অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েৰীয়া ৰোগৰ চিকিৎসা আৰু প্ৰতিৰোধ

ডায়েৰীয়া কি?

ঘনাই অধিক পৰিমাণৰ পনীয়া শৌচ কৰাকেই ডায়েৰীয়া বুলি কোৱা হয়। এই ৰোগ সচৰাচৰ হৈ থাকে বাবে মানুহে ইয়াৰ ওপৰত সিমান গুৰুত্ব নিদিয়ে। প্ৰকৃততে কিন্তু ডায়েৰীয়া অৱহেলা কৰিবলগীয়া ৰোগ নহয়। শিশুৰ ক্ষেত্ৰত ই ভয়ানকো হ’ব পাৰে।

গ্ৰহণী, আমাচা (শৌচৰ লগত বিজল বা আম পৰা) কলেৰা (শৌচৰ লগত অত্যাধিক বমি হোৱা) ইত্যাদি ডায়েৰীয়াৰ ভিতৰতে ধৰা হয়। কেতিয়াবা মাকৰ গাখীৰ খোৱা শিশুৱে দিনটোত কেইবাবাৰো অলপ অলপ গোটা শৌচ কৰিব পাৰে। এনে শিশুক কিন্তু ডায়েৰীয়া ৰোগত ভোগা বুলি কোৱা নহয়।

ডায়েৰীয়াৰ পৰা হ’ব পৰা বিপদ

ডায়েৰীয়া হোৱা বুলি শিশুৰ শৰীৰৰ পৰা জুলীয়া পানীভাগ আৰু খনিজ লৱণ শৌচৰ লগত বাহিৰলৈ ওলাই যায়। ইয়াৰ ফলত শৰীৰ নি:ৰস হৈ পৰে। শৰীৰৰ তেজ গোট মাৰিবলৈ আৰম্ভ কৰে। ধাতৱ লৱণ ওলাই যোৱাৰ লগে লগে মাংসপেশীবোৰ দুৰ্বল হৈ হাত ভৰিবোৰ টনা টনি কৰে আৰু কলিজাৰ ক্ৰিয়া বন্ধ হৈ ডায়েৰীয়া হোৱা ব্যক্তি মৃত্যু মুখত পৰিব পাৰে।

ডায়েৰীয়াৰ প্ৰধান কাৰণসমূহ

ডায়েৰীয়া ৰোগ বীজাণুৰ পৰা হয়। কেতিয়াবা খাদ্যৰ বিষক্ৰিয়াৰ পৰাও ডায়েৰীয়া ৰোগ হ’ব পাৰে। অপৰিষ্কাৰ খোৱা পানী আৰু আহাৰৰ জৰিয়তে ৰোগৰ বীজাণু শৰীৰত প্ৰৱেশ কৰে। লেতেৰা আৰু বাহী খাদ্য, গেলা-পচা, ফল-মূল, দূষিত মলিয়ন বা অপৰিষ্কাৰ পানী, উপযুক্ত স্বাস্থ্যসন্মত পাইখানাৰ অভাৱ, মলিয়ন হাত, মলিয়ন বাচন বৰ্তন, মাখি পৰা খাদ্য ইত্যাদিৰ দ্বাৰা এই ৰোগৰ বীজাণু বিয়পিব পাৰে।

এই ৰোগৰ ফলত শৰীৰ নিৰ্জলা হয়।

ডিহাইড্ৰেচনৰ লক্ষণবোৰ হ’ল

  • বেছিকৈ পিয়াহ লগা।
  • অস্থিৰ আৰু খিংখিঙিয়া হোৱা।
  • মুখ আৰু জিভা শুকাই যোৱা।
  • চকু গাতলৈ বহি যোৱা।
  • কান্দিলে চকুৰ পানী নোলোৱা।
  • ডেৰ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত তালু তললৈ বহি যোৱা।
  • প্ৰস্ৰাৱৰ পৰিমাণ কমি যোৱা ইত্যাদি।

অতি বেছি ডিহাইড্ৰেচন হ’লে-

  • লেটুসেতু হৈ মূৰ্চ্চা যোৱা।
  • পি খাব নোৱাৰা।

ওপৰত লিখা লক্ষণবোৰৰ যিকোনো দুটা বা ততোধিক থাকিলে শৰীৰ নিৰ্জলা বা ডিহাইড্ৰেটত হোৱা বুলি ধৰিব লাগিব।

ডায়েৰীয়া হ’লে বিশেষকৈ শিশুৰ ক্ষেত্ৰত পুষ্টিহীনতাত ভোগা দেখা যায়। এনে পুষ্টিহীন শিশুক সংক্ৰামক ৰোগৰ বীজাণুৱে সহজতে আক্ৰমণ কৰাৰ ফলত শিশু আকৌ ৰোগত ভগিব পাৰে। এনেদৰে ডায়েৰীয়া পুষ্টিহীনতা সংক্ৰমণ, ই চক্ৰবত গতিত শিশুক আক্ৰান্ত কৰিব পাৰে।

ডায়েৰীয়াৰ ফলত শৰীৰৰ পৰা প্ৰধানকৈ চডিয়াম আৰু পটাছিয়াম জাতীয় ধাতৱ লৱণ ওলাই যোৱাৰ ফলত শৰীৰ দুৰ্বল হয়, কলিজা দুৰ্বল হয় আৰু পেটৰ নাড়ী ভুৰুৰ ক্ৰিয়া অচল হ’ব পাৰে।

ডায়েৰীয়া ৰোগৰ চিকিৎসা প্ৰণালী

১) শৰীৰৰ পৰা ওলাই যোৱা পানী পূৰ কৰা: ডায়েৰীয়া হোৱা ৰোগীৰ শৰীৰৰ পৰা ওলাই যোৱা পানী আৰু ধাতৱ লৱণ পূৰ কৰাৰ আৱশ্যক। পানী আৰু ধাতৱ লৱণ খুৱাই থাকিলে শতকৰা ৯০ ভাগ ডায়েৰীয়াই দুই-তিনিদিনৰ ভিতৰত নিজে নিজে ভাল হৈ যায়। ঘৰতে পোৱা পানীয় যেনে-ভাতৰ মাৰ, দাইলৰ পানী, লাচ্চি বা ঘোল, নেমুৰ চৰ্বত, ৰঙা চাহ, ডাবৰ পানী আদিত পানী, ধাতৱ লৱণ থাকে গতিকে এইবোৰে শৰীৰৰ আৱশ্যকতাখিনি পূৰণ কৰে।

ওৰেল ৰিহাইড্ৰেচন চল্ট (ও.আৰ.এচ) ৰ মিশ্ৰণত শৰীৰৰ আৱশ্যকীয় পানী, ধাতৱ লৱণ যেনে-চডিয়াম আৰু পটাচিয়াম আৱশ্যকীয় পৰিমাণত থাকে। এনে পানীয়ই শৰীৰৰ প্ৰয়োজনীয় উপাদানখিনি দিয়াৰ উপৰিও শৌচত বাহিৰলৈ ওলাই অহা পানী আৰু ধাতৱ লৱণৰ অভাৱ পূৰণ কৰে।

নিৰ্দিষ্ট কাৰণত হোৱা Acute Diarrhoea ঔষধৰ চিকিৎসা

কাৰণ

নিৰ্বাচিত ঔষধ

নিৰ্বাচিতৰ সলনি ব্যৱহাৰ কৰিব পৰা ঔষধ

কলেৰা

টেট্ৰাচাইক্লিন

৮ বছৰৰ ওপৰৰ ল’ৰা-ছোৱালী

শিশুৰ প্ৰতিকেজি ওজনত ৫০ মিলিগ্ৰামকৈ মুঠ ঔষধ দিনটোত ৪ পালিকৈ দুদিনৰ বাবে।

প্ৰাপ্তবয়স্ক

৫০০ মিলিগ্ৰামকৈ দিনটোত ৪ পালিকৈ তিনিদিনৰ বাবে।

ফুৰাজলিদিন

ল’ৰা-ছোৱালী

শিশুৰ প্ৰতিকেজি ওজনত ৫ মিলিগ্ৰামকৈ মুঠ ঔষধ দিনটোত ৪ পালিকৈ তিনি দিনৰ বাবে।

প্ৰাপ্তবয়স্ক

১০০ মিলিগ্ৰামকৈ দিনটোত ৪ পালিকৈ তিনিদিনৰ বাবে।

কোট্ৰাইমক্সাজল

প্ৰতিকেজি ওজনত ৮+৪০ মি:গ্ৰা: বড়ি নিতৌ দুটাকৈ তিনিদিনৰ বাবে।

এমেবিক গ্ৰহণী

মেট্ৰ’নিডাজোল

ল’ৰা-ছোৱালী

প্ৰতিকেজি ওজনত ৩০ মি:গ্ৰা:কৈ নিতৌ এপালিকৈ ৫-১০ দিনৰ বাবে।

প্ৰাপ্তবয়স্ক

৮০০ মিলিগ্ৰামকৈ নিতৌ তিনি পালিকৈ ৫ ৰ পৰা ১০ দিনৰ বাবে।

টিনিডাজোল

ল’ৰা-ছোৱালী

প্ৰতিকেজি ওজনত ৫০ মি:গ্ৰা:কৈ ২-৩ দিনৰ বাবে।

প্ৰাপ্তবয়স্ক

২ গ্ৰামকৈ নিতৌ তিনিদিনৰ বাবে।

জিয়াৰডিয়া হাগনী

মেট্ৰ’নিডাজোল

ল’ৰা-ছোৱালী

প্ৰতি কেজি ওজনত ১৫ মি:গ্ৰা:কৈ নিতৌ এবাৰকৈ ৫ দিনৰ বাবে।

প্ৰাপ্তবয়স্ক

৮০০ মিলিগ্ৰামকৈ নিতৌ তিনি পালিকৈ ৫-১০ দিনৰ বাবে।

টিনিডাজোল

ল’ৰা-ছোৱালী

৫-১ গ্ৰামকৈ নিতৌ এবাৰকৈ (প্ৰতিকেজি ওজনত ৫০ মিলিগ্ৰামকৈ)

প্ৰাপ্তবয়স্ক

২ গ্ৰামকৈ নিতৌ তিনিদিনৰ বাবে।

জিয়াৰডিয়া হাগনী

মেট্ৰ’নিডাজোল

ল’ৰা-ছোৱালী

প্ৰতি কেজি ওজনত ১৫ মি:গ্ৰা:কৈ নিতৌ এবাৰকৈ ৫ দিনৰ বাবে।

প্ৰাপ্তবয়স্ক

২০০ মিলিগ্ৰামকৈ নিতৌ তিনি পালিকৈ ৫ দিনৰ বাবে।

টিনিডাজোল

ল’ৰা-ছোৱালী

৫-১ গ্ৰামকৈ নিতৌ এবাৰকৈ (প্ৰতিকেজি ওজনত ৫০ মিলিগ্ৰামকৈ)

প্ৰাপ্তবয়স্ক

২ গ্ৰামকৈ নিতৌ এবাৰকৈ।

 

ও.আৰ.এচ ৰ মিশ্ৰণত তলত লিখা উপাদানকেইটা বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন দিছে। এনে অনুমোদিত ও.আৰ.এচ পেকেটত আছে-

চডিয়াম ক্লৰাইড     -    ৩.৫ গ্ৰাম

চডিয়াম চাইট্ৰেট     -    ২.৯ গ্ৰাম

পটাচিয়াম ক্লৰাইড    -    ১.৫ গ্ৰাম

গ্লুক’জ      -    ২০ গ্ৰাম

এই দ্ৰব্যখিনি ১ লিটাৰ পানীত মিহলাই এই মিশ্ৰণটো ডায়েৰীয়া ৰোগীক খুৱালে শৰীৰৰ পৰা ওলাই যোৱা পানী আৰু ধাতৱ লৱণৰ ঘাটি পূৰ হয়। শতকৰা ৯০ জন ৰোগীক ঘৰতে পোৱা পানীয় আৰু ও আৰ এচ ৰ ব্যৱহাৰেৰে আৰোগ্য কৰিব পাৰি।

ডায়েৰীয়া ৰোগ আৰম্ভ হোৱাৰ লগে লগে ঘৰতে পোৱা পানীয় দিব লাগে। এনে কৰিলে ডিহাইড্ৰেছন হোৱাৰ সম্ভাৱনা কমে।

যদি ৰোগীৰ ইতিমধ্যে সাধাৰণ ডিহাইড্ৰেচন আৰম্ভ হৈছে তেনেহ’লে ঘৰতে পোৱা পানীয়ৰ লগত ও আৰ এচ মিশ্ৰণ খুৱাবলৈ আৰম্ভ কৰিব লাগে।

যদি ডিহাইড্ৰেচন অতি বেছি হয় তেনেহ’লে ও আৰ এচ মিশ্ৰণ খুওৱাৰ উপৰিও চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

২) খোৱা খাদ্য: সকলো প্ৰকাৰৰ ডায়েৰীয়া ৰোগীকেই খাদ্য খুৱাই থাকিব লাগে। ডায়েৰীয়া হ’লে খোৱা খাদ্য কেতিয়াও কমাব বা বন্ধ কৰিব নালাগে। ঘৰতে পোৱা আহাৰ বেছি, জ্বলা, মছলা নিদিয়াকৈ শিশুক খুৱাব লাগে। এই ৰোগৰ উপশম হ’লে খোৱা খাদ্য আগৰ তুলনাত বঢ়াব লাগে।

৩) ঔষধৰ চিকিৎসা: যিকোনো ডায়েৰীয়া ৰোগীৰ যদি-

ক) শৌচৰ লগত তেজ পৰে।

খ) বিজল বা আম পৰে।

গ) গাত জ্বৰ আছে।

ঘ) বেছিকৈ বমি কৰিছে।

ঙ) ও আৰ এচ বা ঘৰতে পোৱা পানীয় খুৱাই থকা সত্বেও ভাল পোৱা নাই, তেনেহ’লে এনে ৰোগীৰ বাবে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

৪) ঔষধৰ চিকিৎসা পদ্ধতি: ডায়েৰীয়া ৰোগীৰ বাবে ৰোগৰ লক্ষণ অনুসৰি এনেধৰণৰ ঔষধ খাবলৈ দিয়া হয়।

ক) কলেৰা।

খ) ডিচেন্ট্ৰি।

গ) এচিবায়চিচ।

ঘ) জিয়াৰডিয়াচিচ।

শৰীৰ অতি বেছি নিৰ্জলা বা ডিহাইড্ৰেত হ’লে বা মুখেৰে ও আৰ এচ মিশ্ৰণ পি খাব নোৱাৰিলে Intravenous fluid বোৰ ডায়েৰীয়া ৰোগত ব্যৱহাৰ কৰিব লাগে।

  • Ringera lactate Solution.
  • Normal Saline.
  • Half Normal Saline with 5% Dextrose.

ইয়াৰ বাহিৰে আন Intravenous fluid

  • ডায়েৰীয়া ৰোগীক দিয়া উচিত নহয়।
  • Fluid আৰম্ভ কৰাৰ পিছত যেতিয়া মুখেৰে পি খাব পৰা হয়, ও আৰ এচ মিশ্ৰণ খুৱাবলৈ আৰম্ভ কৰা উচিত।

ও আৰ এচ মিশ্ৰণ কেনেকৈ তৈয়াৰ আৰু ব্যৱহাৰ কৰিব লাগে?

এটা পৰিষ্কাৰ পাত্ৰত ১ লিটাৰ পানী লৈ ও আৰ এচ পেকেটত থকা মিশ্ৰণখিনি পানীখিনিত মিহলাই দিব লাগে। মিশ্ৰণখিনি এখন পৰিষ্কাৰ চামুচেৰে ভালকৈ মিহলাই লৈ পানীয়খিনি ভালকৈ ঢাকি ৰাখিব লাগে আৰু ৰোগীক ঘনাই খুৱাই থাকিব লাগে।

ও আৰ এচ খুওৱাৰ পদ্ধতি

বয়স

প্ৰত্যেকবাৰ শৌচ কৰাৰ পিচত

৬ মাহ

৭ মাহৰ পৰা দুবছৰ

২ বছৰ ১ মাহৰ পৰা ৫ বছৰ

৫ বছৰৰ ওপৰত

১/৪ গিলাচ (৫০ মি:লি)

১/৪ ৰ পৰা ১/২ গিলাচ (৫০-১০০ মি:লি)

 

১/২ ৰ পৰা ১ গিলাচ (১০০-২০০ মি:লি:) যিমান খাব পাৰে।

 

অতি বেছি ডিহাইড্ৰেচনৰ বাবে I.V. চিকিৎসা এনে অৱস্থা হ’লে অতি সোনকালে I.V. Fluid দিয়াৰ ব্যৱস্থা কৰক বয়স অনুসৰি I.V. Fluid ৰ পৰিমাণ

বয়স

I.V. Fluid

পৰিমাণ

দিয়াৰ সময়

১ বছৰৰ তলৰ শিশু

 

 

 

 

১ বছৰৰ ওপৰৰ

ৰিংগাৰ লেক্টেত

প্ৰতি কেজিত ওজনত ৩০ মি:লি:কৈ

১ ঘন্টাৰ ভিতৰত দিব

ৰিংগাৰ লেক্টেত

প্ৰতি কেজিত ওজনত ৪০ মি:লি:কৈ

পিছৰ ২ ঘন্টাৰ ভিতৰত দিয়ক

ইয়াৰ পিছত ও আৰ এচ মিশ্ৰণ

৪০ মি:লি: প্ৰতি কেজি ওজন হিচাপে

পিছত ৩ ঘন্টাৰ ভিতৰত খাব দিব

ৰিংগাৰ লেক্টেত

প্ৰতি কেজিত ওজনত ১০০ মি:লি:কৈ

প্ৰথম তিনি ঘন্টাত প্ৰথমে বেছিকৈ আৰু অলপ ভাল পোৱাৰ পিছতেই কমাই দিব।

দ্ৰষ্টব্য: I.V. Fluid ১ পৰিমাণ প্ৰয়োজন বিশেষে বেছি কম কৰিবলগীয়া হ’ব পাৰে।

তেজগ্ৰহণী

কোট্ৰিমক্সাজল

ল’ৰা-ছোৱালী

প্ৰতি কেজি শৰীৰৰ ওজনত ১০ মি:গ্ৰা:+৫০ মি:গ্ৰাকৈ নিতৌ দুপালিকৈ।

প্ৰাপ্তবয়স্ক

১৮০ মি:গ্ৰা:+৮০০ মি:গ্ৰা:কৈ নিতৌ দুবাৰকৈ পাঁচদিনৰ বাবে।

ফুৰাজলিদিন

ল’ৰা-ছোৱালী

প্ৰতি কেজি ওজনত ৫ মি:গ্ৰা:কৈ নিতৌ ৪ পালিকৈ পাঁচদিনৰ বাবে।

প্ৰাপ্তবয়স্ক

১০০ মি:গ্ৰা:কৈ নিতৌ ৪ পালিকৈ ৫ দিনৰ বাবে।

 

নেলিডিক্সিড এচিড

ল’ৰা-ছোৱালী

প্ৰতি কেজি ওজনত ৫৫ মি:গ্ৰা:কৈ নিতৌ ৪ পালিকৈ পাঁচদিনৰ বাবে।

প্ৰাপ্তবয়স্ক

১ গ্ৰা:কৈ নিতৌ তিনিপালিকৈ ৫ দিনৰ বাবে।

এমপিচিলিন

ল’ৰা-ছোৱালী

প্ৰতি কেজি ওজনত ১০০ মি:গ্ৰা:কৈ নিতৌ ৪ পালিকৈ পাঁচদিনৰ বাবে।

ডায়েৰীয়া প্ৰতিৰোধ

  • সদায় পৰিষ্কাৰ খোৱা পানী ব্যৱহাৰ কৰিব।
  • খোৱা খাদ্য মাখি বা ধূলি নপৰাকৈ ভালকৈ ঢাকনীৰে ঢাকি ৰাখিব।
  • শাক-পাচলি, ফল-মূল ভালকৈ ধুই ব্যৱহাৰ কৰিব।
  • কেঁচুৱাক খুওৱাৰ আগতে হাত পৰিষ্কাৰকৈ ধুই ল’ব, নখ চুটিকৈ কাটিব।
  • কেঁচুৱাক মাকৰ গাখীৰ যিমান দিন সম্ভৱ খুৱাই থাকিব।
  • কেঁচুৱাৰ কাৰণে ব্যৱহাৰ কৰা বাচন-বৰ্তন, কাপোৰ-কানি ইত্যাদি পৰিষ্কাৰকৈ ৰাখিব।
  • কেঁচুৱাৰ শৌচ পায়খানাত পেলাব। বাহিৰত বা মুকলিত নেপেলাব।
  • খোৱা পানীৰ উৎসৰ ওচৰত, শৌচ, প্ৰস্ৰাৱ নকৰিব বা কাপোৰ-কানি নুধুব।
  • কেঁচুৱাৰ ৯ মাহ বয়স হ’লে সৰু আইৰ চিটা আৰু ভিটামিন ‘এ’ খুৱাব লাগে।

সাধাৰণতে বানপানীৰ পিচত ডায়েৰীয়াৰ প্ৰাদুৰ্ভাৱ বাঢ়ে, সেয়েহে বানপানীত আক্ৰান্ত ৰাইজে পৰিষ্কাৰ খোৱা পানী, পৰিষ্কাৰ তথা লগে লগে তৈয়াৰ কৰা খাদ্য খোৱাৰ প্ৰতি বিশেষ চকু দিব লাগে। খোৱাপানী বীজাণুমুক্ত কৰিবলৈ ব্লিচিং পাউদাৰ অথবা ক্লৰিন টেবলেট ব্যৱহাৰ কৰিব লাগে। কোনো ঠাইত ডায়েৰীয়া ৰোগ মহামাৰীৰূপে দেখা দিলে তৎক্ষণাত ওচৰৰ স্বাস্থ্যনুষ্ঠানত খবৰ দিব।

লিখক: ডা: অতুল চন্দ্ৰ শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate