ৰোগৰ প্ৰতিৰোধক হিচাপে মূলা
পাচলি হিচাপে ব্যৱহাৰ কৰা মূলাৰ ঔষধি গুণ বহুত।
- মূলা খালে শৰীৰৰ তেজ পৰিষ্কাৰ হয়, তেজত লৌহ পদাৰ্থৰ পৰিমাণ বাঢ়ে। কাৰণ মূলাত লৌহ পদাৰ্থ যথেষ্ঠ পৰিমাণে থাকে।
- বহুতে যৌন দুৰ্বলতাত ভোগে। এই ক্ষেত্ৰত মূলাৰ ১০০ গ্ৰাম বীজৰ চূৰ্ণ মাখনৰ সৈতে মিহলাই দিনে দুবাৰকৈ খালে উপকাৰ পোৱা যায়।
- পেটৰ বিষ, পেটত বায়ু জমা হ’লে মূলাৰ ৰসৰ লগত নেমুৰস মিহলাই আহাৰ খোৱাৰ পিছত খাব লাগে। সুফল পোৱা যায়।
- পেট আৰু মূত্ৰাশয়ত পাথৰ হ’লে মূলাৰ পাতৰ ৰস নতুবা মূলাৰ বীজৰ গুড়ি ২ গ্ৰাম দিনে দুবাৰকৈ খাব লাগে। উপকাৰ পোৱা যায়।
- মূলাৰ ৰস, আদা বা বন্ধাকবিৰ ৰস সমপৰিমাণে মিহলাই দিনে দুবাৰকৈ খালে শৰীৰৰ যিকোনো সন্ধিৰ বিষ ভাল হয়।
- পানী লগা আৰু কাঁহ হ’লে মূলাৰ বীজৰ চূৰ্ণ তিনি গ্ৰামকৈ দিনে তিনিবাৰ খালে ভাল হয়।
- ঋতু সম্পৰ্কীয় সকলো ৰোগ মূলাৰ বীজৰ চূৰ্ণ দিনে চাৰি গ্ৰামকৈ তিনি বাৰ খালে ভাল হয়।
- মূলাৰ ৰসৰ লগত চেনি মিহলাই পুৱা আৰু গধূলি খালে অম্লপিত্ত ৰোগ ভাল হয়।
- অৰ্শ ৰোগ হ’লে মূলাৰ শুকান ফুলৰ গুড়িৰ লগত ছাগলী মাংস মিহলাই খাব লাগে। এই ৰোগৰ পৰা উপশম পোৱা যায়।
- শৰীৰৰ ফুলা ৰোগ হ’লে মূলাৰ ৰস দুচামুচকৈ খাব লাগে। ভাল ফল পোৱা যায়।
- মুখৰ উজ্জ্বলতা বঢ়াবলৈ, বিভিন্ন দাগ আৰু শালমইনা আঁতৰাবলৈ প্ৰতিদিনে এটাকৈ মূলা খাওঁক।
- মূলা খালে মূলাত থকা ক্ষাৰকীয় গুণে শৰীৰৰ অতিৰিক্ত মেদ দূৰ কৰে।
- চৰ্ম ৰোগত মূলা বটি লগালে সুফল পোৱা যায়।
- প্ৰস্ৰাৱ খোলোচা কৰিবলৈ মূলাৰ পাতৰ লগত চ’ডা মিহলাই খাওঁক।
- মূলাই বহুতো ৰোগত উপকাৰী ঔষধি হিচাপে কাম কৰাৰ লগতে এলাৰ্জিতো বিশেষ উপকাৰ সাধন কৰে।
লেখিকা: সুমিত্ৰা গোস্বামী।
বিশেষ সংযোজন: ৰীতু গগৈ।
শেহতীয়া উন্নীতকৰণ: : 5/28/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.