অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেনাইন প্ৰোষ্টেটিক হাইপাৰপ্লাচিয়া বা প্ৰোষ্টেট গ্ৰন্থি বৃদ্ধিৰ ৰোগ

বিশ্বত বয়সস্থ লোকৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে বৃদ্ধি পাইছে বৃদ্ধ কালত হোৱা অন্যতম ৰোগ প্ৰোষ্টেট গ্ৰন্থিৰ ৰোগ। প্ৰতিদিনে এই ৰোগ বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে। বেনাইন প্ৰোষ্টেটিক হাইপাৰপ্লাচিয়া নামৰ পুৰুষৰ বৃদ্ধকালত হোৱা এই ৰোগটোৰ বিষয়ে সৰ্বসাধাৰণ লোকৰ মাজত এটা ভূল ধাৰণা আছে। অধিকাংশ লোকেই ভাবে ই বৃদ্ধ কালত হোৱা এটা তেনেই স্বাহ্বাৱিক ৰোগ আৰু ইয়াৰ তেনে কোনো বিশেষ চিকিৎসা নাই। এই ৰোগটো প্ৰকৃততে প্ৰোষ্টেট গ্ৰন্থি বৃদ্ধি হোৱাৰ কাৰণে হয় আৰু বয়স বৃদ্ধিৰ লগে লগে প্ৰোষ্টেট গ্ৰন্থি বৃদ্ধি হোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া। কিন্ত এই ৰোগ ঔষধীয় আৰু শল্য চিকিৎসাৰ যোগেদি নিৰাময় কৰিব পাৰি। সেয়ে এই ৰোগৰ কৰণে বৃদ্ধ বয়সৰ লোক সকল সাৱধানে থকা উচিত।

বেনাইন প্ৰোষ্টেটিক হাইপাৰপ্লাচিয়া (বি পি এইচ) ৰোগটো কি?

এই ৰোগ হৈছে কেন্সাৰ নোহোৱাকৈ প্ৰোষ্টেট গ্ৰন্থি বৃদ্ধি পোৱা এক প্ৰকাৰৰ ৰোগ। প্ৰোষ্টেট গ্ৰন্থিৰ কেন্সাৰৰ লগত এই ৰোগৰ মিল নাই।

যিহেতু আজি ভাৰতবৰ্ষত বৃদ্ধ লোকৰ সংখ্যা আগতকৈ বহুগুণে বৃদ্ধি পাইছে অৰ্থাৎ মানুহৰ গড় আয়ু বৃদ্ধি পাইছে, সেয়ে এই ৰোগ হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। এই ৰোগ সাধাৰণতে ৫০ বছৰৰ ওপৰ বয়সৰ লোকৰহে হয়। ৬০ বছৰ বয়সৰ ওপৰত প্ৰায় ৬০ শতাংশ লোকৰ আৰু ৮০ বছৰৰ ওপৰৰ ৮০ শতাংশ লোকৰ মাজত এই ৰোগ হোৱা দেখা যায়। প্ৰায় প্ৰতি জন লোকৰে প্ৰোষ্টেট গ্ৰন্থিৰ আকাৰ বৃদ্ধি পায় কিন্ত সকলো লোকক ই বিশেষ অসুবিধা নিদিয়ে আৰু সেয়ে সকলোৰে কাৰণে ইয়াৰ চিকিৎসাৰো দৰকাৰ নহয়।

বি পি এইচৰ চিকিৎসা

এই ৰোগ হোৱাৰ প্ৰধান লক্ষণ হ’ল – প্ৰস্ৰাৱ কৰোঁতে বাধা অনুভৱ কৰা আৰু প্ৰস্ৰাৱৰ গতি মন্থৰ হোৱা, ৰৈ ৰৈ প্ৰস্ৰাৱ হোৱা। প্ৰস্ৰাৱ যিহেতু এবাৰতে খোলোচা নহয়, সেয়ে সঘনাই প্ৰস্ৰাৱৰ বেগ অনুভৱ কৰা, প্ৰস্ৰাৱৰ বেগ ধৰি ৰাখিব নোৱাৰা, ৰাতি সঘনাই কম কমকৈ প্ৰস্ৰাৱ হোৱা, লগতে জীৱাণুৰ সংক্ৰমণৰ কাৰণে প্ৰস্ৰাৱ কৰোঁতে জ্বলা-পোৰা কৰা আৰু প্ৰস্ৰাৱত তেজ যোৱা আদি লক্ষণেও দেখা দিব পাৰে।

বি পি এইচৰ চিকিৎসা কেতিয়া কৰাব লাগে।

  • ৰোগীয়া এই ৰোগৰ ফলত কিমান আমনি পাইছে আৰু লক্ষণবোৰ কেনে ধৰণৰ হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা গ্ৰহণৰ সিদ্ধান্ত লব।
  • ৰোগৰ লক্ষণবোৰ কিমান প্ৰকাশ পাইছে- সামান্য, মধ্যমীয়া নে মাত্ৰাধিক, তাৰ ওপৰতো চিকিৎসা কৰাটো নিৰ্ভৰ কৰে।

প্ৰয়োজনীয় পৰীক্ষাবোৰ

  • চেৰাম পি এছ এ (Prosatatic Specific Antigen)
  • ইউৰোফ্ল’মেট্ৰি (প্ৰস্ৰাৱৰ বেগ পৰীক্ষা)
  • আল্ট্ৰাচাউণ্ড
  • গুহ্যদ্বাৰৰ ডিজিটেল পৰীক্ষা

কেনেধৰণৰ চিকিৎসা কৰাব

এই ৰোগৰ দুই প্ৰকাৰৰ চিকিৎসা আছে। ঔষধৰ প্ৰয়োগ কৰিও ইয়াৰ চিকিৎসা কিছু দূৰ ফলপ্ৰসূ হয়। শল্য চিকিৎসাৰ যোগেদিও চিকিৎসা হয়। কিন্ত কোন বিধৰ চিকিৎসা লব লাগিব- সেয়া চিকিৎসাহে নিৰ্ধাৰণ কৰিব। আজিকালি ঔষধ প্ৰয়োগৰ দ্বাৰাও দীৰ্ঘদিনৰ কাৰণে সুস্থ হৈ থাকিব পাৰি। কিন্ত কিছুমান অস্ত্ৰোপচাৰ এই ক্ষেত্ৰত বেছি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate