অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বয়োজেষ্ঠৰ ভৰিৰ বিকাৰ

বয়োজেষ্ঠৰ ভৰিৰ বিকাৰ

শালচকুৱাত ভুগিলে খোজ কাঢ়োতে বিষায়। বয়স্ক লোকৰ ক্ষেত্ৰত এনে অৱস্থা হোৱাৰ সম্ভাৱনা অধিক। এই বিকাৰ হ’লে বিশেষভাৱে নিৰ্মিত জোতা পিন্ধিলে আৰাম পায়।

৬২ বছৰীয়া ইন্দ্ৰকান্তৰ সোঁভৰিৰ খাৰগাঁঠিৰ কণ্ডৰাৰ (Tendon) বিষ অনুভৱ হয়। ঠাই খিনি চুলেই বিষায়। এনেও বিষায়। বহি থাকিলে বা শুলেও বিষে জৰ্জৰিত কৰে। তেওঁৰ মনত পৰা কোনো ধৰণৰ আঘাত নোপোৱাকৈয়ে কণ্ডৰাৰ বিষ হৈছে।

বয়োজ্যেষ্ঠ সকলৰ ভৰিৰ বিষৰ নিৰ্দিষ্ট কাৰণ নিৰ্ধাৰণ কৰাত অসুবিধা হয়। সাধাৰণতে তেওঁলোকৰ কণ্ডৰাৰ প্ৰদাহ হয়; কিয়নো এই বয়সত কণ্ডৰাৰ নমনীয়তা হ্ৰাস পায়। বিশেষ চিকিৎসা উপলব্ধ নহয়। জিৰণি, বৰফ লগোৱা, মালিচ আদিয়ে কিছু সহায় কৰে। চিকিৎসকে ইন্দ্ৰকান্তক ফিজিঅ’থেৰাপী কৰাৰ পৰামৰ্শ দিয়ে। ফিজিঅ’থেৰাপীৰ ভিতৰত ফলপ্ৰসূ হয় আল্ট্ৰাছাউণ্ড আৰু বৈদ্যুতিক উত্তেজনা (electrical stimulates)। ফিজিঅ’থেৰাপী কৰাৰ পিছত ইন্দ্ৰকান্তই খোজ কাঢ়িব পাৰে, চাইকেল চলাব পাৰে; যি মন যায় তাকে কৰিব পাৰে। বয়োজ্যেষ্ঠ সকলৰ ভৰিৰ বিষৰ কাৰক কেইবা প্ৰকাৰৰো হ’ব পাৰে; যেনে কণ্ডৰাৰ প্ৰদাহ, শালচকুৱা (Bumion), সন্ধিপ্ৰদাহ, ডায়েবেটিছ আদি। বয়োজ্যেষ্ঠ সকলৰ দেহত নানা শৰীৰ তান্ত্ৰিক (Physiological) পৰিৱৰ্তন হয়। ভৰিতো এনে পৰিৱৰ্তন হ’ব পাৰে।

বয়োজ্যেষ্ঠ সকলক পৰামৰ্শ দিব লাগে যাতে তেওঁলোকে নিয়মিত ভাৱে ভৰিৰ ছালৰ ৰং, উত্তাপ, সংবেদনশীলতা আৰু গঠনৰ পৰিৱৰ্তন লক্ষ্য কৰে। কিবা পৰিবৰ্তন হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। কেতবোৰ ৰোগত, যেনে ডায়েবেটিছ, প্ৰান্তীয় ৰক্ত সঞ্চালনৰ ৰোগ আদিত ভৰিতে পোনতে লক্ষণ ফুটি উঠে। সম্ভাৱ্য ৰোগ নিৰ্ণয় কৰি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা উচিত।

ভৰিপতা, খাঁৰগাঠি, ভৰিৰ বুঢ়া আঙুলি আদিতো সন্ধিপ্ৰদাহ হ’ব পাৰে। এইবোৰৰ প্ৰয়োজনীয় চিকিৎসা কৰিব লাগে। চিকিৎসকে পোনতে নন ষ্টেৰইড প্ৰদাহ বিৰোধী ঔষধ (NSAID) ব্যৱহাৰ কৰে। লগতে বিশেষ ধৰণৰ জোতা পৰিধানৰ পৰামৰ্শ দিয়ে। ঔষধি চিকিৎসাত কাম নহ’লে শল্য চিকিৎসা কৰাৰ প্ৰয়োজন হয়। অৱশ্যে তাৰ আগেয়ে আক্ৰান্ত ঠাইত ষ্টেৰইড, গৰ্ভত্বক, বৰ্দ্ধক উপাদান (Growth factor) আদিৰ বেজী দি চাব পাৰি।

বয়স বৃদ্ধিও ভৰিৰ বিকাৰৰ কাৰক হ’ব পাৰে। ভৰিৰ বিকাৰ হ’লে শৰীৰৰ সন্ত্তলনত ব্যাঘাত হ’ব পাৰে; ইয়াৰ ফলত সঘনে পৰি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এনেকৈ পৰি যোৱাৰ ফলত হাড়ভঙাৰ সম্ভাৱনা থাকে। মহিলাৰ ক্ষেত্ৰত এনে সম্ভাৱনা অধিক। পৰি যোৱাৰ সম্ভাৱনা নানা কাৰণত হ’ব পাৰে; যেনে- কম পোহৰ অথবা দৃষ্টি হ্ৰাস, ৰক্তচাপ হ্ৰাস আদি। তদুপৰি শৰীৰৰ নিম্নাংশৰ মাংসপেশী দুৰ্বল হ’লেও সততে পৰি যাব পাৰে। ইয়াৰ কাৰণ হ’ল ভাৰতৰ বেছি ভাগ বয়স্ক লোকেই শাৰীৰিক ভাৱে সক্ৰিয় হৈ নাথাকে; ব্যায়ামো নকৰে। কিছু সংখ্যকে খোজ কাঢ়ে যদিও সেয়া পৰ্যাপ্ত নহয়। ভৰিত মোজা পিন্ধি ল’লে অথবা কোমল তলুৱাৰ (sole) জোতা পিন্ধিলে শৰীৰৰ সন্ত্তলন ৰক্ষা কৰাত সহায়ক হ’ব পাৰে। বহুতৰে শৰীৰত ভিটামিন ‘ডি’ৰ স্বল্পতা লক্ষ্য কৰা যায়। এই ক্ষেত্ৰতে ভিটামিন ‘ডি’ সম্পূৰক ঔষধ খাব লাগিব। বহুতৰে আকৌ হাড় ফোপোলা ৰোগ (Osteoporosis) হয়। তেনে অৱস্থা ধৰা পেলাবলৈ নিৰ্ণায়ক পৰীক্ষা আছে। হাড় ফোপোলা ৰোগ হ’লে কেলচিয়াম আৰু ভিটামিন ‘ডি’ৰ সম্পূৰক ঔষধ খাব লাগে। দৃষ্টি হ্ৰাস হ’লেও শৰীৰৰ সন্ত্তলন ৰখাত অসুবিধা হয়। তেনে ক্ষেত্ৰত চকু চিকিৎসকৰ পৰামৰ্শ লৈ ছচমাৰ ব্যৱস্থা কৰিব লাগে।

শালচকুৱাত ভুগিলে খোজ কাঢ়োতে বিষায়। বয়স্ক লোকৰ ক্ষেত্ৰত এনে অৱস্থা হোৱাৰ সম্ভাৱনা অধিক। এই বিকাৰ হ’লে বিশেষ ভাৱে নিৰ্মিত জোতা পিন্ধিলে আৰাম পায়। প্ৰয়োজন অনুসৰি শল্য চিকিৎসা কৰিলেও তৎকালেই আৰাম ওপোৱা নাযায়। সম্পূৰ্ণ নিৰাময় হ’বলৈ ছমাহৰ পৰা এবছৰ পৰ্যন্ত লাগিব পাৰে। তদুপৰি শল্য চিকিৎসা কৰোতে স্নায়ুৰ বৈকল্যও হ’ব পাৰে; কেতিয়াবা কিছুদিনৰ পিছত পুনৰ শালচকুৱাৰ সৃষ্টি হ’ব পাৰে। সেই বাবে অন্য উপায়, যেনে- বিশেষভাৱে প্ৰস্ত্তত জোতা পিন্ধা, স্থানীয়ভাৱে কৰ্টিজ’নৰ বেজী দিয়া, বিষ নাশক ঔষধৰ ব্যৱহাৰ আদিয়ে কাম নিদিলেহে শল্য চিকিৎসাৰ সিদ্ধান্ত লোৱা উচিত।

কিছু সংখ্যক বয়স্ক লোকৰ বুঢ়া আঙুলিৰ নখত ভেকুৰৰ সংক্ৰমণ হয়। এনে সংক্ৰমণৰ ফলপ্ৰসু চিকিৎসা উপলব্ধ। খোৱা ঔষধ আৰু লেজাৰ চিকিৎসাই ফলপ্ৰসূ নিৰাময় কৰিব পাৰে। শৰীৰৰ ওজন বৃদ্ধি হ’লেও ভৰিৰ বিষ হ’ব পাৰে। অধিক ওজনে ভৰিৰ অস্থি সন্ধি সমূহত অধিক চাপৰ সৃষ্টি কৰে। এই ক্ষেত্ৰত প্ৰথম কৰণীয় হ’ল শৰীৰৰ ওজন হ্ৰাস কৰা। ‘আংকু পাংচাৰ’ ব্যৱস্থাৰ স্বাৰাও চিকিৎসা কৰিব পাৰি। স্থানীয় ভাৱে কৰ্টিজ’নৰ বেজী ব্যৱহাৰ কৰিব পাৰি।

পৰিসংখ্যা অনুসৰি ভাৰতত ৬২ নিযুততকৈও অধিক ডায়েবেটিছ ৰোগী আছে। প্ৰকৃত সংখ্যা ইয়াতকৈ অধিক হ’ব; কিয়নো বহুতৰে ক্ষেত্ৰত ডায়েবেটিছ চিনাক্ত নোহোৱাকৈ থাকি যায়। এই সকল ৰোগীৰ ভৰিৰ বিকাৰ হোৱাৰ সম্ভাৱনা অধিক। সাধাৰণতে লক্ষণ সমূহ হ’ল ভৰিৰ জিনজিননি আৰু নিঃসাৰ হোৱা। কেতিয়াবা জ্বলন আৰু বিষো হয়। ইয়াৰ মূলতে হ’ল ডয়েবেটিছ জনিত স্নায়ু বিকাৰ (Diabetic Neuropathy)। এই বিকাৰ হ’লে ফলপ্ৰসু চিকিৎসা কৰাত অসুবিধা; মাথোন লক্ষণ সমূহৰ পৰা উপশম পোৱাৰ ব্যৱস্থাহে কৰিব পাৰি। ডায়েবেটিছৰ মাত্ৰা অধিক হ’লে ভৰি নিঃসাৰ হয়। ইয়াৰ ফলত ভৰিত ঘা তথা সংক্ৰমণ হ’ব পাৰে; ভৰিৰ ছালৰ ৰং পৰিৱৰ্তন হয়। সময় মতে চিকিৎসা নকৰিলে ভৰিৰ সংক্ৰমণ আৰু পচন গুৰুতৰ হয়; যাৰ ফলত ভৰি কাটি পেলাব লগীয়া (Amputation) হ’ব পাৰে। গতিকে ডায়েবেটিছ ৰোগ হ’লে ভৰিৰ যতন লোৱা অতি প্ৰয়োজনীয়। ভৰিত কিবা পৰিৱৰ্তন লক্ষ্য কৰিলে তৎকালেই চিকিৎসকৰ পৰামৰ্শ ল’ব। ভৰিত খোলা জোতা বা চেণ্ডেল নিপিন্ধি বন্ধ জোতা পিন্ধিব, যাতে ভৰিত কোনো ধৰণৰ কটা-ছিঙা আদি নহয়। মনত ৰাখিব ভৰি দুখনৰ যত্ন আপুনি নিজেই ল’ব লাগিব।

লেখক: ডাঃ জীৱন দত্ত বৰুৱা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate