলিকি উঠিব।
- কিড্নী পাথৰৰ বাবে যদি কষ্ট অনুভৱ কৰে তেন্তে ক’লা জিৰা পিহি মৌৰ লগত মিহলাই খাওঁক। কিছু দিনৰ প্ৰয়োগে আপোনাৰ পাথৰ উলিয়াই দিব।
- ক’লা জিৰা পিহি চুলিৰ গুৰিত প্ৰতি দিনে মালিচ কৰক আৰু মালিচ কৰাৰ এক বা আধা ঘণ্টা পিছত পানী দি মূৰ ধুই পেলাব। চুলি সৰা বন্ধ আৰু চুলি গজায়।
- পেট বিষালে ২টা সৰু ইলাচি মৌৰ লগত মিহিকৈ পিহি জিভাৰে চেলেকি খাওঁক। পেটৰ বিষ আৰাম পাব।
- নিমখ মূৰৰ যন্ত্ৰণাৰ ভাল ঔষধ। এক টিপা নিমখ জিভাত লৈ থাকক আৰু ১০ মিনিটৰ পিছত এক গিলাছ ঠাণ্ডা পানী খাওক। মূৰৰ বিষ তৎক্ষণাত কমি যাব।
লেখিকা: চিত্ৰাৱলী বৰুৱা আচাৰ্য্য, বনদৰব আৰু আৰোগ্য।
শেহতীয়া উন্নীতকৰণ: : 9/13/2018
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.