নহৰু ৰান্ধনিৰ পাকঘৰৰ এক গুৰুত্বপূৰ্ণ বস্তু। আমি খোৱা আহাৰত নহৰু দিলে খাবলৈ সোৱাদ হয়। নহৰু আয়ুৰ্বেদিক শাস্ত্ৰত এবিধ অতি দৰকাৰী বনজাতীয় উদ্ভিদ। সংস্কৃতত নহৰুক মহৌষধি বুলি জনা যায়। নহৰুৰ ঔষধি গুণ বহুত। কাহ, হুপিংকাহ, স্নায়ুৰ অসুখ, পেটৰ অসুখ, বাত বিষ, হিষ্টোৰিয়া, হাওঁফাওঁৰ অসুখ, সাধাৰণ পক্ষাঘাত আদি বেমাৰৰ বাবে প্ৰস্তুত কৰা ঔষধত নহৰু ব্যৱহাৰ কৰা হয়।
নহৰুত একক প্ৰতিজৈৱিক গুণ আছে। নহৰুৰ বিশেষত্ব হ’ল- নহৰুৰ বগা অংশই পেটৰ ভিতৰৰ ক্ষতিকাৰক বেক্টেৰিয়াবোৰ ধ্বংস কৰিব পাৰে আৰু উপকাৰী বেক্টেৰিয়াবিলাকৰ একো ক্ষতি নকৰে। নহৰু খালে চাৰি সপ্তাহৰ মূৰত ই শৰীৰৰ সম্পূৰ্ণ কলেষ্টৰেলৰ বাৰ শতাংশ হ্ৰাস পায়। নহৰুৱে উচ্চ ৰক্তচাপ কমাব পাৰে। গৰ্ভৱতী মহিলাই নহৰুযুক্ত টেবলেট্ ব্যৱহাৰ কৰিলে বহুতো উপকাৰ লাভ কৰে। নহৰুৱে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। নহৰু হ’ল সুস্বাদু, শক্তিবৰ্ধক, হজমকাৰক, শুক্ৰ বৃদ্ধিকাৰক, অম্লপিত্ত নাশক, ৰোগৰ প্ৰতিষেধক।
লেখিকা: সুমিত্ৰা গোস্বামী।
বিশেষ সংযোজন: ৰীতু গগৈ।
শেহতীয়া উন্নীতকৰণ: : 4/24/2020
মেদ কমোৱাৰ উপায়ৰ বিষয়ে লিখা হৈছে
আধুনিক বিজ্ঞানৰ দৃষ্টিত পিঁয়াজ আৰু নহৰু
কিছুমান সহজলভ্য ঔষধি গুণযুক্ত বনৌষধি
নহৰুৰ কেইটামান স্বাস্থ্যবৰ্ধক গুণাগুণৰ বিষয়ে