অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছালখন কেনেকৈ ধুনিয়া কৰি ৰাখিব

ছালৰ আভ্যন্তৰীণ শত্ৰু

আমাৰ খাদ্যৰ দ্বাৰা শৰীৰৰ ভিতৰত প্ৰৱেশ কৰা বহুতো দ্ৰৱ্যই আমাৰ ছালৰ অশেষ ক্ষতি কৰিব পাৰে। এনেধৰণৰ ক্ষতিকাৰক দ্ৰৱ্যবিলাকৰ ভিতৰত আছে-অধিক মাত্ৰাত মিঠা বা চেনিযুক্ত খাদ্যগ্ৰহণ, অধিক পৰিমাণে নিমখ, অধিক তেল বা ঘিউত বনোৱা মুখৰোচক খাদ্য, মদ, চকলেট, ফাষ্টফুড আদিয়েই প্ৰধান।এইবিলাকৰ উপৰিও মানসিক উদ্বেগ, চিন্তা বা খ্ং বা অধিক আবেগজনিত পৰিৱেশ ছালৰ বাবে ক্ষতিকাৰক।

ছালৰ বাহ্যিক শত্ৰু

যেনেদৰে খাদ্যাভ্যাসে ছালখন ভিতৰৰ পৰা ক্ষতি কৰে, তেনেদৰে কিছুমান কাৰকে বাহ্যিক ভাবেও ছালৰ ক্ষতি কৰিব পাৰে। এইবিলাকৰ ভিতৰত ৰ’দ, ষ্টিমিং, চুইমিং, সস্তীয়া প্ৰসাধন সামগ্ৰীৰ  ব্যৱহাৰ আৰু ব্লিচিং আদিয়েই প্ৰধান।

যিমান দূৰ সম্ভৱ ছালখন পোনপটীয়াকৈ ৰ’দৰ পৰা বচাই ৰাখক। যদি ৰ’দত বাহিৰলৈ ওলাব লগা হয়, তেনহ’লে ছাতি ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় কথা। ৰ’দত ওলাব লগা হ’লে ‘ছান গ্লাছ’ ব্যৱহাৰ কৰি চকু দুটাকো প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰা উচিত।

আজিকালি বিউটি পাৰ্লাৰবিলাকত ফেচিয়েল কৰাৰ সময়ত ষ্টিমিং কৰাটো এটা সাধাৰণ নিয়মত পৰিণত হৈছে। ষ্টিমিং কৰিলে ছালৰ ৰোমকূপবিলাক মুকলি হৈ পৰে আৰু সেয়ে ছালখন পিছত দেখাত বেয়া হৈ পৰে। ছালখন ক’লাও পৰে। সেয়ে ষ্টিমিং যদি নিতান্তই কৰিব লাগে তেনেহ’লে কপাহেৰে ষ্টিমিং কৰাব।

ষ্টিমিংৰ সমানে ছালৰ বাবে অপকাৰী চুইমিং বা সাতোঁৰা। সাতোঁৰৰ অভ্যাস কৰাৰ সময়ত এটা কথা মনত ৰাখিব-সাতোঁৰৰ পুখুৰী বা চুইমিং পুলৰ পানী যেন কেতিয়াও পুৰণি নহয়। পুৰণি অৰ্থাৎ বহুদিন ধৰি বন্ধ হৈ থকা পানীত সাঁতুৰিলে চুলি, চকু, কাণ আৰু ছালৰ ক্ষতি হ’ব পাৰে।সাদায় স্বচ্ছ আৰু সঘনাই সলনি কৰা পানীতহে সাঁতুৰিব লাগে। সাগৰৰ লুণীয়া পানীত সাঁতোৰাতো একেবাৰে উচিত নহয়।

তেনেদৰে বজাৰত কিনিবলৈ পোৱা সস্তীয়া প্ৰসাধন সামগ্ৰী একেবাৰে ব্যৱহাৰ নকৰিব। এনেধৰণৰ সস্তীয়া সামগ্ৰী ক্ষতিকাৰক ৰাসায়নিক দ্ৰৱ্যৰে তৈয়াৰ কৰা হয় আৰু তেনেধৰণৰ দ্ৰব্যই ছালৰ ক্ষতি কৰিব পাৰে।

ছালৰ বন্ধু

ছালখনৰ যেনেদৰে শত্ৰু আছে, তেনেদৰে অন্য কিছুমান দ্ৰব্য ছালখনৰ বাবে উপকাৰীও হ’ব পাৰে। এনেধৰণৰ দ্ৰব্যৰ প্ৰয়োগেৰে আপোনাৰ ছালখন কমনীয় আৰু সতেজ কৰি ৰাখিব পাৰে।

ছালখনৰ পৰিস্কাৰ আৰু পৰিচ্ছন্নতা ছালৰ বাবে প্ৰথম আৰু প্ৰধান বন্ধুস্বৰুপ। ছালখন পৰিস্কাৰ কৰি ৰাখিবৰ বাবে চাবোনৰ সলনি ক্লীনজিং মিল্ক বা ক্ৰীম অথবা টোনাৰ ব্যৱহাৰ কৰা ভাল। তেনেধৰণৰ দ্ৰব্যৰে ছালখন পৰিস্কাৰ কৰিলে ছালত ময়লাৰ ছামনি নপৰে আৰু ছালখন উজ্জল হৈ উঠে। ইয়াৰ উপৰিও মুখমণ্ডল আৰু শৰীৰৰ অন্যান্য অংগৰ মালিচেও ছালখন সুন্দৰ কৰি ৰখাত সহায় কৰে। মালিচৰ দ্বাৰা ছালখনত ৰক্তসঞ্চালন বৃদ্ধি পায় আৰু তাৰ ফলত ছালখন কমনীয় হৈ উঠে।

ছালখন অধিক সুন্দৰ আৰু উজ্জল কৰি ৰখাৰ আন এক ভাল উপায় হৈছে অধিক পৰিমাণে পানী আৰু পুষ্টিকৰ সুষম আহাৰ খোৱটো। বতৰৰ সতেজ ফল আৰু সতেজ সেউজীয়া শাক-পাচলি খোৱাটোৱো ছালখনৰ পৰিপুষ্টিৰ বাবে অতি প্ৰয়োজনীয় কথা। ছালখন ভালকৈ ৰখাত ব্যায়ামেও যথেষ্ট সহায় কৰে। নিয়মীয়াকৈ ব্যায়াম কৰিলে ছাল কমনীয় হৈ উঠে আৰু উজ্জলতা বাঢ়ে আৰু সতেজতা আহে।

ভিটামিন আৰু ছালৰ সৌন্দৰ্য

ভিটামিন ‘এ’ ছালখনক সুন্দৰ, সতেজ আৰু আকৰ্ষণীয় কৰি তুলিব পৰা একপ্ৰকাৰৰ অতি গুৰুত্বপূৰ্ণ ভিটামিন। ই ছালখনক স্বাস্থ্যবান কৰি ৰাখে। চিক্‌মিকাই থকা ছাল আৰু উজ্জল চকুৰ বাবে ভিটামিন ‘এ’ৰ প্ৰয়োজন বেছি।

ভিটামিন ‘এ’ ৰ সাধাৰণ উৎসবোৰ হৈছে-গাজৰ, ফল, লিভাৰ, মাখন, গাখীৰ ইত্যাদি। ভিতামিন ‘এ’ৰ কেপচুলো বজাৰত পোৱা যায়।

সাধাৰণ স্বাস্থ্যবান এজন পূৰ্ণবয়স্ক লোকৰ বাবে দৈনিক ৫০০০ আই, ইউ আৰু গৰ্ভৱতী মহিলাৰ বাবে ৬,০০০-৮০০০ আই ইউ পৰিমাণৰ পৰিমাণৰ ভিটামিন ‘এ’ৰ প্ৰয়োজন হয়।

ভিটামিন ‘এ’ আমাৰ শৰীৰে সঞ্চয় কৰি ৰাখিব পাৰে। সেয়ে আমাৰ শৰীৰত এইবিধ ভিটামিন কোনো অৱস্থাতে কম অনুভৱ কৰা নহয়। ভিটামিন ‘এ’ স্ংশ্লেষণৰ বাবে শৰীৰৰ চৰ্বি থকাটো বৰ দৰকাৰী। যদি দৈনন্দিন আহাৰত চৰ্বি গ্ৰ্হণৰ পৰিমাণ একেবাৰে কমাই দিয়ে, তেনেহ’লে আপুনি ভিটামিন ‘এ’ৰ অভাৱত ভোগাটো নিশ্চিত। দৈনিক এটাকৈ গাজৰে আমাৰ শৰীৰৰ ভিটামিন ‘এ’ৰ অভাৱ পূৰণ কৰি ৰাখিব পাৰে।এক আউন্স জন্তুৰ লিভাৰে এই ভিটামিনৰ পৰিমাণ তিনিগুণ বঢ়াই তোলে।

শৰীৰত ভিটামিন বি-১২ বা ৰিবোফ্লেভিনৰ অভাৱ হ’লে ছালখন বেছি তেলেতীয়া হয়। এইবিধ ভিটামিনৰ উৎস হৈছে-লিভাৰ, গাখীৰ আৰু ঢালিলে ফেন ওলোৱা দ্ৰব্য (যেনে-বিয়েৰ)।

তেলেতীয়া ছালত শালমইনা ওলোৱাৰ কাৰণ হ’ল, ভিটামিন বি-৬ৰ অভাৱ। এইবিধ ভিটামিন শৰীৰৰ চৰ্বি, প্ৰোটিন আৰু এমিনো এচিডে যোগান ধৰে।

গৰ্ভনিৰোধক বৰিয়ে শৰীৰৰ ভিটামিন বি-৬ৰ অভাৱ দহ গুণ অধিক বঢ়াই তোলে। শৰীৰত এইবিধ ভিটামিন কম হ’লে আদ কপালী বা মাইগ্ৰেণ নামৰ ৰোগটো হ’ব পাৰে। তাৰোপৰি এই ভিটামিন বেছি পৰিমাণে অভাৱ হ’লে শৰীৰৰ অ’ত ত’ত পানী জমা হ’বলৈ আৰম্ভ কৰে আৰু ফলত গাল, মুখ ফুলি উঠা যেন দেখায়।

ভিটামিন বি-৬ৰ ভাল উৎস হৈছে- গাহৰিৰ মাংস, গজালি ওলোৱা ঘেহু আৰু কল।

অকাল বাৰ্দ্ধক্য আৰু ছাল শোটোৰা পৰা ৰোগ হোৱাৰ মূল কাৰণ হৈছে ভিটামিন বি পেণ্টোথিনিক এচিড আৰু নায়েচিনৰ অভাৱ। এই উপাদান বিলাকৰ প্ৰধান উৎস হৈছে- জন্তুৰ লিভাৰ, চুজি, ৰঙা ৰঙৰ চাউল ইত্যাদি।

সতৰ্কতা

ভিটামিন ‘বি’ অস্ংখ্য গুযণ আছে। ই খাদ্যৰ বিষক্ৰিয়া নাইকিয়া কৰে। ৰোগৰ জীৱাণু (বেক্টেৰিয়া) আৰু বিষাণু (ভাইৰাছ) ধংস কৰে। ই ৰোগৰ স্ংক্ৰমণ, ভগাৰুৱা ভাব আৰু এলাৰ্জি নাশ কৰে আৰু ৰক্ত সঞ্চালনকাৰী নলী (সিৰা আৰু ধমনী), দাঁত, কোষকলা আৰু হাড় স্বাস্থ্যবান কৰি ৰাখে। ছালখন ভালে ৰাখিবলৈ এইবিধ ভিটামিনৰ অতিশয় প্ৰয়োজন।

মনত ৰাখিব যে এলকোহ’লযুক্ত যি কোনো দ্ৰব্যই ভিটামিন ‘বি’ নষ্ট কৰে।

লেখক: ৰুপলেখা দত্ত, স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate