অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্যকৰ খাদ্য আৰু আনুষংগিক ব্যৱস্থা

স্বাস্থ্যকৰ খাদ্য আৰু আনুষংগিক ব্যৱস্থা

সুস্থভাৱে বৰ্তি থকাৰ মানসেৰে মানুহে খাদ্য খায়। সুস্থতাৰ বাবে প্ৰয়োজন পুষ্টিকৰ খাদ্যৰ। পুষ্টিকৰ খাদ্যই শৰীৰৰ গঠন আৰু বিকাশ ঘটায়। তদুপৰি মানসিক আৰু বৌদ্ধিক বিকাশতো সহায় কৰে। পুষ্টিকৰ খাদ্যৰ বাবে খাদ্য নিৰ্বাচন অতি জৰুৰী। খাদ্য বাছি খাব জানিলে ই বহু বেমাৰ প্ৰতিৰোধ কৰে। খাদ্যৰ সৈতে স্বাস্থ্যৰ সম্বন্ধ অতি গভীৰ। বিভিন্ন খাদ্যবস্তু বিভিন্ন গুণেৰে সমৃদ্ধ। গুণানুসাৰে সচৰাচৰ গ্ৰহণ কৰা খাদ্যক প্ৰধানতঃ চাৰিটা গোটত ভাগ কৰিব পাৰি।

খাদ্যৰ এভাগ হ’ল শক্তিদায়ক খাদ্য। এইবিধ খাদ্যত থকা উপাদান হ’ল শ্বেতসাৰ। চাউল, আটা, ময়দা, চিৰা, মুৰি, আখৈ, আলু, গোমধান, চেনি, গুড়, মৌ, ঘিউ, মাখন, ক্ৰীম, শাক-পাচলি, ফল-মূল আদি হ’ল এই শ্ৰেণীৰ খাদ্য। এইবিধ আহাৰে শৰীৰত শক্তি যোগায়।

এভাগ হ’ল দেহবৰ্ধক খাদ্য। এইবিধ খাদ্।ত থকা উপাদান হ’ল প্ৰ’টিন। গাখীৰ, মাখন, দৈ, মাছ, কণী, ছয়াবিন, বিভিন্ন জাতৰ মাহ, মটৰ, বীন আদি খাদ্য এই শ্ৰেণীৰ অন্তৰ্গত। এইবিধ খাদ্যই শৰীৰত কোষৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। শিশুৰ বাবে এইবিধ খাদ্য অতি উপকাৰী।

এভাগ হ’ল চৰ্বিজাতীয় খাদ্য। গাখীৰ, মাখন, ঘিউ, ক্ৰীম, বাদাম, নাৰিকল, মাছ-মাংস আদি খাদ্য হ’ল এই শ্ৰেণীৰ। এইবিধ আহাৰে শৰীৰক উত্তাপ দিয়ে। অতিমাত্ৰা চৰ্বিযুক্ত আহাৰ খালে ই শৰীৰৰ ক্ষতি সাধন কৰে। জন্তুৰ মাংসত অধিক চৰ্বি থাকে।

বিভিন্ন খাদ্যত বিভিন্ন ভিটামিনো থাকে। ভিটামিনযুক্ত খাদ্যই শৰীৰৰ গঠন, স্নায়ু সঞ্চালন, ৰক্ত উৎপাদন আদিত সহায় কৰে। ভিটামিনযুক্ত আহাৰে মানসিক শক্তিও বৃদ্ধি কৰে। বিভিন্ন প্ৰকাৰৰ ভিটামিন হ’ল ভিটামিন এ, বি, চি, ডি, ই আৰু ভিটামিন কে। এই শ্ৰেণীৰ খাদ্য হ’ল ৰোগ প্ৰতিৰোধমূলক। শিশুৰ বাবে ভিটামিনযুক্ত আহাৰ বৰ উপকাৰী। ভিটামিনযুক্ত আহাৰ খালে শিশু পুষ্টিহীনতাত ভুগিব লগা নহয়।

ভিটামিনযুক্ত খাদ্য আৰু উপকাৰিতা

বিভিন্ন ভিটামিনে বিভিন্ন প্ৰকাৰে সহায় কৰে। ভিটামিন ‘এ’যুক্ত খাদ্যই দৃষ্টিশক্তি অটুট ৰাখে। মাছ, মাংস. কণী, গাখীৰ, সেউজীয়া শাক-পাচলি, ফল-মূল আদিত ভিটামিন ‘এ’ থাকে।

ভিটামিন ‘বি’যুক্ত খাদ্যই স্নায়ু সবল ৰাখি সঞ্চালনত সহায় কৰে। উখোৱা চাউল, বুট-মাহ, শাক-পাচলি, ফল-মূল, গাখীৰ আদিত ভিটামিন ‘বি’ থাকে।

ভিটামিন ‘চি’যুক্ত খাদ্যই শৰীৰ গঠনত সহায় কৰে। শৰীৰ সবল কৰে। শাক-পাচলি, ফল-মূল আদিত ভিটামিন ‘চি’ থাকে।

ভিটামিন ‘ডি’যুক্ত খাদ্যই হাড়, দাঁত আদিৰ গঠন আৰু মজবুত ৰখাত সহায় কৰে। মাছ, মাংস, কণী, গাখীৰ আদি খাদ্যত ভিটামিন ‘ডি’ থাকে। সূৰ্যৰ পোহৰৰ পৰাও ভিটামিন ‘ডি’ পোৱা যায়। শিশুক পুৱাৰ ভাগত কিছু সময়ৰ বাবে সূৰ্যৰ ৰ’দ পৰা ঠাইত খেলিবলৈ দিয়া স্বাস্থ্যৰ বাবে উপকাৰী।

ভিটামিন ইযুক্ত খাদ্যই শৰীৰৰ কোষ গঠনত সহায় কৰে। এইবিধ খাদ্যই গাৰ ছাল নিমজ হোৱাতো সহায় কৰে। কণী, ছয়াবিন, বন্ধাকবি, আমলখি আদিত ভিটামিন ই থাকে।

ভিটামিন কেযুক্ত খাদ্যই ৰক্ত উৎপাদন কৰে আৰু ৰক্তক্ষৰণ বন্ধ কৰে। গাখীৰ, মাখন, ব্ৰকলী, সেউজীয়া শাক-পাচলি, ফল-মূল আদিত ভিটামিন কে থাকে।

খনিজ পদাৰ্থযুক্ত খাদ্য আৰু উপকাৰিতা

ইয়াৰ উপৰি খাদ্যত নানা তৰহৰ খনিজ পদাৰ্থ থাকে। খোৱা খাদ্যত কেলছিয়াম, লো, আইৰণ, আয়’ডিন আদি খনিজ পদাৰ্থ থকা প্ৰয়োজন। খনিজ পদাৰ্থযুক্ত খাদ্য হ’ল পুষ্টিকৰ খাদ্য।

কেলছিয়াম পদাৰ্তযুক্ত খাদ্য হ’ল গাখীৰ, দৈ, সৰু মাছ, কণী, গাজৰ, নৰসিংহ পাত, ফল-মূল আদি। এনে খাদ্যই শৰীৰৰ হাড় গঠন আৰু সবল কৰাত সহায় কৰে। শিশুৰ বাবে এনে খাদ্য বৰ উপকাৰী।

লৌহ পদাৰ্থযুক্ত খাদ্যই ৰক্তকোষ গঠনত সহায় কৰে। খুতুৰা শাক, পালেং শাক, নিমপাত, তিল, গুড় আদি লো থাকে। কেলছিয়াম আৰু লো দুয়োবিধ থকা কিছুমান শস্য আছে। সেয়া হ’ল লাইশাক, সৰিয়হ শাক, পালেং শাক, খুতুৰা শাক, ফুলকবি, মটৰ, বিলাহী, ভেন্দী, আলু, মূলা, বীন আদি।

আইৰণযুক্ত খাদ্যই ৰক্ত বৃদ্ধি কৰে। সেউজীয়া শাক-পাচলি, কলফুল, কচু, ৰাজমাহ, ঢেঁকীয়া শাক, বাদাম, গুড়, চেনি আদিত অধিক আইৰন থাকে। সেয়ে গুড় চেনিতকৈ উপকাৰী।

আয়’ডিনযুক্ত খাদ্যও শৰীৰৰ বাবে প্ৰয়োজন। মিহি নিমখত আয়ডিন থাকে। শৰীৰত আয়ডিন উপযুক্ত পৰিমাণৰ নাথাকিলে ডিঙি ফুলি উঠে, যাক গৰল ৰোগ বুলি কোৱা হয়। যি নিমখৰ পেকেটত আয়ডিনযুক্ত নিমখ বুলি লিখা থাকে, তেনে নিমখহে খোৱাৰ অভ্যাস কৰিব লাগে।

ভিটামিনৰ সৈতে খনিজ পদাৰ্থ থকা কিছুমান ফল-মূল আছে আৰু সেই ফল-মূল খোৱাৰ অভ্যাস কৰিব লাগে, বিশেষকৈ শিশুক খাবলৈ দিব লাগে। সেইসমূহ ফল-মূল হ’ল আনাৰস, অমিতা ,আম, মধুৰি-আম, জামু, সুমথিৰা, কল, আপেল, আঙুৰ আমলখি আদি।

ওপৰত উল্লেখ কৰি অহা খাদ্যৰ প্ৰত্যেক গোটৰে অন্ততঃ এবিধ আহাৰত থকা প্ৰয়োজন। এয়াই হ’ল সুষম আহাৰ। যদি কোনো এটা খাদ্যগোটৰ এবিধ খাদ্য বহুদিন ধৰি আহাৰত নাথাকে, তেতিয়া ৰক্তহীনতা, পুষ্টিহীনতা, মানসিক বাধাগ্ৰস্ততা আদিৰ দৰে সমস্যাই স্বাস্থ্যৰ অৱনতি ঘটায়। সেয়ে সুষম আহাৰৰ বাবে দৈনিক খাদ্য বাছি খোৱা প্ৰয়োজন।

সুষম আহাৰ খোৱাৰ উপৰি দৈনিক চাৰি লিটাৰমান পানী খোৱাৰো অভ্যাস ৰাখিব লাগে। খোৱাপানী বিশুদ্ধ হোৱা উচিত। পানীত বীজাণু বা অতিৰিক্ত ফ্ল’ৰাইড বা আৰ্ছেনিক পদাৰ্থ থাকিব নালাগে। শৰীৰটোৰ শীত-তাপ নিয়ন্ত্ৰণ, কোষ গঠন, ৰক্ত সঞ্চালন, অলাগতিয়াল দ্ৰব্য শৰীৰৰ পৰা নিষ্কাশন, খাদ্য সঞ্চালন আদিকে ধৰি শৰীৰৰ আভ্যন্তৰীণ সকলো কাৰ্য সম্পাদনৰ বাবে মানৱ শৰীৰত পানীৰ প্ৰয়োজন অধিক। শৰীৰটোৱে উপযুক্ত পৰিমাণৰ পানী পাই থাকিলে মূত্ৰাশয়ৰ ৰোগ, কৰ্কট ৰোগ, বৃক্কত পাথৰি হোৱা আদিক প্ৰতিৰোধ কৰে।

আঁহজাতীয় খাদ্য শৰীৰৰ বাবে উপকাৰী। এই খাদ্যই ৰক্তচাপ আৰু কলেষ্টেৰ’ল নিয়ন্ত্ৰণ কৰে, শৌচ খোলোচা কৰে আৰু এই খাদ্য কৰ্কট ৰোগৰো প্ৰতিৰোধক। উখোৱা চাউল, গৰম ৰুটী, গাজৰ, সেউজীয়া মটৰ, বুট, কোমোৰা, তিয়ঁহ, মধুৰি-আম, কমলা, আপেল, ক’লা আঙুৰ আদি আঁহজাতীয় খাদ্য। ইতিমধ্যে উল্লেখ কৰি অহা পাচলি আৰু ফল-মূলসমূহ হ’ল এণ্টিঅক্সিডেণ্ট সমৃদ্ধ খাদ্য। এণ্টিঅক্সিডেণ্ট সমৃদ্ধ খাদ্যই শৰীৰটোক সুস্থ অৱস্থাত ৰাখে আৰু ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা অক্ষুণ্ণ ৰাখে। হালধি, আদা, শুকান ফল, সাগৰীয় মাছ আদিও এণ্টিঅক্সিডেণ্টমুক্ত খাদ্য।

খোৱাৰ উপযোগী, কেঁচাই খাব পৰা শাক-পাচলি আৰু ফল-মূল ভালদৰে ধুইহে খাব লাগে। বিভিন্ন কাৰণত কেঁচা শাকৰ পাতত ঘূৰণীয়া পেলুৰ কণীয়ে অৱস্থান কৰে। ফল-মূল আৰু পাচলিৰ বাকলিতো পেলুৰ কণী থাকিব পাৰে। নোধোৱাকৈ খালে পেলুৰ কণী শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰি স্বাস্থ্য হানি কৰাৰ সম্ভাৱনা থাকে। চাটনি হিচাপে খোৱা গাজৰ, তিয়ঁহ, বিলাহী, পদিনা আদি ভালদৰে ধুই লোৱা প্ৰয়োজন। আম, আপেল, আনাৰস, তৰমুজ আদি কটাৰ পাছত কিছু কটা অংশ পাছত খাম বুলি মুকলিকৈ ৰাখি থ’ব নালাগে, ঢাকি থ’ব লাগে। নঢকাকৈ থলে কটা অংশত মাখি বা আন কীট-পতংগ পৰি তাক দূষিত কৰিব পাৰে। ফ্ৰীজ থাকিলে কটা অংশ ফ্ৰীজত থ’ব পাৰি।

নাখাবলগীয়া খাদ্য

কিছুমান এনে খাদ্য আছে, যি খালে কিছু ব্যক্তি, বিশেষকৈ শিশুৰ কিবা নহয় কিবা এটা শাৰীৰিক সমস্যা ঘটে। হয় ছালত গুটি গুটি দাগ পৰে, গা খজুৱায়, আচিনা উঠে বা এনেধৰণৰ অন্য সমস্যাই দেখা দিয়ে। যিসমূহ খাদ্যই এনে সমস্যা আনে সেইবোৰ বাছি উলিয়াই নোখোৱাই ভাল।

পুৰণি হৈ যোৱা ব্ৰেড, বিস্কুট, ভুজিয়া, নিমকি আদি খোৱা অনুচিত। এনে খাদ্যৰ ম্যাদ উকলি গৈছে নেকি তাক চোৱাৰ অভ্যাস কৰা অপৰিহাৰ্য। শিশুক সামগ্ৰী কিনাৰ সময়ত পেকেটত লিখা খোৱাৰ উপযোগী তাৰিখটো চোৱাৰ অভ্যাস কৰাব লাগে। বাটৰ কাষত বা স্কুলৰ সন্মুখত বিক্ৰী কৰা ৰন্ধা খাদ্য, মিঠাই আদি শিশুৱে খোৱাৰ ইচ্ছা কৰে। ৰঙীন চৰবত দেখিলে তাকো খোৱাৰ হাবিয়াহ কৰে। এনে খাদ্য প্ৰস্তুতকৰণত বেচোতাজনে ল’ব লগা স্বাস্থ্যসন্মত সাৱধানতাখিনি নল’বও পাৰে। ৰঙীন মিঠাই বা চৰবতত স্বাস্থ্যহানিকৰ কৃত্ৰিম ৰং মিহলাই সেই খাদ্য বেচিব পাৰে। সেয়ে স্বাস্থ্যৰক্ষাৰ বাবে শিশুক এনে খাদ্য খুওৱাৰ পৰা বিৰত থকা প্ৰয়োজন। তেনে খাদ্য শিশুৱে যাতে নিজেও কিনি নাখায়, তাকো নজৰ দিয়া উচিত।

চহৰ-নগৰ আৰু নগৰৰ সমীপৱৰ্তী উন্নত গ্ৰামাঞ্চলত এনে কিছুমান দোকান গঢ় লৈ উঠিছে- য’ত পেষ্টি, পাওভাজি, মম’ আদি মুখৰোচক খাদ্য বিক্ৰী কৰে। তেনে দোকানত কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীৰ ভিৰ অধিক হোৱা দেখা যায়। এই খাদ্যসমূহ তৃপ্তিকৰ হ’লেও পুষ্টিকৰ নহয়। শিশুকালৰে পৰা এনেবোৰ খাদ্য নোখোৱাৰ অভ্যাস কৰা শ্ৰেয়। আমাৰ থলুৱা খাদ্য চিৰা, মুড়ি, আখৈ, পিঠা আদি সেইবোৰতকৈ অধিক পুষ্টিকৰ।

ৰন্ধনশালা আৰু ৰান্ধনীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা

পাকঘৰ অৰ্থাত্ যিকোনো ৰন্ধনশালা সদায় পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখা প্ৰয়োজন। ৰান্ধনীয়ে ৰন্ধা খাদ্য মাখি, পঁইতাচোৰা, জেঠী আদি পৰিব নোৱাৰাকৈ ঢাকি ৰখাৰ অভ্যাস কৰা প্ৰয়োজন। ঢাকি নাৰাখিলে এইবোৰ কীট-পতংগই খাদ্য দূষিত কৰাৰ সম্ভাৱনা থাকে। বঢ়া ভাত কিছুপৰলৈ ৰাখি থ’ব লগা হ’লে ঢাকি থোৱাৰ অভ্যাস কৰিব লাগে। ৰন্ধনশালাৰ বাচন-বৰ্তনসমূহো ভালদৰে ধুই থ’ব লাগে।

ৰন্ধনকাৰ্য কৰাৰ সময়ত ৰান্ধনীগৰাকীয়ে পৰিষ্কাৰ সাজ পৰিধান কৰা উচিত। ৰান্ধনী সচৰাচৰ মহিলা যিহেতু, সেয়ে চুলিটাৰী ভালদৰে বান্ধি লোৱা প্ৰয়োজন। শাক-পাচলি কাটাৰ পাছত বা পেলনীয়া খাদ্যবস্তু আঁতৰোৱাৰ পাছত ৰান্ধনীয়ে হাত দুখন ভালদৰে ধুব লাগে, যাতে হাত দুখনত কোনো বীজাণু লাগি নাথাকে। ৰান্ধনীগৰাকীয়ে পাকঘৰত হাত মচাৰ বাবে ৰখা কাপোৰখন ৰন্ধা-বঢ়া শেষ কৰাৰ পাছত সদায় চাবোনেৰে ধুই থ’ব লাগে। নোধোৱাকৈ ৰখা একোখন কাপোৰ লেতেৰা হ’লেও হাত মচি থকা হ’ল অস্বাস্থ্যকৰ অভ্যাস। চাফা বাচন-বৰ্তনত আহাৰ দিয়াৰ পূৰ্বে কাপোৰেৰে নমচি পানীৰে এবাৰ ধুই লোৱা যুগুত। ৰান্ধনিঘৰ আৰু ৰান্ধনীগৰাকীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত সুস্বাস্থ্য বহুখিনি নিৰ্ভৰ কৰে।

খোৱাৰ পূৰ্বে চাবোনেৰে হাত ধোৱা

খোৱাৰ পূৰ্বে দুয়োখন হাত চাবোনেৰে ধোৱাৰ অভ্যাস গঢ়া প্ৰয়োজন। হাতেৰে বিভিন্ন বস্তু স্পৰ্শ কৰাৰ ফলত বেমাৰৰ অনেক জীৱাণু হাতৰ আঙুলিত লাগি ৰয়, যিবোৰ আমাৰ দৃষ্টিগোচৰ নহয়। চাবোনেৰে হাত ধুলে তেনে জীৱাণু আঁতৰ হৈ যায়। হাত চাবোনেৰে নোধোৱাকৈ আহাৰ খালে আঙুলিত লাগি থকা জীৱাণু আহাৰৰ সৈতে শৰীৰৰ ভিতৰ পাবগৈ। ফলত বেমাৰত ভুগিব লগা হ’ব। আলু-বেঙেনা পিটিকা কৰাৰ পূৰ্বেও ৰান্ধনীয়ে চাবোনেৰে হাত ধুই লোৱা প্ৰয়োজন। মাকে কেঁচুৱাক ভাত পিটিকি খুৱাবলৈ চাবোনেৰে হাত ধুই লোৱা বাঞ্চনীয়, নহ’লে কেঁচুৱাৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা থাকে। হাত ধোৱা অভ্যাসে ডায়েৰীয়া, নিউম’নিয়া, পেলুৰ আক্ৰমণ আদি হোৱাত প্ৰতিৰোধ কৰে।

ৰন্ধন-সঁজুলি

আহাৰ গেছেৰে ৰন্ধা ৰান্ধনীৰ বাবে স্বাস্থ্যসন্মত। ৰন্ধন গেছ ব্যৱহাৰে পাকঘৰত ধোঁৱাৰ সৃষ্টি নকৰে। সেয়ে ৰান্ধনীৰ স্বাস্থ্য সুৰক্ষিত হৈ ৰয়। ৰন্ধন গেছ নথকা অঞ্চলত জ্বলনৰ একমাত্ৰ সম্বল হ’ল খৰি। খৰিজুইৰ যোগেদি ধোঁৱাৰ সৃষ্টি হয়। পাকঘৰ ধোঁৱাহীন কৰাৰ বাবে প্ৰয়োজন হয় এটি চিমনীৰ। চিমনীৰে পাকঘৰৰ ধোঁৱা বাহিৰলৈ নিষ্কাশন কৰাৰ সুবিধা হয়।

খৰিজুইৰ তাপে পাকঘৰৰ ভিতৰৰ অক্সিজেন বায়ু কিছু পৰিমাণে হ্ৰাস কৰে আৰু পাকঘৰ ধোঁৱাময় কৰি তোলে। ফলত ৰান্ধনীগৰাকীৰ নাকে-মুখে ধোঁৱা সোমাই শৰীৰ দুৰ্বল কৰি তোলে। চকু খচখচায়, বুকুৰ বিষ হয়, শ্বাস-প্ৰশ্বাসজনিত সমস্যাই দেখা দিয়ে। ৰান্ধনীগৰাকী বয়সীয়া হ’লে হাঁপানী ৰোগতো পৰিব পাৰে। সেয়ে সুস্বাস্থ্যৰ খাতিৰত খৰিজুইৰ বাবে ধোঁহাহীন চৌকাৰ প্ৰয়োজন। ৰন্ধা চৌকাৰ ওপৰত চিমনীৰ ব্যৱস্থা কৰি পাকঘৰৰ ধোঁৱা বাহিৰলৈ উলিয়াই পঠিওৱা প্ৰয়োজন। দুটা চৌকা ওচৰা-ওচৰিকৈ কৰি খৰি ভৰোৱা বাট এটা ৰাখি জ্বলনৰ ব্যৱস্থা কৰিব পাৰি। এই ব্যৱস্থাত চৌকা দুটাত একেলগে দুবিধ খাদ্য ৰান্ধিব পৰা যায়। ফলত ৰন্ধন সময় আৰু খৰিৰ প্ৰয়োজনীয়তা হ্ৰাস পায়। চিমনীসহ দুটা চৌকাৰ এনে ব্যৱস্থা থাকিলে ৰান্ধনীগৰাকীৰ শাৰীৰিক ক্ষতি নহয়, বৰঞ্চ ৰন্ধন কাৰ্যত উৎসাহিতহে হয়।

খাদ্যাভ্যাসৰ ওপৰত সুস্বাস্থ্য বহুখিনি নিৰ্ভৰ কৰে। খাদ্যৰ আনুষংগিক ব্যৱস্থাসমূহ, যেনে- খাদ্য বাছনি, ৰন্ধন পৰিৱেশ, পৰিৱেশন, পৰিষ্কাৰ-পৰিচ্ছন্নতা, হাত ধোৱা আদিও স্বাস্থ্যৰ সৈতে জড়িত। এইসমূহ দিশৰ প্ৰতি গুৰুত্ব আৰোপ কৰি সেইমতে খাদ্য গ্ৰহণ কৰা উচিত সকলোৱে। আজিৰ শিশুক আগলৈ এগৰাকী সবল আৰু সুস্থ নাগৰিক ৰূপে গঢ়ি তুলিবলৈ পিতৃ-মাতৃয়ে খাদ্য বাছনিত বিশেষ মনোযোগ দিয়া প্ৰয়োজন, যাতে সুষম আহাৰহে প্ৰদান কৰা হয়, কাৰণ সুষম আহাৰ হ’ল জীৱনৰক্ষক আৰু দেহ বিকাশৰ উত্স।

লেখক: শৰৎ বেজবৰুৱা, প্ৰাক্তন জনস্বাস্থ্য অভিযন্তা, জিএনআৰচি।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate