অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰং কৰা চুলিৰ যতন

ৰং কৰা চুলিৰ যতন

বৰ্তমান চুলিত ৰঙৰ প্ৰসাধন ব্যৱহাৰ কৰা ধাৰাই যথেষ্ট বিস্তাৰ লাভ কৰিছে। আজিৰ দিনত বহুতকে চুলিত ৰং কৰা দেখা যায়। হয়তো এয়া আধুনিক ষ্টাইলেৰে প্ৰভাৱ। মন কৰিবলগীয়া যে বহুলোকে চুলিত ৰং বা ষ্টাইল কৰাৰ পিচত চুলিৰ যতনৰ ক্ষেত্ৰত কিছুমান বিশেষ প্ৰসাধন ব্যৱহাৰ কৰে। কিন্তু বহুতেই নাজানে আচলতে এইক্ষেত্ৰত কি কৰা উচিত। প্ৰকৃততে এনেধৰণৰ প্ৰসাধন ব্যৱহাৰৰ উপযোগী হয় নে নহয়, এই কথা বিচাৰ কৰি চোৱাটো খুবেই প্ৰয়োজনীয়। নে আপুনিও আনক ব্যৱহাৰ কৰা দেখিয়ে এই প্ৰসাধন ব্যৱহাৰ কৰিবলৈ লৈছে।

সাধাৰণতে চুলিত ৰং ব্যৱহাৰ কৰাৰ পিছত ইয়াৰ যতন লোৱাটো অতি জৰুৰী। কিন্তু সেই বুলিয়ে চুলিত প্ৰসাধন ব্যৱহাৰ কৰি যতন লোৱাটোৱে শেষ উত্তৰ নহয়। এই কথা জনা উচিত আচলতে আপোনাৰ চুলিয়ে কি বিচাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল চুলিত ৰং কৰাৰ ইচ্ছা কৰিলে আপুনি অভিজ্ঞ হেয়াৰ এক্সপাৰ্টৰ ওচৰত গৈহে কৰিব। অন্যথা চুলিৰ যথেষ্ট ক্ষতি হ’ব। চুলিত ৰং কৰাৰ পিছত অথবা যতনৰ অভাৱত চুলি বহু পৰিমাণে ক্ষতি হয়। গতিকে এই ক্ষেত্ৰত সকলো সময়তে চুলি পৰিষ্কাৰকৈ ৰখাটো অতি জৰুৰী। ৰং কৰা চুলিত ধুলি-বালি আৰু তেলে অধিক ক্ষতি কৰে। চুলিত উন্নত মানৰ প্ৰসাধন ব্যৱহাৰ কৰক আৰু ভালদৰে ধোৱাৰ লগতে চুলি ফণিওৱাৰ দিশতো গুৰুত্ব দিব। আনহাতে চুলিত অতিমাত্ৰা ষ্টাইল কৰাৰ পৰা আঁতৰি থাকক। আপোনাৰ সুন্দৰ চুলিখিনিত অতিমাত্ৰা, উগ্ৰ ষ্টাইল নকৰাটোৱে শ্ৰেয়। উগ্ৰ ষ্টাইল বা প্ৰসাধনৰ ব্যৱহাৰে চুলি অধিক শুকান কৰি তোলে। মন কৰিব চুলি ধোৱাৰ পূৰ্বে নিয়মিত তেল ব্যৱহাৰ কৰিব। কেমিকেল ব্যৱহাৰ অবিহনে ইয়ে চুলি কোমল কৰি তুলিব। চেলুনত গৈ পেছাগতভাৱে নিয়মিত চুলিত ডীপ কণ্ডিচনিং কৰিব পাৰে। বাহিৰলৈ ওলাই যোৱাৰ পুৰ্বে চুলিখিনিৰ সুৰক্ষাৰ বাবে চুলিত হেয়াৰ চেৰাম অথবা লিভ ইন কণ্ডিচনাৰ ব্যৱহাৰ কৰিব পাৰে। আনহাতে নিয়মিত চুলি কটাই থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। আপুনি যদি এতিয়াও অনুভৱ কৰে যে আপোনাৰ চুলিখিনি স্বাস্থ্যসন্মত নহয়, তেন্তে শীঘ্ৰে চুলি বিশেষজ্ঞৰ ওচৰলৈ গৈ আপোনাৰ সমস্যাৰ বিষয়ে আলোচনা কৰক।

চুলি স্বাস্থ্যৱান কৰি তুলিবলৈ আপুনি ঘৰতে যতন লোৱাটো জৰুৰী। আনক অনুকৰণ কৰি অযথা চুলিখিনি নষ্ট নকৰিব।

মূৰৰ ছালৰ মালিচ

নিয়মিত মূৰৰ তালু মালিচ কৰিলে ছালত তেজৰ চলাচল বাঢ়ে। ইয়াৰ ফলত চুলিয়ে ছালৰ পৰা পুষ্টি সংগ্ৰহ কৰি অধিক উজ্জ্বল আৰু সতেজ হৈ উঠে। মূৰ মালিচ কৰিবলৈ হ’লে বহি বা বিছনাত শুই কৰিব পৰা যায়। দুই হাতত দহোটা আঙুলিৰ আগেৰে মালিচ আৰম্ভ কৰিব। মালিচ কৰিলে তালুত অৰ্থাৎ চুলিৰ গুৰিত মালিচ কৰিব। চুলিৰ ওপৰত নহয়। মূৰৰ পিচৰ পৰা আৰম্ভ কৰি কপাল পৰ্য্যন্ত লাহে লাহে মালিচ কৰিব আৰু হেঁচি দিব। চুলি কেতিয়াও মুঠি মাৰি ধৰি নাটানিব। প্ৰথমে ফণিৰে তাৰ পিচত ব্ৰাছেৰে চুলিখিনি আঁচুৰি লৈ মূৰ মালিচ কৰিব। মনত ৰাখিব তিতা চুলিৰ মূৰ মালিচ কৰিব নালাগে। মালিচ কৰাৰ সময়ত মূৰত ফিতা আদিৰ কোনো বান্ধোন নাৰাখিব। যিসকলৰ চুলি শুকান, সেইসকলে প্ৰতিদিনে এবাৰ মালিচ কৰিব আৰু যাৰ চুলি তৈলাক্ত, সেইসকলে প্ৰতিবাৰ শ্বেম্পু কৰাৰ আগতে মালিচ কৰিব। স্বাভাৱিক চুলিৰ কাৰণে সপ্তাহত চাৰিদিন মালিচ কৰিলেই যথেষ্ট।

উৎস: সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate