অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমাৰ প্ৰয়োজনসমূহ

বায়ু

পৃথিৱীক আগুৰি থকা গেছীয় আৱৰণটোৱে হল বায়ুমণ্ডল। ইয়াত শতকৰা ৭৮.০৯ ভাগ নাইট্ৰ’জেন, ২০.৯৪ ভাগ অক্সিজেন, ০.০৩ ভাগ কাৰ্বন-ডাই-অক্সাইড আৰু বাকী অংশ আৰ্গন, হিলিয়াম, নিয়ন, অ’জন আদি দুৰ্লভ গেছৰ লগতে জলীয় বাষ্প আৰু ধুলিকণা থাকে। বায়ুমণ্ডলক প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰা হৈছে-

(১) ট্ৰপ’স্ফিয়াৰ,

(২) ষ্ট্ৰেট’স্ফিয়াৰ,

(৩) মেছ’স্ফিয়াৰ আৰু

(৪) থাৰ্মস্ফিয়াৰ।

ভূপৃষ্ঠৰ গাতে লাগি থকা স্তৰটো হ’ল ট্ৰপ’স্ফিয়াৰ। ই প্ৰায় ১১ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। ইয়াৰ পিছৰ স্তৰ ষ্ট্ৰেট’স্ফিয়াৰ প্ৰায় ৫০ কিলোমিটাৰ ওপৰলৈ বিস্তৃত। ইয়াৰ ওপৰত থকা স্তৰটোৰ নাম হ’ল মেছ’স্ফিয়াৰ। ই ৮৫ কিলোমিটাৰ দূৰলৈ বিস্তৃত। ইয়াৰ ওপৰৰ স্তৰটোক থাৰ্ম’স্ফিয়াৰ নামকৰণ কৰা হৈছে। ই মেছ’স্ফিয়াৰৰ ওপৰত প্ৰায় ১০০০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। সূৰ্যৰ বিকিৰণৰ প্ৰভাৱত এই স্তৰৰ তল ভাগত থকা গেছীয় পদাৰ্থৰ অণু আৰু পৰমাণুবোৰ আহিত (চাৰ্জড্) হৈ আয়ন আৰু ইলেকট্ৰ’নলৈ ৰূপান্তৰিত হয়। সেইবাবে থাৰ্ম’স্ফিয়াৰ স্তৰটোক আয়ন’স্ফিয়াৰ বুলিও কোৱা হয়।

পৃথিৱীৰ জলবায়ু নিয়ন্ত্ৰণত ট্ৰপ’স্ফিয়াৰে গুৰুত্বপূৰ্ণ ভূমিকা লয়। বায়ুমণ্ডলৰ শতকৰা সত্তৰভাগ গেছ এই স্তৰটোত থাকে। মেঘ, বতাহ, বৰষুণ, তাপ প্ৰবাহ আদি বিভিন্ন ক্ৰিয়া-বিক্ৰিয়া এই স্তৰটোত সংঘটিত হয়। মুঠৰ ওপৰত জীৱজগতৰ অস্তিত্ব নিৰ্ভৰ কৰে এই স্তৰটোৰ ওপৰতে। ইয়াত থকা পদাৰ্থবোৰৰ সামান্য তাৰতম্য ঘটিলে পৃথিৱীত সাংঘাতিক প্ৰতিক্ৰিয়া হ’ব পাৰে। উদাহৰণস্বৰূপে যদিহে দুই বা তিনি শতাংশ অক্সিজেন বায়ুমণ্ডলত বাঢ়ি যায়, তেনেহ’লে পৃথিৱীৰ ইমুৰৰ পৰা সিমূৰলৈ নিয়ন্ত্ৰণহীন জুই জ্বলিব। বৰ্ধিত কাৰ্বন-ডাই-অক্সাইডে পৃথিৱীক ধ্বংসৰ মুখলৈ লৈ যাব। আমাৰ বিভিন্ন কাম-কাজৰ বাবে কিছুমান অপদ্ৰব্য বায়ুমণ্ডলত ইতিমধ্যে প্ৰৱেশ কৰিছে। ফলত বায়ুমণ্ডল প্ৰদূষিত হৈ পৰিছে।

বায়ু প্ৰদূষণ

কিছুমান প্ৰাকৃতিক প্ৰক্ৰিয়া বা মানৱীয় কাৰ্যৰ বাবে বায়ুত অক্সিজেনতকৈ অন্য কোনো বৰ্জিত গেছৰ পৰিমাণ বৃদ্ধি বা অন্য গেছসমূহৰ গাঢ়তাৰ বৃদ্ধি হয় যিবিলাক মানুহ আৰু তাৰ পৰিৱেশৰ প্ৰতি অনিষ্টকাৰক। তেনেকুৱা বায়ুক প্ৰদূষিত বায়ু আৰু এই অৱস্থাক ‘বায়ু প্ৰদূষণ’ বা ‘বায়ুমণ্ডলীয় প্ৰদূষণ’ বোলে।

বায়ু প্ৰদূষণৰ উৎস

(১) যান-বাহনঃ গাড়ী, মটৰ গাড়ী, স্কুটাৰ আদি যান-বাহন হ’ল বায়ু প্ৰদূষণৰ প্ৰধান উৎস। এইবোৰে কাৰ্বন-মন’অক্সাইড, হাইড্ৰ’কাৰ্বন আৰু নাইট্ৰাছ অক্সাইড উত্পন্ন কৰে।

(২) বৈদ্যুতিক শক্তি কেন্দ্ৰঃ কয়লা, পেট্ৰ’ল আৰু ডিজেল দহনৰ ফলত ছালফাৰ-ডাই-অক্সাইড উত্পন্ন হয়।

(৩) উদ্যোগিক প্ৰক্ৰিয়াঃ পেট্ৰ’লিয়াম শোধনাগাৰ, প্লাইউড আৰু কাগজ কল, চেনিকল ইত্যাদিৰ পৰা ধোঁৱা নিৰ্গত কৰা আৰু বায়ুত অন্য অপ্ৰাকৃতিক পদাৰ্থ মুক্ত কৰাৰ লগত জড়িত।

(৪) তাপীয় প্ৰকল্পঃ তাপীয় প্ৰকল্প হ’ল বায়ু প্ৰদূষণৰ অন্য এক প্ৰধান উৎস।

বায়ু প্ৰদূষক

কাৰ্বন-মন’অক্সাইড, ছালফাৰ-ডাই-অক্সাইড, হাইড্ৰ’কাৰ্বন, ধোঁৱা ইত্যাদি।

বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ

  • যান-বাহনৰ ব্যৱহাৰ ন্যূনতম কৰা উচিত।
  • ধোঁৱাৰ পৰিমাণ হ্ৰাস কৰিবলৈ যান-বাহনত উচিত কৌশল ব্যৱহাৰ কৰা।
  • বায়ুমণ্ডলত মুক্ত হোৱাৰ আগতে উদ্যোগৰ পৰা ওলোৱা ধোঁৱাক প্ৰদূষণমুক্ত কৰা উচিত।
  • বৃক্ষৰোপণ বৃদ্ধি কৰা উচিত।
  • কাঠ কয়লাৰ সীমিত ব্যৱহাৰ কৰা উচিত।
  • তাপীয় প্ৰকল্প, উদ্যোগ ইত্যাদিত বাহিৰ হোৱা গেছীয় প্ৰদূষকক আধুনিক কৌশলৰ প্ৰয়োগ কৰি শোধন কৰা উচিত।

বায়ু প্ৰদূষণৰ কু-প্ৰভাৱ সমূহ

বায়ু প্ৰদূষণে মানুহৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট কু-প্ৰভাৱ পেলায় আৰু বহুতো প্ৰাণনাশক ৰোগ যেনে- হাওঁফাওঁৰ কৰ্কট ৰোগ, চিৰকাৰী ব্ৰংকাইটিছ, ক’লা হাওঁফাওঁ ৰোগ, কাহ, ডিঙিৰ সুৰসুৰণি, চকু উখহা আদি ৰোগ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াৰ বাবে শ্বাস-প্ৰশ্বাসত ব্যাঘাত হোৱা, মূৰৰ বিষ আদিও হ’ব পাৰে। সেউজ গৃহ প্ৰভাৱ, এছিড বৰষুণ হ’লে বায়ু প্ৰদূষণৰ ফল। সেউজ গৃহ প্ৰভাৱৰ বাবে গোটেই বিশ্বৰ উষ্ণতা বাঢ়ি গৈ আছে আৰু এইটো যদি অবিৰতভাৱে চলি থাকে হিমবাহ আৰু বৰফেৰে আবৃত অঞ্চলবিলাক গলি যাব যিয়ে পৃথিৱীৰ উপকূলীয় চহৰবোৰত বানপানীৰ সৃষ্টি কৰিব। আকৌ এছিড বৰষুণে ডাঙৰ ডাঙৰ অট্টালিকা, ঐতিহাসিক কীৰ্তিস্তম্ভ ইত্যাদিৰ বৃহৎ ক্ষতি কৰে।

প্ৰধান বায়ু প্ৰদূষকবোৰ আৰু সিহঁতৰ প্ৰভাৱসমূহ

প্ৰধান প্ৰদূষক

প্ৰভাৱ

১. কাৰ্বন মন’অক্সাইড

ই হিম’গ্লবিনলৈ আকৃষ্ট হয় আৰু অক্সিজেনক আঁতৰাই কাৰ্ব’ক্সিহিম’গ্লবিন নামৰ এটা অস্থিৰ যৌগ গঠন কৰে। যিটোৱে মূৰৰ বিষ কৰে, লগতে মানসিক আৰু শাৰীৰিক ক্ৰিয়াৰ মান অৱনমিত কৰে।

২. কাৰ্বন-ডাই-অক্সাইড

কাৰ্বন-ডাই-অক্সাইডৰ বেছ গাঢ়তাই পৃথিৱীৰ চাৰিওফালে এখন ডাঠ আৱৰণৰ সৃষ্টি কৰে যি পৃথিৱীৰ পৰা তাপ ওলাই যোৱাত বাধা প্ৰদান কৰে আৰু যাৰ কাৰণে দিনক দিনে পৃথিৱীৰ বাযুমণ্ডলৰ উষ্ণতা বাঢ়িবলৈ ধৰিছে।

৩. ছালফাৰ-ডাই-অক্সাইড

ছালফাৰ-ডাই-অক্সাইডৰ পৰা ছালফাৰ-ট্ৰাই-অক্সাইড উত্পন্ন হয় যিটোৱে পানীৰ সৈতে লগ লাগি লঘু H2SO4 ৰ দ্ৰব্য প্ৰস্তুত কৰে। ছালফিউৰিক এছিড বৰষুণৰ লগত অধঃক্ষেপিত হয় আৰু তেতিয়াই এছিড বৰষুণ হোৱা বুলি কোৱা হয়। এই বৰষুণ উদ্ভিদ, মাছ আৰু অন্য জলজ প্ৰাণীৰ বাবে অতি ক্ষতিকাৰক।

৪. নাইট্ৰাছ অক্সাইড

ই অসংপৃক্ত হাইড্ৰ’কাৰ্বনৰ ওপৰত ক্ৰিয়া কৰি পেৰ’ক্সি এচিটাইল নাইট্ৰেট প্ৰস্তুত কৰে। ইয়াৰ কাৰণে হাওঁফাওঁৰ বিভিন্ন ৰোগ, চকু উখহা ৰোগ, আনকি মৃত্যু পৰ্যন্ত হ’ব পাৰে।

৫. স্ম’গ

এইটো প্ৰধানত বায়ুত কাৰ্বন কণাৰ প্ৰলম্বন যিয়ে পৃথিৱী পৃষ্ঠত পৰা সূৰ্যৰ পোহৰৰ পৰিমাণ হ্ৰাস কৰে। যেতিয়া ইহঁতে বায়ুত থকা পানীৰ বাষ্পৰ সৈতে লগ লাগে তেতিয়া স্মগ উত্পন্ন কৰে। ইয়াৰ কাৰণে চকু উখহা, চকুৰ পৰা পানী ওলোৱা, হাওঁফাওঁৰ কৰ্কট ৰোগ, ব্ৰংকাইটিছ আদি ৰোগ হ’ব পাৰে।

সেউজ গৃহ প্ৰভাৱ

অবিৰতভৱে চলি থকা জীৱাশ্ম ইন্ধনৰ দহন আৰু বনাঞ্চল ধ্বংস কৰা কাৰ্যৰ বাবে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ কাৰণে পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে। প্ৰাকৃতিক প্ৰক্ৰিয়াত পৃথিৱীখন গৰম হয় সূৰ্যৰ তাপৰ দ্বাৰা। এই তাপ বিকিৰিত হৈ আকৌ পৃথিৱীৰ পৰা ঘূৰি যায়। কিন্তু বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ অতিমাত্ৰা বৃদ্ধি হোৱা হেতুকে পৃথিৱীৰ পৰা বিকিৰিত হোৱা তাপক এই কাৰ্বন-ডাই-অক্সাইডৰ স্তৰটোৱে বায়ুমণ্ডলৰ বাহিৰলৈ পাৰ হৈ যাব নিদিয়ে। কাৰ্বন-ডাই-অক্সাইডৰ এই ডাঠ স্তৰটোৱে সেউজ গৃহ এটাৰ চাৰিওফালে আৱৰি থকা আইনাৰ দৰে কাৰ্য কৰে। ট্ৰপ’স্ফিয়াৰত কাৰ্বন-ডাই-অক্সাইডৰ এই বৃদ্ধিয়ে বিপজ্জনকভাৱে উষ্ণতাৰ বৃদ্ধি কৰে। এই গোটেই অৱস্থাটোকে সেউজ গৃহ প্ৰভাৱ বা গোটেই পৃথিৱীখন গৰম হোৱা পৰিঘটনা বোলে।

এছিড বৰষুণ

বায়ুমণ্ডলৰ জলীয় বাষ্পৰ লগত ছালফাৰ-ডাই-অক্সাইড আৰু অন্য কিছুমান প্ৰদূষকে দূৰ্বল এছিড প্ৰস্তুত কৰে। এই এছিডবিলাক বৰষুণৰ পানীৰ দ্বাৰা তললৈ নামি আহে। এনেকুৱা বৰষুণক এছিড বৰষুণ বোলে। ডাঙৰ ডাঙৰ অট্টালিকা, ঐতিহাসিক কীৰ্তিস্তম্ভ ইত্যাদিৰ এই বৰষুণে যথেষ্ট ক্ষতিসাধন কৰে। এছিড বৰষুণৰ প্ৰধান সংযুক্তি হ’ল ছালফিউৰিক এছিড যিটো পানীত ছালফাৰ-ডাই-অক্সাইড দ্ৰবীভূত হৈ প্ৰস্তুত হয়। মাজে মাজে নাইট্ৰ’জেনৰ অক্সাইডৰ পৰাও নাইট্ৰিক এছিড প্ৰস্তুত হয়।

পানী

পানী হ’ল সকলো জীৱৰ বাবে অপৰিহাৰ্য এক পদাৰ্থ। পৃথিৱীত কোনো জীৱই পানী অবিহনে জীয়াই থাকিব নোৱাৰে। আমাৰ পৃথিৱীৰ পাঁচভাগৰ  চাৰিভাগ পানীয়ে আগুৰি আছে যদিও আমাৰ ব্যৱহাৰযোগ্য বা খোৱাৰ বাবে উপযোগী পানীৰ পৰিমাণ অতি সীমিত। পৃথিৱীত পোৱা গোটেই পানীভাগৰ মাত্ৰ এক শতাংশ পানীহে সাধাৰণতে ব্যৱহাৰ হয়। বাকী পানীভাগ সাগৰৰ লুণীয়া পানী বা বৰফ হিচাপে পোৱা যায়। তেনে অৱস্থাত পৃথিৱীৰ উপৰিভাগত থকা নদ-নদী, জান-জুৰি, খাল-বিল, হ্ৰদ আদি থকা পানীখিনি আমাৰ বাবে অতি মূল্যৱান সম্পদ। প্ৰতিজন মানুহৰ নিজ ব্যৱহাৰৰ বাবে গড়ে ২৫ লিটাৰ পানী প্ৰতিদিনে প্ৰয়োজন হয়। আমি দৈনিক কমেও ৫ লিটাৰ বিশুদ্ধ পানী খাব লাগে। পানীয়ে শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰি ৰাখে। আমাৰ শৰীৰৰ ভিতৰত কোষত সংঘটিত হোৱা জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবোৰ পানীৰ দ্বাৰাই হয়। মানুহৰ দেহৰ ৭০ শতাংশই পানীৰে গঠিত। পানী প্ৰ’ট’প্লাজমৰ মুখ্য উপাদান। পানীতে জীৱৰ উদ্ভৱ হৈছিল। প্ৰায় ৮০ ভাগ জীৱই পানীক বাসস্থান হিচাপে ব্যৱহাৰ কৰে। আমাৰ পৃথিৱীত ১.৪ বিলিয়ন কিউবিক কিলোমিটাৰ পানী আছে। সাগৰ হ’ল প্ৰাণী আৰু উদ্ভিদৰ বিশাল ভাণ্ডাৰ। পানীত থকা জীৱসমূহে প্ৰাণীজগতক খাদ্যৰ যোগান ধৰে। ইয়াৰ উপৰিও সাগৰৰ পানীৰ পৰা নিমখ, ইয়াত থকা জীৱবোৰৰ পৰা ঔষধ আৰু ঢৌৰ পৰা বিদ্যুত্ শক্তি উত্পন্ন কৰা হয়। ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ প্ৰায় ২৭,৪০০ কিলোমিটাৰ অংশ নিৰ্মল পানীৰ নদীৰে পূৰ্ণ। এই নদীসমূহেই ভাৰতীয় সভ্যতাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰাইছে। ভাৰতবৰ্ষৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক পৰিৱেশত নদীসমূহে ধমনিস্বৰূপে অৱদান যোগাই আছে। নিৰ্মল পানীৰ এক বৃহত্ অংশ মানুহে শিল্প উদ্যোগ আদি কাৰ্যত ব্যৱহাৰ কৰে আৰু উদ্যোগসমূহত সৃষ্টি হোৱা দূষিত পদাৰ্থসমূহ পানীত নিক্ষেপণ কৰাৰ ফলত পানী প্ৰদূষিত হৈ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে।

পানী প্ৰদূষণ

পানী প্ৰদূষণৰ উৎসসমূহ-

তলত উল্লেখ কৰা বোৰেই হ’ল পানী প্ৰদূষণৰ প্ৰধান উৎস-

  • ঘৰুৱা জৈৱ আৱৰ্জনাঃ নৰ্দমা নিষ্কাশিত পদাৰ্থ।
  • উদ্যোগজনিত পানী প্ৰদূষণঃ উদ্যোগৰ পৰা ওলোৱা তৰল বৰ্জিত পদাৰ্থ।
  • কৃষিজাত পানী প্ৰদূষণঃ কীটনাশক আৰু ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত হোৱা পানী প্ৰদূষণ।
  • পানী জাহাজৰ পৰা হোৱা পানী প্ৰদূষণঃ পানী জাহাজৰ পৰা হোৱা তেল অপব্যয়, হাইড্ৰ’কাৰ্বন আদি।

পানী প্ৰদূষণৰ কু-প্ৰভাৱ সমূহ

  • পানীত বৃদ্ধি হোৱা ৰোগজনকৰ দ্বাৰা হোৱা বেমাৰবোৰ হ’ল- টাইফ’য়ড, জ্বৰ, কলেৰা, এমিবিঅ’ছিছ আদি এইবিলাকৰ ৰোগজনক প্ৰদূষিত পানীত বৃদ্ধি হয়।
  • মাৰ্কাৰি, আৰ্ছনিক সদৃশ যৌগবিলাক অতি বেছি বিষাক্ত আৰু সেইবিলাকে স্নায়ুতন্ত্ৰত ক্ৰিয়া কৰে।
  • ৰাসায়নিক সাৰৰ পৰা অহা অতিৰিক্ত নাইট্ৰেট, পুখুৰী, হ্ৰদ, জান-জুৰিলৈ বৈ যায়। এইবিলাকে পানীত শেলাইৰ ডাঠ তৰপ সৃষ্টি কৰে। তাত থকা শেলাইবিলাকৰ মৃত্যু হোৱাৰ পাছত তাৰ শেলাইবোৰৰ দ্বাৰা পানীৰ পৰা যথেষ্ট পৰিমাণৰ শক্তি ব্যৱহৃত হয়। ইয়াৰ কাৰণে পানীত শ্বাসৰোধ অৱস্থা এটাৰ সৃষ্টি হয় আৰু তন্ত্ৰটো অন্য জীৱৰ বাবে প্ৰতিকূল হৈ পৰে। হ্ৰদ, পুখুৰী ইত্যাদিৰ উত্পাদকতা বৰ্দ্ধিত হয় যিহেতু ইয়াত যথেষ্ট পৰিমাণে পৰিপুষ্টি থাকে, তাকে ইউট্ৰ’ফিকেচন বোলে।
  • তেল কঢ়িওৱা গাড়ীৰ পৰা ওলোৱা পেট্ৰ’লিয়াম উত্পাদিত দ্ৰব্য আৰু তেলৰ বাবে বহুতো সাগৰীয় জীৱৰ মৃত্যু হয়।
  • উদ্যোগৰ পৰা নিৰ্গমণ হোৱা বহুতো পদাৰ্থ বিষাক্ত দ্ৰব্যৰে গঠিত হয় যিবিলাকে জলজ উদ্ভিদ আৰু প্ৰাণীৰ স্বাস্থ্যৰ ক্ষতি সাধন কৰে।

পানী প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায়সমূহ

  • আবৰ্জনাবোৰৰ প্ৰকৃত বিস্তাৰণ ঘটোৱা, যাতে এইবোৰ পানীলৈ গতি কৰিব নোৱাৰে।
  • কল-কাৰখানাৰ পৰা ওলোৱা আৰু ঘৰুৱা বৰ্জিত আবৰ্জনাবোৰ যাতে শোধন নকৰাকৈ নৈ আদিত পৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰা।
  • ৰাসায়নিক সাৰ, কীটনাশক, পতংগনাশক, ভেঁকুৰনাশক দ্ৰব্যবোৰ বিবেচনাৰে আৰু ন্যূনতমভাৱে ব্যৱহাৰ কৰা উচিত। এই ৰাসায়নিক পদাৰ্থবোৰৰ ঠাইত জৈৱিক উপায় অৱলম্বন কৰা উচিত।
  • নদী আৰু হ্ৰদৰ পানীত গা-ধোৱা আৰু কাপোৰ ধোৱা বন্ধ কৰা।
  • মেলেৰিয়া পৰজীৱীৰ নিয়ন্ত্ৰণৰ বাবে ডি ডি টি-ৰ সীমিত আৰু সদ্-ব্যৱহাৰ কৰা।

আমাৰ বদ অভ্যাসৰ বাবেও পানী দূষিতকৰণৰ মাত্ৰা বাঢ়ি গৈ আছে। যতে-ততে শৌচ-প্ৰস্ৰাৱ কৰা, জাবৰ-জোথঁৰ দ’ম কৰি থৈ পিছত পুখুৰী, নৈ, বিল, জান-জুৰি আদিত পেলাই দিয়াৰ বাবেও পানী দূষিত হয়। শেষত সেই পানী যেতিয়া মাটিৰ বিন্ধাইদি নিগৰি গৈ ভূ-গৰ্ভত পৰে, সেই পানীকে মানুহে নলী নাদ বহুৱাই উলিয়াই আনি ব্যৱহাৰ কৰে। তদুপৰি বহু ক্ষেত্ৰত দেখা যায় যে গাঁও অঞ্চলত পানীৰ বাবে বহুওৱা নলী নাদৰ ওচৰতে গা ধোৱা, পুখুৰীত গা ধোৱা, কাপোৰ-কানি ধোৱা, বাচন-বৰ্তন ধোৱা আদি কামৰ বাবে পানী দূষিত হয়। এনেদৰে দূষিত পানী খোৱাৰ ফলত আমাৰ দেশৰ কোটি কোটি লোক গ্ৰহণী, ডণ্ডিচ, টাইফয়েড আদি ৰোগত ভুগি মৃত্যুক সাৱটি লৈছে। এইক্ষেত্ৰত বেছি ক্ষতিগ্ৰস্ত হয় শিশুসকলে। প্ৰকাশিত এক তথ্য অনুসৰি ভাৰতত বছৰি প্ৰায় দুই লাখ শিশু এবছৰ বয়সৰ ভিতৰতে দূষিত পানী খোৱাৰ ফলত মৃত্যু মুখত পৰে।

বৈজ্ঞানিক পদ্ধতিৰে পায়খানা সাজি আৰু ঘৰুৱা আবৰ্জনাবোৰ পচন সাৰলৈ ৰূপান্তৰিত কৰি পানীৰ দূষিতকৰণ বহু পৰিমাণে হ্ৰাস কৰিব পাৰি।

প্ৰাকৃতিক কাৰণতো পানী প্ৰদূষিত হ’ব পাৰে। উদাহৰণস্বৰূপে, অসমৰ কাৰ্বি আংলং জিলাৰ পানীৰ উৎসবোৰত বুজন পৰিমাণৰ ফ্ল’ৰাইড পোৱা গৈছে। এনে ফ্ল’ৰাইডযুক্ত পানী খোৱাৰ ফলত বহুলোক অকালতে বাৰ্দ্ধক্যক সাৱটি ল’ব লগাত পৰিছে। গুৱাহাটী আৰু নগাঁও জিলাৰ পানীতো ফ্ল’ৰাইড পোৱা গৈছে। ধেমাজী জিলাৰ পানীত আৰ্ছেনিক পোৱা বুলি বাতৰি ওলাইছে। প্ৰাকৃতিক উৎসৰ পৰা সংগ্ৰহ কৰা এনে বিষাক্ত পদাৰ্থযুক্ত পানী শোধন কৰিহে খোৱা উচিত।

মাটি

মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰ এক জটিল মিশ্ৰণ। পৃথিৱীৰ ভূভাগৰ বেছি অংশই মাটি। খনিজ পদাৰ্থ (শিল, বালি, বোকা, পলস), বায়ু, পানী আৰু জৈৱিক (উদ্ভিদ আৰু প্ৰাণী) পদাৰ্থৰে মাটি গঠিত। ৰ’দ, বৰষুণ, বতাহ আৰু বৰফৰ ক্ৰিয়াৰ ফলত শিল, মনিক আদি ক্ষয়প্ৰাপ্ত হৈ মাটিৰ সৃষ্টি হৈছে। এই প্ৰক্ৰিয়াটোক অবক্ষয় বুলি কোৱা হয়। বতাহ, পানী আৰু বৰফে শিলক লাহে লাহে সৰুৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰালৈ ক্ষয় নিয়ায়। শিলৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰাবোৰে উদ্ভিদ আৰু জন্তুৰ পৰা অহা পদাৰ্থৰ সৈতে মিহলি হৈ মাটি উত্পন্ন কৰে। জৈৱ পদাৰ্থবোৰ আহে মৃত উদ্ভিদৰ পৰা আৰু বেছিভাগ খনিজ পদাৰ্থ আহে ভূগৰ্ভস্থ শিলৰ পৰা। এই শিলবোৰ শিলামণ্ডলৰ অংশ আৰু এইবোৰক আধাৰশিলা বুলি জনা যায়। কোনো অঞ্চলৰ মাটিৰ প্ৰকৃতি সেই অঞ্চলৰ জলবায়ু, মাটিৰ তলৰ আধাৰশিলা আৰু সেই ঠাইৰ উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে।

আদৰ্শ মাটিক তিনিটা ভাগত ভাগ কৰা হয়। মাটিৰ একেবাৰে উপৰিভাগত য’ত উদ্ভিদ গজে তাক শীৰ্ষমৃত্তিকা বোলে। ই মাত্ৰ কেইছেণ্টিমিটাৰ মানহে আগুৰি থাকে। এই স্তৰটোত সাধাৰণতে হিউমাচযুক্ত আলতীয়া মাটি থাকে। এই স্তৰটো খেতি-বাতিৰ বাবে উপযোগী। মাটিৰ দ্বিতীয় স্তৰটোক উপমৃত্তিকা বোলে যত আলতীয়া বা লৌহ জাতীয় পদাৰ্থ অধিক পৰিমাণে থাকে। ডাঙৰ গছৰ শিপা এই স্তৰলৈ বিস্তাৰিত হয়। মাটিৰ একেবাৰে তলৰ শিলেৰে আবৃত স্তৰটোক শিলাস্তৰ বোলে।

মাটিত থকা উপাদানসমূহ হ’ল- খনিজ পদাৰ্থ, জৈৱিক পদাৰ্থ, পানী, বায়ু আৰু অনুজীৱ। খনিজ পদাৰ্থসমূহৰ ভিতৰত কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, আয়ৰণ, ছিলিকন, পটেছিয়াম আৰু ছডিয়ামৰ যৌগ মাটিত থাকে। মাটিত থকা ‘হিউমাচ’ হ’ল এবিধ জৈৱিক পদাৰ্থ। ই মাটিৰ ভৌতিক অৱস্থাৰ উন্নয়ন কৰে, মাটি শীতল কৰি ৰাখে, মাটিৰ ক্ষয়ীভৱন কমায়, মাটিত নাইট্ৰ’জেন, ফছফৰাছ আৰু ছালফাৰৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে মাটিত থকা অনুজীৱসমূহৰ শক্তিৰ উৎস হিচাপে কাম কৰে। মানুহৰ বিভিন্ন কাম-কাজৰ বাবে মাটিৰ গুণাগুণ বিনষ্ট হৈ মাটি প্ৰদূষিত হৈ পৰে।

মাটি প্ৰদূষণ

মানুহৰ কাৰ্যকলাপ তথা বিভিন্ন প্ৰাকৃতিক কাৰণত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পালে তাক মাটি প্ৰদূষণ বোলে।

মাটি প্ৰদূষণৰ কাৰণ সংগ্ৰহ

  • ঘৰুৱা আবৰ্জনাঃ ঘৰত সৃষ্টি হোৱা নানা ধৰণৰ অলাগতিয়াল দ্ৰব্য, যেনে- ভঙা  কাঁচৰ টুকুৰা, প্লাষ্টিক, পলিথিন, ৰান্ধনি ঘৰৰ আবৰ্জনা, ছাই আদি।
  • উদ্যোগৰ আবৰ্জনাঃ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহত সৃষ্টি হোৱা আবৰ্জনা। যেনে- ৰং, প্লাষ্টিক, ধাতব পদাৰ্থ, ছাই ইত্যাদি।
  • সাৰ তথা কীটনাশক দ্ৰব্যঃ কৃষি কাৰ্যত ব্যৱহৃত কৰা নানা ধৰণৰ ৰাসায়নিক সাৰ তথা কীটনাশক দৰব আদিয়ে মাটি প্ৰদূষিত কৰে।
  • এচিড বৰষুণঃ বায়ু প্ৰদূষণৰ ফলত সময়ে সময়ে হোৱা এচিড বৰষুণে মাটিৰ উৰ্বৰা শক্তি বিনষ্ট কৰে।
  • তেজক্ৰিয় পদাৰ্থঃ নানা ধৰণৰ তেজক্ৰিয় পদাৰ্থ, যেনে- ইউৰেনিয়াম, থ’ৰিয়াম, আদি বৰষুণৰ লগতে বায়ুমণ্ডলৰ পৰা আহি মাটি প্ৰদূষিত কৰে।
  • বানপানীৰ পলত নদীৰ বালিয়ে উৰ্বৰা কৃষি ভূমিৰ ওপৰত তৰপৰ সৃষ্টি কৰি মাটি অসাৰুৱা কৰি তোলে।
  • ভূমিকম্প, আগ্নেয়গিৰি বিস্ফোৰণৰ ফলত শিল, লাভা আৰু ছাইৰে মাটিৰ ওপৰভাগ আগুৰি পেলাই মাটিৰ অনিষ্ট সাধন কৰে।

মাটি প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায়

  • মাটিত জৈৱিক সাৰ, পচনসাৰ, কেঁচুসাৰ আদি ব্যৱহাৰৰ জৰিয়তে।
  • ঘৰুৱা আবৰ্জনাসমূহৰ সঠিক নিষ্কাশন আৰু স্থান্তান্তৰণ।
  • বৃক্ষৰোপণৰ দ্বাৰা মাটিৰ পানী সংৰক্ষণৰ ক্ষমতা বৃদ্ধি তথা উৰ্বৰতা বৃদ্ধি কৰি।
  • উদ্যোগত সৃষ্টি হোৱা আবৰ্জনাসমূহৰ সঠিক নিষ্কাশন আৰু স্থানান্তৰণ।

শব্দ প্ৰদূষণ

যিবোৰ শব্দ বা ধ্বনিয়ে মানুহৰ বাবে অসহ্যকৰ পৰিৱেশৰ সৃষ্টি কৰে, তেনেবোৰ শব্দই সৃষ্টি কৰা প্ৰদূষণক শব্দ প্ৰদূষণ বোলে। শব্দ প্ৰদূষণে মানুহৰ স্নায়ুৰ উত্তেজনা, ৰক্তচাপ আদি বঢ়ায়। ফলত অনিদ্ৰা্, স্নায়বিক ৰোগ, বিষণ্ণতা, বমিভাব আদিয়ে দেখা দিয়ে। শব্দ প্ৰদূষণে কিছুমান হৰম’নৰ ক্ষৰণ কমাই দিয়ে। গৰ্ভজাত শিশুৰ শ্ৰবণশক্তি লোপ পোৱাৰ সম্ভাৱনা থাকে। হঠাতে হোৱা ডাঙৰ শব্দৰ ফলত মানুহৰ কৰ্ণপটহ ফাটি শ্ৰবণশক্তি লোপ পায়।

শব্দ প্ৰদূষণৰ উৎস

  • লাউড স্পিকাৰ, ৰেডিঅ’, টেলিভিছন আদি ডাঙৰকৈ বজালে।
  • যান-বাহন আদিৰ বিকট শব্দ।
  • বিভিন্ন কল-কাৰখানাৰ যান্ত্ৰিক শব্দ।
  • জনবসতি অঞ্চলত হোৱা কোলাহল।
  • স্কুল, কলেজ, বজাৰ আদিৰ বিভিন্ন কোলাহল।

শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায়

  • কল-কাৰখানাত কম শব্দ হোৱা যন্ত্ৰপাতি ব্যৱহাৰ কৰা।
  • যান-বাহনৰ হৰ্ণ বজোৱাত নিয়ন্ত্ৰণ কৰা।
  • মাইক, লাউড স্পিকাৰ, ৰেডিঅ’ আদি কম ভলিউমত বজাব লাগে।
  • শব্দ অভেদ্য ঘৰ তৈয়াৰ কৰিব লাগে।
  • আইন প্ৰণয়নৰ দ্বাৰা শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পাৰি।

উৎস: টেট গাইড বুক, অসম, ২০১১।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate