অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চেপেটা ফলৰ উপকাৰিতা :

চেপেটা ফলৰ উপকাৰিতা :

 

অসমৰ বিভিন্ন প্ৰান্তত অতিকে সহজলভ্য এবিধ থলুৱা ফল হ’ল চেপেটা । এই চেপেটা ফলবিধ বিভিন্ন গুণাগুণেৰে ভৰপূৰ । ইয়াত ভিটামিন এ, ভিটামিন চি আৰু এণ্টি অক্সিডেণ্টৰ গুণাগুণ ভৰপুৰ মাত্ৰাত পোৱা যায় । পুৱাৰ ভাগত ব্ৰেকফাষ্টৰ সৈতে এই ফল শ্বেক হিচাপে তৈয়াৰ কৰি খাব পাৰে । ই কেৱল সোৱাদেই নহয় স্বাস্থ্যকৰো । উল্লেখ্য যে এই চেপেটা ফল খাব পাৰিলে ছাল স্বাস্থ্যকৰ হোৱাৰ লগতে উজ্জ্বল হৈ উঠাত বিশেষ সহায় কৰে । তদুপৰি এই ফলত প্ৰচুৰ পৰিমানে কেলছিয়াম আৰু ফছফৰাছ নিহিত থাকে । সেয়েহে এই ফলৰ ৰস খোৱাৰ ফলত শৰীৰৰ হাড়সমূহ মজবুত হয় । আনহাতে এই ফলত মজুত থকা ভিটামিন ‘এ’ য়ে দৃষ্টিশক্তি বৃদ্ধি হোৱাত সহায় কৰে । নিয়মিতভাৱে এই ফলৰ ৰস খাব পাৰিলে দৃষ্টি শক্তিৰ বাবে উপকাৰী । এই ফলৰ ৰসে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । যিহেতু ইয়াত পৰ্যাপ্ত মাত্ৰাত ভিটামিন চিৰ পৰিমাণ মজুত থাকে আৰু ই এণ্টি অক্সিডেণ্টৰ কাম কৰে । ফলত এণ্টি অক্সিডেণ্ট আমাৰ শৰীৰত বিভিন্ন ৰোগ সৃষ্টি হোৱাৰ পৰা শৰীৰটোৰ সুৰক্ষা দিয়ে । তদুপৰি আপোনাৰ যদি পেটৰ বিভিন্ন সমস্যা, যেনে হজম নোহোৱা গেছ, এচিডিটি ইত্যাদি সমস্যা আছে, তেন্তে নিয়মিত এই ৰস সেৱনে এনে সমস্যা দূৰ কৰাত সহায় কৰিব । তদুপৰি দেহত যদি খুব ভাগৰুৱা অনুভৱ কৰে , তেন্তে এই ৰস সেৱনে শৰীৰত অতিৰিক্ত শক্তি যোগান ধৰাত সহায় কৰে ।

উৎস :- দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate