অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰসাধন আৰু আমাৰ স্বাস্থ্য

প্ৰসাধন আৰু আমাৰ স্বাস্থ্য

সচৰাচৰ আমি প্ৰসাধনক নাৰী বা মহিলাসকলৰ জীৱন-শৈলীৰ অংগ হিচাপে ধৰি লওঁ যদিও প্ৰকৃতপক্ষে পুৰুষ কিম্বা মহিলা সকলোৱেই নানাধৰণৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে বা কৰি আহিছে। শাৰীৰিক সৌন্দৰ্য্য বৃদ্ধিৰ বাবে অথবা শৰীৰৰ বিশেষ যত্ন লবৰ বাবে ব্যৱহৃত এই সামগ্ৰীবোৰৰ উৎস পূৰ্বতে আছিল প্ৰাকৃতিক। মানৱসমাজে আধুনিক জীৱন-শৈলী আঁকোৱালি লোৱাৰ লগে লগে অন্যান্য বস্তুৰ দৰেই প্ৰসাধন সামগ্ৰীসমূহো তৈয়াৰ কৰা হ’ল বিভিন্ন অপ্ৰাকৃতিক উৎসৰ সহায়ত। কিন্তু আমি নজনাকৈয়ে আমাৰ জীৱন-শৈলীৰ অংগ হৈ পৰা এই প্ৰসাধন সামগ্ৰীবোৰে আমাৰ শৰীৰত নানা বিষাক্ত দ্ৰব্যৰ প্ৰৱেশ ঘটায়।এনে কিছু প্ৰসাধন সামগ্ৰীৰ সম্ভাৱ্য বিপদ সম্পৰ্কে আলোচনা কৰাই এই লেখাৰ উদ্দেশ্য।

আমি সততে ব্যৱহাৰ কৰা কেইবিধমান প্ৰসাধন দ্ৰব্য হ’ল – চাবোন, চ্যেম্পু, ক্ষৌৰকৰ্মত ব্যৱহৃত ক্ৰীম (Shaving Cream), আফ্‌টাৰ চ্যেভ লোচন, সুগন্ধিদ্ৰব্য (Perfume, Deodorant), বডিলোচন, সেন্দুৰ, কাজল তথা চকুৰ অন্যান্য প্ৰসাধন সামগ্ৰী, লিপ্‌ষ্টিক, নখত ঘঁহা ৰং, চূলিৰ ৰং ইত্যাদি। এই সামগ্ৰীবোৰৰ প্ৰায়ভাগতে নানাধৰণৰ অপকাৰী ৰাসায়নিক পদাৰ্থ থাকে। উদাহৰণস্বৰূপে, ভাৰতীয় সমাজত (মূলতঃ হিন্দু পৰম্পৰাত) বিবাহোত্তৰ কালত এগৰাকী নাৰীয়ে ব্যৱহাৰ কৰা প্ৰসাধন সামগ্ৰীবিধ হ’ল সেন্দুৰ। সেন্দুৰৰ ফোঁট আৰু ৰেঘাই নাৰীৰ সৌন্দৰ্য্য বৃদ্ধি কৰে বুলি সততে উল্লেখিত হোৱা দেখা যায়। অন্যহাতে এই সেন্দুৰৰ ফোঁট আৰু ৰেঘাৰ স’তে স্বামীৰ আয়ুস জড়িত হৈ থাকে বুলি এক বিশ্বাসো (আচলতে অন্ধবিশ্বাস) প্ৰচলিত। পূৰ্বতে বিভিন্ন প্ৰাকৃতিক দ্ৰব্য যেনে হালধি, চূণ, চাউল, নেমু আৰু হালধিৰ মিশ্ৰ আদিৰ পৰা সেন্দুৰ প্ৰস্তুত কৰি ব্যৱহাৰ কৰা হৈছিল যদিও বৰ্তমান সময়ত এনে প্ৰাকৃতিক সেন্দুৰ পোৱা নাযায়। তাৰ পৰিৱৰ্তে এতিয়া সহজলভ্য নানাবিধ ৰাসায়নিক পদাৰ্থযুক্ত সেন্দুৰ।মূলতঃ বিভিন্ন কৃত্ৰিম ৰংজাতীয় দ্ৰৱ্য বা “ডাই” (Dye) প্ৰয়োগ কৰি প্ৰস্তুত কৰা এইবোৰ সেন্দুৰত থাকে সীহৰ (Lead) বিভিন্ন ৰাসায়নিক যৌগ।

ঠিক একেদৰে আমাৰ মাজত বহুলভাৱে প্ৰচলিত কাজল বা চুৰমা নামৰ প্ৰসাধন সামগ্ৰীবিধৰ কথা নকৈ কোৱাৰ প্ৰয়োজন হয়তো নাই। কেৱল নাৰী বুলিয়েই নহয় শিশুসকলকো কাজলৰ ফোঁট দিয়া হয় বা চকুত কাজল আঁকি দিয়া হয়। তাৰ অন্যতম কাৰণো কিন্তু এক অন্ধবিশ্বাস। সাধাৰণতে কাৰো কুদৃষ্টি নপৰিবলৈ বা “মুখ লগাৰ” পৰা বচাবলৈ শিশুক কাজলৰ ফোঁট দিয়া হয়। কিন্তু এই কাজলতো সীহৰ দৰে বিষাক্ত দ্ৰৱ্য থকাৰ প্ৰমাণ পোৱা গৈছে। “ইণ্টাৰনেচনেল চ’চাইটি অৱ এন্‌ভাইৰন্‌মেণ্টেল ব’টানিষ্ট”ৰ পত্ৰিকা “এনভাইৰ’নিউজ”ত প্ৰকাশিত এক ৰচনাত এই বিষয়ে কৰা আলোচনাত উল্লেখ কৰা মতে কাজল ব্যৱহাৰ কৰা শিশুৰ ক্ষেত্ৰত তেজত পোৱা সীহৰ মাত্ৰা যথেষ্ট বেছি। কেৱল সেয়াই নহয়, কাজল ব্যৱহাৰ নকৰা শিশুৰ মাজৰো যিসকল শিশুৰ মাতৃয়ে প্ৰসাধনবিধ ব্যৱহাৰ কৰে তেনে শিশুৰ তেজতো সীহৰ মাত্ৰা অধিক হোৱা বুলি এই গৱেষণাত পোৱা গৈছে।

এইবাৰ আহোঁ লিপ্‌ষ্টিকৰ কথালৈ।“কোৱা ভাতুৰীয়া ওঁঠৰ তলত ফেঁটীসাপ থাকে শুই”—–সম্ভৱতঃ লিপ্‌ষ্টিক নামৰ অতি জনপ্ৰিয় প্ৰসাধনবিধৰ কথা এইষাৰি বাক্যই অতি সুন্দৰকৈ প্ৰকাশ কৰিছে। ওঁঠজুৰিৰ সৌন্দৰ্য্য ফুটাই তুলিবৰ বাবে আগতে বৰ্হমথুৰিৰ দৰে প্ৰকৃতি-দত্ত সামগ্ৰী ব্যৱহাৰ হোৱাৰ বিপৰীতে আজিকালি প্ৰচলিত লিপ্‌ষ্টিকবোৰ সীহৰ লগতে ফৰ্মেলডিহাইড, পাৰাবেন, বিচমাথ অক্সিক্লৰাইডৰ দৰে বিষাক্ত যৌগৰে পৰিপূৰ্ণ। কোৱা বাহুল্য মাত্ৰ যে আমি ওপৰত উল্লেখ কৰা তিনিওবিধ প্ৰসাধনতে থকা সীহ বা সীহৰ যৌগসমূহ মানৱ শৰীৰৰ বাবে অতিশয় অপকাৰী। প্ৰাণীৰ শৰীৰৰ স্নায়ুতন্ত্ৰত সীহে অতি বিৰূপ ক্ৰিয়াৰ সৃষ্টি কৰে।ফলস্বৰূপে সীহৰ বিষক্ৰিয়াত আক্ৰান্ত ব্যক্তিৰ মগজুৰ ক্ষতি, স্নায়বিক সমস্যা, আচৰণগত সমস্যা আদি দেখা দিয়ে। ইয়ে শিশুৰ ক্ষেত্ৰত কম বুদ্ধিদ্বীপ্ততা, ভাষা শিকাৰ সমস্যা, হ’ৰমনৰ ভাৰসাম্যহীনতা, বয়ঃসন্ধি প্ৰক্ৰিয়া পলম হোৱা আদিৰ কাৰক হৈ দেখা দিয়ে। অন্যহাতে মহিলাৰ ক্ষেত্ৰতো ই প্ৰজননক্ষমতা হ্ৰাস বা নষ্ট, অকালতে গৰ্ভস্খলন আদি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। অন্যহাতে চাবোন, চ্যেম্পূ,, ক্ষৌৰকৰ্মত ব্যৱহৃত ক্ৰীম (Shaving Cream) আদি ফেন সৃষ্টিকাৰী প্ৰসাধনত থাকে চডিয়াম ল’ৰেথ চালফেট (SLS) নামৰ যৌগ, যাক ককৰ্টৰোগৰ কাৰক বুলি জনা যায়। আকৌ পুৰুষ-মহিলা উভয়ে ব্যৱহাৰ কৰা সুগন্ধিদ্ৰব্যবোৰত থকা ৰাসায়নিক পদাৰ্থবিলাকেও আমাৰ ছালত নানা বিষম প্ৰতিক্ৰিয়াৰ জন্ম দিয়ে।

আমি ইতিমধ্যে (আৰম্ভণীতে) উল্লেখ কৰি অহা সামগ্ৰীবোৰত মূলতঃ নিমোক্ত যৌগবোৰ পোৱা যায়- ফৰ্মেলডিহাইড (সংৰক্ষণকাৰী পদাৰ্থ হিচাপে অধিকাংশ প্ৰসাধন সামগ্ৰীত), পাৰাবেন আৰু মিথাইল/বিউটাইল/প্ৰপাইল পাৰাবেন (মেক-আপৰ সামগ্ৰী, মইশ্চাৰাইজাৰ, চ্যেম্পূ, সুগন্ধি), পি.ই.জি.(ক্ৰীমজাতীয় দ্ৰৱ্যত), পেট্ৰলিয়ামজাত যৌগ বা পেট্ৰলেটাম (চাল আৰু চূলিৰ যত্নত ব্যৱহৃত সামগ্ৰী, ওঁঠৰ প্ৰসাধন), চাইল’ক্সেন (Siloxane, মেক-আপৰ সামগ্ৰী, মইশ্চাৰাইজাৰ, চূলিৰ যত্নত ব্যৱহৃত সামগ্ৰী), থেলেট আৰু থেলেটযুক্ত যৌগ (নখৰ ৰং, পাৰফিউম, লোচন, চূলিৰ ষ্প্ৰে), SLS (চাবোন বা চ্যেম্পূ, জাতীয় সকলো সামগ্ৰী, শ্বেভিং ক্ৰীম), ট্টাইক্ল’চান (বেক্টেৰিয়ানাশক দ্ৰৱ্য), আইচ’বিউটেন (শ্বেভিং ক্ৰীম, আফ্‌টাৰ শ্বেভ), বি.এইচ্.এ. আৰু বি.এইচ.টি.(BHA/BHT, মইশ্চাৰাইজাৰ, মেক-আপৰ সামগ্ৰী), ডি.ই.এ/টি.ই.এ (DEA/TEA, মইশ্চাৰাইজাৰ, চ্যেম্পূ,), ক’ল-টাৰ জাতীয় ৰং (চূলিৰ ৰং), পাৰফাম (সুগন্ধিদ্ৰৱ্য), খনিজাত তৈলাক্ত পদাৰ্থ (বেবী অইল, বডি লোচন, চাবোন, মেক-আপৰ সামগ্ৰী), গধুৰ ধাতু যেনে সীহ, পাৰা,কেড্‌মিয়াম, আৰ্চেনিক,নিকেল; মেক-আপৰ সামগ্ৰী, চকুৰ প্ৰসাধন, লিপ্‌ষ্টিক, লিপবাম, এণ্টি-এজিং ক্ৰীম, ফেয়াৰনেচ সামগ্ৰী), টেল্ক (পাউডাৰ) আদি। মনকৰিবলগীয়া বিষয়টো হ’ল এয়ে যে ইয়াৰে অধিকাংশ ৰাসায়নিক যৌগই “The Dirty Dozen” নামেৰে অভিষিক্ত মাৰাত্মক শ্ৰেণীটোৰ অন্তৰ্গত ।

উপৰোক্ত ৰাসায়নিক পদাৰ্থবিলাকৰ মূখ্য শাৰীৰিক প্ৰতিক্ৰিয়াবোৰৰ ভিতৰত ককৰ্ট ৰোগ, হ’ৰমনসমূহৰ স্বাভাৱিক কাৰ্য্যপদ্ধতিত বাধাদান, প্ৰজননতন্ত্ৰত বিৰূপ প্ৰভাৱ বিস্তাৰ, জননক্ষমতা হ্ৰাস, চমৰ্ৰোগ, চৰ্মচিদ্ৰৰ অৱৰোধ, চকুৰ এলাৰ্জি, ছালৰ পোৰণি আৰু এলাৰ্জি, দেহৰ মূখ্য অংগ যেনে লিভাৰ, কিডনী, হাওঁফাওঁ, হৃদযন্ত্ৰ আদিৰ সমস্যা আৰু কাৰ্যক্ষমতা হ্ৰাস, স্নায়ুসমূহৰ লগতে সমগ্ৰ স্নায়বিক প্ৰক্ৰিয়া আৰু স্নায়ুতন্ত্ৰত বিৰূপ প্ৰভাৱ, কোষৰ বিকাশত বাধা, শ্বাসক্ৰিয়াৰ কষ্ট, দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ হ্ৰাস ইত্যাদি। লক্ষণীয় কথাটো হ’ল এয়ে যে এইবোৰ সামগ্ৰীত উপৰোক্ত দ্ৰৱ্যবোৰ কমকৈ থাকিলেও এনে দ্ৰৱ্যৰ ক্ৰমাগত প্ৰয়োগৰ ফলত শৰীৰত অপকাৰী ৰাসায়নিক পদাৰ্থৰ মাত্ৰা বৃদ্ধি হৈ বিপদৰ শংকা বৃদ্ধি কৰি তোলে।

অন্যহাতে এনে সামগ্ৰীৰ নিৰ্মাণকৰ্তা সকলে যদিও বিজ্ঞাপন আদিত অপকাৰী ৰসায়নৰ উপস্থিতি নুই কৰে, তথাপি এইজাতীয় সামগ্ৰী ক্ৰয় কৰোতে সাৱধান হোৱাটো বিশেষভাৱে জৰুৰী। তাতকৈও দৰকাৰী কথাটো হ’ল এই ৰাসায়নিক পদাৰ্থবোৰ কোনবিধ প্ৰসাধনত কি পৰিমাণত আছে, তাৰো কোনো স্পষ্ট উল্লেখ সামগ্ৰীবোৰৰ পেকেটত লিখা নাথাকে। সেয়েহে যিকোনো প্ৰসাধন ব্যৱহাৰ কৰাৰ পূৰ্ৱে আমি সতৰ্কতা অৱলম্বন কৰা উচিত, বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত। কেৱল সেয়াই নহয়, মহিলাসকলে এই দিশত অধিক সাৱধান হোৱাৰ প্ৰয়োজন থাকে কিয়নো তূলনামূলকভাৱে প্ৰসাধনৰ ব্যৱহাৰ তেওঁলোকৰ মাজত অধিক। তাতোতকৈও জৰুৰী কথা হ’ল সম্ভৱস্থলত প্ৰসাধন সামগ্ৰীৰ বৰ্জন অথবা ব্যৱহাৰ সীমিত কৰা। তদুপৰি কৃত্ৰিমভাৱে তৈয়াৰী বস্তুৰ পৰিৱৰ্তে প্ৰাকৃতিক ভাৱে পোৱা বা আহৰণ কৰিব পৰা বিকল্পসমূহৰ ব্যৱহাৰ কৰিলেও এনে বিপদৰ আশংকা কমাব পৰা যায়।

পৰিশেষত এটা কথা ক’ব পাৰি যে শাৰীৰিক সৌন্দৰ্য্য বৃদ্ধি কৰিবলৈ প্ৰসাধন ব্যৱহাৰ কৰাৰ আগেয়ে এই বিষয়ে যথোপযুক্তভাৱে জানি লোৱাৰ আৰু প্ৰয়োজনসাপেক্ষে চিকিৎসকৰ মতামত লোৱাটো অতীব দৰকাৰ; সেয়ে নহ’লে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা অনেক।

তথ্যসূত্ৰ:-
১. Elina St. Onge; 17 Chemicals to Avoid in Cosmetics and Personal Care Products.
২. Julia R. Barett: Chemical Exposure: The Ugly Side of Beauty; Environ Health Perspect, 2005, 113(1).
৩. Dr. V. P. Kapoor, Kohl and Sindoor; Potential Source of Lead Poisoning; Environews, 2007, 13(3)
৪. A. K. De., Environmental Chemistry, New Age International(P)Limited.

লেখিকা: মানসী গোস্বামী



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate