জীৱই জীয়াই থাকিবলৈ শৰীৰৰ খাদ্যৰলগতে অক্সিজেনৰ অতিপ্ৰয়োজন। জীৱজগতৰ বাবে প্ৰয়োজনীয় মৌল অক্সিজেন এবিধ অধাতব গেছীয় মৌল।এই মৌলবিধ প্ৰকৃতিৰ বুকুত মুক্ত আৰু স্ংযোজিত উভয় ৰুপত পোৱা যায়। পৃথিৱীৰ সবাতকৈ বেছি পৰিমাণে মজুত থকা মৌলবিধেই হ’ল অক্সিজেন। জীৱদেহৰ অন্যতম উপাদান এই অক্সিজেন হাওঁফাওঁলৈ যায় আৰু তেজেৰ হিম’গ্লবিনৰ দ্বাৰা এই অক্সিজেন শোষিত হৈ তেজৰ ধাৰাৰে কোষ পায়গৈ, য’ত অক্সিজেনৰ উপস্থিতিত ধীৰ দহন ঘটে। আৰু এই ধীৰ দহনৰ ফলত আমি কাম কৰিব পৰা শক্তি আৰু তাপ পাও।অক্সিজেনৰ অভাৱ ঘটা মানেই ধীৰ দহন প্ৰক্ৰিয়া বন্ধ হোৱা, অৰ্থাৎ প্ৰয়োজনীয় শক্তিৰ অভাৱ হোৱা, অক্সিজেনৰ সৰবৰাহত ব্যাঘাত জন্মা মানেই শৰীৰত তেজৰ স্বাভাৱিক ক্ৰিয়া সঠিকভাৱে সম্পাদিত নহয়।
বায়ুমণ্ডলত থকা আটাইবোৰ গেছৰ ভিতৰত অন্যতম এই অক্সিজেনক লৈ বিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি আছে। অক্সিজেনৰ অভাৱতে বৰ্তমান বহুতে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখা যায়। বায়ুমণ্ডলত থকা অক্সিজেন গেছ বিশুদ্ধ ৰুপত নোপোৱাৰ ফলতে মানুহৰ বিভিন্ন ৰোগ হয়। কিন্তু বৰ্তমান পৰিৱেশত অশুদ্ধ অক্সিজেন সেৱনৰ ফলতে শাৰীৰিক কৰ্মদক্ষতাত ব্যঘাত জন্মে। চিকিৎসা বিজ্ঞানীসকলৰ মতে আমাৰ দৈনন্দিন কাম-কাজত শৰীৰৰ পেশীসমূহৰ পৰা বিভিন্ন প্ৰকাৰৰ এনজাইম নিৰ্গত হয়। ইয়াৰ বাবে দেহত জমা হোৱা লেক্টিক এচিডৰ বাবে আমাৰ শৰীৰত ক্লান্তি অনুভৱ হ’বলৈ ধৰে। এই ক্লান্তি বা অৱসাদে মানৱ শৰীৰলৈ কঢ়িয়াই আনে কিছুমান ৰোগৰ উপসৰ্গ। এইবোৰৰ ভিতৰত ডিপ্ৰেচন, শাৰীৰিক দুৰ্বলতা, পেশীৰ বিষ, সকলো সময়তে টোপনিৰ ভাব হোৱা, মানসিক ভাৰসাম্যহীনতা। পৰিৱেশ প্ৰদূষণৰ বাবে সম্প্ৰতি বায়ুমণ্ডলত থকা অক্সিজেনৰ বিশুদ্ধতাৰ মাত্ৰা কমি গৈছে। সেইবাবে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা বুলি চিকিৎসা-বিজ্ঞানীসকলে অনুমান কৰিছে।
সাধাৰণতে অক্সিজেনৰ অভাৱত যিবোৰ ৰোগৰ আক্ৰমণৰ সম্ভাৱনা থাকে সেইবোৰ হোৱাৰ আগতেই শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। যেনে- অক্সিজেনৰ পৰিমাণ কমি গ’লে সাধাৰণতে শিশুৰ স্বাভাৱিক বিকাশত বাধা জন্মে। মগজুলৈ যোৱা অক্সিজেনৰ পৰিমাণ কম হ’লে মগজুৰ কাম-কাজতো ব্যাঘাত জন্মে। স্মৃতি শক্তিৰ অভাৱো ঘটিব পাৰে।বয়স্ক লোকসকলে অক্সিজেনৰ অভাৱত শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব পাৰে। খাদ্য গ্ৰহণৰ পিছতো শৰীৰত শক্তি নপোৱা, সঘনাই মানসিক পৰিৱৰ্তন হোৱা, ৰক্তহীনতাৰ্সমস্যায়ো দেখা দিবপাৰে। তদুপৰি হৃদযন্ত্ৰৰ সমস্যায়ো দেখা দিব পাৰে।যিহেতু শৰীৰত ৰক্তসঞ্চালন কৰাটো হ’ল ইয়াৰ অন্যতম কাম। কিন্তু এই ৰক্ত-সঞ্চালন আকৌ হয়, যদিহে হাওঁফাওঁৱে অক্সিজেনৰ সৰবৰাহ সঠিকভাৱে সম্পাদনা কৰিব পাৰে। হৃদযন্ত্ৰৰ মাংসপেশীবোৰৰ স্ংকোচন আৰু প্ৰসাৰণৰ মাধ্যমত শৰীৰৰ সকলো স্থানলৈ ৰক্ত সঞ্চালিত হয়, কিন্তু অক্সিজেনৰ অভাৱ হ’লীই কাৰ্যত ব্যাঘাত জন্মে। আন এটা কথা হ’ল, হাওঁফাঁওৰ ভিতৰলৈ যোৱা অক্সিজেন যেতিয়া শৰীৰৰ বিভিন্ন স্থানলৈ সঠিকভাৱে গৈ থাকে, তেতিয়া কোনো ধৰণৰ শাৰীৰিক, মানসিক সমস্যাৰ সৃষ্টি নহয়। আৰু এনে সমস্যাৰ সৃষ্টি নহ’লে মানুহে টেনছনত ভুগিবলগীয়াও নহয়। সেয়ে প্ৰত্যক্ষভাৱে অক্সিজেনৰ স’তে টেনছনৰ সম্পৰ্ক নাথাকিলেও পৰোক্ষভাৱে থকা বুলি ক’ব পাৰি। টেনছনৰ সময়ত ভয়ৰ বাবে স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ ভাৰসাম্যতা নোহোৱা হয়।
আমাৰ প্ৰতিটো কাৰ্যৰ স’তে মস্তিস্কৰ সম্পৰ্ক আছে আৰু এই মস্তিস্ক নিয়ন্ত্ৰণ হয় আৱেগৰ দ্বাৰা। যদিহে অক্সিজেনৰ স্বাভাৱিক সৰবৰাহৰ অভৱত স্বয়ংক্ক্ৰিয় স্নায়ুতন্ত্ৰৰ ভাৰসাম্যতাৰ অভাৱ হয়, তেতিয়াই দেখা দিয়ে নানা শাৰীৰিক অস্বস্তিয়ে। টেনছন হ’ল এনে এক অৱস্থা, য’ত শৰীৰে বুজাই দিয়ে মনৰ অৱস্থা, গতিকে মগজুৱে যেতিয়া কোনো এটা বিষয়ত সঠিক সিদ্ধান্ত ল’ব নোৱাৰাহয়, তেতিয়া টেনছন বৃদ্ধিৰ অন্যতম কাৰক বুলি ক’ব পাৰি। কৰ্মক্ষেত্ৰত যিসকলে ধূলি আৰু বিষাক্ত গেছৰ মাজত থাকিব লাগে তেওঁলোক বেছিকৈ ৰোগত আক্ৰন্ত হোৱাৰ সম্ভাৱনা থাকে। আমাৰ শাৰীৰিক ক্ষমতা বৃদ্ধি কৰিবলৈ বাকোষবিলাকে নিয়মীয়াকৈ কাম কৰাৰ বাবেই অক্সিজেনৰ প্ৰয়োজন আটাইতকৈ বেছি। শ্বাসৰ লগতে খাদ্যৰ জৰিয়তেও যিখিনি অক্সিজেন গ্ৰ্হন কৰা হয় সেইখিনিয়ে গোটেই সৰীৰত পুষ্টি যোগান ধৰে। কিন্তু বৰ্তমান চাৰিওঅফালে প্ৰদূষিত পৰিৱেশৰ বাবে আমি বিশুদ্ধ অক্সিজেন নাপাওঁ। সেইবাবে আমাৰ্ শৰীৰত লগা প্ৰয়োজনীয় অক্সিজেন আহৰণৰ বাবে আমি নিয়মিত প্ৰানায়াম অভ্যাসত গুৰুত্ব দিব লাগিব। প্ৰানায়ামৰ দ্বাৰা শৰীৰত অক্সিজেন আহৰণ কৰিব পৰা যায়। প্ৰানায়ামৰ মূল লক্ষই হ’ল বায়ুমোনাত যথেষ্ট পৰিমাণে অক্সিজেন সোমোৱা, যাতে ব্যাপন প্ৰক্ৰিয়া প্ৰাণায়ামৰ দ্বাৰাহে হয়। বৰ্তমানৰ প্ৰদূষিত পৰিৱেশৰ বাবে যেতিয়াই-তেতিয়ই প্ৰাণায়াম অভ্যাস কৰিলেও কামত নাহিব। ৰাতিপুৱা সূৰ্য উদয়ৰ আগতে মুকলি বতাহ অহা ঠাইত প্ৰাণায়াম অভ্যাস কৰিলে ভাল ফল পোৱা যায়।
প্ৰাণৰ অৰ্থ বায়ু, আয়াম মানে বিস্তাৰ কৰা। অৰ্থাৎ শৰীৰৰ অভ্যন্তৰত সঠিকভাৱে বায়ু বিস্তাৰিত কৰা ক্ৰিয়াৰ নামেই হ’ল প্ৰানায়াম।প্ৰাণায়ামে আমাৰ শৰীৰৰ প্ৰাণশক্তি আৰু জীৱনীশক্তি বৃদ্ধি কৰে। প্ৰাণায়ামৰ দ্বাৰা শৰীৰৰ প্ৰতিটো কোষত অক্সিজেনৰ সৰবৰাহ ঘটে। প্ৰাণায়াম অভ্যাসৰ দ্বাৰা হৃদযন্ত্ৰ-হাওঁফাওঁ আদি বায়ুগ্ৰন্থিবিলাক সবল হয়। হাওঁফাওঁৰ বায়ু ধাৰণ ক্ষমতা বাঢ়ে, তাৰ ফলত ৰঙা কণিকাবোৰে পৰ্যাপ্ত পৰিমানে অক্সিজেন দেহৰ কামত লগাব পাৰে। আমাৰ শৰীৰত উৎপাদিত অপ্ৰয়োজনীয় কাৰ্বনখিনিও দেহৰ পৰা বাহিৰ কৰি দিয়াৰ একমাত্ৰ উপায় এই প্ৰাণায়ামতে আছে। প্ৰাণায়াম অভ্যাসৰ ফলত শৰীৰৰ কাৰ্বন বিষৰ পৰা মুক্ত হৈ হৃদযন্ত্ৰৰ জৰিয়তে অক্সিজেনৰ সৰবৰাহ পাই তেজ সতেজ হৈ উঠে। আজিকালি দেশৰ প্ৰায়ভাগ ঠাইতে অক্সিজেন বাৰৰ প্ৰচলন ব্যাপক হাৰত হ’বলৈ ধৰিছে। এই অক্সিজেন বাৰত বিশুদ্ধ অক্সিজেন সেৱনৰ সুবিধা কৰি সিয়া হয়। কিন্তু সকলোৰে বাবে অক্সিজেন বাৰলৈ যোৱাটো সম্ভৱ নহয়। সেইবাবেই প্ৰাণায়াম অভ্যাসৰ প্ৰয়োজনীয়তা আছে। সাধাৰণতে স্বাভাৱিক উশাহ-নিশাহত আমাক লগা অক্সিজেনখিনি নাপাওঁ, গতিকে আমি প্ৰাণায়াম অভ্যাসত গুৰুত্ব দিব লাগে।ৰাতিপুৱা প্ৰাত:ভ্ৰমণ বা ভ্ৰমণ প্ৰাণায়াম অভ্যাস কৰিব পাৰে। ভ্ৰমণ প্ৰাণায়াম শাৰীৰিক দুৰ্বলতা দূৰ কৰাত যথেষ্ট উপযোগী। তদুপৰি অনুলোম-বিলোম, ভস্ৰিকা, ভ্ৰামৰী প্ৰাণায়াম আদি অভ্যাস কৰিব পাৰে। মন কৰিব লগা কথা, প্ৰাণায়াম অভ্যাসৰ আগতে অভিজ্ঞ যোগ প্ৰশিক্ষকৰ পৰামৰ্শ লয় যেন।
বসন্ত মজুমদাৰ, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 6/27/2020
আমাৰ প্ৰয়োজনসমূহ
ৰোগ নিৰাময়ত ‘ভ্ৰমণ প্ৰাণায়াম’ৰ ভূমিকা
সহজ প্ৰাণায়াম
এৰবিক ব্যায়াম