অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভৱতী মহিলাৰ খাদ্য নিয়ন্ত্ৰণ আৰু শিশুৰ হৃদৰোগ

গৰ্ভৱতী মহিলাৰ খাদ্য নিয়ন্ত্ৰণ আৰু শিশুৰ হৃদৰোগ

যিসকল মহিলাই মাক হ’বলৈ ওলাইছে অৰ্থাৎ গৰ্ভৱতী অৱস্থাত যিহেতু দ্ৰুতগতিত শৰীৰৰ ওজন বৃদ্ধি পায় সেয়েহে অনেকেই অবিজ্ঞানসন্মতভাৱে ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ খাদ্য গ্ৰহণ নিয়ন্ত্ৰণ কৰা দেখা যায়। কিন্তু এনে কাৰ্য্যৰ ফলতেই জন্ম হ’ব লগা শিশুটিৰ ভৱিষ্যতত হৃদৰোগৰ সম্ভাৱনা অধিক বৃদ্ধি পায়।

গৰ্ভৱতী অৱস্থাত মহিলা এগৰাকীয়ে কিমান পৰিমাণৰ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিছে তাৰ ভিত্তিতেই ভৱিষ্যতৰ শিশুটিৰ হৃদপিণ্ডৰ গঠন নিৰ্ভৰ কৰে। গৰ্ভাৱস্থাত যদি মহিলাগৰাকীয়ে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰে তেতিয়াহে শিশুটিৰ হৃদযন্ত্ৰৰ গঠন শক্তিশালী হয়।

ইয়াকে নকৰি যদি মহিলা গৰাকীয়ে শৰীৰৰ ওজন আৰু শাৰিৰীক গঠন নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰি প্ৰয়োজনীয় নিৰ্দিষ্ট খাদ্য তালিকাতকৈ কমকৈ আহাৰ গ্ৰহণ কৰে তেন্তে গৰ্ভত বিকশিত হ’ব ধৰা শিশুটিলৈ প্ৰয়োজনীয় পুষ্টিকৰ উপাদান যোগান ধৰাত অক্ষম হ’ব। ফলত শিশুটিৰ হৃদপিণ্ডৰ গঠন দুৰ্বল হৈ যাব পাৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা জৰীপ। ১৯ হাজাৰ গৰ্ভৱতী মহিলাক তেওঁলোকৰ খাদ্যতালিকা সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল।

স্বাস্থ্যসন্মত খাদ্য তালিকাত মাছ, ফল-মূল, বাদাম, সেউজীয়া শাক-পাচলি আদি থকাটো অতিশয় জৰুৰী। গৰ্ভাৱস্থাত এনেধৰণৰ খাদ্যসমূহ কিমান পৰিমাণত খাব লাগে সেয়া চিকিৎসকে পৰামৰ্শ প্ৰদান কৰে।

বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে যে, গৰ্ভাৱস্থাত মহিলাগৰাকীয়ে ফলিক এচিড সমৃদ্ধ সম্ভাৰ গ্ৰহণ কৰি থাকিলে। ভৱিষ্যতলৈ শিশুটিৰ দেহত খাদ্যপ্ৰাণ ডি ৰ শূণ্যতাৰ সমস্যা যথেষ্ট পৰিমাণে কমি যায়। উক্ত জৰীপত দেখা গৈছে যে গৰ্ভৱতী মহিলাৰ ৫০ শতাংশৰ সন্তান পিছলৈ হৃদৰোগসহ জন্ম হৈছিল।

এই মহিলাসকলৰ খাদ্য তালিকা তুলনা কৰি গৱেষকসকলে এটা সিদ্ধান্তত উপনীত হয় যে যিসকল মহিলাই গৰ্ভৱতী অৱস্থাত খাদ্য গ্ৰহণ নিয়ন্ত্ৰণ কৰা নাছিল তেওঁলোকৰ সন্তান সুস্থ হৈ জন্ম গ্ৰহণ কৰিছিল আৰু যিসকল মহিলাই গৰ্ভাৱস্থাৰ খাদ্য আৰু শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰিছিল তেওঁলোকৰ সন্তান হৃদযন্ত্ৰ ৰোগসহ জন্ম লৈছিল। বিশেষজ্ঞসকলে লগতে কয় যে, প্ৰকৃততে এগৰাকী মহিলাক গৰ্ভাৱস্থাৰ পূৰ্বে, গৰ্ভাৱস্থাকালীন আৰু শিশুৰ জন্মৰ পিছতো যদি স্বাস্থ্যকৰ খাদ্য অভ্যাস অক্ষুন্ন ৰাখে তেন্তে মাক আৰু শিশু দুয়োৰে সু-স্বাস্থ্য অক্ষুন্ন থাকে।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate