অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্কিজ'ফ্ৰেনিয়া

স্কিজ'ফ্ৰেনিয়া এবিধ গুৰুতৰ ধৰণৰ মানসিক ৰোগ। মোটামুটিকৈ বিশ্বজুৰি ২৫০ গৰাকী ব্যক্তিৰ ভিতৰত এজনৰ এই ৰোগ হোৱা দেখা যায়। সাধাৰণতে এই ৰোগ প্ৰাপ্তবয়স্কৰ আৰম্ভণিতে আৰম্ভ হোৱা দেখা যায়। অৱশ্যে যিকোনো বয়সতে স্কিজোফ্ৰেনিয়া হোৱাৰ সম্ভাৱনা থাকে। চিকিৎসা নকৰিলে এই ৰোগৰ ফলত ৰোগীৰ ব্যক্তিগত আৰু সামাজিক সকলো কাম-কাজতেই ব্যাঘাট জন্মিব পাৰে। স্কিজ'ফ্ৰেনিয়া ৰোগৰ ৰোগীঋ স্বাভাৱিকভাৱে চিন্তা কৰিব পৰাৰ ক্ষমতা, বিচাৰ-বুদ্ধি, ভাৱ-ভংগী, আবেগ, ব্যৱহাৰ-পাতিৰ বিসংগতি হ'ব পাৰে। লগতে এই ৰোগত ভোগা ৰোগী এজনৰ চিন্তা-ভাৱনাতো বিসংগতি আহিব পাৰে।

স্কিজ'ফ্ৰেনিয়া ৰোগৰ কাৰণ

স্কিজ'ফ্ৰেনিয়া ৰোগৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও এইটো ঠিক যে এই ৰোগ বিভিন্ন কাৰণ লগলাগি হ'ব পাৰে। আৰ ভিতৰত মগজুৰ হোৱা ৰাসায়নিক পৰিৱৰ্তন, বংশগত কাৰণ, শৈশৱৰ অভিজ্ঞতা, আৰ্থ-সামাজিক কাৰণ, ঘৰুৱা পৰিবেশ, ব্যক্তিগত সমস্যা আদি উল্লেখযোগ্য।

স্কিজ'ফ্ৰেনিয়াৰ লক্ষণ

ক) মানসিক লক্ষণসমূহ

অকলে অকলে কথা কয় বা হাঁহি থাকিব পাৰে, বিসংগতিপূৰ্ণ কথা-বতৰা বা আচাৰ-ব্যৱহাৰ কৰে, খং-ৰাগ বাঢ়ে, অস্থিৰ হয়, সামাজিকভাৱে উদাসীন বা আগ্ৰহহীন হৈ পৰে, সন্দেহবাদী হৈ পৰে, আত্মহত্যাৰ চেষ্টা কৰে, অযুক্তিকৰ বদ্ধমূল ধাৰণা (delusion) ৰাখে, আনে নেদেখা / নুশুনা কিছূমান কথা শুনা বা বস্তু দেখা পোৱা (Hallucination) বুলি কয়, পোছাক-পৰিচ্ছদ অথবা চাফ-চিকুণতাৰ প্ৰতি অৱহেলা কৰে। নিজৰ ৰোগ হৈছে বুলি মানি ল'ব নোখোজে। ইয়াৰ প্ৰতিটো লক্ষণেই থাকিব লাগিব বুলি কোনো কথা নাই। মাত্ৰ এটা-দুটা লক্ষণৰ উপস্থিতিও ৰোগৰ পৰিচায়ক হ'ব পাৰে।

খ)শাৰীৰিক অসুবিধাসমূহ

টোপনি কম হয় বা টোপনি নাহে, খোৱা-বোৱাৰ খেলি-মেলি হয়, যৌনস্পৃহা নোহোৱা হয় বা বেছি হয়। দিঘলীয়াকৈ ৰোগত ভূগিলে ৰোগী লাহে লাহে শাৰীৰিক আৰু মানসিক ভাৱে অক্ষম হৈ আহে।

স্কিজ'ফ্ৰেনিয়া ৰোগৰ চিকিৎসা পদ্ধতি

স্কিজ'ফ্ৰেনিয়াৰ চিকিৎসা উপলব্ধ। বহুতে ইয়াক মানুহে ভূত-প্ৰেত বা যাদু-মন্ত্ৰ প্ৰভাৱ বুলি ভাৱে আৰু ওজা-বেজ লগাই চিকিৎসা কৰোৱাৰ প্ৰতিহে গুৰুত্ব দিয়ে। প্ৰকৃততে স্কিজ'ফ্ৰেনিয়া মগজুৰ এবিধ ৰোগ আৰু ইয়াৰ চিকিৎসাৰ বিভিন্ন উপায় আছে।

ঔষধৰ দ্বাৰা চিকিৎসা, শ্বক পদ্ধতিৰ চিকিৎসা, মনোবৈজ্ঞানিক চিকিৎসা, ব্যৱহাৰিক চিকিৎসা বহুতো উপায় স্কিজ'ফ্ৰেনিয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। প্ৰথম অৱস্থাতে এই ৰোগৰ চিকিৎসা গ্ৰহণ কৰিলে তাক আৰোগ্য কৰিব পাৰি। কেতিয়াবা চিকিৎসাৰ প্ৰক্ৰিয়া দিঘলীয়া হ'ব পাৰে। সেয়ে, পৰিয়ালৰ লোকে ধৈৰ্য ৰাখি চিকিৎসা চলাই ৰখাত জোৰ দিব লাগে। চিকিৎসা নিয়মীয়া নকৰিলে সাধাৰণকতে ৰোগ বাঢ়িহে যায়, আৰু পাছলৈ ৰোগী সম্পূৰ্ণৰূপে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈ পৰিব পাৰে। চিকিৎসকৰ পৰামৰ্শ অবিহনে সেয়ে ঔষধ বন্ধ কৰা সমীচিন নহয়। মাজতে ঔষধ বন্ধ কৰিলে ভাল হৈ অহা ৰোগীৰো লক্ষণ আকৌ দেখা দিব পাৰে।

স্কিজ'ফ্ৰেনিয়াৰ ফলত পাছলৈ হ'ব পৰা অক্ষমতা ৰোধ কৰাৰ একমাত্ৰ উপায় হৈছে যিমান পাৰি সোনকালে চিকিৎসা গ্ৰহণ কৰা আৰু চিকিৎসা নিয়মীয়া কৰি ৰখা। স্কিজ'ফ্ৰেনয়াৰ চিকিৎসাৰ বাবে মানসিক ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা আৱশ্যক। অসমৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়, তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক চিকিৎসা প্ৰতিষ্ঠানৰ লগতে কেবাখনো জিলাৰ অসামৰিক চিকিৎসালয়ত মানসিক ৰোগ আৰু স্কিজ'ফ্ৰেনিয়াৰ চিকিৎসাৰ সুবিধা আছে।

ক্তিগতভাৱে চিকিৎসা আগবঢ়োৱা মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰতো স্কিজ'ফ্ৰেনিয়াৰ চিকিৎসা কৰাব পাৰে। ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত হেমাহি নকৰা আৰু ৰোগীক মানসিকভাৱে সবল হোৱাত সহায় কৰি প্ৰতিগৰাকী ব্যক্তিয়েই এই ৰোগৰ নিৰাময়ত ভূমিকা ল'ব পাৰে।

উৎস: ইণ্ডিয়ান চাইক্ৰাইটিছ চোচাইটি অসম ষ্টেট ব্ৰান্স।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate