অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মত ছাললৈ লৈ আনক সজীৱতা

গ্ৰীষ্মত ছাললৈ লৈ আনক সজীৱতা

গ্ৰীষ্মৰ লগে লগে ছালত আৰম্ভ হয় বিভিন্ন সমস্যাৰ। প্ৰখৰ ৰ’দত ছালৰ স্বাভাৱিক গুণ, আৰ্দ্ৰতা নাইকিয়া হৈ পৰে। ফলত ছালখনত ক’লা দাগ, শোটোৰা পৰা, ছাপ আদি স্পষ্ট হৈ মুখমণ্ডলৰ উজ্জ্বলতা নোহোৱা হয়। গ্ৰীষ্মত এনে সমস্যাৰ সমাধানৰ বাবে আগবঢ়োৱা হৈছে কেইটামান ঘৰুৱা টিপ্‌ছ

  • আলু আমাৰ সকলোৰে প্ৰিয়। আমাৰ এই প্ৰিয় খাদ্যবিধ ছালৰ ৰ’দে পোৰা দাগ, ক’লা পৰা, বয়সৰ ছাপ, ছালৰ শুস্কতা আদিৰ লগতে বিভিন্ন সমস্যা ছালৰ পৰা আঁতৰাই ছালখনক সুন্দৰ আৰু উজ্জ্বল কৰি তোলাৰ বাবে অতি উত্তম। দৈনিক আলুৰ ৰস, দৈ আৰু এচামুচ অলিভ অইলৰ সৈতে মিহলাই লগালে ই ছালখনক উজ্জ্বল আৰু মসৃণ কৰি তুলিব।
  • আলুৰ ৰস আৰু নেমুৰ ৰস সম পৰিমাণে মিহলাই মুখমণ্ডলৰ ক’লা পৰা অংশত লগাব। অলপ পিছত মুখখন পৰিষ্কাৰ পানীৰে ধুই দিব। ই ছালৰ ক’লা দাগসমূহ নোহোৱা কৰাৰ লগতে ছাললৈ প্ৰাকৃতিক সৌন্দৰ্যতা ঘূৰাই আনিব।
  • এই সময়ছোৱাত প্ৰখৰ তাপে আমাৰ ছাল, চুলি আৰু চকুযুৰিৰো যথেষ্ট ক্ষতি কৰে। কেতিয়াবা ৰ’দৰ বাবে চকুযুৰি ফুলি উঠা দেখা যায়। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আলুৰ ৰসৰ লগত তিয়ঁহৰ ৰস সম পৰিমাণত মিহলাই ১৫ মিনিটৰ বাবে চকুযুৰিৰ চাৰিওফালে লগাব। ইয়াৰ ব্যৱহাৰে চকুযুৰি শীতল কৰি ছাললৈ উজ্জ্বলতা আনিব।
  • মিঠা আলু ছালৰ বাবে উত্তম। ভিটামিন এ, বি, চি, কে আৰু ই ভিটামিনৰ লগতে অ’মেগা আৰু ফেটী এচিডৰ শৰীৰৰ বাবে উপকাৰী। গ্ৰীষ্মৰ সময়ছোৱাত তেলেতীয়া ছালৰ বাবে সিজোৱা মিঠা আলুৰ লগত এচামুচ মৌ আৰু দুচামুচ নেমুৰ ৰস মিহলাই ছালত লগাব। ই আপোনাৰ ছালখনক সুন্দৰ আৰু উজ্জ্বল কৰি তুলিব।
  • গ্ৰীষ্মৰ সময়ছোৱাত ছালৰ বাবে এটি মিঠা আলু সিজাই এচামুচ মৌ, গাখীৰ আৰু এচামুচ আদাৰ ৰস মিহলাই ফে’চ মাস্ক তৈয়াৰ কৰি লৈ ২০-২৫ মিনিট ছালত লগাব। পিছত কুহুমীয়া পানীৰে মুখখন ধুই দিব। ইয়াৰ ব্যৱহাৰে আপোনাৰ ছালখনক এক শীতল আৰু সতেজ অনুভৱ দিয়াৰ লগতে বয়সৰ ছাপসমূহক প্ৰতিৰোধ কৰিব।

গ্ৰীষ্মত আপোনাৰ পদযুগল

ঋতুবিশেষে শৰীৰৰ সকলো অংগৰে যতন লোৱা দৰকাৰ। কেৱল শীতকালতহে যে ভৰিৰ যতন ল’ব লাগে, তেনে নহয়। গ্ৰীষ্মকালতো আপোনাৰ পদযুগলৰ বিশেষ যতন লোৱা উচিত। গ্ৰীষ্মৰ সময়ছোৱাত ভৰি যথেষ্ট ঘামে। ফলত ভৰি লেতেৰা হোৱাৰ লগতে দুৰ্গন্ধও ওলায়। গতিকে নিশা শুবলৈ যোৱাৰ আগতে ভৰিযুগল প্ৰায় পোন্ধৰ মিনিট ধৰি ভালদৰে ধুব। ইয়াৰ পিছত পদযুগলত ফুটক্ৰীম বা লোচনেৰে মালিচ কৰিব। গৰমৰ দিনকেইটাত কেৱল আৰামদায়ক ফুটৱেৰহে পিন্ধিব। পৰাপক্ষত জোতা পিন্ধাৰ পৰা বিৰত থাকক। আনহাতে কুহুমীয়া গৰম পানীত এচামুচ চীয়া বাটাৰ মিহলাই সেই পানীত ভৰি ডুবাই ৰাখিলেও পদযুগল নিমজ হয়।

লেখিকা: স্বপ্না দেৱী।

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate