অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইউৰিক এচিড আৰু গাউট ৰোগ

ইউৰিক এচিড আৰু গাউট ৰোগ

আহাৰৰ সুষমতা-বিষমতাৰ ওপৰতেই দৈহিক সুস্থতা-অসুস্থতাৰ কথ বহু পৰিমাণে নিৰ্ভৰ কৰে বুলি ক’ব পাৰি। সাত্তিক-সন্তুলিত সুষম আহাৰে যেনেদৰে সুস্বাস্থ্য সুনিশ্চিত কৰে তেনেদৰে অসন্তুলিত, তামসিক প্ৰকৃতিৰ আহাৰে দেহত নানা ধৰণৰ ৰোগ, ব্যাধিৰ সৃষ্টি কৰি জীৱন দুৰ্বিষহ কৰি তোলে। জধে-মধে সঘনাই মাছে-মাংসই গ্ৰহণ কৰা গুৰুপাকী অসন্তুলিত আহাৰে তেজত ইউৰিক এচিদৰ মাত্ৰা বঢ়াই দেহত অথন্তৰ ঘটোৱা এবিধ যন্ত্ৰণাদায়ক ৰোগ হৈছে গাউট, আয়ুৰ্বেদ শাস্ত্ৰত ইয়াক বোলা হয় ‘বাতৰক্ত’।

সাধাৰণতে আমি গ্ৰহণ কৰা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীত ‘পিউৰিন’ নামৰ এবিধ পদাৰ্থ নিহিত হৈ থাকে। খাদ্যৰ মধ্যমেৰে দেহত উত্পন্ন হোৱা এই ‘পিউৰিন’ নামৰ পদাৰ্থবিধৰ জাৰণ প্ৰক্ৰিয়াৰ ফলত ইউৰিক এচিডৰ সৃষ্টি হয়। তদুপৰি দেহৰ ধ্বংসপ্ৰাপ্ত কোষবোৰৰ জৰিয়তেও ‘পিউৰিন’ৰ সৃষ্টি হয়। দেহৰ অতিৰিক্ত ইউৰিক এচিডভাগ প্ৰসাৱৰ জৰিয়তে বাহিৰ ওলাই যায়। কিন্তু কেতিয়াবা বিভিন্ন কাৰণত দেহৰ এই অতিৰিক্ত ইউৰিক এচিডখিনি বাহিৰ ওলাই যাব নোৱাৰি দেহতে থাকি যায়। সাধাৰণতে এই নিৰ্দিষ্ট পৰিমাণ বা মাত্ৰালৈকে তেজত ইউৰিক এচিড দ্ৰৱীভূত হৈ থাকিব পাৰে। নিৰ্দিষ্ট মাত্ৰাতকৈ অধিক পৰিমাণে শৰীৰত ইউৰিক এচিড জমা হোৱা কাৰ্যক চিকিত্সা বিজ্ঞানৰ ভাষাত’উচ্চ ইউৰিক এচিড’ বা ‘হাইপাৰ ইউৰিচেমিয়া’ বুলি কোৱা হয়। বিভিন্ন কাৰণত হাইপাৰ ইউৰিচেমিয়া হ’ব পাৰে। প্ৰতি এশ মিলি লিটাৰ তেজত ইউৰিক এচিডৰ মাত্ৰা সাত মি: গ্ৰা:তকৈ (মহিলাৰ ছয় মি: গ্ৰা:) অধিক হ’লে সাধাৰণতে ‘হাইপাৰ ইউৰিচেমিয়া বুলি ধৰা হয়। এই ইউৰিক এচিডৰ পৰিমাণ মাত্ৰাধিক হ’লে এ তেজত দ্ৰৱীভূত হৈ থাকিব নোৱাৰে। তেতিয়া ই বেজীৰ দৰে তীক্ষ্ণ ধাৰাল স্ফটিক কিছুমানত পৰিণত হৈ (চিকিতসা বিজ্ঞানৰ ভাষাত ইয়াক মনোছডিয়াম ইউৰেট ক্ৰিষ্টাল বোলা হয়)হাত-ভৰিৰ গাঁঠিকে ধৰি শৰিৰৰ বিভিন্ন গাঁঠি , গাঁঠিৰ আৱৰণ আদিত জমা হৈ তীব্ৰ যন্ত্ৰণাৰ সৃষ্টি কৰে, যাক ‘গাউট’ বোলা হয়। ই বৰ যন্ত্ৰণাদায়ক ৰোগ, ভুক্তভোগীৰ বাহিৰে অইনে ইয়াৰ যন্ত্ৰণাৰ কথা অনুমান কৰাটো কঠিন।

আমাৰ খাদ্য সামগ্ৰীসমুহত নিহিত ‘পিউৰিন’ নামৰ পদাৰ্থবিধৰ জাৰণ প্ৰক্ৰিয়াৰ ফলত ইউৰিক এচিডৰ সৃষ্টি হয় আৰু আমি গ্ৰহণ কৰা বিভিন্ন খাদ্য সামগ্ৰীৰ মাজেৰে যিহেতু আমাৰ দেহত অনবৰতে পিউৰিনৰ প্ৰৱেশ ঘটিয়েই থাকে সেয়ে আমি সজাগতা অৱলম্বন কৰি তুলনামূলকভাৱে কম পিউৰিনযুক্ত বা পিউৰিন নথকা খদ্য সামগ্ৰী আহাৰ হিচাপে নিৰ্বাচন কৰিব লাগে। কিয়নো উচ্চ পিউৰিনযুক্ত খাদ্য সামগ্ৰীয়ে তেজৰ ক্ষাৰত্ব কমাই অম্লত্ব বঢ়াই তুলি আমাক ‘হাইপাৰ ইউৰিচেমিয়া’ৰ পৰ্যায়লৈ ঠেলি দিয়ে। সেয়ে দেহৰ ইউৰিক এচিষ নিয়ন্ত্ৰণ কৰি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰিবলৈ হ’লে আমি নিম্ন উল্লেখিত খাদ্য সামগ্ৰীবোৰ পৰিহাৰ কৰি চলিব লাগে-

(ক) বেছিকৈ তেলত ডুবাই ভজা বস্তু,

(খ) বিভিন্ন জীৱ-জন্তু(ছাগলী, গাহৰি আদি)ৰ মাংস,

(গ) সাগৰীয় মাছ,

(ঘ) পালেং শাক, বন্ধা কবি,ফুলকবি, ব্ৰুকলি, কাঠফুলা আদি,

(ঙ) শুকান বীন জাতীয় সামগ্ৰী-ছয়াবিন, ৰাজমাহ, লবিয়া, মটৰ আদি,

(চ) মচুৰ দাইল,

(ছ) ঘিউ, মাখন, ক্ৰিম,

(জ) উচ্চ মাত্ৰাৰ চেনিযুক্ত বিভিন্ন মিঠাই

(ঝ) বীয়েৰ আদিকে ধৰি মদ্যপান

(ট) ধূমপান আদি।

এইবোৰৰ বিপৰীতে অধিক মাত্ৰাত বিশুদ্ধ পানী পান কৰিব লাগে, কাৰণ পানীয়ে প্ৰসাৱৰ জৰিয়তে ইউৰিক এচিড বাহিৰ উলিয়াই দিয়াত সহায় কৰে।

লিখক: ভুৱনেশ্বৰ ডেকা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 4/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate