অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্থ জীৱনশৈলীয়েই ডায়েবেটিছৰ প্ৰতিৰোধক

সুস্থ জীৱনশৈলীয়েই ডায়েবেটিছৰ প্ৰতিৰোধক

জীৱনশৈলী আৰু সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনে সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগীৰ সংখ্যা অতি দ্ৰুতগতিত বৃদ্ধি কৰিছে। সবাতোকৈ চিন্তনীয় হৈছে অপেক্ষাকৃতভাৱে কম সময়ৰ (৩০-৪৫ বছৰ) ব্যক্তিৰ মাজত এই ৰোগ বেছিকৈ দেখা দিয়া বিষয়টো। বিশ্বজুৰি এই বিষয়ে গৱেষণা চলিছে, লগতে গুৰুত্ব পাইছে ডায়েবেটিছ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তাৰ বিষয়ে চিন্তা-চৰ্চা। সেইবোৰ প্ৰতি বছৰে ১৪ নৱেম্বৰত পালন কৰা বিশ্ব মধুমেহ দিৱসৰ এই বছৰৰ আলোচ্য বিষয়ত ডায়েবেটিছৰ প্ৰতিৰোধক।

 

ডায়েবেটিছ প্ৰতিৰোধৰ মূল স্তম্ভ বুলি যদি কোৱা হয় তেন্তে সেয়া হ’ল- খাদ্যাভাস আৰু ব্যায়াম। খাদ্যাভাসৰ সাল-সলনি কৰিব লাগিব এইধৰণে যাতে শৰীৰৰ ওজন নিয়মীয়া হৈ থাকে, অৰ্থাৎ উপযুক্ত শাৰীৰিক ওজন সকলোৰে লক্ষ্য হোৱা উচিত। কেইবাটাও সমীকৰেণেৰে সেই ওজন নিৰ্ধাৰণ কৰিব পাৰি, একেবাৰে সৰল উপায়টো হ’ল দেহৰ উচ্চতাৰ (চেঃ মিঃত) পৰা ১০০ বিয়োগ কৰা- যি সংখ্যা ওলাব সেয়াই হ’ল সেই ব্যক্তিজনৰ বাবে উপযুক্ত শাৰীৰিক ওজন। এতিয়া এই ওজন প্ৰাপ্তিৰ বাবে খাদ্যৰ পৰা কিমান কেলৰি আহৰণ কৰিব লাগিব তাৰ এটা নিৰ্দিষ্ট হিচাপ আছে। ইয়াৰ লগতে ব্যক্তিজনৰ শাৰীৰিক পৰিশ্ৰমৰ মাত্ৰাও কেলৰি নিৰ্ধাৰণৰ বাবে বিবেচনা কৰা হয়। শাৰীৰিক পৰিশ্ৰমক ভাগ কৰা হয় এনেদৰে-

  • একেবাৰে কম পৰিশ্ৰম কৰা লোক।
  • মধ্যমীয়া পৰিশ্ৰম কৰা লোক।
  • গধুৰ পৰিশ্ৰম কৰা লোক।

ইয়াৰ পিচত তলৰ তালিকাখনৰ পৰা প্ৰয়োজনীয় কেলৰিৰ পৰিমাণ যিকোনো এজন ব্যক্তিৰ বাবে নিৰ্ধাৰণ কৰিব পাৰি-

 

কম পৰিশ্ৰম

মধ্যমীয়া পৰিশ্ৰম

গধুৰ পৰিশ্ৰম

নিয়মীয়া ওজনৰ

৩০ কিলোকেলৰি

৩৫ কিলোকেলৰি

৪০ কিলোকেলৰি

ব্যক্তি

প্ৰতি কেজি ওজন

প্ৰতি কেজি ওজন

প্ৰতি কেজি ওজন

গধুৰ মেদবহুল

২০ কিলোকেলৰি

৩০ কিলোকেলৰি

৩৫ কিলোকেলৰি

ব্যক্তি

প্ৰতি কেজি ওজন

প্ৰতি কেজি ওজন

প্ৰতি কেজি ওজন

কম ওজনৰ

৩৫ কিলোকেলৰি

৪০ কিলোকেলৰি

৪৫ কিলোকেলৰি

ব্যক্তি

প্ৰতি কেজি ওজন

প্ৰতি কেজি ওজন

প্ৰতি কেজি ওজন

 

কেলৰি নিৰ্ধাৰণৰ পিচৰ পৰ্যায়ত কোনবিধ খাদ্যৰ পৰা কিমান কেলৰি আহৰণ কৰিব লাগিব তাৰ এটা মাত্ৰা নিৰ্ধাৰণ কৰা হৈছে। আঁহযুক্ত কাৰ্বহাইড্ৰেট যেনে- ভাত, ৰুটী, ফল-মূলৰ পৰা ৬৫-৭০ শতাংশ, কৰ্ম চৰ্বিযুক্ত প্ৰ’টিন যেনে- কুকুৰাৰ মাংস, মাছ, দাইল, মগু আদিৰ পৰা ১৫-২০ শতাংশ আৰু তেল, ঘিউ, মাখন আদি চৰ্বিযুক্ত খাদ্যৰ পৰা ১০ শতাংশ। এইধৰণে খাদ্য তালিকাৰ আঁচনি কৰি লৈ নিয়মীয়া ওজন বজাই ৰাখিলে ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। ইয়াৰ বাবে চিকিৎসক বা ডায়েবেটিছিয়ানৰ পৰামৰ্শ প্ৰয়োজনীয়।

ব্যায়ামৰ ভূমিকা ডায়েবেটিছৰ প্ৰতিৰোধৰ ক্ষেত্ৰত অপৰিহাৰ্য। সপ্তাহত মুঠ ১৫০ মিনিট সময় ব্যায়ামৰ প্ৰয়োজন। অৰ্থাৎ দিনে অন্ততঃ ত্ৰিশ মিনিটকৈ সপ্তাহত পাঁচ দিন। এইবোৰৰ ভিতৰত খোজকঢ়া, লাহে লাহে দৌৰা, চাইকেল চলোৱা ইত্যাদি।

শেষত আহো নিয়মিত তেজত শৰ্কৰা পৰীক্ষা কৰাৰ বিষয়ে। প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ- উভয়ৰ বাবে ডায়েবেটিছ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰাটো প্ৰয়োজনীয়। সেয়ে যিসকল লোকৰ ডায়েবেটিছৰ প্ৰৱণতা বৃদ্ধি কৰা বিভিন্ন কাৰক আছে, যেনে- অতিৰিক্ত মেদবহুলতা, বংশগত প্ৰভাৱ, উচ্চ ৰক্তচাপ আৰু কলেষ্টৰেল, মহিলাসকলৰ ক্ষেত্ৰত গৰ্ভধাৰণৰ সময়ত তেজত শৰ্কৰাৰ পৰিমাণ বেছি হোৱা বা বেছি ওজনৰ নৱজাতকৰ জন্ম দিয়া, মাহেকীয়া ঋতুস্ৰাৱ অনিয়মীয়া হোৱাৰ অন্যতম কাৰণ PCOS ৰোগত ভোগা। এই সকলোৱে চিকিৎসকৰ পৰামৰ্শমতে লগে লগে তেজত শৰ্কৰাৰ মাত্ৰা পৰীক্ষা কৰিব লাগে। তেওঁলোকে ৪৫ বছৰ বয়সত এই পৰীক্ষাসমূহ কৰাব লাগে আৰু ফলাফল নিৰ্দিষ্ট মাত্ৰাৰ ভিতৰত থাকিলে তিনি বছৰৰ মূৰে মূৰে পুনৰায় কৰিব লাগে।

পৰিশেষত বিশ্ব ডায়েবেটিছ দিৱস উপলক্ষ্যত কওঁ যে সকলোৱে যেন এনে সুস্থ জীৱনশৈলী আৰু সাৱধানতা অৱলম্বন কৰে যাতে একবিংশ শতিকাৰ অন্যতম নীৰৱ মহামাৰী ডায়েবেটিছৰ পৰা হাত সাৰি থাকিব পাৰে।

লেখিকাঃ ডাঃ দীপ্তি শৰ্মা, অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate