গৱেষকসকলে স্মাৰ্টফোন আধাৰিত এনে এটা প্ৰযুক্তিৰ কাম কৰি আছে, যি নিদ্ৰাৰ বিকাৰ ধৰা পেলোৱাত সহায় কৰিব। চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ শ্বাসৰোধ নিদ্ৰাৰ দৰে বিকাৰ ই ধৰা পেলাব পাৰে। কাণ চাফা কৰা বাড্ত ইন-লাইন মাইক্ৰ’ফোন স্থাপন কৰি আৰু এটা এপল আইফোনৰ জৰিয়তে ফ্ল’ৰিডা ষ্টেট ইউনিভাৰচিটি আৰু নিউজাৰ্ছিস্থিত ষ্টিভেন্ছ ইনষ্টিটিউট অব্ টেক্নলজীৰ গৱেষকসকলে ছমাহ ধৰি কেইবাজনো লোকৰ শ্বাস-প্ৰশ্বাসৰ ধৰণ-কৰণ বিশ্লেষণ কৰাৰ পিছত এই মন্তব্য প্ৰকাশ কৰিছে। বুকুত পৰিধান কৰি শ্বাস-প্ৰশ্বাস নিৰীক্ষণ কৰা যন্ত্ৰৰ তুলনাত স্মাৰ্টফোন সংযুক্ত এই আহিলাবিধে অতি ক্ষিপ্ৰ আৰু নিঁখুতভাৱে কাম কৰিব পাৰে। গৱেষকৰ দলটোৱে শ্বাস-প্ৰশ্বাসৰ হাৰ জানিবলৈ কাণ চাফা কৰা বাড্ডালত থকা মাইক্ৰ’ফোনটোৰ সংবেদনশীলতা পৰীক্ষা কৰাৰ উপৰি বাড্ডালৰ কিছু ৰূপান্তৰ ঘটাই ইয়াক অতিৰিক্ত মাইক্ৰ’ফোনৰ ৰূপ দিছে। ইয়েৰফোনটো পৰিধান কৰি গাৰুৰ তলত ৰাখি আৰু একাধিক মাইক্ৰ’ফোন ব্যৱহাৰ কৰি শ্বাস-প্ৰশ্বাসৰ হাৰ সঠিকভাৱে লাভ কৰিব পাৰিছে। ষ্টিভেনছ ইনষ্টিটিউট অব্ টেক্ন’লজীৰ সহযোগী অধ্যাপক ইংয়িং শ্বেনৰ মতে, পৰৱৰ্তী পৰ্য্যায়ত স্মাৰ্টফোনৰ এই আহিলাটোক নিদ্ৰাৰ বিকাৰ অধ্যয়নৰ কামত প্ৰয়োগ কৰা হ’ব। এই আহিলাটো ব্যৱহাৰ কৰি যথেষ্ট কম খৰচত আৰু সঠিকভাৱে নিদ্ৰাৰ ধৰণ পৰীক্ষা কৰি নিদ্ৰা সংক্ৰান্ত আৰু সম্ভাৱনাপূৰ্ণ আন স্বাস্থ্যজনিত অসুবিধা চিনাক্ত কৰাটো সম্ভৱ হৈ উঠিব।
লিখক: অমৰজ্যোতি ভূঞা, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 4/27/2020
স্নায়ুৰ বিকাৰ
অপকাৰী চৰ্বীৰ পৰা হাত সাৰিবলৈ
বয়োজেষ্ঠৰ ভৰিৰ বিকাৰ