অসমীয়া সমাজত লোকবিশ্বাস আছে যে বসন্ত ঋতুত আইসকল কৈলাশৰ পৰা নামি আহে। আইৰ তিনি ভনী। বৰ আই, মাজু আই আৰু সৰু আই। আই দেখা দিলে শৰীৰত জ্বৰ জ্বৰ অনুভৱ হয়, গাটো অস্বস্তি লাগে, ওঁঠ ৰঙা পৰে।
আমাৰ সমাজত লোকবিশ্বাস আছে যে আই দেখা দিলে ডাক্তৰৰ ওচৰলৈ যাব নাপায়, ডাক্তৰী ঔষধো খাব নাপায়। কিন্তু ডাক্তৰক এবাৰ দেখুৱাটো ভাল। চাফ-চিকুণকৈ পৰিস্কাৰ বগা কাপোৰ পৰিধান কৰিলে শৰীৰ শীতল হৈ থাকে। মনতো পাতল পাতল লাগে। চিকিৎসা শাস্ত্ৰৰ মতে ভেৰিছেলা জষ্টাৰ নামৰ ভাইৰাছবিধৰ স্ংক্ৰমণৰ ফলতে এই ৰোগ হয়। মাজু আই বা চিকেন পক্স আৰু হাৰপিছ জষ্টাৰ একেবিধ ভাইৰাছৰ পৰা উদ্ভৱ হোৱা দুটা পৃথক পৃথক ৰোগ বা অৱস্থা।
বসন্ত ৰোগ আচলতে এবিধ স্ংক্ৰামক ৰোগ। এই ৰোগৰ প্ৰতিষেধক ছিটা আছে। পৰিস্কাৰ-পৰিচ্ছন্নতাই এই ৰোগ বিয়পাত বাধা দিয়ে। আই দেখা দিলে মগু দাইল সিদ্ধ কৰি তাৰ পানীখিনি ৰোগীক পথ্য হিচাপে দিব পাৰে। আই দেখা দিয়া বা বসন্ত ওলোৱা ৰোগীক কোনো ধৰণৰ জ্বলা-মছলা দিয়া খাদ্য খাবলৈ দিব নালাগে। ৰোগীৰ পেট ঠাণ্ডা কৰি ৰাখিবৰ বাবে কেঁচা পিঠাগুৰি সিদ্ধ কৰি গৰু গাখীৰৰ লগত মিহলাই লুথুৰি বনাই ঠাণ্ডা কৰি খাদ্য হিচাপে দিব পাৰে। তিনিদিনৰ পিছত ৰোগীৰ শৰীৰৰ শীতলতাৰ বাবে কুহুমীয়া পানী, মৌজোল, মেথিগুটি তিওৱা পানী খুৱাব পাৰে। এনেবোৰ পথ্য ৰোগীক খুৱালে ৰোগীৰ শৰীৰ শাঁত পৰে আৰু বসন্ত হোৱা ফোঁহাবোৰৰ পোৰণি বা অস্বস্তি কমি থাকে। শৰীৰটো পাতল যেন অনুভৱ হয়।বসন্ত ৰোগৰ চিকিৎসাৰ বাবে ডাক্তৰী ঔষধ এতিয়ালৈকে আৱিস্কাৰ হোৱা নাই। ৰোগীক মানসিকভাৱে সুস্থ কৰি ৰাখিব পাৰিলে আৰু ৰোগীৰ শৰীৰৰ যন্ত্ৰণা কম কৰি ৰাখিব পাৰিলে ৰোগী সোনকালে আৰোগ্য হয়।
পাঁচদিন অথবা সাতদিনত লোকবিশ্বাস অনুসৰি আইৰ মাননি দিয়া হয়। আগলি কলপাত, তামোল-পাণ, ফুল আদি সজাই আইৰ স্তুতি-মিনতি কৰি শ্ৰদ্ধা ভক্তিৰে প্ৰাৰ্থনা জনোৱা হয়। আই নমাৰ স্তুতি প্ৰাৰ্থনাই ৰোগীক সতেজ কৰি তোলে আৰু ৰোগীৰ শৰীৰৰ ঘা-ফোঁহাবোৰ শুকাই দ্ৰুতগতিত আৰোগ্য লাভ কৰাত সহায় কৰে। আইনাম গাই প্ৰসাদ আৰু ভোগ আদি আগবঢ়াই নিয়মখিনি পলান কৰিলে ৰোগীয়ে মানসিকভাৱে সকাহ পায় বাবে হয়তো ৰোগটো দ্ৰুতগতিত আৰোগ্যও হয়। কেৱল আইৰ নামত মাননি আদি দিলেই ৰোগ আৰোগ্য হোৱাৰ কোনো বৈজ্ঞানিক ভিত্তি থকা যেন নালাগে। বসন্ত ৰোগৰ আৰম্ভণিতে মূৰৰ বিষ, গাৰ বিষ, জ্বৰ, পিঠি-কঁকাল আদিত বিষ, শৰীৰ ৰাই-জাই কৰা আদি লক্ষণে দেখা দিয়ে। কেতিয়াবা পেটৰ বিষো হয়।
বসন্ত ৰোগৰ বাহ্যিক লক্ষণ হিচাপে প্ৰথমে সামান্য জ্বৰ হয় আৰু প্ৰায় লগে লগেই শৰীৰৰ বিভিন্ন ঠাইত পানী জোলা বান্ধি ফোঁহা ওলায়। ফোঁহাবোৰ প্ৰথমে শৰীৰৰ মধ্যভাগ অৰ্থাৎ পিঠি, বুকু আৰু পেট অংশত দেখা দিয়ে। পিছলৈ মুখমণ্ডলত ওলায়। তাৰ পিছত ক্ৰমান্বয়ে হাত-ভৰিৰ আঙুলি পৰ্যন্ত বিস্তাৰিত হয়। সাত-আঠ দিনৰ মূৰত ফোঁহাবোৰ শুকাবলৈ ধৰে।
নিজৰ শৰীৰটো চাফ-চিকুণ কৰি ৰখা উচিত। ৰোগীজনক আছুতীয়াকৈ পৰিস্কাৰ আৰু মুকলি পৰিৱেশ এটাত ৰাখিব পাৰিলে ৰোগী সোনকালে আৰোগ্য হয়। পৰিস্কাৰ-পৰিচ্ছন্ন হৈ থাকিলে ৰোগৰ স্ংক্ৰমণ বহুখিনি নিয়ন্ত্ৰণত থাকে। কোনো অঞ্চলত ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা গম পালেই ভাইৰাছ প্ৰতিৰোধী ঔষধ ব্যৱহাৰ কৰিলে এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।
বসন্ত ৰোগীয়ে তেল, মছলা, মাছ-মাংস আদি খোৱা নিষেধ বুলিয়েই ক’ব পাৰি। ফলাহাৰ, গাখীৰ, সিদ্ধ মগু দাইল আদিহে খোৱা উচিত।
লিখক: হিৰণ্যময়ী বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন
শেহতীয়া উন্নীতকৰণ: : 4/6/2020
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...
‘প্ৰোষ্টেটাইটিচ্’: বয়সস্থ পুৰুষৰ এক জটিল ৰোগ।
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত